যি কাৰণ সমূহত ৰোজা ভঙ্গ হয় আৰু পিছত কেৱল কাজা কৰিব লাগে

Share :


► মাছআলা নং ১
অজু বা গা-ধুৱাৰ সময়ত ৰোজাৰ কথা স্মৰণ থকা অৱস্থাত অনিচ্ছাকৃতভাৱে মূখৰ ভিতৰত পানী প্ৰৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যাব। লাকিত ইবনে ছাবিৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম কৈছে- بالغ في الاستنشاق إلا أن تكون صائما 
অৰ্থ : “তোমোলোকে (অজু- গা-ধুৱতে) ভালকৈ নাকত পানী দিয়া কিন্তু ৰোজা অৱস্থাত নহয়।” (-ছুনানে আবু দাউদ হাদীছ : ২৩৬৩ ছুনানে তিৰমিজী হাদীছ : ৭৮৫) 

► ছুফিয়ান ছাউৰী (ৰহঃ)ৰ অভিমত হ”ল “ৰোজা অৱস্থাত কুলি কৰোঁতে অনিচ্ছাকৃতভাবে মূখৰ ভিতৰত পানী প্ৰৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যাব আৰু সেইটো কাজা কৰিব লাগিব । অজু ফৰজ নামাজৰ বাবে হওঁক বা নফল নামাজৰ বাবে। (-মুছান্নাফে আব্দুৰ ৰাজ্জাক হাদীছ : ৭৩৮০ আৰু দেখিব : ইবনে আবী শ্বাইবা ৯৮৪৪-৯৮৪৭) 

► মাছআলা নং ২ 
হস্তমৈথুনত বীর্যপাত হ”লে ৰোজা ভঙ্গ হৈ যাব। আৰু এইটো যে ডাঙৰ গুনাহৰ কাম সেইটো কোৱাই বাহুল্য। মহিলাসকলৰ সমকামিতাত (যি হাৰাম) শুক্রক্ষৰণ ঘটিলে ৰোজা ভঙ্গ হৈ যাব। 
► হাদীস শ্বৰীফত কামভাৱ চৰিত্ৰৰ পৰা বাচি থকা ৰোজাৰ অংশ হিচাপে উল্লেখ কৰা হৈছে। ইৰশ্বাদ হৈছে, সেই সত্ত্বাৰ কছম, যাৰ হাতত মোৰ আত্মা।
ৰোজাদাৰৰ মুখৰ দুৰ্গন্ধ আল্লাহ তাআলাৰ ওচৰত মেশকতকৈ বেছি প্রিয় (আল্লাহ তাআলা কৈছে ) ৰোজাদাৰৰ মোৰ কাৰণে পানাহাৰ কৰাৰ পৰা আৰু কামভাৱ চৰিত্ৰৰ কৰাৰ পৰা বাচি থাকে। (-ছহীহ বুখাৰী ১/২৫৪) 

► মাছআলা নং ৩ 
ৰোজা অৱস্থাত হায়েজ বা নেফাছ আৰম্ভ হ”লে ৰোজা ভঙ্গ হৈ যাব। পিছত সেইটো কাজা কৰিব লাগিব। عن الحسن في المرأة أصبحت حائضا فطهرت بعد طلوع الفجر، قال : لا تأكل بقية يومها 
যি হায়েজা মহিলা ছুবহে ছাদিকৰ পিছত পবিত্র হৈছে তাইৰ সম্পর্কত হাছান বছৰী (ৰহঃ) কৈছে, তাইৰ অৱশিষ্ট দিন আহাৰ কৰাৰ পৰা বিৰত থাকিব। (অর্থাৎ ৰোজাৰ মর্যাদা ৰাখিবলৈ সাদৃশ্য অৱলম্বন কৰিব)। (মুছান্নাফ ইবনে আবী শ্বাইবা, হাদীছ : ৯৪৩২) 
عن إبرايهم : في الحائض تطهر فلا تأكل شيئا ـ كراهة أن تشبه المشركين إلى الليل 
ইব্ৰাহীম নাখাৱী (ৰহঃ) কৈছে, তাই আহাৰ কৰাৰ পৰা বাচি থাকিব যাতে (ৰমজানৰ দিৱসৰ পানাহাৰৰ কাৰণে) অমুছলিমসকলৰ লগত সাদৃশ্যৰ সৃষ্টি নহয়। (মুছান্নাফ ইবনে আবী শ্বাইবা, হাদী : ৯৪৩৪) 

► মাছআলা নং ৪ 
ক) মূৰত এনেকুৱা যখমত ঔষধ লগালে ৰোজা ভঙ্গ হৈ যাব, যিটো দি ঔষধ মস্তিষ্কৰ ভিতৰত সুমুৱাই। বিশেষ প্রয়োজনত এনেকুৱা স্থানত ঔষধ লগাবলৈ হ”লে পিছত সেইটো ৰোজা কৰিব লাগিব। 
খ) পেটৰ এনেকুৱা যখমত ঔষধ লগালে ৰোজা ভঙ্গ হৈ যাব, যিটো দি ঔষধ পেটৰ ভিতৰত সুমুৱাই। বিশেষ প্রয়োজনত এনেকুৱা যখমত ঔষধ লগালে পিছত সেই ৰোজাৰ কাজা আদায় কৰিব লাগিব। 
গ) নাকত ঔষধ বা পানি দিলে সেইটো যদি খাদ্যনলিত সুমুৱাই, তেন্তে ৰোজা ভঙ্গ হৈ যাব আৰু কাজা কৰিব লাগিব। 
ঘ) গুহ্যদ্বাৰেদি ভিতৰত ঔষদ বা পানি ইত্যাদি প্ৰৱেশ কৰিিলে ৰোজা ভঙ্গ হৈ যাব। হজৰত ইবনে আব্বাছ (ৰাঃ) পৰা বর্ণিত,

ذكر عنده الوضوء من الطعام، قال الأعمش مرة والحجامة للصائم فقال إنما الوضوء مما يخرج وليس مما يدخل، وإنما الفطر مما دخل وليس مما خرج. 


শৰীৰৰ পৰা (কিবা) বাহিৰ হ”লে অজু কৰিব লাগে, প্রৱেশ কৰিলে নহয়। পক্ষান্তৰে ৰোজাৰ বিপৰীত। ৰোজাৰ ক্ষেত্রত (কিবা শৰীৰত) প্রৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যায়, বাহিৰ হ”লে নহয় (কিন্তু বীর্যপাতৰ প্ৰসংগটো বেলেগ)। (ছুনানে কুবৰা, বায়হাকী ৪/২৬১) 

► মাছআলা নং ৫ 
ছুবহে ছাদিকৰ পিছত ছাহৰীৰ সময় আছে বুলি ভাবি পানাহাৰ বা স্ত্রীসঙ্গম কৰিলে ৰোজা ভঙ্গ হৈ যাব। তেনেকৈ ইফতাৰৰ সময় হৈ গৈছে ভাবি সূৰ্য্যাস্তৰ আগতে ইফতাৰ কৰিলে ৰোজা নষ্ট হৈ যাব। 

► মাছআলা নং ৬ : 
ৰোজাৰ কথা পাহৰি গৈ পানাহাৰ কৰিল। তাৰপিছত ৰোজা নষ্ট হৈ গৈছে বুলি ভাবি ইচ্ছাকৃতভাৱে পানাহাৰ কৰিল, তেতিয়াহলে ৰোজা নষ্ট হৈ যাব আৰু কাজা কৰা জৰুৰী হ”ব।

► বমি হোৱাৰ কাৰণে ৰোজা নষ্ট হৈ গৈছে ভাবি ৰোজা ভাঙি পেলালে কাজা কৰিব লাগিব। 
আউন (ৰহঃ)ৰ বর্ণিত, মুহাম্মাদ ইবনে ছীৰীণ ৰাতি বাকী আছে বুলি ভাবি ছাহৰী খালে। তাৰপিছত জানিব পাৰিলে তেখেত ছুবহে ছাদিকৰ পিছত ছাহৰী কৰিছে, তেতিয়া তেখেতে কৈছে “মই আজি ৰোজাদাৰ নহয়।” (অর্থাৎ মোক এই ৰোজাৰ কাজা কৰিব লাগিব)। (ইবনে আবী শ্বাইবা ৬/১৪৯) 
আলী ইবনে হানজালা তেখেতৰ পিতাৰ পৰা বর্ণনা কৰে- তেখেতে ৰোজাৰ মাহত উমৰ (ৰাঃ)ৰ ওচৰত আছিল। তেখেতৰ ওচৰত পনীয়া বস্তু পেশ কৰা হ”ল। 
উপস্থিতসকলৰ কিছুমানে সূৰ্য ডুবি গৈছে বুলি ভাবি সেই পনীয়া বস্তু খাই পেলালে। তাৰপিছত মুআযযিনে ক”লে- হে আমীৰুল মু”মিনীন! সূর্য্য এতিয়াও মাৰ যোৱা নাই। তেতিয়া ওমৰ (ৰাঃ) ক”লে, “যিসকলে ইফতাৰ কৰি পেলাইছে তেওলোকে এটা ৰোজা কাজা কৰিব। আৰু যিসলে ইফতাৰ কৰা নাই তেওঁলোকে সূৰ্যাস্ত লৈকে অপেক্ষা কৰিব (মুছান্নাফে ইবনে আবী শ্বাইবা ৬/১৫০)

সংকলন – ইচৰাৰ ‘কলম’।