যিবোৰ কাৰণত ৰোজা ভঙ্গ হয়, পিছত কাজা আৰু কাফ্ফাৰা দুয়োটা আদায় কৰিব লাগে

Share :

যিবোৰ কাৰণত ৰোজা ভঙ্গ হয় পিছত কাজা আৰু কাফ্ফাৰা দুয়োটা আদায় কৰিব লাগে

◼️ কাফ্ফাৰা কি?

কাফ্ফাৰাৰ অৰ্থ – (کفارہ) (propitiation)
প্রায়শ্চিত্ত, সন্তুষ্টি লাভ। কাৰোবাৰ খং কম কৰি তাক সন্তুষ্ট কৰাৰ প্ৰক্ৰিয়া।

গুনাহ হোৱাৰ পিছত তাৰ বৈধ অপসাৰণ, যাৰ দ্বাৰা গুনাহক ঢাকি ৰখা হয়, দূৰ কৰা হয় তাকেই কাফ্ফাৰা বোলে। পৱিত্ৰ ক্বুৰআনত উল্লেখ আছে –


ذلک کفارۃ ایمانکم اذا حلفتم (5:89)
অৰ্থ- এয়া তোমালোকৰ শপত খোৱাৰ কাফ্ফাৰা, যেতিয়া তোমালোকে শপত খোৱা।

এতেকে কাফ্ফাৰা এক বিশেষ ঐশ্বৰিক শাস্তি। যাৰ দ্বাৰা আল্লাহৰ নিৰ্ধাৰিত সীমা, নিৰ্ধাৰিত নীতি উলংঘন কৰাৰ পাছত সেই ভুল শুধৰাব পাৰে আৰু আল্লাহ তা’আলাক সন্তুষ্ট কৰাৰ পথ মুকলি কৰিব পাৰে।

ইছলামত কাফ্ফাৰা ৬ ধৰণৰ –
১. শপত খোৱাৰ কাফ্ফাৰা।
২. জিহাৰৰ কাফ্ফাৰা।
৩. ই’লাৰ কাফ্ফাৰা।
৪. ভুল হত্যাৰ কাফ্ফাৰা।
৫. হজ্ব আৰু উমৰাত হাৰামত লিপ্ত হলে কাফ্ফাৰা।
৬. ৰোজা ভঙ্গ কৰাৰ কাফ্ফাৰা।

তলত ৰোজা ভঙ্গ কৰাৰ কাফ্ফাৰা আলোচনা কৰা হ’ল। বাকী বিষয়সমূহ পৃথককৈ আলোচনাৰ প্ৰয়োজন আছে। আপুনি জানিবলৈ আগ্ৰহী হলে কমেন্টত জনাব।

◼️ কাফফাৰা আদায় কৰাৰ নিয়ম :

আপুনি যদি স্বাস্থ্যবান আৰু শাৰিৰীকভাৱে সামৰ্থ্য হৈ থাকে। তেন্তে একেৰাহে দুমাহ ৰোজা ৰাখিব লাগিব। মাজত ৰোজা এৰি দিলে নহ’ব। যদি মাজত ৰোজা এৰি দিয়ে বা ভঙ্গ কৰে তেন্তে আকৌ প্রথমৰ পৰা ৬০ দিন ৰোজা ৰাখিব লাগিব। এনেকৈ ষাঠি দিন ৰোজা ৰাখিলে আপোনাৰ ৰোজা ভঙ্গৰ কাফফাৰা আদায় হৈ যাব।
আৰু যদি একেৰাহে ষাঠি দিন ৰোজা ৰাখিবলৈ সক্ষম নহয়, তেন্তে প্রতিটা ৰোজাৰ বাবে ছদকায়ে ফিতিৰৰ পৰিমাণ টকা দুখীয়াক দান কৰিব লাগিব। এতেকে ষাঠি ৰোজাৰ বাবে ষাঠিটা ছদকায়ে ফিতিৰৰ পৰিমাণৰ অর্থ দান কৰা জৰুৰী হব।

যেনে – ছদকায়ে ফিতিৰৰ পৰিমাণ যদি ৫০ টকা হয়। তেন্তে আপোনাৰ তিনি হেজাৰ টকা দান কৰা আৱশ্যক। কিন্তু মনত ৰাখিব ৰোজা ৰখাত সক্ষম হ’লে ফিতৰা আদায় কৰিলে, আদায় নহ’ব।

হাদীছ :
عَنْ أَبِي هُرَيْرَةَ، قَالَ: أَتَى النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلٌ فَقَالَ: هَلَكْتُ، قَالَ: «وَمَا أَهْلَكَكَ؟» قَالَ: وَقَعْتُ عَلَى امْرَأَتِي فِي رَمَضَانَ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَعْتِقْ رَقَبَةً» قَالَ: لَا أَجِدُ، قَالَ: «صُمْ شَهْرَيْنِ مُتَتَابِعَيْنِ» قَالَ: لَا أُطِيقُ، قَالَ: «أَطْعِمْ سِتِّينَ مِسْكِينًا»

অনুবাদ- হজৰত আবূ হুৰাইৰা ৰাঃ পৰা বর্ণিত। তেখেত কৈছে, ৰাছূূল ছঃৰ ওচৰত এজন ব্যক্তি আহি ক’লে, মই ধ্বংস হৈ গৈছোঁ। ৰাছূল ছাঃ এ সুধিলে, তোমাক কোনে ধ্বংস কৰিছে? ছাহাবীয়ে ক’লে, ৰমজানত মই মোৰ স্ত্রীৰ লগত সহবাস কৰিছিলোঁ। ৰাছূল ছাঃ এ তেখেতক ক’লে, তেতিয়া হ’লে ইয়াৰ পৰিণাম হিচাপে এটি গোলাম মুক্ত কৰা। ছাহাবী ক’লে, মই এয়া কৰিবলৈ সক্ষম নহয়। নবী ছঃ ক’লে, তেতিয়া হ’লে একেৰাহে দুমাহ ৰোজা ৰখা। ছাহাবী ক’লে, মই ইয়াতো সক্ষম নহয়। তেতিয়া ৰাছূল ছঃ ক’লে, তেতিয়া হ’লে তুমি ৬০ জন মিছকিনক আহাৰ খোৱাই দিয়া।

( ছুনানে ইবনে মাজাহ, হাদীছ নং-১৬৭১, মুছনাদে আহমাদ, হাদীছ নং-৬৯৪৪, মুছনাদুল বাজ্জাৰ, হাদীছ নং-১১০৭, ছহীহ ইবনে খুজাইমা, হাদীছ নং-১৯৪৯, ছহীহ ইবনে হিব্বান, হাদীছ নং-৩৫২৭)

এতিয়া জানক কাৰণসমূহ

◼️ মাছআলা নং- ১

ৰমজানত ৰোজা ৰখাৱস্থাত স্ত্রী সহবাস কৰিলে বীর্যপাত নহ’লেও স্বামী-স্ত্রী উভয়ৰ বাবে কাজা আৰু কাফফাৰা উভয়টি জৰুৰী হ’ব।

এটি দীর্ঘ হাদীছত আছে, এজন ব্যক্তিয়ে ৰাছুলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহি ক’লে, মই ৰোজা ৰাখি স্ত্রী সহবাস কৰিছো। ৰছুলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱাছাল্লাম তাৰ ওপৰত কাফফাৰাৰ হুকুম দিছিল।

( চাওঁক: ছহীহ বুখাৰী ৬৭০৯, জামে তিৰমিযী ৭২৪, মুছান্নাফ আব্দুৰ ৰাজ্জাক ৭৪৫৭; মুছনাদে আহমদ ২/২৪১)

মুহাম্মাদ ইবনে কা’ব (ৰাঃ) কৈছে, ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে সেই ব্যক্তিজনক (যিয়ে ৰমজান মাহত দিনৰ ভাগত স্ত্রীসহবাসত লিপ্ত হৈছিল ) কাফফাৰা আদায়ৰ লগত কাজা আদায়ৰ আদেশ কৰিছিল।
(মুছান্নাফ আব্দুৰ ৰাজ্জাক ৭৪৬১)

বিখ্যাত তাবেয়ী হজৰত আতা ৰহঃ এ কৈছে ‘স্বামী-স্ত্রী যেতিয়া মিলিত হয় তেতিয়া তেওঁলোকৰ ৰোজা ভঙ্গ হৈ যায়।’ (প্রাগুক্ত ৭৪৬৭)

◼️ মাছআলা নং- ২

ৰোজা ৰাখি কোনো প্রকাৰ শ্বৰীয়তসম্মত ওজৰ নোহোৱাকৈ ইচ্ছাকৃতভাবে পানাহাৰ কৰিলে কাজা আৰু কাফফাৰা উভয়টি জৰুৰী হ’ব।
নবী ছাঃ ৰ যুগত এজন ব্যক্তি ৰমজানৰ ৰোজা ৰাখি (ইচ্ছাকৃতভাবে) পানাহাৰ কৰিলে। তেতিয়া ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম তাক আদেশ কৰিলে, এজন গোলাম আজাদ কৰিবলৈ বা দুমাহ ৰোজা ৰাখিবলৈ বা ষাঠিজন দুখিয়াক (পেট ভৰাই) আহাৰ খুৱাবলৈ ।
(ছুনানে দাৰাকুতনী ২/১৯১)

ইমাম যুহৰী ৰহঃ কৈছে- ‘ৰমজান মাহত ৰোজা ৰাখি যিয়ে ইচ্ছাকৃতভাবে পানাহাৰ কৰিব তাৰ হুকুম ইচ্ছাকৃতভাবে দিনত সহবাসকাৰীৰ অনুৰূপ।’ অর্থাৎ তাৰ বাবে কাজা আৰু কাফফাৰা উভয়টি আদায় কৰিব লাগিব।
(-মুছান্নাফ আব্দুৰ ৰাজ্জাক, হাদীছ: ৭৪৬৮)

◼️ মাছআলা নং- ৩

বিড়ি-চিগাৰেট, হুক্কা পান কৰিলেও ৰোজা ভঙ্গ হৈ যাব আৰু কাজা, কাফফাৰা উভয়টি জৰুৰী হ’ব।

(এই মাছআলাৰ দলীল সন্দৰ্ভত বিস্তাৰিত আলোচনাৰ বাবে চাওঁক আৰবী কিতাপ : “ঝাজৰু আৰবাবিৰ ৰায়্যান আন শুৰবিদ দুখান” আৰু “তাৰবীহুল জানান বিতাশৰীহিল হুকমি শুৰবিদ দুখান” ।)

এই ক্ষেত্ৰত বিখ্যাত ইছলামী পণ্ডিত আল্লামা আব্দুল হাই লক্ষ্নৌৱী (ৰহঃ)ৰ বিশ্লেষণ : ছুবহে ছাদিক হৈ গৈছে জানিও আজান শুনি পোৱা নাই বা এতিয়াও ভালকৈ সূৰ্যৰ পোহৰ ওলোৱা নাই, যিকোনো ধৰণৰ ভিত্তিহীন অজুহাতত খোৱালোৱা কৰা বা স্ত্রী সহবাসত লিপ্ত হোৱা হাৰাম। এনেকৈ ৰোজা শুদ্ধ নহ’ব৷ যদি ৰোযাৰ নিয়ত কৰাৰ পিছত কোনোবাই এনেকুৱা কৰি থাকে, তেন্তে কাজা-কাফফাৰা দুয়োটাই জৰুৰী হ’ব।
(-ছূৰা বাকাৰা : ১৮৭; মাআৰিফুল কুৰআন ১/৪৫৪-৪৫৫)

সংকলন- ইচৰাৰ ‘কলম’