ৰোজাৰ ফজীলত আৰু সমন্বয়ৰ বাৰ্তা

Share :

ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান। পূর্ববর্তী উম্মত সকলৰ মাজত শ্ৰেষ্ঠত্বৰ পার্থক্য নির্ণয়কাৰী মাহ হৈছে মাহে ৰমজান।

উম্মতে মুহাম্মদীৰ বয়স কম। এই উম্মতৰ গড় আয়ু  ৭০ ৰ পৰা ৮০ বছৰ । আৰু পূর্ববর্তী একো একোজন ব্যক্তিৰ বয়স আছিল এক হাজাৰ দুই হাজাৰ বছৰ। আৰু শক্তি? পূর্ববর্তী উম্মতৰ একোজন পাহাৰ সম শক্তিৰ অধিকাৰী আছিল । সেই তুলনাত উম্মতে মুহাম্মদী দৈহিকভাবেও দুর্বল। তথাপিও এই উম্মত সকলোৰে আগত কিদৰে জান্নাতত যাব?

ইয়াৰ মূলতে হল, আল্লাহ ৰাব্বুল আলামীনৰ অপাৰ দয়া ।  দয়া কৰি আল্লাহে এই সৌভাগ্য ৰছুলুল্লাহ সাঃ ৰ  উম্মতক দান কৰিছে ।

কিন্তু ইয়াৰ এটি হিকমতো আছে । আল্লাহ তাআলাই এই উম্মতক এনে কিছু দিন ৰাতি আৰু মাহ প্ৰদান কৰিছে, যি পূর্ববর্তী উম্মতক দান কৰা হোৱা নাই । যিবোৰ দিন  ৰাতি আৰু মাহৰ ইবাদত কৰিলে এজন ব্যক্তিয়ে হাজাৰটা বছৰৰ ইবাদতকাৰীতকৈ  অধিক চৱাবৰ অধিকাৰী হব পাৰে।  উম্মতে মুহাম্মদীয়ে ইবাদত কৰিব এদিন কিন্তু চৱাব হব সত্তৰ দিনৰ । ইবাদত কৰিব এক ৰাতি , কিন্তু চৱাব হব হাজাৰটা ৰাতিৰ। ইবাদত কৰিব এক মাহ, কিন্তু চৱাব হব সত্তৰ মাহৰ ।  এইদৰেই ফজিলত প্ৰদানৰ দ্বাৰা উম্মতে মুহাম্মদীক শ্ৰেষ্ঠত্ব প্ৰদান কৰা হৈছে। 

যেনে , জুমআৰ দিন। যি পূর্ববর্তী কোনো উম্মতক দিয়া হোৱা নাই ।

হাদীছত ইৰ্শ্বাদ হৈছে__

হজৰত আবু হুৰাইৰা ৰাম ৰ পৰা বর্ণিত, তেওঁ কয়, ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱা ছাল্লামে  ইৰ্শ্বাদ  কৰিছে, আমি সৰ্বশেষ  উম্মত। কিন্তু কিয়ামতৰ দিনা আমিয়েই  প্রথম জান্নাতত প্রবেশ কৰিম।  তেওঁলোকেক কিতাব দিয়া হৈছে আমাৰ পূর্বে আৰু আমাক  তেওঁলোকৰ পিছত । তেওঁলোকে বিৰোধিতাত লিপ্ত হৈ পৰিল । কিন্তু তেওঁলোকে যে সত্যক কেন্দ্র কৰিয়েই বিৰোধিতাত লিপ্ত হল, সেই সম্পর্কে আল্লাহে আমাক হিদায়ত প্ৰদান কৰিলে । সেয়া হল সেই দিনটো , যে দিনটো সম্পর্কে তেওঁলোকে মতভেদ কৰিছে , আৰু আল্লাহে আমাক সেই দিন সম্পর্কে হেদায়াত দান কৰিছে। 

 তেওঁ কয়, আমাৰ বাবে জুমআৰ দিন, ইহুদীসকলৰ বাবে তাৰ পিছৰ দিনটো, অৰ্থাৎ শনিবাৰ আৰু খৃষ্টানসকলৰ বাবে তাৰ পিছৰ দিনটো অৰ্থাৎ দেওবাৰ । [ছহীহ মুচলিম, হাদীছ নং-৮৫৫] 

আন এটি হাদীছত আহিছে__

আবূ হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, ৰছুলুল্লাহ সাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ ইৰ্শ্বাদ__  জুমআৰ দিনটোত মসজিদত যিমানবোৰ দুৱাৰ আছে,  প্ৰতিখনতে ফিৰিস্তাসকল নিযুক্ত হয়, আৰু তেওঁলোকে আগমনকাৰী সকলৰ নাম ক্রমানুসাৰে লিপিবদ্ধ কৰি যায়। ইমাম যেতিয়া (মিম্বৰত) বহে তেতিয়া তেওঁলোকে নথিপত্র সামৰি নিয়ে খুতবা শুনিবলৈ সাজু হৈ পৰে । মসজিদত প্ৰথমে প্ৰৱেশ কৰা ব্যক্তিজনে এটা উট দানকৰাৰ সমান, দ্বিতীয়তে প্ৰৱেশ কৰাজনে এটা গৰু কোৰবানী কৰাৰ সমতুল্য, তাৰ পিছত প্ৰৱেশ কৰাজনে মহ কোৰবানী কৰাৰ , তাৰ পিছত আগমনকাৰী জনে মুৰ্গী চদকা কৰাৰ সমান , তাৰপাছত আগমনকাৰী জনে এটা কণী দানকৰাৰ সমান চৱাব লাভ কৰে। [ছহীহ মুচলিম, হাদীছ নং-৮৫০] 

ঠিক তেনেদৰে এই  উম্মতক শবে বৰাতৰ দৰে মাগফিৰাতৰ ৰাতি প্ৰদান কৰা হৈছে। যি টো ৰাতি অসংখ্য উম্মতে মুছলিমাক ক্ষমা কৰি দিয়া হয়। যি শবে বৰাত পূর্ববর্তী কোনো উম্মতক দিয়া হোৱা নাই ।

শবে ক্বদৰৰ ফযীলত হিচাপে হাদীছত বর্ণিত হৈছেঃ

হজৰত  মুআজ বিন জাবাল ৰাঃ ৰ পৰা বর্ণিত,  ৰছুলুল্লাহ  ছাঃ ইৰ্শ্বাদ কৰিছে পোন্ধৰ শাবানৰ ৰাতি আল্লাহ তাআলাই তেওঁৰ সমস্ত মাখলুকৰ প্রতি মনোযোগ আৰোপ কৰে আৰু মুশৰিক আৰু বিদ্বেষ পোষনকাৰী ব্যক্তিৰ বাহিৰে সকলোকে ক্ষমা কৰি দিয়ে। 

{চহীহ ইবনে হিব্বান, হাদীছ নং-৫৬৬৫, মুসনাদে বাজ্জাৰ হাদীছ নং-২৭৫৪, মুসনাদে ইসহাক , হাদীছ নং-১৭০২, আল মুজামুল আওচত, হাদীছ নং-৬৭৭৬, আল মুজামুল কাবীৰ হাদীছ নং-২১৫, চুনানে ইবনে মাজা, হাদীছ নং-১৩৯০, মুচনাদুছ শামীন, হাদীছ নং-২০৩, মুসন্নাফে ইবনে আবী শাইবা, হাদীছ নং-৩০৪৭৯।

অকল সেয়াই নহয় ,  উম্মতে মুহাম্মদীক এনে এটি বৰ্কতময় ৰাতি প্ৰদান কৰা হৈছে যিটো হাজাৰ ৰাতিতকৈয়ো উত্তম । সেইটো হল শ্ববে কদৰ বা লাইলাতুল কদৰ। পবিত্র কুৰআনত ইৰ্শ্বাদ হৈছেঃ 

لَيْلَةُ الْقَدْرِ خَيْرٌ مِّنْ أَلْفِ شَهْرٍ [٩٧:٣] 

শবে-কদৰ হল এক হাজাৰ মাহতকৈও শ্রেষ্ঠ। [চুৰা ক্বদৰ-২] ।

এই উম্মতৰ বাবে আল্লাহ তাআলাই কেবল এটা দিন বা এটি ৰাতি নহয়, সম্পূৰ্ণ এটি মাহেই উপহাৰ স্বৰূপে দিছে । সম্পূৰ্ণ  মাহটোৱেই হল, ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ। বরকতের মাস। এনে মহান মাহ পূৰ্বে কোনো উম্মতক প্রদান কৰা হোৱা নাই ।   নবী কৰিম ছঃ এ এই মাহৰ  ফযীলত সম্পৰ্কে ইৰ্শ্বাদ কৰিছে__

হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত,  ৰছুলুল্লাহ ছঃ এ ইৰ্শ্বাদ কৰিছে, ৰমজান  মাহত আচমানৰ দৰ্জাসমূহ খুলি দিয়া হয়, আন বৰ্ণনাত আহিছে , বেহেস্তৰ দৰ্জাসমূহ খুলি দিয়া হয়, এবং দোজখৰ দৰ্জা বন্ধ কৰি দিয়া হয়, আৰু চয়তানক শৃঙ্খলাবদ্ধ কৰা হয়।

 [বুখাৰী , হাদীছ নং-১৮৯৯] ২

হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ ছঃ য়ে ইৰ্শ্বাদ ফৰ্মাইছে , যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে ৰমজান মাহৰ ৰোজা ৰাখিব , তেওঁৰ পূর্বৰ [চগীৰা] গোনাহসমূহ মাফ কৰি দিয়া হয়। আৰু যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে কদৰৰ ৰাতি ইবাদতত পাৰ কৰিব , তেওঁৰ পূৰ্বৰ গোনাহসমূহ মার্জনা কৰি দিয়া হব। 

[বুখাৰী , হাদীছ নং-২০১৪] ৩

আন এটি হাদীছত বর্ণিত হৈছে, 

হজৰত ছলমান ফাৰ্চী ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক শাবান মাহৰ শেষ দিনা ভাষণত কলে, হে মানুহ সকল! তোমালোকৰ ওপৰত এটি মহান মাহ ছায়া বিস্তাৰিত কৰি আছে । সেইটো খুবেই বৰকতময় মাহ, ইয়াত এটি ৰাতি আছে, যিটো হাজাৰটা মাহতকৈও  উত্তম। আল্লাহ পাকে ইয়াৰ ৰোজাসমূহ ফৰজ আৰু ৰাতিৰ নামাযক  নফল কৰিছে । যিজন ব্যক্তিয়ে এই মাহত আল্লাহৰ সান্নিধ্য লাভৰ বাবে এটি নফল কাম কৰিব ,  তেওঁ আন মাহত এটা ফৰজ কাম কৰাৰ সমান পূণ্যৰ অধিকাৰী হব। আৰু এই মাহত এটি ফৰজ কাম কৰাটো আন মাহত সত্তৰ টা ফৰজ কাম কৰাৰ সমান। এইটো ধৈৰ্য্যৰ ধাৰণৰ মাহ । আৰু ধৈৰ্য্যৰ বিনিময় হল জান্নাত । এইটো সহানুভূতি প্ৰদৰ্শনৰ মাহ। এয়া এনে মাহ যত মুমিনৰ ৰিজেক বৃদ্ধি কৰি দিয়া দিয়া হয়। যিজনে এই মাহত কোনো ৰোজাদাৰক ইফতাৰ কৰাব সেয়া তেওঁৰ বাবে  গোনাহৰ  প্রায়শ্চিত্ব স্বৰূপ হব আৰু দোজখৰ জুইৰ পৰা মুক্তিৰ  কাৰণ  হব । ৰোজাদাৰ ব্যক্তি জনৰ চৱাবৰ সমান চৱাব লাভ কৰিব, অথচ সেই ৰোযাদাৰৰ চৱাব অলপো হ্রাস কৰা নহব। চাহাবায়ে কিৰাম কয়, আমি আমি আৰজ কৰিলোঁ , হে আল্লাহৰ ৰচুল! আমাৰ কোনেওতো ৰোজাদাৰক ইফতাৰ কৰাব পৰাকৈ সামৰ্থবান নহয়। ৰছুলুল্লাহ চল্লাল্লাহু আলাইহি ৱা ছাল্লামে কলে,  কোনো ৰোজাদাৰক  এগিলাচ গাখীৰ এটি খেজুৰ অথবা এচলু পানীৰে  ইফতাৰ কৰোৱা জনকো আল্লাহ পাকে এই চৱাব দান কৰিব । আৰু যিজন ব্যক্তিয়ে কোনো ৰোজাদাৰক তৃপ্তিসহকাৰে আহাৰ খুৱাব, আল্লাহ পাকে তেওঁক হাউজে কাউচাৰৰ পানী পান কৰাব। যাৰ বাবে বেহেস্তত প্রবেশ কৰা পৰ্যন্ত কেতিয়াও পিয়াহ অনুভৱ নকৰিব ।

 এইটো এনে এটা মাহ , যাৰ প্রথম ভাগ ৰহমত, মধ্য ভাগ মাগফিৰাত আৰু শেষভাগ হল দুখৰ জুইৰ পৰা মুক্তি লাভ। 

 [শুআবুল ঈমান, হাদীছ নং-৩৩৩৬, চহীহ ইবনে খুজাইমা, হাদীছ নং-১৮৮৭]

এইদৰে অসংখ্য হাদীছত ৰমজান মাহৰ ফযীলত বর্ণনা কৰা হৈছে । 

ৰমজান আৰু অসমীয়া সম্প্ৰীতিঃ-

ৰমজান মাহ এতিয়া কেৱল ইবাদতৰ মাহ হৈ থকা নাই। বাৰেৰহণীয়া সংস্কৃতিৰ কেন্দ্ৰভূূমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়-সদ্ভাৱ গঢ়ি তোলাৰো ই এক উত্তম মাধ্যম হৈ পৰিছে। জাতীয় সমন্বয়ৰ এনে অনেক বৰ্তমান শুনিবলৈ পোৱা যায়। 

এগৰাকী বিশিষ্ট লেখক সমাজকৰ্মীয়ে লিখিছে.. 

 ‘ ৰমজান মাহ চলি আছে। ৰোজা ৰাখোতাই ৰোজা ৰাখিছে আৰু ইয়াৰ সমান্তৰালকৈ ইফটাৰ চলি আছে । গোটেই দিনটো কঠিন ৰোজা ৰখাৰ পাছত ইফটাৰৰ কি সোৱাদ সেয়া ৰোজা ৰাখোতাজনেহে জানে৷ ধৰ্মীয় নীতি-নিয়মখিনি নাজানোঁ কিন্ত ইফটাৰৰ সোৱাদ হ’লে মই বাৰুকৈয়ে লৈছো । স্কুল কলেজৰ জীৱনত জামাল, মফি, ৰফিকহঁতৰ ঘৰত সকলোৱে ঈদ খাবলৈ ৰৈ থাকে কিন্ত মই তাৰ আগতেই প্ৰি-ঈদৰ সোৱাদ লওগৈ। মানে ইফটাৰ কৰোগৈ। ইয়াৰ বাবে সময়টো মিলাই লওঁ। সন্ধিয়া 5.30 মান বজাত ঘৰৰ পৰা জামাল বা মফিহঁতৰ ঘৰলৈ বুলি ওলাই যাও।পাওগৈ মানে 6 বাজেগৈ। সেইখিনি সময়তে তাহাঁতৰ ঘৰত ৰোজা ভঙাৰ নীতি নিয়মবোৰ কৰি শেষ হয়গৈ। 

মই চুচুক চামাককৈ কলিং বেলটো টিপোগৈ। খুড়ীতি ওলাই আহে আৰু কয় “ইয়ে দেৱ, ইমান ভাল সময়ত ওলালাহি। আহা একেবাৰে ভিতৰলৈকে আহা। ই ইফটাৰ কৰি আছে। তুমিও খোৱাহি”। মই নালাগে হ’ব , নালাগে হ’ব বুলি, ড্ৰ্য়িং ৰুমৰ চোফাখনতে বহিবলৈ লও । জামালে গম পাই ভিতৰৰ পৰাই মাত মাতে – “ হ’ব আহ, আহ, খাবলৈকে আহিছ যেতিয়া লাজ কেলেই কৰিব লাগিছে?”

ইফটাৰ বুলি ক’লেই মোৰ সেই কৰিমগঞ্জৰ ঘটনা এটালৈ মনত পৰে।তেতিয়া ব্যক্তিগত প্ৰতিষ্ঠান এটাত চাকৰি কৰি আছোঁ।কামৰ বাবেই কৰিমগঞ্জৰ ভিতৰুৱা ঠাই এখনলৈ যাবলগীয়া হৈছিল।নতুনকৈ চৰকাৰী প্ৰতিষ্ঠান এটাৰ নিৰ্মাণৰ কাম চলি আছিল।ঠাইখনত দোকান পোহাৰ বাদেই মানুহতকৈ শিয়াল আৰু কুকুৰনেচীয়া বাঘ বেছি দেখিছিলোঁ। আবেলি সময়ত ঠাইখন পাইছিলোগৈ।ইপিনে ভোকত মই লেবেজান। কিবা এটা খাবলৈ বিচাৰি তাৰে শ্ৰমিক এজনক মাতিলোঁ। সি ক’লে যে তেতিয়া খাবলৈ একো নাপাব কাৰণ ৰোজাৰ মাহ চলি আছিল। এঘণ্টা মানৰ পাছতহে সিহঁতৰ বাবে ইফতাৰ কৰিবলৈ কিবা কিবি বাহিৰৰ পৰা পঠাই দিব। তেতিয়া যদি কিবা পাৰে মোকো খাবলৈ দিব।এঘণ্টা? মই বাঁহৰ বিচনাখনত পেটতো তললৈ পেলাই হেঁচি দিলোঁ । মোৰ সেই এঘণ্টা এদিন যেন লাগিছিল। অৱশেষত ইফটাৰৰ সময় আহিল। মই শ্ৰমিক কেইটাই কিলাকুটিলৈকে হাত-মুখ ধোৱা চাই থাকিলোঁ। অলপ পাছত সিহঁতে নীতি-নিয়মখিনি শেষ কৰিলে আৰু ইফটাৰৰ টোপোলাটো খুলিলে। মোৰ এতিয়াও মনত আছে সেই টোপোলাটোৰ কথা। তাত আছিল – শুকান ৰুটি কেইখনমান, অলপ হালোৱা আৰু কেইটামান খেজুৰ। কাঁহী-বাতি একো নাছিল। ফটা কাগজ এখনতে বনুৱা এটাই মোক দুখন ৰুটি, অলপ হালোৱা আৰু দুটা খেজুৰ দিলে। সিহঁত তিনিটাই নিজে নাখাই মোক এনেদৰে সজাই পৰাই দিয়াত মোৰ বেয়া লাগিল। মই এখন ৰুটি ঘুৰাই দিলোঁ কিন্ত বাকী খিনি খাদ্য মই প্ৰায় আধা মিনিটত শেষ কৰি দিলোঁ । কোনোবাই যদি মোক সোধে যে অমৃত কেনেকুৱা মই সেই বিশেষ ইফটাৰত খোৱা ৰুটি আৰু হালোৱাখিনিৰ কথা কম ।

আজি ৰাতিপুৱা অফিচলৈ ওলাই আহোতে বাটতে ভিখাৰী দুটাক পালোঁ। গাড়ীখন ৰখাই সুধিলো-“বোলো ৰোজা ৰাখিছনে?” এটাই ক’লে – “দাদা, আমাৰ বাবে সদাই ৰোজা, কি ৰাখিম?” মই দুয়োটাকে দুখন দহটকীয়া দি ক’লোঁ – “ৰোজা নাৰাখিলেও, আজি ভালকৈ ইফটাৰ কৰিবি যা”।মোৰ কথা শুনি সিহঁতে অলপ সময় মুখখন মেলি চাই থাকিল |

 ৰমজান কেৱল ইবাদতৰ মাহ হৈ থকা নাই, ই এতিয়া সমন্বয় সম্প্ৰীতিৰ এক সেতু হিচাপে পৰিগণিত হৈ পৰিছে। আহক আমি সকলোৱে এই ৰমজান মাহত সম্প্ৰীতিৰ সংকল্প গ্ৰহণ কৰোঁ। 

দোৱাৰ প্ৰাৰ্থী : নুৰুল আমীন কাছিমী