হজৰত ওমৰ (ৰাঃ)-এটি শিক্ষণীয় ঘটনা
🟥⬛🟥 খিলাফতৰ বহু কাম-কাজ সম্পন্ন কৰি আমীৰুল মুমিনীন হজৰত ওমৰ ইবনুল খাত্তাব (ৰাঃ)-য়ে এটা সৰল কোঠাত বহি ৰাষ্ট্ৰীয় বিষয়ত নথি-পত্ৰবোৰ পৰ্যালোচনা কৰি আছিল। তেওঁৰ সন্মুখত জ্বলি আছিল এখন মমবাতি—যিটো বায়তুল মালৰ (ৰাজকোষৰ) ধনেৰে কিনা হৈছিল।
ঠিক সেই সময়তে এজন চাহাবী তেওঁৰ ওচৰলৈ আহিল। প্ৰথমে তেওঁলোকে দেশৰ প্ৰশাসন, জনসাধাৰণৰ সমস্যা আৰু খিলাফতৰ বিভিন্ন দায়িত্বৰ বিষয়ে আলোচনা কৰিলে। সেই আলোচনা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় কামৰ সৈতে জড়িত আছিল।
কিছু সময় পিছত চাহাবীজনে ক’লে,
“হে আমীৰুল মুমিনীন! এতিয়া অলপ ব্যক্তিগত কথা পাতিব বিচাৰো।”
হজৰত ওমৰ (ৰাঃ)-য়ে কথাটো শুনি একো নক’লে। তেওঁ সন্মুখত জ্বলি থকা মমবাতিখন ফুকি নুমাই দিলে। তাৰ পিছত নিজৰ ব্যক্তিগত ধনেৰে কিনা আন এখন মমবাতি জ্বলাই ল’লে।
চাহাবীজন আচৰিত হৈ সুধিলে,
“হে আমীৰুল মুমিনীন! আপুনি এনে কিয় কৰিলে?”
হজৰত ওমৰ (ৰাঃ)-য়ে শান্ত কণ্ঠে উত্তৰ দিলে,
“আগতে আমি ৰাষ্ট্ৰীয় কামৰ বিষয়ে আলোচনা কৰি আছিলোঁ। সেই সময়ত বায়তুল মালৰ মমবাতি ব্যৱহাৰ কৰাটো বৈধ আছিল। কিন্তু এতিয়া আমি ব্যক্তিগত কথা পাতিম। ব্যক্তিগত কথাৰ বাবে ৰাষ্ট্ৰীয় সম্পদ ব্যৱহাৰ কৰাটো আমানতৰ খিলাফ হ’ব। সেয়েহে মই সেই মমবাতিখন নুমাই নিজৰ মমবাতি জ্বলাই দিছো।”
চাহাবীজনে এই দৃশ্য দেখি গভীৰভাৱে প্ৰভাৱিত হ’ল। তেওঁ উপলব্ধি কৰিলে—যিজন শাসকে এখন মমবাতিৰ মূল্যকো আল্লাহৰ ভয়ত পৃথক কৰি ৰাখে, তেওঁ কেতিয়াও জাতিৰ ধন-সম্পদৰ অপব্যৱহাৰ নকৰে।
✅ শিক্ষাঃ ৰাজহুৱা সম্পদ হৈছে আমানত। সৰু হওক অথবা ডাঙৰ, ব্যক্তিগত স্বাৰ্থত চৰকাৰী বা জনসাধাৰণৰ সম্পদ ব্যৱহাৰ নকৰাটো ইছলামে শিকোৱা সততা আৰু তাক্বৱাৰ এক উজ্জ্বল নিদৰ্শন।
সংগ্ৰাহকঃ বায়েজীদ বোস্তামী