এটা লোভ আৰু চাৰিটা মৃতদেহ আৰু হজৰত ইছা (আঃ)-ৰ উপদেশমূলক কাহিনী।

মানুহৰ অন্তৰত লুকাই থকা আটাইতকৈ বিপজ্জনক ৰোগবোৰৰ ভিতৰত এটা হৈছে লোভ। এই লোভেই মানুহক সত্য লুকুৱাবলৈ বাধ্য কৰে, মিছা ক’বলৈ শিকায় আৰু শেষত ধ্বংসৰ গৰাহত ঠেলি দিয়ে।

আজিৰ এই কাহিনীটো সেই লোভৰেই এক জীৱন্ত শিক্ষা।এদিন আল্লাহৰ নবী হজৰত ইছা (আঃ)-য়ে তেওঁৰ এজন শিষ্যক লগত লৈ বিশাল মৰুভূমিৰ মাজেৰে দীঘলীয়া যাত্ৰা কৰি আছিল। চাৰিওফালে কেৱল বালি, প্ৰখৰ ৰ’দ আৰু নীৰৱতা।

কিছুদূৰ গৈ দুয়োজন অলপ জিৰণি ল’লে। তেতিয়া হজৰত ইছা (আঃ)-য়ে মৰমেৰে শিষ্যজনক সুধিলে,— “তোমাৰ ওচৰত খৰচ কৰিবলৈ কিবা আছে নেকি?

“শিষ্যজনে ক’লে,— “হে আল্লাহৰ নবী! মোৰ ওচৰত মাত্ৰ দুটা দিৰহাম আছে।

“হজৰত ইছা (আঃ)-য়ে নিজৰ ওচৰৰ পৰা আৰু এটা দিৰহাম উলিয়াই তেওঁৰ হাতত দি ক’লে,— “এতিয়া তিনটা দিৰহাম হ’ল।

ওচৰতে এখন গাঁও আছে। এই তিনিটা দিৰহামৰে তিনিখন ৰুটি কিনি আনিা।

“শিষ্যজন গাঁওলৈ ৰাওনা হ’ল। কিন্তু আধা বাট পাওতেই তেওঁৰ অন্তৰত চয়তানে কু-মন্ত্ৰণা দিলে।

তেওঁ ভাবিলে,”মোৰ দুটা দিৰহাম, নবীৰ মাত্ৰ এটা। যদি এখন ৰুটি মই গোপনে খাই লওঁ, নবীয়ে জানিবই নোৱাৰিব।

“লোভে তেওঁৰ বিবেকক অন্ধ কৰি পেলালে।

তেওঁ গোপনে এখন ৰুটি খাই পেলালে আৰু দুখন ৰুটি লৈ উভতি আহিল।দুয়োজনে এখনকৈ ৰুটি খোৱাৰ পিছত হজৰত ইছা (আঃ)-য়ে শান্ত কণ্ঠেৰে সুধিলে,— “তিনিটা দিৰহামত কিমানখন ৰুটি পোৱা গ’ল?

“শিষ্যজনে বিন্দুমাত্ৰ সংকোচ নকৰাকৈ মিছা ক’লে,— “হে আল্লাহৰ নবী, মাত্ৰ দুখন।”হজৰত ইছা (আঃ)-য়ে একো নক’লে।কিছুদূৰ আগুৱাই গৈ তেওঁলোক এখন প্ৰচণ্ড সোঁত থকা নদীৰ কাষ পালেগৈ।

শিষ্যজন ভয় খাই ক’লে,— “হে আল্লাহৰ নবী! নাও নথকাকৈ আমি এই নদীখন কেনেকৈ পাৰ হ’ম?

“হজৰত ইছা (আঃ)-য়ে ক’লে,— “ভয় নকৰিবা। মোৰ কাপোৰৰ আঁচল ধৰি পাছে-পাছে আহা। আল্লাহৰ ওপৰত ভৰসা ৰাখা।”নবীয়ে নদীৰ ওপৰত খোজ দিলে। আল্লাহৰ ইচ্ছাত পানী যেন মাটিৰ দৰে হৈ গ’ল। শিষ্যজনেও পাছে-পাছে আগবাঢ়ি গৈ থাকিল।

দুয়োজনে সুস্থিৰভাৱে নদী পাৰ হ’ল। কেৱল ভৰিয়েই নহয়, কাপোৰৰ এডালো নিতিতল।

শিষ্যজনৰ চকু বিস্ময়ত ডাঙৰ হৈ গ’ল।

হজৰত ইছা (আঃ)-য়ে সুধিলে,— “এতিয়া তোমাৰ ঈমান বৃদ্ধি পালেনে?

“শিষ্যজনে ক’লে,— “হে আল্লাহৰ নবী! মোৰ অন্তৰ ঈমানৰ নূৰেৰে ভৰি পৰিল।

“নবীয়ে পুনৰ সুধিলে,— “তেন্তে কোৱা, ৰুটি কেইখন আছিল?”কিন্তু লোভে তেওঁৰ মুখ বন্ধ কৰি ৰাখিলে।— “মাত্ৰ দুখন।

“দুয়োজনে পুনৰ আগুৱাই গ’ল।অলপ পাছতেই হৰিণৰ এটা জাক দেখা গ’ল।

হজৰত ইছা (আঃ)-য়ে ইংগিত কৰাত এটা হৰিণ নিজেই আগবাঢ়ি আহিল। তেওঁ আল্লাহৰ নাম লৈ তাক জবেহ কৰিলে। দুয়োজনে পেট ভৰাই মাংস খালে।খোৱা শেষ হোৱাৰ পিছত হজৰত ইছা (আঃ)-য়ে মৃত হৰিণটোৰ ছালত ভৰি দি ক’লে,— “হে মৃত হৰিণ! আল্লাহৰ আদেশত পুনৰ জীৱিত হৈ উঠা।”মুহূৰ্ততে মৃত হৰিণটো জীৱিত হৈ উঠিল আৰু দৌৰি নিজৰ জাকৰ লগত মিলি গ’ল।এই অলৌকিক দৃশ্য দেখি শিষ্যজন স্তম্ভিত হৈ গ’ল।

হজৰত ইছা (আঃ)-য়ে আকৌ সুধিলে,— “এতিয়া তোমাৰ ঈমান বৃদ্ধি পালেনে?”— “হে আল্লাহৰ নবী! আগতকৈ বহুগুণে বৃদ্ধি পাইছে।”— “তেন্তে কোৱা, ৰুটি কেইখন আছিল? “কিন্তু পুনৰ সেই একেই উত্তৰ।— “মাত্ৰ দুখন।

“শেষত দুয়োজনে এটা পাহাৰৰ ওচৰ পালেগৈ। তাত তিনিটা সোণৰ টুকুৰা জিলিকি আছিল।হজৰত ইছা (আঃ)-য়ে ক’লে,— “এটা মোৰ, এটা তোমাৰ, আৰু আনটো সেইজনৰ, যিজনে তৃতীয় ৰুটিখন খাইছিল।”এই কথা শুনি শিষ্যজনৰ বুকু কঁপি উঠিল।মূৰ তললৈ কৰি তেওঁ কান্দি কান্দি স্বীকাৰ কৰিলে,— “হে আল্লাহৰ নবী! তৃতীয় ৰুটিখন মইয়ে খাইছিলোঁ। মই মিছা কৈছিলোঁ।”হজৰত ইছা (আঃ)-য়ে শান্ত কণ্ঠেৰে ক’লে,— “যদি তেনেকুৱা হয়, তেন্তে এই তিনিওটা সোণৰ টুকুৰাই তোমাৰেই।

“এই কথা কৈ তেওঁ সেই ঠাই এৰি গুচি গ’ল।শিষ্যজন আনন্দত আত্মহাৰা হৈ সোণৰ টুকুৰাবোৰৰ কাষত বহি থাকিল। তেওঁৰ মনত এটাই চিন্তা—”এইবোৰ কেনেকৈ ঘৰলৈ লৈ যাম?”ঠিক সেই সময়তে তিনিজন ডকাইত আহি উপস্থিত হ’ল।তেওঁলোকে সোণ দেখি লোভত অন্ধ হৈ শিষ্যজনক হত্যা কৰিলে।তাৰ পিছত তিনিজনে সিদ্ধান্ত ল’লে—এটাকৈ সোণ ভাগ কৰি ল’ব।কিন্তু ভোক লাগিছিল।এজনক ৰুটি আনিবলৈ পঠিয়ালে।ইফালে বাকী দুজনে গোপনে পৰামৰ্শ কৰিলে,— “সি আহিলে তাক মাৰি পেলাম। তেতিয়া সোণ দুটা আমাৰ হ’ব।

“আনহাতে ৰুটি আনিবলৈ যোৱা মানুহজনেও মনতে ভাবিলে,— “ৰুটিত বিষ মিহলাই দিওঁ। সিহঁত দুয়ো মৰিলে তিনিওটা সোণ মোৰ হ’ব।

“সি বিষ মিহলোৱা ৰুটি লৈ উভতি আহিল।কিন্তু আহিয়েই দুয়োজনে তাক হত্যা কৰিলে। তাৰ পিছত নিশ্চিন্ত মনেৰে সেই বিষাক্ত ৰুটি নিজেই খাই পেলালে।কেইমুহূৰ্তমানৰ পিছতে বিষে কাম কৰিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ ভিতৰতে দুয়ো যন্ত্ৰণাত ছটফটাই মৃত্যুমুখত পৰিল।

কেইঘণ্টামান পিছত হজৰত ইছা (আঃ) পুনৰ সেই পথেদি পাৰ হৈ আহিল।তেওঁ দেখিলে—তিনিটা সোণৰ টুকুৰা আগৰ দৰে মাটিতেই পৰি আছে। কিন্তু তাৰ কাষত পৰি আছে চাৰিটা নিথৰ মৃতদেহ।তেতিয়া হজৰত ইছা (আঃ)-য়ে মানুহক শিক্ষা দিবলৈ ক’লে,”এই পৃথিৱী আৰু ধন-সম্পদৰ লোভৰ অৱস্থা এনেকুৱাই। যিয়ে ইয়াক নিজৰ হৃদয়ৰ ওপৰত বহুৱায়, শেষত ই তাক ধ্বংস কৰি এৰি যায়।

“শিক্ষাঃ লোভে প্ৰথমে মানুহৰ ঈমান কঢ়িয়াই নিয়ে, তাৰ পিছত সত্য, সততা, বিবেক, মানৱতা—সকলো কঢ়িয়াই নিয়ে। আৰু শেষত কঢ়িয়াই নিয়ে মানুহৰ জীৱন। সেয়েহে, হালাল উপাৰ্জন, সত্যবাদিতা আৰু আল্লাহৰ ওপৰত সন্তুষ্ট থকাই মুমিনৰ প্ৰকৃত সম্পদ।

সংগ্ৰাহকঃ বায়েজীদ বোস্তামী

Leave a Comment