পৱিত্ৰ হজ্জ : প্ৰথম দিন

Share :

মক্কাত (চৌদি আৰৱ ): ১০ আগষ্ট শনিবাৰে (৯ জিলহজ্জ) পবিত্ৰ হজ পালন কৰা হ’ব।

৮ জিলহজ্জ মাহৰ পৰা ১২ জিলহজ্জ তাৰিখলৈ হজ্বৰ কাৰ্যসূচী আৰু আনুষ্ঠানিকতা অব্যাহত থাকিব। তলত ৫ দিনৰ হজ্জৰ মূল কাৰ্যসূচীসমূহ চমুকৈ আলোচনা কৰা হ’ল।

মক্কাৰ হাৰাম শ্বৰীফত হোটেলৰ পৰাই হজ্জৰ বাবে প্ৰস্থান কৰি’ মিনা’ ৰ বাবে ইহৰাম বান্ধি হাজীসকল ৰাৱানা হয়। আৰু ৭ জিলহজ্জ তাৰিখে সকলো হাজ্বী গৈ মিনাত উপস্থিত হয়। তাৰ পিছত ৮ জিলহজ্জ তাৰিখৰ পৰা তলত দিয়া ধৰণে গুৰুত্বপূৰ্ণ পৱিত্ৰ আমলসমূহ আৰম্ভ হয় :

প্ৰথম দিন (৮ জিলহজ্জ ) :

◼️ইহৰাম আৰু চাঈ (এক বিশেষ খোজ) সন্দৰ্ভত :

◾যিসকলে হজ্ব-ইফৰাদ বা ‘ক্বিৰান’ৰ বাবে ইহৰাম বান্ধন কৰিছে তেওঁলোক প্ৰথমৰ পৰাই ইহৰামত থাকিব। নতুনকৈ বান্ধাৰ প্ৰয়োজন নাই।

◾যিসকল ‘তামাত্তু’ প্ৰকাৰৰ হজ্বৰ নিয়ত কৰিছে সেইসকলে আজি ইহৰাম বান্ধিব।

◾ইহৰাম মক্কাৰ পৰাই বান্ধি লব।

◾যিসকলে প্ৰথমে চাঈ কৰিব বিচাৰে, সেইসকলে আজি তাৱাফ আৰু চাঈ কৰি লব। আৰু তাৱাফত ৰমল তথা ইজতাবাহ কৰিব। এতিয়া তাৱাফে পিছত জিয়াৰাতৰ লগত “চাঈ” ৰ প্ৰয়োজন নাথাকিব।

◾হজ্জ-ক্বিৰান আদায় কৰাসকলৰ বাবে উত্তম হল হজ্জৰ পূৰ্বেই কৰা ‘চাঈ’ কৰি লোৱা। ‘ইফৰাদ’ আৰু ‘তামাত্তু’ কৰা সকলৰ বাবে হজৰ পিছত ‘চাঈ’ কৰা উত্তম।

( আজিৰ দিনত অধিক ভিৰ হোৱা বাবে মহিলা, দুৰ্বল আৰু ৰোগী হাজ্বীসকলৰ শ্বৰীয়তৰ এই সহজতাৰ সুযোগ গ্ৰহণ কৰাটো অতি উত্তম।)

◼️ ইহৰামৰ পিছত এতিয়া এই তিনিটা কাম কৰিব :

১. জুহৰৰ নামাজৰ পূৰ্বেই মিনাত উপস্থিত হব লাগিব।

২. ৮ জিলহজ্জৰ দিনা মিনাত উপস্থিত হৈ জুহৰ, আছৰ, মাগৰিব, ইশ্বা আৰু (৯ জিলহজ্জৰ) ফজৰৰ নামাজ (মুঠ ৫ ৱাক্তৰ নামাজ ) আদায় কৰিব।

(নামাজ ২ ৰাকাত নে ৪ ৰাকাত পঢ়িব, সেই সম্পৰ্কে মাছআলা জানি লব লাগিব)

৩. ৮ জিলহজ্জৰ তাৰিখৰ ৰাতিটো মিনাতেই কটাব লাগিব।

ৰাতিখন মিনাত তালবিয়া, জিকিৰ, ইস্তিগফাৰ, কুৰআন আৰু দুআ পাঠ কৰি কটাব। আৰু যদি বেছি অসুবিধা নহয় তেন্তে খাইফ মছজিদত নামাজ পঢ়িব।

◾মিনাত তিনি ৰাতি অৰ্থাৎ ৮, ৯, ১০,১১ আৰু ১২ তাৰিখৰ মাজৰ ৰাতিসমূহ কটোৱা ছুন্নত। কিন্তু ঠাইৰ অভাৱ বা অইন বিশেষ কাৰণত কটাব নোৱাৰিলে অসুবিধা নহব।
কিন্তু আকৌ কোনো কাৰণ অবিহনে এই ছুন্নত এৰি দিয়া মকৰূহ হব।

উৎস- বুখাৰী, তিৰমিজি, ফিকহী কিতাপ ।

কলম- সম্পাদকীয় কলম।