মহৰমুল হৰাম আৰু ইয়াওমে আশুৰাৰ ইতিহাস, ফজিলত, কৰণীয় আৰু বৰ্জনীয় আমল।

    চেকেণ্ডৰ পৰা ঘণ্টা, ঘণ্টাৰ পৰা দিন, মাহ আৰু বছৰলৈকে জীৱনৰ কাম-কাজবোৰ সঠিকভাৱে আৰু উপযুক্ত বিভাজনৰ মাজেৰে সজাই লোৱাক আৰবী ভাষাত তাকভীম, উৰ্দূত নিজামুল আউকাত, হিন্দীত জন্ত্ৰী আৰু ইংৰাজীত কেলেণ্ডাৰ বোলা হয়। সময় এনে এক বস্তু, যি নিজৰ অক্ষত সদায় ঘূৰি থাকে। এই সময়ৰ মাজতেই ব্যক্তি আৰু জাতিৰ সকলো অৱস্থা আৰু ঘটনা লিপিবদ্ধ হৈ অতীতৰ অংশ হৈ পৰে। মানুহে সেই অতীতৰ পৰা শিক্ষা আৰু উপদেশ গ্ৰহণ কৰি নিজৰ ভৱিষ্যতৰ বিষয়সমূহ নিৰ্ধাৰণ কৰে।

ইয়াৰ উপৰিও মানুহৰ বাবে ৰাজনৈতিক, সামাজিক বিষয়, সামাজিক অনুষ্ঠান আৰু ধৰ্মীয় কৰ্তব্যসমূহ সম্পাদনৰ বাবে এক সু-সংগঠিত ব্যৱস্থাৰ প্ৰয়োজন হয়। এনে ব্যৱস্থা নাথাকিলে মানুহৰ ওপৰত অর্পিত দায়িত্ব পালন কৰাটো কেৱল কঠিনেই নহয়, বৰং অসম্ভৱ হৈ পৰে।

        পৃথিৱীত বিভিন্ন ধৰণৰ কেলেণ্ডাৰ প্ৰচলিত আছে। সাধাৰণভাৱে দুটা ব্যৱস্থা বিশেষভাৱে পৰিচিত—

১. সৌৰ (শাম্সী):জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ।
২. চান্দ্ৰ (ক্বমৰী) : মহৰমুল হাৰামৰ পৰা জুলহিজ্জালৈ।

      সৌৰ তাৰিখক ঈছৱী বোলা হয়, যাৰ সম্পৰ্ক হজৰত ঈছা (আ.)-ৰ জন্মৰ সৈতে। আনহাতে, চান্দ্ৰ পঞ্জিকাৰ সম্পৰ্ক হিজৰতে নবৱী ﷺ-ৰ সৈতে।

বৰ্তমান যুগত চৰকাৰী, বেচৰকাৰী, ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় অধিকাংশ কাম-কাজ সৌৰ তাৰিখ অনুসৰি সম্পন্ন হয়। কিন্তু ইছলামী বিধান আৰু ফৰজসমূহ চান্দ্ৰ পঞ্জিকাৰ সৈতে সম্পৃক্ত। যেনে—ৰোজা, যাকাত, হাজ্জ, ঈদুল ফিতৰ, ঈদুল আজহা আদি।

        আৰবী ভাষাত “ক্বামাৰ” শব্দৰ অৰ্থ হৈছে চন্দ্ৰ। এই চন্দ্ৰৰ সৈতে সম্পৰ্কিত বুলিয়েই ইয়াক ক্বামাৰ বা চান্দ্ৰ পঞ্জিকা কোৱা হয়। কাৰণ এই পঞ্জিকাৰ সমগ্ৰ ভিত্তি চন্দ্ৰৰ কমা-বঢ়াৰ ওপৰত নিৰ্ভৰশীল।

এই চান্দ্ৰ ঐতিহাসিক পঞ্জিকাখন নবী শেষ জামানাৰ মহান কৰ্ম হিজৰত-ৰ সৈতে সম্পৰ্কিত।
(“মাহে মহৰমুল হৰামৰ ফজিলত আৰু আহকাম” — মুফতী মুহাম্মদ শফী উছমানী ৰহঃ)


“إِنَّمَا النَّسِیْءُ زِیَادَۃٌ فِي الْکُفْرِ”
উক্ত আয়াতৰ ব্যাখ্যাত মুফতি মুহাম্মদ শফী উছমানী (ৰহ.) লিখিছে—“ইছলামত পৰিচিত চান্দ্ৰ মাহসমূহৰ এই বিন্যাস স্বয়ং ৰব্বুল আলামীনৰ নিৰ্ধাৰিত। এই মাহসমূহৰ ভিতৰত কিছুমান মাহৰ বাবে বিশেষ বিধান নাজিল কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে আল্লাহৰ ওচৰত শ্বৰীয়তী বিধানৰ ক্ষেত্ৰত চান্দ্ৰ বছৰেই গ্ৰহণযোগ্য আৰু আল্লাহৰ অধিক প্ৰিয়। সেইবাবে চান্দ্ৰ হিচাপ সংৰক্ষণ কৰা ফৰজে কিফায়া। যদি সমগ্ৰ উম্মতে চান্দ্ৰ হিচাপ ত্যাগ কৰে, তেন্তে সকলোৱে গুনাহগাৰ হ’ব। অৱশ্যে চান্দ্ৰ হিচাপ সংৰক্ষিত থাকিলে সৌৰ তাৰিখ ব্যৱহাৰ কৰাও বৈধ।”
(মা-আৰিফুল কোৰআন, খণ্ড ৪, পৃষ্ঠা ৩৭৩)

চান্দ্ৰ বছৰৰ প্ৰথম মাহ — মহৰমুল হৰাম
“মহৰম” শব্দৰ অৰ্থ হৈছে—মহান, সন্মানিত আৰু মৰ্যাদাপূৰ্ণ। এই মাহক আশহুৰে হুৰুম (পবিত্ৰ চাৰি মাহ)-ৰ অন্তৰ্ভুক্ত। এই মাহসমূহৰ মৰ্যাদা আৰু ফজিলত কিতাবুল্লাহ আৰু ৰাছূলুল্লাহ (চঃ)-ৰ হাদীছত বৰ্ণিত হৈছে। এই মাহসমূহত কৰা সৎকৰ্মৰ ছোৱাব দ্বিগুণকৈ দিয়া হয়।
এই মাহ ইমানেই মৰ্যাদাপূৰ্ণ যে আল্লাহৰ কিতাব অৱতীৰ্ণ হোৱাৰ আগতেও আহলে কিতাব আৰু মক্কাৰ কাফিৰসকলে ইয়াৰ সন্মান কৰিছিল।


কিছুমান ছালাফ উলামা ৰহঃ আশহুৰে হুৰুমৰ ভিতৰতো মহৰমুল হাৰামক সৰ্বশ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে।
হাফিজ ইবনে ৰজব হাম্বলী (ৰহঃ) লিখিছে—
“উলামা সকলৰ মাজত মতভেদ আছে যে আশহুৰে হুৰুমৰ ভিতৰত কোনটো মাহ সৰ্বশ্ৰেষ্ঠ। হজৰত হাছান বচৰী (ৰহঃ) কৈছে—এইবোৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মাহ হৈছে ‘আল্লাহৰ মাহ মহৰম’। আৰু মুতা’আখ্যেৰীন অৰ্থাৎ পিছৰ যুগৰ বহু আলিমেও এই মতক অধিক শক্তিশালী বুলি গ্ৰহণ কৰিছে।”
(“খুছুছিয়াতে মাহে মহৰমুল হৰাম ওয়া ইয়াওমে আশুৰা”)

         মাহে মহৰমুল হৰাম সেই চাৰি মাহৰ অন্যতম, যাৰ পবিত্ৰতা আৰু মৰ্যাদা আল্লাহ তা'আলাই আকাশ-পৃথিৱী সৃষ্টি কৰাৰ সময়তেই নিৰ্ধাৰণ কৰি থৈছিল।

আল্লাহ তা’আলাই ইৰশাদ কৰিছে-
“إِنَّ عِدَّۃَ الشُّہُوْرِ عِنْدَ اللہِ اثْنَا عَشَرَ شَہْرًا فِیْ کِتٰبِ اللہِ یَوْمَ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ مِنْہَآ اَرْبَعَۃٌ حُرُمٌ”
(ছুৰা তাওবাঃ ৩৬)
অৰ্থাৎঃ “নিশ্চয় আল্লাহৰ ওচৰত মাহৰ সংখ্যা বাৰটা। আকাশ আৰু পৃথিৱী সৃষ্টি কৰা দিনাই আল্লাহৰ কিতাবত এই সংখ্যা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ মাজৰ চাৰিটা হৈছে সন্মানিত মাহ।”


হজৰত কাতাদা (ৰাঃ) কৈছে—
“পবিত্ৰ মাহসমূহত সৎকৰ্মৰ ছোৱাব বহুত ডাঙৰ। সেয়েহে এই মাহসমূহত গুনাহ কৰিলে তাৰ শাস্তিও বহুত কঠিন হয়। যদিও গুনাহ সকলো সময়তেই ডাঙৰ অপৰাধ।”
(তাফছীৰে মাজহাৰী)


মুফতি মোহাম্মদ শফী (ৰহঃ) লিখিছে—
“সকলো নবীৰ শ্বৰীয়ত এই কথাত একমত যে এই চাৰি মাহত ইবাদতৰ ছোৱাব অধিক হয় আৰু এই মাহসমূহত গুনাহ কৰিলে তাৰ শাস্তিও অধিক হয়।”
(মা-আৰিফুল কোৰ-আন)


আল্লামা ইবনে ৰজব (ৰহঃ) লিখিছে—“ছালাফে ছলেহীনসকলে তিনিটা দশকৰ বিশেষ সন্মান কৰিছিল—
১. ৰমজানুল মোবাৰকৰ শেষ দশক
২. জিলহিজ্জাৰ প্ৰথম দশক
৩. মহৰমুল হৰামৰ প্ৰথম দশক।”

ইমাম নাছাঈ (ৰহঃ) এই পবিত্ৰ মাহৰ ফজিলত সম্পৰ্কে এই হাদীছ বৰ্ণনা কৰিছে—“হজৰত আবু জৰ (ৰাঃ)-এ কৈছে, মই নবী ﷺ-ক সুধিলোঁ—ৰাতিৰ কোন অংশ সৰ্বশ্ৰেষ্ঠ? আৰু কোনটো মাহ সৰ্বশ্ৰেষ্ঠ?


নবী ﷺ-য়ে উত্তৰ দিলে—
‘ৰাতিৰ মাজভাগ সৰ্বশ্ৰেষ্ঠ। আৰু মাহসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে আল্লাহৰ মাহ, যাক তোমালোকে মহৰম বুলি কোৱা।’ ” (মাহে ৰমজান ইয়াৰ পৰা ব্যতিক্ৰম।)
(“খুছুছিয়াতে মাহে মহৰমুল হৰাম”)

      মাহে মহৰমুল হৰামত নফল ৰোজাৰ বিশেষ গুৰুত্ব আছে। কাৰণ এই মাহ আল্লাহৰ সৈতে সম্পৰ্কিত আৰু এই সম্পৰ্কই ইয়াৰ মৰ্যাদা প্ৰকাশ কৰে।

হাদীছত আছে—
“أَفْضَلُ الصِّيَامِ بَعْدَ رَمَضَانَ شَهْرُ اللهِ الْمُحَرَّمُ”
অৰ্থঃ“ৰমজানৰ ৰোজাৰ পিছত সৰ্বশ্ৰেষ্ঠ ৰোজা হৈছে আল্লাহৰ মাহ মহৰমৰ ৰোজা।”(মুছলিম, মিশকাত : ২০৪৮)


এই হাদীছত মহৰম মাহৰ সাধাৰণ নফল ৰোজাক বুজোৱা হৈছে, আৰু এয়াই অধিক শক্তিশালী মত।
(“মাহে মহৰমুল হৰামৰ ফজিলত আৰু আহকাম”)

মহৰমুল হাৰাম আৰু ইয়াওমে আশুৰা (দ্বিতীয় খণ্ড)

মাহে মহৰমৰ কেইটামান গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা
৭ হিজৰী চনৰ মহৰম মাহত গাজৱায়ে খাইবৰ সংঘটিত হৈছিল।
১৪ হিজৰী চনৰ মহৰম মাহত কাদিছিয়াৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত মুছলমানসকলৰ সেনাপতি আছিল হজৰত ছা’দ ইবনে আবি ওয়াক্কাছ (ৰাঃ) আৰু কাফিৰসকলৰ সেনাপতি আছিল বিখ্যাত বাহাদুৰ “ৰুস্তম”। তিনি দিন ধৰি তীব্ৰ যুদ্ধ চলাৰ পিছত চতুৰ্থ দিনা মুছলমানসকলে বিজয় লাভ কৰে।
১৮ হিজৰী চনৰ মহৰম মাহত শ্বাম (ছিৰিয়া) আৰু ইৰাকত তাউন-এ-আমৱাছ নামৰ ভয়ংকৰ মাৰাত্মক মহামাৰী বিয়পি পৰিছিল। সেই ৰোগতেই হজৰত আবু উবাইদাহ ইবনে জাৰ্ৰাহ (ৰাঃ)-ৰ ইন্তেকাল হৈছিল। তেতিয়া তেওঁ মুছলমান সৈন্যবাহিনীৰ সৈতে সেই অঞ্চলত যুদ্ধত ব্যস্ত আছিল।
একেই বছৰত হজৰত আমীৰ মুআৱিয়া (ৰাঃ)-ক তেওঁৰ ভাতৃ য়াজিদ ইবনে আবি ছুফিয়ান (ৰাঃ)-ৰ ইন্তেকালৰ পিছত হজৰত উমৰ (ৰাঃ)-এ দামাস্কছৰ গৱৰ্ণৰ নিযুক্তি দিছিল।
২৪ হিজৰী চনৰ মহৰম মাহত হজৰত উমৰ (ৰাঃ)-ৰ খিলাফতৰ যুগত হজৰত আমৰ ইবনে আছ (ৰাঃ) বিজয়ী ৰূপত মিচৰত প্ৰৱেশ কৰিছিল। এই বছৰেই হজৰত উছমান (ৰাঃ) খিলাফতৰ আসনত অধিষ্ঠিত হৈছিল।
৬১ হিজৰী চনৰ মহৰম মাহত হজৰত হুছাইন (ৰাঃ)-এ নিজৰ সঙ্গীসকলৰ সৈতে ইয়াজিদৰ শৈৰাচাৰি গৱৰ্ণৰ উবাইদুল্লাহ ইবনে জিয়াদৰ সৈন্যবাহিনীৰ হাতত নিৰ্মম অত্যাচাৰৰ ফলত শাহাদত কৰিছিল।
৬৭ হিজৰী চনৰ মহৰম মাহত কুফাৰ গৱৰ্ণৰ শৈৰাচাৰ উবাইদুল্লাহ ইবনে জিয়াদ নিহত হৈছিল।
৭৪ হিজৰী চনৰ মহৰম মাহত হজৰত আব্দুল্লাহ ইবনে উমৰ (ৰাঃ)-ৰ ইন্তেকাল হৈছিল।
(“মাহে মহৰমুল হৰামৰ ফজিলত আৰু আহকাম”ৰ সাৰাংশ)
এইবোৰ মহৰমুল হৰাম মাহত সংঘটিত হোৱা কেইটামান ঐতিহাসিক ঘটনাৰ ইঙ্গিত। ইয়াৰ উপৰিও অসংখ্য ঐতিহাসিক তথ্য ছীৰাত আৰু ইতিহাসৰ কিতাপসমূহত বৰ্ণিত আছে।
ছাওমে আশুৰাৰ ফজিলত
ছাওমে আশুৰা (আশুৰাৰ ৰোজা)-ৰ ফজিলত মহৰমৰ আন দিনসমূহতকৈ অধিক। এই সম্পৰ্কে বহু হাদীছ বৰ্ণিত হৈছে।
অধিকাংশ ছাহাবী (ৰাঃ), তাবেয়ী (ৰহঃ) আৰু ইমাম মুজতাহিদসকলৰ মতে আশুৰা বুলিলে ১০ মহৰমৰ ৰোজাক বুজায়। ভাষাগত দিশৰ পৰাও “আশুৰা” শব্দটো ১০ মহৰমৰ বাবেই ব্যৱহৃত হয়।
হজৰত আয়িশা (ৰাঃ) বৰ্ণনা কৰিছেঃ
“كَانَ رَسُولُ اللهِ ﷺ أَمَرَ بِصِيَامِ يَوْمِ عَاشُورَاءَ، فَلَمَّا فُرِضَ رَمَضَانُ كَانَ مَنْ شَاءَ صَامَ وَمَنْ شَاءَ أَفْطَرَ.”

অৰ্থঃ “ৰাছূলুল্লাহ ﷺ-এ আশুৰাৰ দিনা ৰোজা ৰাখিবলৈ আদেশ দিছিল। পাছত যেতিয়া ৰমজানৰ ৰোজা ফৰজ কৰা হ’ল, তেতিয়া (আশুৰাৰ ৰোজাৰ ক্ষেত্ৰত) ইচ্ছা দিয়া হ’ল—যি বিচাৰে ৰাখিব আৰু যি বিচাৰে নাৰাখিব।” (বুখাৰী : ২০০১)
আন এটা হাদীছত এই দিনটোক আল্লাহৰ দিনসমূহৰ এটা দিন বুলি কোৱা হৈছে।
আবু দাউদত হজৰত আব্দুল্লাহ ইবনে উমৰ (ৰাঃ)-ৰ সূত্ৰে বৰ্ণিতঃ
“هٰذَا يَوْمٌ مِنْ أَيَّامِ اللهِ، فَمَنْ شَاءَ صَامَهُ وَمَنْ شَاءَ تَرَكَهُ.”

অৰ্থঃ “এইটো আল্লাহৰ দিনসমূহৰ এটা দিন। সেয়েহে যিয়ে বিচাৰে ৰোজা ৰাখিব পাৰে আৰু যিয়ে বিচাৰে এৰি দিব পাৰে।” (আবু দাউদ : ২৪৪৩)
আৰু এই দিনৰ ৰোজাৰ পুৰস্কাৰ সম্পৰ্কে হজৰত আবু কাতাদা আনছাৰী (ৰাঃ)-ৰ এটা দীঘল হাদীছত নবী ﷺ-এ কৈছে—
“وَسُئِلَ عَنْ صَوْمِ يَوْمِ عَاشُورَاءَ، فَقَالَ: يُكَفِّرُ السَّنَةَ الْمَاضِيَةَ.”

অৰ্থঃ “আশুৰাৰ দিনৰ ৰোজা সম্পৰ্কে সোধা হ’ল। নবী ﷺ-এ উত্তৰ দিলে—ই বিগত এবছৰৰ গুনাহৰ কাফফাৰা হয়।”(মুসলিম : ১১২৬)

এই হাদীছৰ ব্যাখ্যাত মনত ৰাখিবলগীয়া যে ইয়াৰ দ্বাৰা ছগীৰা (সৰু) গুনাহসমূহ মাফ হয়। কিন্তু কবীৰা (ডাঙৰ) গুনাহসমূহৰ বাবে তাওবা কৰা আৱশ্যক।

        ইহুদীসকল ইছলামৰ চিৰশত্ৰু। তেওঁলোকৰ বিৰোধিতা কৰা নবৱী ছুন্নতৰ অন্তৰ্ভুক্ত। এই কাৰণেই ইছলামৰ বহু বিধানত কথাত আৰু কামত তেওঁলোকৰ বিৰোধিতা কৰা হৈছে।

আৰম্ভণিতে কেৱল এটা দিন ৰোজা ৰখা হৈছিল। যেতিয়া নবী ﷺ মদীনাত আগমন কৰিলে, তেতিয়া জানিব পাৰিলে যে ইহুদীসকলেও এই দিনা ৰোজা ৰাখে। তেতিয়া নবী ﷺ-এ তেওঁলোকৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে আৰু এটা দিন যোগ কৰিবলৈ নিৰ্দেশ দিলে।
অৰ্থাৎ—নৱম নাইবা এঘাৰতম দিনা ৰোজা ৰাখিব লাগে। ইয়াৰ সমৰ্থনত হজৰত ইবনে আব্বাস (ৰাঃ)-ৰ এই বৰ্ণনা আছে—
“صُومُوا التَّاسِعَ وَالْعَاشِرَ وَخَالِفُوا الْيَهُودَ.”
অৰ্থঃ“নৱম আৰু দশম মহৰমত ৰোজা ৰাখা আৰু ইহুদীসকলৰ বিৰোধিতা কৰা।”(তিৰমিজী : ৭৫৫)
ইবনে আব্বাস (ৰাঃ)-ৰ আন এটা বৰ্ণনাত আছে—
“صُومُوا يَوْمَ عَاشُورَاءَ وَخَالِفُوا الْيَهُودَ، صُومُوا قَبْلَهُ يَوْمًا أَوْ بَعْدَهُ يَوْمًا.”
অৰ্থঃ “আশুৰাৰ দিনা ৰোজা ৰাখা আৰু ইহুদীসকলৰ বিৰোধিতা কৰা। ইয়াৰ আগৰ এটা দিন অথবা পিছৰ এটা দিনো ৰোজা ৰাখা।” (মুছনাদে আহমদ)
ফুকাহায়ে কিৰাম সকলে এই হাদীছসমূহৰ ভিত্তিত লিখিছে যে—
“কেৱল ১০ মহৰমত ৰোজা ৰখা মাকৰূহে তানযীহী (অৰ্থাৎ অনুত্তম)।
কিন্তু যিসকলে ভাবে যে কেৱল আশুৰাৰ ৰোজা ৰখাটো গুনাহ, সেয়া সম্পূৰ্ণ ভিত্তিহীন কথা।”
কিছুমান আহলে ইলমৰ মতে বৰ্তমান যুগত ইহুদীসকলে এই ৰোজা নাৰাখে, সেয়েহে এতিয়া সাদৃশ্যৰ বিষয়টো নাথাকে।
এই বিষয়ে কোৱা হৈছে—
প্ৰথমতে, নিশ্চিতভাৱে ক’ব নোৱাৰি যে তেওঁলোকে ৰোজা ৰাখে নে নাৰাখে।(ফতাওয়া ৰহীমিয়া, খণ্ড ৫, পৃষ্ঠা ১৯৭)
দ্বিতীয়তে, নৱম বা একাদশ মহৰমত ৰোজা ৰখাৰ নিৰ্দেশ স্পষ্ট হাদীছত আছে আৰু চৌদ্দশ বছৰৰ পৰা ইয়াৰ ওপৰত উম্মতৰ আমল চলি আহিছে।(মুগনী, ইবনে কুদামাহ)
হজৰত আদম (আঃ)-ৰ সৃষ্টি এই দিনাই হৈছিল।
হজৰত নূহ (আঃ)-ৰ নাও এই দিনাই জূদী পাহাৰত স্থিৰ হৈছিল।
হজৰত ইউনুছ (আঃ) এই দিনাই মাছৰ পেটৰ পৰা ওলাই আহিছিল।
হজৰত ইব্ৰাহীম (আঃ)-এ জুইৰ পৰা মুক্তি লাভ কৰা দিনটোও এইটোৱেই আছিল।
হজৰত ইয়াকূব (আঃ)-ৰ সৈতে হজৰত ইউছুফ (আঃ)-ৰ সাক্ষাৎ এই দিনাই হৈছিল।
হজৰত ইউছুফ (আঃ)-ও ১০ মহৰমৰ দিনাই শাসনক্ষমতাৰ আসনত অধিষ্ঠিত হৈছিল।
হজৰত মূছা (আঃ)-এ নিজৰ সম্প্ৰদায়সহ ফিৰআউনৰ পৰা মুক্তি লাভ কৰিছিল এই দিনাই।
এই দিনাই হজৰত ঈছা (আঃ)-ৰ জন্ম হৈছিল।
হজৰত ছুলাইমান (আঃ)-এ পৰীক্ষাৰ পিছত এই দিনাই পুনৰ ৰাজত্ব লাভ কৰিছিল।
হজৰত আইয়ুব (আঃ)-এও কঠিন পৰীক্ষাৰ পিছত এই দিনাই আৰোগ্য লাভ কৰিছিল।
এই দিনাই হজৰত ইদৰীছ (আঃ) আৰু হজৰত ঈছা (আঃ)-ক আকাশলৈ উঠাই লোৱা হৈছিল।
এই দিনাই হজৰত ৰাছূলুল্লাহ ছঃৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰা হৈছিল।
আৰু এইটোৱেই সেই দিন, যিদিনাখন ৰাছূলুল্লাহ ﷺ-ৰ নয়নৰ মনি, হজৰত হুছাইন (ৰাঃ)-এ বাতিলৰ সন্মুখত দৃঢ়ভাৱে থিয় দি শাহাদতৰ মৰ্যদা লাভ কৰিছিল।
এই দিনাই এই বিশ্বব্ৰহ্মাণ্ডৰ ব্যৱস্থা সমাপ্ত কৰি কিয়ামত সংঘটিত কৰা হ’ব।
(ফাইজুল কাদীৰ, শ্বাৰহুল জামিউছ ছাগীৰ; “খুছুছিয়াতে মাহে মহৰমুল হৰাম আওৰ ইয়াওমে আশুৰা”; মাআৰিফুল কোৰআন — সাৰাংশ)

      এই মাহত কেইটামান কাম আছে যিবোৰ আমি সম্পন্ন কৰা উচিতঃ

১. ইয়াওমে আশুৰাৰ ৰোজা ৰখা।
আশুৰাৰ দিনা ৰোজা ৰখা সুন্নত আৰু অতি ফজিলতপূৰ্ণ আমল।
২. পৰিয়ালৰ খৰচত প্ৰসাৰতা অৱলম্বন কৰা
হাদীছত আহিছে—
“عَنْ ابْنِ مَسْعُودٍ قَالَ: قَالَ رَسُولُ اللَّهِ ﷺ: مَنْ وَسَّعَ عَلَى عِيَالِهِ فِي النَّفَقَةِ يَوْمَ عَاشُورَاءَ وَسَّعَ اللَّهُ عَلَيْهِ سَائِرَ سَنَتِهِ. قَالَ سُفْيَانُ: إِنَّا قَدْ جَرَّبْنَاهُ فَوَجَدْنَاهُ كَذَلِكَ.”
অৰ্থঃ“হজৰত ইবনে মাছঊদ (ৰাঃ) বৰ্ণনা কৰিছে যে ৰাছূলুল্লাহ ﷺ-এ কৈছে—‘যি ব্যক্তিয়ে আশুৰাৰ দিনা নিজৰ পৰিয়ালৰ খৰচত প্ৰসাৰতা অৱলম্বন কৰে, আল্লাহ তা’আলাই তেওঁৰ বাবে গোটেই বছৰত জীৱিকাত প্ৰসাৰতা দান কৰে।’
হজৰত সুফিয়ান (ৰহঃ) কৈছে—‘আমি ইয়াৰ অভিজ্ঞতা লাভ কৰিছোঁ আৰু তেনেকুৱাই পাইছোঁ।”(ৰজীন)
এই ধৰণৰ বৰ্ণনা আন বহু ছাহাবীৰ পৰাও পোৱা যায়। যদিও সনদৰ দিশৰ পৰা এইবোৰ দুৰ্বল, তথাপি বিভিন্ন সূত্ৰে বৰ্ণিত হোৱাৰ বাবে ফজিলতৰ ক্ষেত্ৰত গ্ৰহণযোগ্য বুলি গণ্য কৰা হয়। সেই কাৰণেই আকাবিৰ উলামাসকলে এই আমলক মুস্তাহাব বুলি উল্লেখ কৰিছে।
৩. ফৰজ ইবাদতৰ বিশেষ যত্ন লোৱা আৰু অধিক নফল ইবাদত কৰা
ফৰজ নামাজ, কোৰআন তিলাৱত, যিকিৰ, দোআ আদি অধিক পৰিমাণে কৰা উচিত।
৪. গুনাহৰ পৰা বিৰত থকাৰ চেষ্টা কৰা বিশেষকৈ এই পবিত্ৰ মাহত সকলো ধৰণৰ পাপ আৰু অবাধ্যতাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰা উচিত।
৫. ছুন্নতৰ অনুসৰণৰ প্ৰতিশ্ৰুতি লোৱা।
জীৱনৰ সকলো ক্ষেত্ৰত নবী কৰীম ﷺ-ৰ ছুন্নত অনুসৰণৰ চেষ্টা কৰা উচিত।

এই মাহত নকৰিবলগীয়া কামসমূহঃ

এই মাহত তলৰ বিষয়সমূহৰ পৰা বিৰত থাকিব লাগে—
১. ক’লা কাপোৰ পিন্ধা আৰু ক’লা পতাকা উত্তোলন কৰা।
২. এই মাহক অমংগল বা শোকৰ মাহ বুলি ধৰা।
৩. শোকপালন, তাজিয়া নিৰ্মাণ আৰু মাতম কৰা।
৪. শৰবত আদিৰ ছাবিল (বিনামূলীয়া পানীয় বিতৰণৰ বিশেষ অনুষ্ঠান) স্থাপন কৰা।
৫. অন্যান্য মনগঢ়া ৰীতি-নীতি আৰু কুসংস্কাৰ গ্ৰহণ কৰা।

(জামিয়া ইছলামিয়া বিন্নুৰী টাউন, কৰাচীৰ প্ৰবন্ধসমূহৰ পৰা সংগৃহীত আৰু সাৰাংশভাৱে উপস্থাপিত।)

সংগ্ৰাহকঃ মাহমুদ হাছান ক্বাছিমী

Leave a Comment