পিতৃ: জীৱনৰ নীৰৱ বটবৃক্ষ।

ইছলামৰ দৃষ্টিত পিতৃৰ মৰ্যাদা, দায়িত্ব আৰু আমাৰ কৰণীয়

মানুহৰ জীৱনত কিছুমান সম্পৰ্ক এনেকুৱা আছে, যাৰ মূল্য আমি সচৰাচৰ তেতিয়াহে বুজো, যেতিয়া সেই সম্পৰ্কটো আমাৰ ওচৰত নাথাকে। দেউতা তেনে এক সম্পৰ্ক। শৈশৱত আমি তেওঁৰ আঙুলি ধৰি খোজ কাঢ়ো, যৌৱনত তেওঁৰ কষ্টক স্বাভাৱিক বুলি ধৰি লওঁ, আৰু বৃদ্ধকালত বহু সময়ত তেওঁৰ নীৰৱ চকুৰ ভাষা পঢ়িবলৈ পাহৰি যাওঁ।

আজি আমি “হিৰো” বিচাৰি থাকো—
ছিনেমাৰ পৰ্দাত,
ছিৰিয়েলৰ কাহিনীত,
খেলপথাৰত,
সমাজমাধ্যমত।

কিন্তু আমাৰ জীৱনৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ হিৰো কোন? সেইজনেই নহয় নে, যিজনে নিজৰ সপোনবোৰ ধ্বংস কৰি, কুৰবাণী কৰি আমাৰ সপোনবোৰক ডেউকা লগাই দিয়ে। নিশ্চয় সেইজনেই—আমাৰ দেউতা, সেইজনেই আমাৰ পিতৃ।

১। পিতৃৰ মহত্ব: ইছলামে কি কয়?

এজন দেউতাই কেতিয়াও নিজৰ কষ্টৰ কাহিনী সন্তানক ক’ব নোখোজে।
• তেওঁৰ জোতাযোৰ পুৰণি হ’লেও সন্তানৰ বাবে নতুন জোতা কিনি আনে।
• নিজে ভোকত থাকিলেও সন্তানৰ পেটৰ চিন্তা কৰে।
• নিজৰ সপোন ত্যাগ সন্তানৰ সপোন গঢ়ে।
• নিজে কান্দিলেও সন্তানৰ আগত হাঁহিবলৈ চেষ্টা কৰে।
• এজন পিতৃ হয়তো “মই তোমাক ভাল পাওঁ” বুলি বাৰে বাৰে নকয়, কিন্তু তেওঁৰ জীৱনৰ প্ৰতিটো ঘামৰ টোপালেই সেই কথাখিনি চিঞৰি চিঞৰি কৈ থাকে।
• সন্তানে যেতিয়া নিশ্চিন্তে শুই থাকে, বহু দেউতা তেতিয়া তাৰ ভৱিষ্যতৰ চিন্তাত জাগি থাকে।

মুঠতে এজন প্ৰকৃত পিতৃয়ে নীৰৱতাৰ সৈতে সকলো ত্যাগ কৰি নিজৰ সন্তানক নিজৰ ধন, নাম, মান সকলো দিবলৈ বিচাৰে মন উজাৰি। সেই বাবেই ইছলামে নিজৰ অনুসৰণকাৰীক পিতৃৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে।

ইছলামে পিতৃ-মাতৃৰ অধিকাৰক আল্লাহৰ ইবাদতৰ লগত একে আয়াততে উল্লেখ কৰিছে—

وَقَضَىٰ رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا

“তোমাৰ প্ৰতিপালকে নিৰ্দেশ দিছে যে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা আৰু পিতৃ-মাতৃৰ সৈতে উত্তম ব্যৱহাৰ কৰিবা।” (ছূৰা ইছৰা: ২৩)

চিন্তা কৰক— আল্লাহে নিজৰ তাওহীদ (ইছলামৰ ১নং বুনিয়াদী শিক্ষা আৰু কৰণী) ৰ পিছতেই পিতৃ-মাতৃৰ অধিকাৰৰ কথা কৈছে। এয়া পিতৃ-মাতৃৰ মৰ্যাদা কিমান মহান, কিমান গুৰুত্বপূৰ্ণ তাৰ এক স্পষ্ট প্ৰমাণ।

আন এটা হাদীছত মহানবী ﷺ কৈছে—

رِضَا الرَّبِّ فِي رِضَا الْوَالِدِ
অৰ্থ — “পিতৃৰ সন্তুষ্টিতেই আল্লাহৰ সন্তুষ্টি নিহিত হৈ আছে।”

অৰ্থাৎ এজন পিতৃৰ হৃদয় জয় কৰিলেহে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰিব, নহলে নোৱাৰে।

২। পিতৃৰ প্ৰতি সন্তানৰ সম্মান আৰু আদব:

ইছলামে পিতৃৰ প্ৰতি কেৱল মহত্ব আৰু অধিকাৰৰ কথা কোৱা নাই, সন্তানৰ দায়িত্ব আৰু আদব কায়দাৰ কথাও স্পষ্টকৈ কৈছে। তলত চমুকৈ উল্লেখ কৰা হল :

১. সন্মান আৰু আদব—

আল্লাহে কৈছে—

فَلَا تَقُلْ لَهُمَا أُفٍّ.
“তেওঁলোকক ‘উফ’ বুলিও নক’বা।”

অৰ্থাৎ আজিৰ যুগত আমি বহু সময়ত দেউতাৰ লগত তৰ্ক কৰোঁ, উচ্চস্বৰত কথা কওঁ, ফোনত ব্যস্ত থাকি তেওঁৰ কথা উপেক্ষা কৰোঁ। কিন্তু আল্লাহে “উফ” শব্দটোও নিষিদ্ধ কৰিছে।

২. নম্ৰতা অৱলম্বন—

وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ
“দয়া আৰু মৰমেৰে তেওঁলোকৰ সন্মুখত নম্ৰ হওঁ।”

অৰ্থাৎ বৃদ্ধ দেউতাক বোজা বুলি নাভাবি, তেওঁক মৰম আৰু ধৈৰ্যৰে আগবঢ়াই লৈ যোৱা মুমিনৰ পৰিচয়।

৩. দুআ কৰা—

رَبِّ ارْحَمْهُمَا كَمَا رَبَّيَانِي صَغِيرًا-
“হে প্ৰতিপালক, সেই দুজনক (পিতৃ মাতৃ) দয়া কৰক, যিদৰে সিহতে মোক সৰুকালক দয়া কৰিছে।”

অৰ্থাৎ সদায় পিতৃ মাতৃৰ বাবে মনৰ পৰা দুআ কৰিব লাগে। কেতিয়াবা দেউতাই হয়তো আপোনাৰ পৰা টকা নিবিচাৰে, উপহাৰ নিবিচাৰে— তেওঁক মাথোঁ অলপ মৰম, অলপ সময় আৰু এটা আন্তৰিক দুআ লাগে। পিতৃ মাতৃৰ বাবে দুআ কৰা সকলোৰ বাবেই জৰুৰী।

৪. মৃত্যুৰ পিছতো দায়িত্ব শেষ নহয়—
মহানবী ﷺ কৈছে—
“পিতৃৰ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত সম্পৰ্ক বজাই ৰখাটোও পিতৃৰ প্ৰতি সদ্ব্যৱহাৰৰ অংশ।”

অৰ্থাৎ দেউতাৰ মৃত্যু হলেও তেওঁৰ অধিকাৰ শেষ নহয়। তাৰ পিছতো পিতৃৰ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত সম্পৰ্ক বজাই ৰখা আৰু ইছালে ছৱাব কৰা সন্তানৰ বাবে অপৰিহাৰ্য দায়িত্ব।

৪। সন্তানৰ প্ৰতি পিতৃৰ দায়িত্ব :
যিদৰে পিতৃৰ প্ৰতি সন্তানৰ অধিকাৰ আছে, ঠিক তেওঁৰ দায়িত্বও আছে। তলত কেইটামান গুৰু দায়িত্ব উল্লেখ কৰা হল—

ক) হালাল উপাৰ্জন—
পৰিয়াল (নিজৰ সন্তান সন্ততি ) ক হালাল আহাৰ যোগান ধৰা পিতৃৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব।

খ) দ্বীনি শিক্ষা—
সন্তানক স্কুল-কলেজৰ শিক্ষাৰ লগতে নামাজ, পৱিত্ৰ কুৰআন, আখলাক আদি দ্বীনী শিক্ষা তথা মূল্যবোধ শিক্ষা দিয়া পিতৃৰ কৰ্তব্য। যাতে সুচাৰুৰূপে জীৱন পৰিচালনা কৰিব পাৰে।

গ) উত্তম চৰিত্ৰ গঢ়ি তোলা—
পিতৃ কেৱল উপাৰ্জনকাৰী নহয়; তেওঁ সন্তানৰ প্ৰথম শিক্ষক। গতিকে মূল অভিভাৱক হিচাপে চৰিত্ৰ গঠনৰ ব্যৱস্থা, প্ৰয়োজনীয় শিক্ষাৰ বাবে সুস্থ পৰিবেশৰ ব্যৱস্থা কৰাও পিতৃৰ দায়িত্ব আৰু কৰ্তব্য।

ঘ) ন্যায় আৰু সমতা—
সন্তানসকলৰ মাজত বৈষম্য নকৰি সমান মৰম আৰু ন্যায় বজাই ৰখাও ইছলামৰ নিৰ্দেশ।

ঙ) শিক্ষা দিক্ষাৰ পিছত, হালাল উপাৰ্জনৰ সহযোগ আৰু উপযুক্ত বয়সত, উপযুক্ত আৰু যোগ্য পৰিয়ালত নিকাহৰ ব্যৱস্থা কৰাও আন এক গুৰু দায়িত্ব।

৫। আধুনিক যুগৰ এক কৰুণ বাস্তৱতা:

আজি আমি এনে এটা যুগত বাস কৰিছোঁ, য’ত বহু সন্তানৰ ওচৰত দেউতাৰ বাবে সময় নাই।

ঘণ্টাৰ পিছত ঘণ্টা মোবাইল, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত কটাব পাৰোঁ; কিন্তু পাঁচ মিনিট দেউতাৰ ওচৰত বহিবলৈ সময় নাপাওঁ।
তেওঁ কিবা এটা ক’ব বিচাৰে,
• আমি কওঁ— “এতিয়া ব্যস্ত আছোঁ।”
• তেওঁ ফোন কৰে, আমি কওঁ— “পিছত কথা পাতিম।”
• কিন্তু এটা দিন আহিব—
– যেতিয়া সেই ফোনটো আৰু নাহিব,
– সেই কণ্ঠস্বৰটো আৰু শুনা নাযাব।
• সেইদিনা বহুতে বুকুত হাত মাৰি ক’ব—
“আহ! আৰু এবাৰ যদি দেউতাৰ লগত কথা পাতিব পাৰিলোঁহেঁতেন!”

কিন্তু সময় তেতিয়া উভতি নাহে, কেতিয়াও উভতি নাহে।

৬। বৃদ্ধ দেউতা: বোজা নহয়, বৰকত। আজি বহু বৃদ্ধ পিতৃ একাকীত্বত ভুগিছে, বৃদ্ধাশ্ৰমত থৈ আহিছে।

যিজনে সন্তানক কোলাত লৈ ডাঙৰ কৰিলে, আজি তেওঁ নিজেই এজন সংগীৰ অভাৱত দিন কটাইছে।
এই ক্ষেত্ৰত ইছলাম আমাক শিকায়—
• বৃদ্ধ পিতৃ-মাতৃ বোজা নহয়; তেওঁলোক ঘৰখনৰ বৰকত।
• তেওঁলোকৰ দুআ, তেওঁলোকৰ সন্তুষ্টি, তেওঁলোকৰ হাঁহি— এইবোৰেই জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ।

৭। শেষ কথা :
নিজকে এটা প্ৰশ্ন সোধক—
• শেষবাৰৰ বাবে কেতিয়া দেউতাৰ হাতত হাত ৰাখিছিলোঁ?
• কেতিয়া তেওঁক কৈছিলোঁ—“দেউতা, মই আপোনাক ভাল পাওঁ”?
• কেতিয়া তেওঁৰ বাবে আন্তৰিকভাৱে দুআ কৰিছিলোঁ?
• কেতিয়া তেওঁৰ কষ্টবোৰ বুজিবলৈ চেষ্টা কৰিছিলোঁ?

যদি এই প্ৰশ্নবোৰৰ উত্তৰ আমাৰ ওচৰত নাই, তেন্তে আজিয়েই আৰম্ভ কৰোঁ আহক!

সামৰণি :
পিতৃ হৈছে সেইজন ব্যক্তি, যিজনে নিজৰ জীৱনৰ এটা বৃহৎ অংশ সন্তানৰ সুখৰ বাবে উৎসৰ্গা কৰে। তেওঁৰ চুলি পকিবলৈ আৰম্ভ কৰে, কিন্তু তেওঁ সন্তানৰ ভৱিষ্যৎ লৈয়েই চিন্তিত থাকে। তেওঁৰ শৰীৰ দুৰ্বল হয়, কিন্তু সন্তানৰ বিপদৰ সময়ত পাহাৰৰ দৰে থিয় দিয়ে।

সেয়ে দেউতা জীৱিত থাকোঁতে তেওঁৰ সন্মান কৰক, তেওঁৰ লগত সময় কটাওক, তেওঁৰ বাবে দুআ কৰক, তেওঁৰ মন নাভাঙিব।

কাৰণ— যিজন সন্তান দেউতাৰ হৃদয় জয় কৰিব পাৰে, তেওঁ আল্লাহৰ সন্তুষ্টিৰ এটা ডাঙৰ দুৱাৰ মুকলি কৰিব পাৰে।

আৰু মনত ৰাখিব—
দেউতাৰ কঁপা হাত, পকা চুলি আৰু নীৰৱ চকুৰ ভাষা বুজিব পৰা সন্তানেই প্ৰকৃত সফল সন্তান। কাৰণ দেউতা কেৱল এজন মানুহ নহয়—
তেওঁ হৈছে সন্তানৰ জীৱনৰ প্ৰথম আশ্ৰয়, প্ৰথম শিক্ষক, প্ৰথম হিৰো আৰু জান্নাতলৈ যোৱাৰ এক মহামূল্যবান পথ।

তলত পাঠকৰ সুবিধাৰ্থে পিতৃ ( আৰু মাতৃ) সম্পৰ্কীয় কিছু কুৰআনৰ আয়াত আৰু হাদীছ (অসমীয়া আৰু ইংৰাজী অৰ্থসহ) চমুকৈ উল্লেখ কৰা হল:

১. পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ—

وَقَضَىٰ رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا — (سورة الإسراء 17:23)

“তোমাৰ প্ৰতিপালকে নিৰ্দেশ দিছে যে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা আৰু পিতৃ-মাতৃৰ সৈতে উত্তম ব্যৱহাৰ কৰিবা।”

“Your Lord has decreed that you worship none but Him and that you show kindness to your parents.”

২. পিতৃ-মাতৃৰ প্ৰতি ‘উফ’ও কোৱা নিষিদ্ধ—

فَلَا تَقُلْ لَهُمَا أُفٍّ — (سورة الإسراء 17:23)

“তেওঁলোকক ‘উফ’ বুলিও নক’বা।” “Do not even say ‘uff’ to them.”

৩. সন্মানজনক ভাষাত কথা কোৱা—

وَقُلْ لَهُمَا قَوْلًا كَرِيمًا — (سورة الإسراء 17:23)

“তেওঁলোকৰ লগত সন্মানজনক কথা কোৱা।”
“Speak to them noble and gracious words.”

৪. নম্ৰতা অৱলম্বন কৰা—

وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ — (سورة الإسراء 17:24)

“দয়া আৰু মৰমেৰে তেওঁলোকৰ সন্মুখত নম্ৰ হওঁ।”
“Lower to them the wing of humility out of mercy.”

৫. পিতৃ-মাতৃৰ বাবে দুআ কৰা—
رَبِّ ارْحَمْهُمَا كَمَا رَبَّيَانِي صَغِيرًا — (سورة الإسراء 17:24)

“হে মোৰ প্ৰতিপালক! তেওঁলোকক দয়া কৰা, যেনেকৈ তেওঁলোকে মোক শৈশৱত লালন-পালন কৰিছিল।”
“My Lord, have mercy upon them as they raised me when I was small.”

৬. পিতৃ-মাতৃৰ সন্তুষ্টিত আল্লাহৰ সন্তুষ্টি—

رِضَا الرَّبِّ فِي رِضَا الْوَالِدِ, وَسَخَطُ الرَّبِّ فِي سَخَطِ الْوَالِد — (سنن الترمذي، 1899)

“পিতৃৰ সন্তুষ্টিতেই আল্লাহৰ সন্তুষ্টি আছে, আৰু পিতৃৰ অসন্তুষ্টিত আল্লাহৰ অসন্তুষ্টি”

“The pleasure of Allah lies in the pleasure of the father. “The displeasure of Allah lies in the displeasure of the father.”

৭. পিতৃ-মাতৃৰ অবাধ্যতা মহাপাপ(কবিৰা গুনাহ) —
أَلَا أُنَبِّئُكُمْ بِأَكْبَرِ الْكَبَائِرِ؟ … عُقُوقُ الْوَالِدَيْنِ— (صحيح البخاري، 5976)

“মই তোমালোকক ডাঙৰ ডাঙৰ গুনাহসমূহৰ বিষয়ে জনাম নেকি?… পিতৃ-মাতৃৰ অবাধ্যতা।”
“Shall I inform you of the gravest major sins?… Disobedience to parents.”

৮. পিতৃ স্বৰ্গৰ মধ্যম দুৱাৰ—
الْوَالِدُ أَوْسَطُ أَبْوَابِ الْجَنَّةِ- (سنن الترمذي، 1900)

অসমীয়া অনুবাদ: “পিতৃ হৈছে জান্নাতৰ মাজৰ উত্তম দুৱাৰ।”
“The father is the middle gate of Paradise.”

৯. পিতৃৰ অধিকাৰ মহান—

أَنْتَ وَمَالُكَ لِأَبِيك- (سنن ابن ماجه، 2291)
“তুমি আৰু তোমাৰ সম্পদ তোমাৰ পিতৃৰ অধিকাৰৰ অন্তৰ্গত।”
“You and your wealth belong to your father.”

১০. পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাটো ইবাদত—

بِرُّ الْوَالِدَيْنِ— (صحيح البخاري، 527)
“পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ শ্ৰেষ্ঠ আমলসমূহৰ অন্যতম।”
“Kindness to parents is among the best deeds.”

১১. জিহাদতকৈও কেতিয়াবা পিতৃ-মাতৃৰ সেৱা অগ্ৰগণ্য—

فَفِيهِمَا فَجَاهِدْ— (صحيح البخاري، 3004)

“পিতৃ-মাতৃৰ সেৱাতেই তুমি জিহাদ কৰা।”
“Strive in serving your parents.”

১২. পিতৃ সন্তানৰ উত্তম উপাৰ্জন ভোগ কৰিব পাৰে—

إِنَّ أَطْيَبَ مَا أَكَلَ الرَّجُلُ مِنْ كَسْبِهِ وَإِنَّ وَلَدَهُ مِنْ كَسْبِهِ— (سنن أبي داود، 3528)

“মানুহে নিজৰ উপাৰ্জনৰ যি আহাৰ গ্ৰহণ কৰে, সেয়াই উত্তম; আৰু সন্তানো তেওঁৰ উপাৰ্জনৰ অংশ।”

“The best food a man eats is from his own earnings, and his child is from his earnings.”

১৩. পিতৃ-মাতৃৰ লগত সুসম্পৰ্ক বজাই ৰখা জীৱিকা বৃদ্ধি কৰে—

مَنْ أَحَبَّ أَنْ يُبْسَطَ لَهُ فِي رِزْقِهِ… — (صحيح البخاري، 5986)

“যিজনে জীৱিকাত বৰকত বিচাৰে, তেওঁ আত্মীয়তা আৰু পিতৃ-মাতৃৰ অধিকাৰ ৰক্ষা কৰক।”
“Whoever wishes his provision to be expanded should maintain family ties.”

১৪. মৃত্যুৰ পিছতো পিতৃৰ সৈতে সদ্ব্যৱহাৰ চলি থাকে-

إِنَّ مِنْ أَبَرِّ الْبِرِّ أَنْ يَصِلَ الرَّجُلُ أَهْلَ وُدِّ أَبِيهِ— (صحيح مسلم، 2552)

“পিতৃৰ বন্ধুসকলৰ সৈতে সুসম্পৰ্ক ৰখাটো পিতৃৰ প্ৰতি উত্তম সদ্ব্যৱহাৰৰ অন্তৰ্গত।”
“One of the highest forms of dutifulness is maintaining ties with the friends of one’s father.”

১৫. সন্তান পিতৃৰ বাবে চদকায়ে জাৰিয়া—

أَوْ وَلَدٍ صَالِحٍ يَدْعُو لَهُ— (صحيح مسلم، 1631)

“নেক সন্তান, যিয়ে তেওঁৰ বাবে দুআ কৰে।”
“A righteous child who prays for him.”

১৬. পিতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা—
أَنِ اشْكُرْ لِي وَلِوَالِدَيْكَ — (سورة لقمان 31:14)

“মোৰ আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হওঁ।”

“Be grateful to Me and to your parents.”

১৭. পিতৃ-মাতৃৰ লগত উত্তম সংগ দিয়া—

وَصَاحِبْهُمَا فِي الدُّنْيَا مَعْرُوفًا— (سورة لقمان 31:15)

“পৃথিৱীত তেওঁলোকৰ লগত সদ্ভাৱে সহবাস কৰা।”
“Accompany them in this world with kindness.”

১৭. পিতৃৰ দায়িত্ব: সন্তানক উত্তম শিক্ষা দিয়া—

كُلُّكُمْ رَاعٍ وَكُلُّكُمْ مَسْئُولٌ عَنْ رَعِيَّتِهِ— (صحيح البخاري، 893؛ صحيح مسلم، 1829)

“তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল, আৰু নিজৰ অধীনস্থসকলৰ বিষয়ে জবাবদিহি কৰিব লাগিব।”
“Each of you is a shepherd, and each of you is responsible for those under his care.”

মুফতী মুৰতাজা ইউছুফ কাছিমী (Ph.D Scholar, B.Ed.)

Leave a Comment