Skip to content
  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা

আন্তৰাষ্ট্ৰীয় নাৰী দিৱস আৰু ইছলাম: পৰ্ব-১

March 8, 2026 by NEPeace

আন্তৰাষ্ট্ৰীয় নাৰী দিৱস :

ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বিভিন্ন ঠাইত নাৰীসকল সংগঠিত হৈ মাৰ্চ-এপ্ৰিলৰ কোনোবা এটা তাৰিখত নাৰী দিৱস পালন কৰা হৈছিল। কিন্তু সকলোৰে উদ্দেশ্য আছিল নাৰীৰ ওপৰত চলি অহা বৈষম্য নিৰ্যাতন, শোষণৰ অন্ত পেলাই নাৰীক সন্তান উৎপাদনৰ আহিলা হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে মানৱ সত্তা ৰূপে পূৰ্ণ মানৱৰ স্বীকৃতি দিয়া। ১৯১০ চনত কোপেনহেগেনৰ সন্মিলনত ক্লাৰা জেটকিনে আগবঢ়োৱা প্ৰস্তাৱ বাস্তৱায়িত কৰি অৱশেষত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ চনদত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি নাৰীক মানৱ সত্তা হিচাপে স্বীকৃতি দিয়া হ’ব।
নাৰী আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামৰ স্বীকৃতি হিচাপে অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে।
লিখনিটো বেছি দীঘলীয়া হব বুলি নাৰী দিৱসৰ দিশটো ইয়াতে চমুকৈ সামৰা হল। কোনোবাই জানিব বিচাৰিলে কমেন্ট কৰি জনাব।

ইছলামৰ দৃষ্টিত নাৰী আৰু নাৰীৰ অধিকাৰ:

৮ মার্চ, আন্তর্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো যথাযোগ্য মর্যাদাৰে দিনটি উদযাপন কৰা হয়। ইতমেধ্যে মহিলা আৰু শিশু বিষয়ক মন্ত্রণালয়সহ মানবাধিকাৰ আৰু নাৰী সংগঠনসমূহ দিৱসটো উদযাপনৰ বাবে নানা কর্মসূচি ঘোষণা কৰিছে। হয়, বছৰৰ চকাটো ঘূৰি যেতিয়া ৮ মার্চ লৈ গৈ পায়, তেতিয়া নাৰীসকলৰ অধিকাৰ, মর্যাদাৰ কথাবোৰ চিত্রায়িত হয় বিভিন্ন ধৰণে। যেনে :


নাৰী দিৱসৰ ৰেলী,
আলোচনা সভা,
মানৱবন্ধনৰ আয়োজন,
দিৱস উপলক্ষে মেডিয়াৰ পত্ৰিকা প্ৰকাশ,
টকশ্বৰ আয়োজন,
বিভিন্ন বেনাৰ, পোষ্টাৰ, ফেষ্টুন আৰু
আজিৰ বিশেষকৈ ছছিয়েল মেডিয়াত
ইত্যাদি বিভিন্ন ধৰণে দিৱস সর্ম্পকে সচেতনতা সৃষ্টিৰ নানা ব্যৱস্থা গ্ৰহণ কৰি প্রতি বছৰ ৮ মার্চত উদযাপিত হয় এই দিৱস। সমগ্ৰ বিশ্বব্যাপী নাৰীৰ প্রধান উপলক্ষ্য হিচাপে দিৱসটো পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্রান্তত নাৰীদিৱস উদযাপনৰ প্রধান লক্ষ্য বিভিন্ন ধৰণৰ হয়।
কৰবাত নাৰীৰ প্রতি সাধাৰণ সম্মান বিষয়ক,
কৰবাত মহিলাৰ আর্থিক সমস্যা,
কৰাবত ৰাজনৈতিক সমস্যা,
কৰবাত সামাজিক বিষয়বোৰ গুৰুত্ব পায়।
বছৰত অন্ততঃ এবাৰ নাৰী দিৱসটো আহিলে উচ্চাৰিত হয় বিশেষভাবে কিছু কথা আৰু শ্লগান। টিভি চেনেল আৰু অন্যান্য মেডিয়াও ওতপ্ৰোতভাৱে অংশগ্ৰহণ কৰে প্ৰচাৰ কৰিবলৈ। তাৰ কিছু প্রতিপাদ্য আৰু শ্লগান হল-
‘নাৰী-পুৰুষৰ অঙ্গীকাৰত তুলোঁ সমতাৰ বিশ্ব’
‘আমিয়েই পাৰোঁ’,
‘অধিকাৰ মর্যাদাত নাৰী-পুুৰুষ সমান সমান’
‘উৎসৱৰ সময়ত, নাৰী থাকিব সকলোত ’।ইয়াৰ
ইয়াৰ লগতে বিশ্বযুৰি অতি আধুনিক সমাজৰ মাজত আন কিছু শ্লগান আজিৰ দিনত বৰ জনপ্ৰিয় হৈ আছে। সেইবোৰ হল,
‘নাৰীসকলে নিজৰ ন্যায্য অধিকাৰ আৰু সম্মানৰ পৰা বঞ্চিত’
‘ইছলামে নাৰীৰ অধিকাৰ খর্ব কৰিছে’
ইছলামে নাৰীৰ অগ্রযাত্রাত বাধা সৃষ্টি কৰিছে’


এই,
কন্যা ভ্ৰূণ হত্যা,
যৌতুকজনিত হিংসা,
নাৰী দেহৰ ব্যৱসায়,
নাৰী চালান কৰা দুষ্টচক্ৰৰ সক্ৰিয়তা,
বলাৎকাৰৰ দৰে নাৰীশ্লীলতা হানিৰ ঘটনা,
ডাইনীৰ সন্দেহত নাৰী হত্যা,
অজস্ৰ অন্ধবিশ্বাস,
আৰু কু-সংস্কাৰৰ ফলত….
আজিও প্ৰতিদিনে শ-শ নাৰীৰ মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ, নাৰীৰ প্ৰাপ্য অধিকাৰ আৰু উপযুক্ত মৰ্যাদা প্ৰদান কৰিবলৈ ইছলামে কি শিক্ষা দিছে আৰু কি কি নীতি গ্ৰহণ কৰিছে, জানোঁ আহক!!

নাৰীক ইছলামে কি প্ৰদান কৰিছে?

আজিৰ পৰা ১৫ শ বছৰ পূৰ্বেই ইছলামে নাৰী আৰু পুৰুষৰ ন্যায্য অধিকাৰ নিশ্চিত কৰি থৈছে। ১৯ শতিকা কিয় ১৫০০ বছৰ পূৰ্বে আৰু তাৰ পূৰ্বে, জাহিলী (প্ৰাক-ইছলামী যুগ) যুগ যুগ ধৰি নাৰী জাতিৰ কোনো মর্যাদা, সন্মান নাছিল। ভালকৈ মনত ৰাখিব পৰাকৈ তলত দিশবোৰ পৃথককৈ উল্লেখ কৰা হল।
১। সেই সময়ত নাৰীসকল আছিল নিপীড়িত, নির্যাতিত আৰু কেৱল অবহেলিত। মহিলাৰ লগত কৰা হৈছিল পশুৰ দৰে আচৰণ।
২। সমগ্ৰ নাৰী সত্ত্বাক পৰিয়াল,সমাজ আৰু বংশৰ বাবে অভিশাপ বুলি বিশ্বাস কৰা হৈছিল।
৩। কন্যা সন্তান জন্মক অসম্মান আৰু অপমানকৰ বুলি ভাবি কন্যা সন্তানক জীৱন্ত হত্যা কৰা হৈছিল।
৪। নাৰীৰ অধিকাৰ বুলি একোয়েই নাছিল, না সমাজিক না অৰ্থনৈতিক আৰু শৈক্ষিক।
৫। মহিলাক সদায় প্ৰাপ্য অধিকাৰ পিতৃৰ উত্তৰাধিকাৰী (মিৰাচ) ৰ পৰা বঞ্চিত কৰা হৈছিল।
৬। কোনো বস্তু, সম্পদৰ মালিকানা লাভ কৰিব নোৱাৰিছিল। আনকি এজন মানুহ হিচাপে জীয়াই থাকিবলৈ অধিকাৰসমূহো কাঢ়ি লোৱা হৈছিল।
৭। পুতলা আৰু সামগ্ৰীৰ দৰে নাৰীক ব্যৱহাৰ কৰি কেৱল সিঁহতৰ যৌৱন ভোগ কৰা হৈছিল।
৮। তেতিয়াৰ স্বীকৃত কোনো এটা ধৰ্মত নাৰীৰ
সামাজিক মর্যাদাৰ ক্ষেত্র আছিল অতি সূচনীয় আৰু ঘৃননীয় তথা আশ্চৰ্যজনক। যেনে,
ক) বৌদ্ধ ধৰ্ম আৰু সমাজত নাৰীক কেৱল বিলাসিতাৰ উপকৰণ হিচাপেহে গণ্য কৰা হৈছিল। ইয়াত নাৰী হল ভোগৰ বস্তু আৰু মানবতাৰ নির্মাণ লাভৰ এক আহিলা স্বৰূপ।
খ) ইহুদী ধর্ম মতে নাৰীক সকলো পাপৰ উৎসমূল বুলি বিশ্বাস কৰা হৈছিল।
গ) খৃষ্টান ধৰ্মতো নাৰীক কেৱল পণ্যৰ দৰে ব্যৱহাৰ কৰা হৈছিল কেৱল ভোগ কৰা হৈছিল।
৯। এই অন্ধকৰ যুগত বিবাহৰ কোনো সংখ্যা নিৰ্ধাৰিত নাছিল। এজন পুৰুষে একে সময়ত বহু জনী নাৰীক নিকাহ কৰাব পাৰিছিল, একে সময়তে বহু সংখ্যক ৰক্ষয়ীতা ৰখাতো কোনো অপৰাধ বুলি গন্য কৰা নাছিল। ইচ্ছা কৰিলেই তালাক দিব পাৰিছিল। তেওঁলোকক পশুৰ দৰে বজাৰত বিক্ৰী কৰা হৈছিল।
সেই তিমিৰাছন্ন কলুষিত সমাজক নিষ্কলুষ কৰাৰ বাবে, নাৰী জাতিক অসহায় , অমানুষিক আচৰণৰ হাতৰ পৰা মুক্তিৰ পথ প্ৰদান কৰিবৰ বাবে
বিশ্বমানবতাৰ মুক্তিক দূত বিশ্বনবী হজৰত মুহাম্মদ ছাঃ ক মহান সৃষ্টিকৰ্তাই নিজৰ সত্যৰ বাণী প্ৰদান কৰি এই ধৰাৰ বুকুলৈ প্ৰেৰণ কৰিছে। আৰু লগে লগে সৃষ্টিকৰ্তাৰ ফালৰ পৰাই প্রতিষ্ঠিত কৰা হ’ল নাৰীৰ অধিকাৰ আৰু মর্যাদা। যাৰ আজিলৈকে নাৰী সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিকাশ কৰাৰ, সৱলীকৰণ কৰাৰ সূত্ৰ বিচাৰি পাইছে আৰু এই ভোগ-বিলাসিতা প্ৰিয় আধুনিক তথা আদিম যুগৰ পুৰুষ সমাজে নিজৰ মগজুত নাৰীৰ অধিকাৰ, মৰ্যাদা আৰু নাৰী সৱলীকৰণ আদি চিন্তাক গ্ৰহণ কৰিব পাৰিছে।

ইয়াত কিছু গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰা হল। মনযোগেৰে পঢ়িব:
১) অৰ্থনৈতিক অধিকাৰ/সৱলীকৰণ :
বিশ্বনবী ছাঃ ৰ কল্যাণত মহিয়সী নাৰী মর্যাদাৰ অধিকাৰী হৈছে মাতৃ হিচাপে। পিতৃ মাতৃ আৰু স্বামীৰ সম্পত্তিত নাৰীৰ অধিকাৰ প্রতিষ্ঠিত কৰা হৈছে। স্বামীৰ সংসাৰত স্ত্রীক অধিকাৰ নিশ্চিত কৰা হৈছে । নাৰী নিজৰ বৈবাহিক জীৱনত খাদ্য, পোছাক ভৰণ পোষণ আদি যোগানৰ চিন্তাৰ পৰা মুক্ত হৈছে।
২) নাৰীৰ যথাৰ্থ মৰ্যাদা :
ঠিক তদৰূপ সমাজৰ সসর্বস্তৰত নাৰীৰ যথার্থ মর্যাদা আৰু অধিকাৰ প্রতিষ্ঠিত কৰা হৈছে। ইছলামে সর্বক্ষেত্রে নাৰীক সর্বোচ্চ সম্মান তথা যথাযথ অধিকাৰ প্ৰদান কৰিছে ।
নাৰীৰ মর্যাদা বুলি কলে কি বুজায়? মর্যাদা মানে পদ আৰু সম্মান। কাৰোবাৰ পদ বা মর্যাদাৰ অর্থ হল যথাযথভাৱে তাৰ প্রাপ্য প্রদান কৰা। আৰু প্রাপ্য বুলি কলে তাৰ অধিকাক স্বীকাৰ কৰা , কর্তব্যৰ যথাযথ ব্যাখ্যা-বিশ্লেষণ আৰু সামাজিক জীৱনত তাৰ অবদানসমুহৰ মুল্যায়ন কৰা বুজায়।
এতেকে নাৰীৰ মর্যাদা প্ৰদানৰ অর্থ হল, তাৰ ন্যায্য অধিকাৰ সঠিকভাৱে আদায় কৰা। তাৰ দায়িত্ব আৰু কর্তব্যৰ সঠিক ব্যাখ্যা তথা তাৰ অবদান যথাযথভাৱে মুল্যায়ন কৰা।
ইছলাম হল, মানৱ প্রকৃতিৰ লগত পৰিপূৰ্ণভাৱে সামঞ্জস্যপূর্ণ এটি জীৱন-বিধান। ইয়াত মানুহত সৃষ্টিৰ সর্বশ্রেষ্ঠ হিচাপে মর্যাদা প্রদান কৰা হৈছে। নাৰী-পুৰুষ সকলো মানুহ হিচাপে এই মর্যাদাৰ অংশীদাৰ ।
৩) নাৰীৰ সম অধিকাৰ আৰু মানৱীয় অধিকাৰ:
মানৱজগত নাৰী-পুৰুষৰ দ্বাৰা গঠিত। নাৰীৰ পৰা পুৰুষক আৰু পুৰুষৰ পৰা নাৰীক কোনোপধ্যেই পৃথক কৰিব পৰা নাযায়। এই পৃথিৱীত মানৱ সমাজৰ অস্তিত্ব বজাই ৰাখিব হলে নাৰী-পুৰুষৰ যৌথ উপস্থিতি অপৰিহাৰ্য। নাৰীৰ ওচৰত পুৰুষ , আৰু পুৰুষৰ ওচৰত নাৰী সদায় ঋণী। এই দুয়োজনৰ কোনো এজনক এৰাই মানৱ জীবনৰ অস্তিত্ব কল্পনাও কৰিব নোৱাৰি। গতিকে ব্যক্তি জীৱন, সমাজ জীৱন , ৰাষ্ট্রীয় জীৱন, প্ৰতিটো জীৱনেই এজনৰ ওচৰত আনজন দায়বদ্ধ।
পিতৃ মাতৃ বিশেষ কোন দিৱসৰ লগত সম্পর্কযুক্ত হব নোৱাৰে। তেখেতসকলতো প্রতিদিনৰ দৰে। মা জোনৰ পোহৰৰ দৰে আৰু বাবা সূর্যৰ পোহৰৰ দৰে। মুছলিম সভ্যতাত পুৰুষতকৈ নাৰীৰ মর্যাদা, মুল্যায়ন, অধিকাৰ কোনোমতেই কম নহয়, বৰঞ্চ অনেক ক্ষেত্রত নাৰীৰ মর্যাদা পুৰুষতকৈ অধিক প্ৰমাণিত। তলত কিছু দিশ উল্লেখ কৰা হল : –


ক) মোহৰ –
স্ত্রী হিচাপে এজন নাৰীৰ মানৱীয় অধিকাৰ নিশ্চিত কৰি ঘোষণা কৰিছে যে, বিবাহৰ সময়ত পুৰুষৰ বাবে স্ত্রীৰ মোহৰ আদায় কৰা অপৰিহাৰ্য। সেয়া পত্নীৰ প্ৰাপ্য অধিকাৰ। সেই মোহৰ আলোচনা মৰ্মে কম আৰু বহু বেছি পৰিমাণে নিৰ্ধাৰিত কৰা হয়। আৰু ফাতিমী মোহৰ নিৰ্দ্ধাৰণ কৰিলে আদায় কৰিব লাগে বুজন পৰিমাণৰ ধন। এই প্ৰসংগত আল্লাহপাকে ঘোষণা কৰে , তোমালোকে স্ত্রীসকলক নিজৰ পাৰিবাৰিক জীৱনত সিহঁতৰ মোহৰ আনন্দমনে আদায় কৰি দিয়া! (ছূৰা নিচা: ৪)
খ) সৰ্বশ্ৰেষ্ঠ পুৰষ্কাৰৰ ঘোষণা-
আল্লাহৰ ৰাছূল ছাঃ এ ঘোষণা কৰিছে যে, যি মহিলাৰ তিনজনী কন্যা সন্তান আছে, যাক তাই লালন পালন (উপযুক্তভাৱে) কৰিছে আৰু সিহঁতৰ লগত সদয় আচৰণ কৰে, সেইজনীৰ বাবে অবশ্যই জান্নাত ৱাজীব। চাহাবাসকলে (ৰাঃ) প্ৰশ্ন কৰিলে, হে আল্লাহৰ ৰাছূল! যদি দুজনী ছোৱালী থাকে? নবী ছাঃ এ উত্তৰ দিলে, দুজনী থাকিলেও। (বুখাৰী)
গ) অসদ্ব্যৱহাৰ মহাপাপ-
মহান সৃষ্টিকৰ্তা আল্লাহে ঘোষণা কৰে যে ,’আমি মানুহক নির্দেশ কৰিছোঁ তাৰ পিতৃ মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবলৈ। (কাৰণ) তাৰ মাতৃয়ে তাক গৰ্ভধাৰণ কৰিছে বিৰাট কষ্টৰ সৈতে আৰু তাক প্ৰসৱ কৰিছে খুব বিৰাট কষ্টৰ সৈতে। তাক গৰ্ভধাৰণ কৰোতে আৰু প্রসবান্ত দুগ্ধপান ত্যাগ কৰোৱাত ত্রিশমাহ সময়ৰ প্ৰয়োজন হৈছে ’।
(ছূৰা আহক্বাফ: ১৫)


৪) নাৰীৰ নাৰীত্বৰ অধিকাৰ :
কেৱল নাৰীৰ মর্যাদা ইজ্জত সতীত্ব সুৰক্ষাৰ জন্য আল্লাহ পাকে পর্দাৰ বিধান ফৰজ আৰু বাধ্যতামূলক কৰিছে। পৱিত্ৰ ক্বুৰআনে ঘোষণা কৰিছে যে,
” হে নবী! মুমিনসকলক কৈ দিয়ক, সিহঁতে যেন পৰস্ত্রীৰ পৰা নিজৰ দৃষ্টি অৱনমিত কৰি ৰাখে আৰু নিজ যৌনাঙ্গৰ হিফাজত(সুৰক্ষা) কৰে । ঠিক তদৰূপ মুমিন নাৰীসকলক কৈ দিয়ক , সিহঁতে যেন পুৰুষৰ পৰা নিজৰ দৃষ্টি অৱনমিত কৰি ৰাখে আৰু নিজৰ যৌনাঙ্গৰ পবিত্রতা ৰক্ষা কৰে (ছূৰা নূৰ: ৩০)


এতেকে নাৰীয়ে নিজৰ নাৰীত্বৰ সুৰক্ষাৰ উদ্দেশ্যে পুৰুষৰ পৰা পর্দা কৰিব লাগিব, নিজৰ ৰূপ-সৌন্দর্য পৰপুৰুষক পৰা আবৃত ৰাখিব লাগিব। বহুতৰ ভুল ধাৰণা মতে পর্দাৰ উদ্দেশ্য নাৰীক অবৰুদ্ধ কৰি ৰখা নহয় বৰঞ্চ এটি সুৰক্ষাৰ কবচত থাকি, এটি নিৰাপত্তাৰ অশ্ৰ পিন্ধি নিজৰ শালীনতা বজাই ৰাখি যিকোনো কামত অংশগ্ৰহণ কৰিব পাৰে।
ইছলামে প্রয়োজনত অনুমতি প্ৰদান কৰিছে আনকি বহু ক্ষেত্ৰত উৎসাহিত কৰিছে, পর্দাৰ সৈতে…
বাহিৰলৈ ওলাই যোৱাৰ,
উচ্চ শিক্ষা গ্ৰহণ কৰাৰ,
ব্যৱসায় বাণিজ্যত অংশগ্ৰহণ কৰাৰ,
সামাজিক কামত অংশগ্ৰহণ কৰাৰ,
নিজৰ স্বামীৰ কামত সহযোগ কৰাৰ।


পর্দাৰ মাধ্যমত বন্দী চৰাইৰ দৰে নাৰীক বন্দী কৰি ৰখা উদ্দেশ্য নহয় বৰঞ্চ নাৰীৰ ইজ্জত তথা সম্মান ৰক্ষাৰ বাবে ইছলামৰ এই বিধান।
মুছলিম সমাজৰ সভ্যতাত ছোৱালীৰ তুলনাত লৰাৰ দায়বদ্ধতা অনেক বেছি। নাৰী আৰু পুৰুষৰ মাজৰ অধিকাৰ কাৰ বেছি ? কাক মর্যাদা বেছি? নিৰপেক্ষ দৃষ্টিভংগীৰে সামগ্রিক বিচাৰ, বিশ্লেষণৰ অন্তিমত উত্তৰ আহিব যে নাৰী-পুৰুষৰ অধিকাৰ আৰু মর্যাদা কোনো ক্ষেত্রত সমান, আকৌ কোনো ক্ষেত্রে কম-বেছি ।
ইছলামে দুয়োজনক নিজৰ প্ৰাপ্য মতে অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিছে। যত কাৰো লগতে কোনো ধৰণৰ অন্যায় কৰা হোৱা নাই। যদিও সাময়িকভাবে দেখা হিচাপে বহুতে কিছু ব্যৱস্থা আৰু কিছু নীতি নিয়মক পুৰুষ বা নাৰীৰ বাবে কমতৰ বুলি গণ্য কৰা হয়।


৫। শিক্ষাত নাৰীৰ ভূমিকা আৰু অধিকাৰ:
ইছলামে শিক্ষাৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ মাজত থকা পাৰ্থক্য চিৰদিনৰ বাবে উঠাই দিলে। মুঠতে পুৰুষ- মহিলাক এই ক্ষেত্ৰত সমান অধিকাৰ দিয়া হ’ল।
মহান আল্লাহ তা’আলাই নিৰ্দিষ্ট কোনো জাতিক শিক্ষাৰ কথা কোৱা নাই। তেখেতে কৈছে ; ” পঢ়া তোমাৰ প্ৰভুৰ নামত, যিজনে সৃষ্টি কৰিছে।” (ছুৰা আলাক , আয়াত-১)
ৰচুল (ছাঃ) এ কৈছে – জ্ঞান অৰ্জন কৰা সকলো মুছলিম নাৰী-পুৰুষৰ বাবে বাধ্যতামূলক “।
উল্লেখিত আয়াত আৰু হাদীছৰ পৰা নাৰী-পুৰুষ নিৰ্বিশেষে শিক্ষাৰ প্ৰয়োজনীয়তা তথা গুৰুত্বৰ কথা প্ৰমান কৰি দিয়াৰ লগতে স্পষ্ট কৰি দিছে যে, পুৰুষ মহিলা উভয়ৰ ওপৰত জ্ঞান লাভ কৰা অপৰিহাৰ্য (ফৰজ)।
বিশেষকৈ মহিলা সকলৰ শিক্ষাৰ ওপৰত এখন সমাজৰ এখন দেশৰ আভ্যন্তৰীন বিকাশ নিৰ্ভৰ কৰে। মহিলাসকল শিক্ষিত হৈ নুঠিলে কোনো দেশ তথা কোনো জাতি শিক্ষিত হ’ব নোৱাৰে। মহিলাসকল শিক্ষিত হ’লেহে তেঁওলোকৰ জৰিয়তে সমাজৰ আন এক গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰিত হয়। মাতৃ হ’ল শিশুসকলৰ বাবে প্ৰথম শিক্ষয়িত্ৰী তথা প্ৰথম বিদ্যালয়। সেয়ে এই গুৰুত্ব আৰু প্ৰয়োজন ইছলামে বহু পূৰ্বেই উপলব্ধি কৰিব পাৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰী কৰাৰ লগতে বিশেষ পদক্ষেপো গ্ৰহণ কৰিছে। তলত মন কৰক আৰু সহজে বুজি লওক :


কোৰ‌আন, হাদীছ পৰ্যালোচনা কৰিলে দেখিবলৈ পোৱা যায় যে , নবী মুহাম্মদ (ছা) এ সৰ্বপ্ৰথম নাৰী সমাজক শিক্ষাৰ প্ৰতি উৎসাহিত কৰিছিল–
ক) এই শিক্ষাৰ বিধান সৰ্ব প্ৰথম গ্ৰহণ কৰিবলৈ সক্ষমিত হয় স্বয়ং হুজুৰ (ছাঃ) ৰ প্ৰিয় পত্নী হজৰত খাদিজাতুল কোবৰা (ৰাঃ)।
খ) অসংখ্য হাদীছত উল্লেখ আছে যে, হুজুৰ (ছাঃ) এ স্বয়ং মহিলা সকলক শিক্ষা প্ৰদান কৰিছিল।
(গ) চাহাবা (ৰাঃ)ৰ পৰা বহু সংখ্যক মহিলাই শিক্ষা গ্ৰহণ কৰাৰ ওপৰিও বহু বিখ্যাত চাহাবা সকলে মহিলাৰ পৰা শিক্ষা লাভ কৰিছিল।


হজৰত জুবাইৰ ইবনে মুত‌ইম (ৰাঃ)-য়ে বৰ্ণনা কৰিছে, এবাৰ এজনী মহিলা ৰছুল (ছঃ)-ৰ দৰবাৰত উপস্থিত হৈ কিছু শিক্ষা লাভ কৰি উভতাৰ সময়ত হুজুৰ (ছাঃ) এ কৈছিল আৰু অধিক জানিবলগীয়া থাকিলে পিছত জানি ল’বা।
উত্তৰত মহিলা জনীয়ে কৈছিল – হে আল্লাহৰ ৰছুলু ! যদি আপোনাক নাপাওঁ অৰ্থাৎ আপুনি যদি দুনিয়াত নাথাকে তেতিয়া আমি কি কৰিম? ৰছুল (ছঃ)-য়ে কৈছিল- তেন্তে মোৰ প্ৰিয় চাহাবা হজৰত আবুবকৰ (ৰাঃ)ৰ পৰা জানি ল’বা। ( বুখাৰী, মুছলিম, তিৰমিজী)


উক্ত হাদীছৰ পৰা পৰিস্ফুটিত হয় যে, হুজুৰ (ছঃ)-য়ে নিজেই নাৰীক শিক্ষা প্ৰদান কৰিছিল আৰু তেওঁৰ অনুপস্থিতিত আনৰ ওচৰত শিক্ষা লাভ কৰিবলৈয়ো উৎসাহিত কৰিছিল।
(ইয়াত এটা কথা মন কৰিবলগীয়া যে চাহাবা সকলে পুৰুষ মহিলাৰ মাজত শিক্ষা আদান- প্ৰদান কৰিছিল ঠিকেই কিন্তু পৰ্দা ৰক্ষা কৰিহে চলিছিল। কিয়নো শিক্ষা অৰ্জন কৰা ফৰজ কিন্তু তাতোকৈ ডাঙৰ ফৰজ হৈছে পৰ্দাৰ হিফাজত কৰা।)


ঘ) ইছলামে প্ৰদান কৰা নাৰী শিক্ষাক গুৰুত্ব বুজি পাই বহুতো চাহাবী মহিলা আৰু তাৰ পিছতো বহুত মিহলা শিক্ষিত আৰু উচ্চ শিক্ষিত হৈছিল। তাৰ মাজৰ অন্যতম নাৰীজনী হল হজৰত আঈশ্বা ৰাঃ। তেখেত আছিল প্ৰথম খলিফা হজৰত আবুবকৰ (ৰাঃ)ৰ জীয়ৰী আৰু ৰছুল (ছাঃ) ৰ স্ত্ৰী। তেখেতে ৰছুল (ছঃ)-ৰ চাহাবা সকলক দিশ-নিৰ্দেশনা প্ৰদান কৰিছিল।
ইতিহাস আৰু শুদ্ধ হাদীছৰ গ্ৰন্থবোৰত পোৱা যায় যে,


• ফৰজ, ওৱাজিব, হাৰাম , ইতিহাস, সাহিত্য আৰু কবিতাত হজৰত আঈশ্বা ৰাঃৰ সমকক্ষ কোনো নাছিল৷
• তেওঁ কেৱল ধৰ্মীয় জ্ঞানৰ ওপৰি চিকিৎসা পদ্ধতিৰ বিষয়তো অগাধ পণ্ডিত্য অৰ্জন কৰিছিল
• ইয়াৰ উপৰিও তেখেতে গণিত শাস্ত্ৰ(নতুন নাম মতে), ফিকাহ তথা হাদীছ শাস্ত্ৰতো আছিল বিশেষ পাৰদৰ্শী।
• তেওঁ ২০১০ টা হাদীছ বৰ্ণনা কৰিছিল।
• হজৰত আবু মুছাৰ মতে তেখেত এজনী আইন জীৱিও আছিল।
• যেতিয়া কোনো চাহাবী কোনো বিষয়ত জ্ঞানৰ অভাৱ অনুভৱ কৰিছিল তেতিয়া হজৰত আয়েশ্বা (ৰাঃ) ৰ ওচৰলৈ গৈ সেই বিষয়ত অধ্যয়ন কৰিছিল।
• তেওঁ ৮৮ জনতকৈ অধিক শিক্ষা পণ্ডিতক শিক্ষা প্ৰদান কৰিছিল।
হজৰত আয়েশ্বা (ৰাঃ)-ৰ পিছত দ্বিতীয় জনী মহিয়ষী নাৰী আছিল হজৰত ৰছুল (ছঃ)-ৰ স্ত্ৰী হজৰত ছুফিয়া (ৰাঃ) । তেখেতেও ইছলামিক ফিকাহ শাস্ত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছে। ইমাম নবৱীৰ মতে হজৰত ছুফিয়া (ৰাঃ) সেই সময়ৰ মহিলা সকলৰ মাজত প্ৰধান বুদ্ধিজীৱি আছিল।’
ইয়াৰ ওপৰি হজৰত ৰাবিআ বছৰী ৰাহঃ আদি নাৰীসকল ইছলামী সোণালী যুগৰ অন্যতম শক্তিশালী নাৰী।


৬। আন কিছু ক্ষেত্ৰত নাৰীৰ মৰ্যাদা আৰু নাৰীৰ গুৰুত্ব সম্পৰ্কে ইছলামে নিৰ্দেশনা প্ৰদান কৰিছে। তলত কিছু দিশ উল্লেখ কৰা হ’ল :


ক। উত্তম পত্নী- প্রিয় নবী (ছাঃ) এ কৈ গৈছে, ‘উত্তম স্ত্রী সৌভাগ্যৰ পৰিচায়ক’। (মুচলিম)
খ। উত্তম ব্যক্তি – স্ত্রীৰ গুৰুত্ব বুজাই নবী ছাঃ এ কয়, ‘তোমালোকৰ মাজত সেই ব্যক্তি উত্তম, যিজন নিজৰ স্ত্রীৰ ওচৰত উত্তম’। (বুখাৰী)
গ। জান্নাতী হোৱাৰ ক্ষমতা- মা’ ৰ মর্যাদা সম্পর্কে নবী ছাঃ এ প্ৰকাশ কৰে এটি বিশেষ ঘোষণা, ‘মা’ ৰ ভৰিৰ তলত সন্তানৰ জান্নাত।’ (তিৰমিজী)


ইয়াত ষ্পষ্টকৈ মা’ ৰ মহামৰ্যাদা আৰু তেওঁৰ সেৱাৰ গুৰুত্ব বুজাইছে। যে যিমানেই মহৎ লোক নহওক কিয় অনন্য নাৰী মাতৃৰ সেৱা কৰি আৰু আনুগত্য নাথাকিলে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে।


✒ সঙ্কলক :
মুৰতাজা ইউছুফ কাছিমী(এম এ, মুফতী)
মওঃ জিয়াউৰ ৰহমান কাছিমী।

Categories ইছলামৰ ইতিহাস, মহিলা মেফিল
৩১৩: বদৰী চাহাবা
নাৰী দিৱস আৰু ইছলাম : পৰ্ব-২

আপুনাৰ প্ৰশ্ন আমাৰ উত্তৰ

শেষতীয়া পস্ট

শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

No Comments May 1, 2026
Read More »

হযরত মুহাম্মদ (ছাঃ) ৰ সকলো বিবাহ: বয়স, প্রেক্ষাপট, আপত্তি আৰু উত্তৰ – এখন অপৰিহাৰ্য হাতপুথি

No Comments April 20, 2026
Read More »

অশ্লীলতা সমাজৰ এক ব্যাধি।

No Comments April 20, 2026
Read More »

সম্ভাৱনাৰ সীমাহীন সাগৰ : “মই নোৱাৰোঁ”ৰ সীমাৰ পৰা “হ’ব পাৰে” বিশালতালৈ

No Comments April 20, 2026
Read More »

শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

No Comments March 23, 2026
Read More »

Recent Comments

  1. Osman Goni on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  2. Ziaur Rahman on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  3. Jintu Rahman on ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২
  4. Er Maznoo Hussain on ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২
  5. Ziaur Rahman on বিজ্ঞানৰ দৃষ্টিত ৰোজা

  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
© 2026 NEPEACE || Developed & Maintained by Rakibul Islam