কুৰবাণী এটি গুৰুত্বপূর্ণ ইবাদত। ইয়াক আদায় কৰা ৱাজিব। সামর্থ্য থকা স্বত্ত্বেও যি ব্যক্তি এই ইবাদত পালন নকৰে তাৰ সম্পৰ্কে হাদীছ শ্বৰীফত আহিছে, ‘যাৰ কুৰবাণী কৰা সামর্থ্য আছে কিন্তু কুৰবানী নকৰে তেওঁ যাতে আমাৰ ঈদগাহত নাহে।’ (মুস্তাদৰাকে হাকেম, হাদীছ : ৩৫১৯; আত্তাৰগীব ৱাত্তাৰহীব ২/১৫৫)
ইবাদতৰ মূলকথা হ’ল আল্লাহ তাআলাৰ আনুগত্য আৰু তাঁৰ সন্তুষ্টি অর্জন। গতিকে যিকোনো ইবাদতৰ পূর্ণতাৰ বাৰে দুটা বিষয় আৱশ্যকীয়। ইখলাছ তথা একমাত্র আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যত পালন কৰা আৰু শ্বৰীয়তৰ নির্দেশনা মোতাবিক মাছাইল অনুযায়ী সম্পাদন কৰা। এই উদ্দেশ্যে তলত কুৰবাণীৰ বিভিন্ন দিশ আৰু জৰুৰী মাছাইলসমূহ আলোচনা কৰা হ’ল –
কুৰবানী কি?
অভিধানিক অর্থ-
আৰবী শব্দ কাৰব বা কুৰবান (উচ্চতা বা বলিদান) উৰ্দু আৰু পাৰ্চী ভাষাত কুৰবানীলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ অৰ্থ – সান্নিধ্য বা সান্নিধ্য। কোৰআনুল কৰিমত কুৰবানীৰ একাধিক প্ৰতিশব্দ ব্যৱহাৰ কৰা হৈছে।
- نحر – আল্লাহে কৈছে, فَصَلِّ لِرَبِّكَ وَانْحَرْ ‘ অৰ্থ- তেনেকৈ তোমালোকৰ প্ৰতিপালকৰ বাবে নামাজ আৰু কুৰবানী পালন কৰক। এই কাৰণে কুৰবানীৰ দিনটোক জুম-আল-নাহাৰ বুলি কোৱা হয়।
- نسك – আল্লাহে কৈছে (অৰ্থৰ ব্যাখ্যা): কোৱা: নিশ্চয়কৈ মোৰ নামাজ, মোৰ কুৰবাণী, মোৰ জীৱন, মোৰ মৃত্যু; সকলো বস্তু জগতৰ প্ৰভু আল্লাহৰ বাবে।’ (ছুৰাত আল-আনআম: ১৮২)
- منسك – আল্লাহে কৈছে (অৰ্থৰ ব্যাখ্যা): বলিদানৰ অৰ্থ.
- হাদীছৰ ভাষাত কুৰবানীৰ ঈদক (عيد الاضحى) ‘ঈদ-উল-আজহা’ বুলি কোৱা হয়।
কুৰ্বানী শব্দটো আৰবী শব্দ কুৰবান ৰ পৰা লোৱা হৈছে। ইয়াৰ অভিধানিক অর্থ হ’ল কাষ চাপা। শ্বৰিয়তৰ ভাষাত ইয়াৰ অৰ্থ হ’ল, আত্মত্যাগ আৰু বলিদানৰ দ্বাৰা একমাত্র আল্লাহ পাকৰ নৈকট্য আৰু সান্নিধ্য লাভ কৰা।
মানৱ সমাজত প্রথম কুর্বানী :
মনুষ্য সৃষ্টি হোৱাৰ পৰাই আল্লাহ তাআলাৰ দৰবাৰত কুৰ্বানীৰ এই প্ৰচলন চলি আহিছে। মানৱ জাতিৰ প্ৰথম সন্তান হজৰত আদম আ: ৰ দুই সন্তান হাবিল আৰু কাবিলে নিজৰ কাজিয়া শেষকৰাৰ বাবে আল্লাহৰ দৰবাৰত জন্তু কুৰ্বানী দিছিল।
“ আপুনি আদমৰ দুই সন্তানৰ ঘটনা জনাই দিয়ক, যে এজনৰ কুৰ্বানী কবুল হৈছিল, আনজনৰ গ্ৰহণযোগ্য হোৱা নাছিল ” (আল মাঈদাহ: ২৮)।
কুৰবানী কিয় ?
আদিম যুগৰ পৰা এই পৃথিৱীখনত লক্ষ্য কৰিলে জানিব পাৰি যে যি কোনো সৰু বস্ত্ত এটা,তাতকৈ ডাঙৰটোৰ আগত ত্যাগ তথা কুৰবানী দিব লাগে।এই প্ৰথা আৰু নিয়ম নুন্যতম আৰু ডাঙৰৰ ক্ষেত্ৰতো পোৱা যায়। যেনে: কেন্সাৰ হোৱাৰ পিছত গোটেই শৰীৰক সুৰক্ষিত ৰাখিবলৈ সেই অংগটো কাটি দিয়া হয়, অর্থাৎ কুর্বানী দিয়া হয়।এই পথিৱীখনত মানুহ বাদে যিমান জীৱ জন্তু, চৰাই চিৰিকটি আদি যি তথা কুদৰতি ও প্রাকৃতিক নিয়মত বাস কৰি আছে, তাত লক্ষ্য কৰিলে জানিব পাৰি যে প্ৰতিটো সৰুয়ে তাতকৈ ডাঙৰৰ আগত আত্মত্যাগ তথা কুর্রানী দিব লগা হয়।
যেনে- চৰাইৰ মাজত ঈগল,চিলনী,শগুণ,বগলী | আদিয়ে নিজতক সৰু তথা দূৰ্বল চৰাই আৰু মাছ বশ কৰি খাই জীয়াই থাকে।জন্তুৰ মাজত বাঘ, সিংহ,শিয়াল আদি প্রত্যেকেই নিজতকৈ সৰু জন্তুক চিকাৰ কৰি খায়।হাবিত থাকিও ফল মুল ঘাহ | বনশি আদি নাখায়।তদৰূপ পানীতো ডাঙৰ মাছে সৰু মাছক খোৱা দৃশ্য দেখিবলৈ পাও।গতিকে ধৰণীখন সৃষ্টি হোৱাৰ পৰাই এই বিষেশ নিয়ম আৰু ত্যাগ তথা কুৰ্বানীৰ এই প্ৰথা চলি আহিছে, আৰু চলি থাকিব। সেয়ে সৃষ্টিকর্তাই উক্ত নিয়ম তথা তেওৰ এই প্ৰাকৃতিক আৰু জন্মজিত স্বভাৱটো বাকী ৰাখি কুৰ্বানীৰ নিৰ্দেশ দিছে।
গতিকে কুৰ্বানীয়ে সমগ্ৰ আদম জাতীক শিক্ষা দিয়ে যে আল্লাহ পাকৰ যিকোনে নিৰ্দেশৰ আগত কোনো ধৰণৰ চিন্তা নকৰি, কোনো লাভ লোকচানৰ কথা নেভাবিব কেৱল আল্লাহৰ ওপৰত বিশ্বাস ৰাখি কোনো ওজৰ-আপত্তি নকৰাকৈ সেই মহান আদেশক পালন কৰিব লাগে। ইছলামে আমাক এয়াই শিক্ষা দিয়ে, যে সকলো ত্যাগ স্বিকাৰ কৰি একমাত্ৰ নিজৰ সৃষ্টিকৰ্তাক আনুগত্য স্বীকাৰ কৰা। ঠিক যিদৰে হজৰত ইব্রাহিম আ:এ আল্লাহ পাকৰ মহান আদেশৰ সমুখত নতশিৰ হৈ নিজৰ অতি মৰমৰ, কলিজাৰ টুকুৰা হজৰত ইচমাইল আঃ ক কুৰ্বানী কৰাৰ ইচ্ছা কৰি আল্লাহৰ সান্নিধ্য লাভ কৰিছিল। যাৰ সাক্ষী স্বয়ং কুৰআন মজিদে প্ৰদান কৰিছে :
“ আৰু আমি মাতলো, হে ইব্রহীম ! নিশ্চয় তুমি নিজৰ সপোনক সচা কৰি দেখুৱালা (অগ্নিপৰিক্ষাত সফলতা অৰ্জন কৰিলা) (চুৰা ছাফ্ফাত: ১০৪/১০৭
প্রিয় নবী হজৰত ইব্রাহিম খলিলুল্লাহ আঃ ৰ কুৰ্বানী দিয়া কাৰ্য্যটো আল্লাহ পাকৰ ওচৰত ইমানেই পছন্দনিয় তথা প্ৰিয় হল যে, কিয়ামত লৈকে অহা প্ৰতিজন মূমিনৰ বাবে এই কুৰ্বানী ৱাজিব আৰু জৰুৰী কৰি দিয়া হল ।
কুৰ্বানীৰ তাৎপৰ্য :
আল-কুৰআন- “তোমালোকৰ কুৰবাণীৰ জন্তুৰ মংস বা তেজ আল্লাহৰ ওচৰলৈ কেতিয়াও নাযায়, কেৱল তোমালোকৰ তাকৱা (খোদাভীতি) হে আল্লাহৰ ওচৰলৈ যায়।” (ছুৰা হজ ৩৭)
হাদীছ-
- হজৰত আঈশ্বা ৰাঃ ৰ পৰা বর্ণিত, নবী কৰিম ছা: এ কৈছে যে কুৰবাণীৰ দিনা কুৰবাণী কৰাতকৈ উত্তম আমল আৰু নাই।
- কিয়ামতৰ দিনা কুৰ্বানীৰ জন্তুক নিজৰ নোম,শিং, আদিৰ সৈতে আল্লাহৰ ওচৰত অনা হব। (তিৰমিজী)
- কুৰ্বানীৰ জন্তুৰ তেজ মাটিত পৰাৰ আগতেই সেই কুৰ্বানী আল্লাহৰ ওচৰ পায় গৈ। (তিৰমিজী)
- হজৰত জাইদ ইবনে আকাৰামা ৰাঃ ৰ পৰা বর্ণিত আছে, হুজুৰ ছাঃ এ ফৰ্মাইছে যে: কুৰ্বানীৰ জবহকৃত জন্তুৰ প্ৰত্যেকটো নোমৰ পৰিৱৰ্তে এটাকৈ নেকি লিখা হয়। (ইবনে মাজা, মুছনদে আহমদ)
- হজৰত ওমৰ বা ৰ পৰা বর্ণিত আছে,হুজুৰ ছা: ফৰ্মাইছে যে নবী কৰিম ছাঃমদিনা শ্বৰিফত দহ বছৰকাল কটাইছে আৰু এই সময়ত এবাৰো কুৰ্বানী কৰা এৰা নাই।
- কুর্বানী নিদিয়া ব্যক্তিসকলৰ বিষয়ে নবী কৰিম ছাঃ এ কৈছে যে: যি ব্যক্তি সামর্থ্য থকা সত্তেও কুর্বানী দিয়া নাই, সি মোৰ ঈদগাহলৈ যাতে নাহে। (বুখাৰী, ইবনে মাজা, মুচনদে আহমদ)
কুৰবাণী কাৰ ওপৰত ওৱাজিব ?
প্রাপ্তবয়স্ক, সুস্থমস্তিষ্ক সম্পন্ন প্রতিজন মুছলিম নৰ-নাৰী, যিয়ে ১০ যিলহজ্ব ফজৰ পৰা ১২ জিলহজ্ব সূৰ্য্যাস্ত পর্যন্ত সময়ৰ ভিতৰত প্ৰয়োজনতকৈ অতিৰিক্ত নেছাব পৰিমাণ সম্পদৰ মালিক হ’ব তাৰ ওপৰত কুৰবাণী কৰা ওয়াজিব। টকা-পইচা, সোণ-ৰূপ, অলঙ্কাৰ, বসবাস আৰু খোৰাকীৰ বাবে প্রয়োজন নোহোৱা মাটি, ব্যৱসায়িক পণ্য আৰু অপ্রয়োজনীয় সকলো বস্তু- বাহনি কুৰবাণীৰ নেছাবৰ ক্ষেত্রত হিচাপযোগ্য।
আৰু নিছাব হ’ল সোণৰ ক্ষেত্রত চাৰে সাত (৭.৫) তোলা, ৰূপৰ ক্ষেত্রত চাৰে বাউন্ন (৫২.৫) তোলা, টকা-পইচা আৰু অন্যান্য বস্তুৰ ক্ষেত্রত নিছাব হ’ল তাৰ মূল্য চাৰে বাউন্ন তোলা ৰূপৰ মূল্যৰ সমপৰিমাণ। আৰু সোণ বা ৰূপ বা টকা-পইচা এইবোৰৰ কোনো এটি যদি পৃথকভাৱে নিছাব পৰিমাণ যদি নেথাকে কিন্তু প্রয়োজনতকৈ অতিৰিক্ত একাধিক বস্তু মিলাই চাৰে বাউন্ন তোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হয়, তেতিয়া হ’লে তাৰ ওপৰত কুৰবাণী কৰা ওৱাজিব। (আলমুহীতুল বুৰহানী ৮/৪৫৫; ফাতাৱা তাতাৰখানিয়া ১৭/৪০৫)
নিছাবৰ সময়সীমা
কুৰবাণীৰ নিছাবৰ গৰাকী গোটেই বছৰ হৈ থকাটো আৱশ্যকীয় নহয়; বৰঞ্চ কুৰবানীৰ তিনি দিনৰ ভিতৰত যিকোনো এদিন হলেই কুৰবাণী ৱাজিব হ’ব।(বাদায়েউছ ছানায়ে ৪/১৯৬, ৰদ্দুল মুহতাৰ ৬/৩১২)
কুৰ্বানীৰ জন্তু :
১) কুৰ্বানীত যিহেতু নিজৰ উত্তম, সেয়ে পশু কিনাৰ ক্ষেত্ৰত তাক পৰীক্ষা কৰি নিৰ্বাচন কৰিব লাগিব। কাৰণ কুৰ্বানীৰ জন্তুটো সুদৰ্শন, সুন্দৰ. নিখুঁত, আৰু স্ব্যাহৱান হব লাগে। অংগ প্ৰতংগত কোনো ধৰণৰ দোষ, খুঁত থাকিব নালাগে। জন্তু কুৰবাণীৰ উপযুক্ত হয় নে নহয়, জানিবলৈ এটি সহজ
সূত্র মনত ৰাখিব :
- (ক) যি দোষে জন্তুৰ উপকাৰিতা নষ্ট কৰে বা জন্তুৰ সৌন্দৰ্য্যক একেবাৰে ম্লান কৰি দিয়ে তেনে দোষ থকা জন্তুৰ কুৰবাণী জায়েজ নহব।
- (খ) সেই দোষটো যদি তৃতীয়াংশতকৈ অধিক হৈ যায় অর্থাৎ কোনো এটা অংগ তৃতীয়াংশতকৈ বেছি যদি নষ্ট হৈ যায় তেন্তে সেই জন্তুৰ কুৰবাণী ঠিক নহব। (তিমির্জী:- ১/২৭৫, আ:দাউদ:-৩৮৮)
২) কুৰবাণীৰ জন্তু ম’হ, গৰু হলে দুই বছৰ, আৰু ছাগলী, খাচী হলে এক বছৰৰ কম হব নেলাগিব। উক্ত বয়সতকৈ যদি এদিনো কম হয় কুৰবাণী দুৰস্ত নহব। দাত ওঠা নোঠাৰ কোনো কথা নাই।
৩) কোন কোন জন্তু কুৰ্বানী কৰা জায়েজ-
উট, গৰু, ম’হ, ছাগলী, ভেড়া আৰু ডুম্বা। এই ছয়বিধ পশুৰ বাহিৰে আন কোনো পশুৰ লগত বলিদান দিয়াটো জায়েয নহ’ব।
কুৰবাণীৰ সময়-
মুঠ তিনিদিন কুৰবাণী কৰিব পাৰি। যিলহজ্বৰ ১০, ১১ আৰু ১২ তাৰিখ সূর্য্যাস্ত পর্যন্ত। কিন্তু সম্ভৱ হ’লে যিলহজ্বৰ ১০ তাৰিখত কুৰবাণী কৰা উত্তম। (মু্ৱাত্তা মালিক ১৮৮, বাদায়েউছ ছানায়ে ৪/১৯৮, ২৩, ফাতাওয়া হিন্দিয়া ৫/২৯৫)
নাবালিগৰ কুৰবাণী-
নাবালিগ শিশুৰ তদ্ৰুপ যিয়ে সুস্থ মস্তিষ্ক সম্পন্ন নহয়, নিছাবৰ মালিক হ’লে তেওঁলোকৰ ওপৰত কুৰবাণী ওৱাজিব নহয়। অৱশ্যে তাৰ অভিভাৱকে নিজ সম্পদৰ দ্বাৰা তেওঁলোকৰ পক্ষৰ কুৰবানী কৰিলে সেইটো শুদ্ধ হ’ব।(বাদায়েউছ ছানায়ে ৪/১৯৬, ৰদ্দুল মুহতাৰ ৬/৩১৬)
মুছাফিৰৰ বাবে কুৰবানী-
যি ব্যক্তি কুৰবানীৰ দিনবোৰত মুছাফিৰ থাকিব (অর্থাৎ ৪৮ মাইল বা প্রায় ৭৮ কিলোমিটাৰ দূৰত যোৱাৰ নিয়ত কৰি নিজ মহল্লা ত্যাগ কৰিছে) তাৰ ওপৰত কুৰবাণী ৱাজিব নহয়। (ফাতাৱা কাযীখান ৩/৩৪৪, বাদায়েউছ ছানায়ে ৪/১৯৫, আদ্দুৰৰুল মুখতাৰ ৬/৩১৫
নাবালিগৰ ফালৰ পৰা কুৰবানী-
নাবালিগৰ ফালৰ পৰা কুৰবানী দিয়া অভিভাবকৰ ওপৰত ৱাজিব নহয়; বৰঞ্চ মুস্তাহাব। (ৰদ্দুল মুহতাৰ ৬/৩১৫; ফাতাৱা কাযীখান ৩/৩৪৫)
দৰিদ্র ব্যক্তিৰ কুৰবানীৰ হুকুম-
দৰিদ্ৰ ব্যক্তিৰ ওপৰত কুৰবানী কৰা ওৱাজিব নহয়; কিন্তু তেওঁ যদি কুৰবানীৰ নিয়তত কোনো জন্তু ক্ৰয় কৰে, তেতিয়া হ’লে তাৰ ওপৰত কুৰবাণী কৰা ওৱাজিব হৈ যায়। (বাদায়েউছ ছানায়ে ৪/১৯২)
কুৰবাণী কৰিব নোৱাৰিলে-
কোনোবাই যদি কুৰবাণীৰ দিনবোৰত ওৱাজিব কুৰবাণী দিব নোৱাৰে তেতিয়া হ’লে কুৰবাণীৰ জন্তু ক্ৰয় কৰা নেথাকিলে তাৰ ওপৰত কুৰবানীৰ উপযুক্ত এটা ছাগলীৰ মূল্য ছদকা কৰা ওৱাজিব। আৰু যদি কুৰবাণীৰ বাবে জন্তু ক্ৰয় কৰিছিল, কিন্তু কোনো কাৰণত কুৰবানী দিয়া হোৱা নাই, তেতিয়াহ’লে সেই কুৰবানীৰ জন্তু জীৱিত ছদকা কৰি দিব। (বাদায়েউছ ছানায়ে ৪/২০৪, ফাতাৱা কাযীখান ৩/৩৪৫)
প্রথম দিনা কুৰবাণী কৰাৰ সময়-
যিবোৰ অঞ্চলৰবাসীৰ ওপৰত জুমআ আৰু ঈদৰ নামাজ ওৱাজিব তেওঁলোকৰ বাবে ঈদৰ নামাজৰ আগত কুৰবানী কৰা জাইজ নাই। অৱশ্যে বৰষুণ হোৱাৰ কাৰণে বা বেলেগ কোনো কাৰণত যদি প্রথম দিন ঈদৰ নামাজ নহয়, তেতিয়া হ’লে ঈদৰ নামাজৰ সময় অতিক্রম হোৱাৰ পিছত প্রথম দিনেই কুৰবাণী কৰা জাইজ আছে।(ছহীহ বুখাৰী ২/৮৩২, কাযীখান ৩/৩৪৪, আদ্দুৰৰুল মুখতাৰ ৬/৩১৮)
ৰাতি কুৰবাণী-
১০ আৰু ১১ তাৰিখৰ দিনগৈ ৰাতিও কুৰবাণী কৰা জাইজ আছে। কিন্তু দিনত কুৰবাণী কৰাটো উত্তম। (মুছনাদে আহমাদ, হাদীছ : ১৪৯২৭; মাজমাউয যাৱাইদ ৪/২২, আদ্দুৰৰুল মুখতাৰ ৬/৩২০, কাযীখান ৩/৩৪৫, বাদায়েউছ ছানায়ে ৪/২২৩)
কিছু আদৰ্শ নীতি –
কুৰ্বানীৰ জন্তুৰ বিষয়ে এনে কিছু কৰণীয় জানিবলগীয়া কথা, যিবোৰ চুন্নত আৰু অৱলম্বন কৰা পছন্দনিয়। এইবোৰে প্ৰমাণ কৰে যে ইছলামে বধ কৰিব বিচৰা জন্তুৰ প্ৰতিও দয়া, সহানুভূতি, আদৰ সাদৰ আৰু যত্ন কৰিবলৈ কিমান গুৰুত্ব প্ৰদান কৰিছে!!!
যিবোৰ আন কতো বিচাৰি পোৱা নাযায়। উক্ত নিয়নসমূহ হল :
- ১। কুৰ্বানীৰ জন্তু গৰু, মহ আদি ঈদৰ কেইদিনমান পূৰ্বেই ক্ৰয় কৰিব লাগে । যাতে জন্তুটোক ভালদৰে যত্ন কৰি, খোৱাই বোৱাই, কুৰ্বানী কৰি বেছি ছৱাব অৰ্জন কৰিব পৰা যায় ।পশুক ভোকত আৰু পিয়াহত ৰাখিলে গুনাহ হব । কাৰণ যিজনে অধিক যত্নৰে পোহপাল কৰি পশুক কুৰ্বানী কৰিব, সেইজনে অধিকভাৱে ছৱাব অৰ্জন কৰিব ।
- ২। জবহ কৰাৰ সময়ত জবহ কৰা ব্যক্তিজন পশ্চিমমুৱা হব লাগিব । কাৰণ কুৰ্বানী একমাত্ৰ সৃষ্টিকৰ্তাৰ বাবে হৈ আছে, মাংস আদি খোৱা আচল উদ্দেশ্য নহয় ।
- ৩। জবহ কৰা ছুৰীখন সম্পূৰ্ণ ধাৰ থকা হব লাগিব। যাতে জবহ কৰোতে পশুৰ কোনো ধৰণৰ কষ্ট নহয় ।
- ৪। জবহ কৰাৰ পিছত দেৰিকৈ, ঠান্ডা হোৱাৰ পিছত খাল এৰাব লাগে । নহলে পশুৰ বহু কষ্ট হব । আৰু এয়া চুন্নতৰ বিপৰীত তথা অনুচিত।
- ৫। ছুৰীখন পূৰ্বেই ধাৰ দি থব লাগে । পশুক মাটিত শুৱাই, তাৰ সমুখত ধাৰ দিয়াটো মকৰূহ । হাদীছত আছে : এবাৰ এজন মানুহে পশুক শুৱাই, তাৰ সন্মুখতে ছুৰীখন ধাৰ দিছিল । এই দৃশ্য নবী “(ছঃ)এ দেখি সেই মানুহজনক কৈছিল : তুমি পশুটোক একাধিকবাৰ মৃত্যু দিব বিচৰা নেকি ??
- ৬। এটি পশুৰ সমুখত আন এটাক জবহ কৰিব নালাগে । কাৰণ এয়াও পশুৰ বাবে কষ্টকৰ।
- ৭। জবহ কৰিবলৈ লৈ যাওতে জুৰ জুলুমে, টানি চুচুৰাই লৈ যাব নোৱাৰে। অন্যথা মকৰূহ হব।
- ৮। জবহ কৰাৰ সময়ত, পশুক মাটিত লাহেকৈ বাগৰাব, কোনো জুৰ জুলুম নকৰিব । এয়াও মকৰূহ ।
- ৯। ইমান শক্তিৰে ছুৰী নচলাব যে মূৰটো বিচ্ছিন্ন হৈ যায় । বিচ্ছিন্ন হৈ গলে জবহকৃত পশু যদিও হালালে থাকিব, কিন্তু উক্ত কামটো মকৰূহ হোৱাৰ বাবে গুনাহ হব ।
- ১০। পশু মাটিত শুৱাই দিয়াৰ পিছত অনতি পলমে জবহ কৰিব। কাৰণ যিমান পলমকৈ কৰিব পশুৰ সিমানেই কষ্ট হব ।
(মুছলিম : ২/১৫২, আবু দাউদ :২/৩৮৯, মা:জাৱাইদ– হাদীছ : ৬০৩৩, হিদায়া : ৪/৪৩৮, দু: মুহতাৰ :৯/ ৪২৬,৪২৭)
কুৰবানীৰ মাংস- কুৰ্বানী কৰা জন্তুৰ মংস, থাল আদি কি কৰিব ?
(ক) কুৰবাণীৰ মাংস তিনিটা ভাগত ভাগ কৰা চুন্নত:
এভাগ নিজে খাবলৈ,
এভাগ নিজৰ বাবে বা আত্মীয়ৰ বাবে জমা কৰি ৰাখিবলৈ,
আৰু এভাগ ফকীৰ-মিচকিনক ভগাই দিবলৈ। অৱশ্যে দ্বিতীয় ভাগটো নিজে জমা নকৰি মিচকিনক ভগাই দিলে নিশ্চয় বেছি নেকি অৰ্জন কৰিব।
(খ) কুৰবাণীৰ ছাল-হাড় নোম আদিৰ দ্বাৰা কোনো বস্তু বনাই নিজে ব্যৱহাৰ কৰিব পাৰি। কিন্তু বিক্ৰী কৰিলে তাৰ গোটেইখিনি মূল্য চদকা কৰা ৱাজিব। চুনানুল কুবৰা:৪১৮/১, ফাতাৱা আলমগিৰী ৩০১/৫)
(গ) কুৰবাণীৰ মাংস অমুছলিম ভাইসকলক দিব পাৰি।
(ঙ) উন্নয়ন আদি কামত কুৰবাণীৰ ছালৰ মূল্য ব্যৱহাৰ কৰিব নোৱাৰি। কাৰণ ইয়াৰ মূল্য কাৰোবাক গৰাকী বনাইহে দিব লাগিব। আৰু সেই গৰাকীজন জাকাতৰ উপযুক্ত হব লাগিব।
(চ) যি ব্যক্তিকসকলক জাকাত দিব পাৰি সেই ব্যক্তিসকলক ইয়াৰ মূল্য দিব পাৰি।
কুৰবাণীৰ মংসত অংশীদাৰ :
এটি ডাঙৰ জন্তু অৰ্থাৎ উট, ম’হ, গৰু আদিৰ কুৰবাণীত সাত জন লৈকে অংশীদাৰ হব পাৰিব, তাতকৈ বেছি হলে এজনৰো কুৰ্বানী নহব। আৰু সৰু জন্তু অর্থাৎ ছাগলী,ভেড়া আদিত দ্বিতীয় কোনো ব্যক্তি অংশ গ্ৰহণ কৰিব নোৱাৰিব।(ইবনে মাজা, মা: চুনান)।
তাকবীৰে তাশ্বৰীক-
১) তাকবীৰে তাশ্বৰীকৰ ফজিলত সম্পৰ্কে মহান আল্লাহ তা’লাই কৈছে , ‘যেন সিহঁতে নির্দিষ্ট দিনবোৰত আল্লাহৰ নাম স্মৰণ কৰিব পাৰে।’ (ছূৰা হজ, আয়াত : ২৮)
বিখ্যাত চাহাবি মুফাচ্চিৰ ইবনে আব্বাচ (ৰাঃ) লিখিছে যে , ইয়াত ‘নির্দিষ্ট দিন’ ৰ দ্বাৰা ‘আইয়ামে তাশ্বৰীক’ আৰু ‘আল্লাহৰ স্মৰণ’ ৰ দ্বাৰা তাকবিরে তাশ্বৰীক বুজোৱা হৈছে । (বুখাৰী- অধ্যায় দুই, ঈদ)
২) তাকবীৰে তাশ্বৰিক প্রত্যেক হিজৰী বছৰৰ জিলহজ মাহৰ ৯ তাৰিখ ফজৰৰ নামাজৰ পৰা আৰম্ভ কৰি ১৩ জিলহজ আছৰ নামাজ পর্যন্ত মোট ২৩ ৱক্ত লৈকে এই তকবীৰ পুৰুষ মহিলা উভয়ৰ বাবে পঢ়া ৱাজিব।
৩) এই তকবীৰ পুৰুষ সকলে এবাৰ সশব্দে কোৱাটো ৱাজিব, বাকীবাৰ লাহে লাহে কব। আৰু মহিলা সকলে লাহে লাহে কব।
৪) এই তকবীৰ সকলো নামাজীয়ে নামাজৰ পিছত লগে লগে পঢ়িব লাগে। অকলশৰীয়া হওক বা জামাতৰ সৈতে হওক।
তাকবীৰে তাশ্বৰীকৰ দৃশ্যপট :
যেতিয়া হজৰত জীব্ৰাইল আঃ এ দুম্বা লৈ ইব্ৰাহিম আঃৰ ওচৰত আহিল, আৰু দেখিলে যে ইব্ৰাহিম আঃ ছুৰীখন লৈ নিজৰ অতি স্নেহৰ, কলিজাৰ টুকুৰা ইছমাইলক কুৰ্বানী দিয়াৰ বাবে সাজু,
তেতিয়া জীব্ৰাইলে আশ্চৰ্য্য প্ৰকাশ কৰি কৈছিল : আল্লাহু আকবৰ আল্লাহু আকবৰ ।
আৰু ইব্ৰাহিম আঃএ এই অৱস্থা দেখি তাৎক্ষণিকভাৱে কৈ উঠিল : লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবৰ ।
তাৰ পিছত হজৰত ইছমাইল আঃএ কৃতজ্ঞতা প্ৰকাশ কৰি কৈছিল : ৱাল্লাহু আকবৰ ৱা-লিল্লাহিল হামদ ।
✒ কলম- হাফিজ মিজানুৰ ৰহমান, এম ইউছুফ
সম্পাদনা- মুৰতাজা ইউছুফ কাচিমী।