তোৰ নামতে সুপ্ত জীৱন প্ৰিয়া
মোৰ তন-মন , হাঁহিৰ ক্ৰিয়া ,
মোৰ স্তুতিৰ আস্থা তই
মই মাতাল ভাবনাত সুবাস তই ,
তোৰ স্মৃতিৰ পাহিৰে আৱৰা হিয়া
তোৰ নামেৰেই জাগ্ৰত প্ৰণয় বাসনা
কিয়নো নকৰিম মিলন কামনা ;
প্ৰিয়া , প্ৰিয়া মাথোঁ প্ৰিয়া ।
এনেকৈয়ে সামৰো অপেক্ষাত নিজকে
মোৰ উদয়-অস্তৰ দিশো তোমাতে ,
এয়া অৰ্পণত লৈ তোমাৰে থিতাপি
সৰ্ব দিশে মোৰ মাথোঁ তুমিয়ে তুমি ,
নাইতো কাহানিও তোমাৰ জ্যোতিষ্মান তুলনা
অংগে-অংগে মোৰ তুমিয়ে ভাবনা
যাওঁ মই পাহৰি সমস্ত যাতনা ;
প্ৰিয়া , প্ৰিয়া মাথোঁ প্ৰিয়া ।
মোৰ আদিও তই , মোৰ অন্তও তই
মোৰ চঞ্চল ইবাদত , ঈমান তই !
যিয়েই নহওক কুবুল কৰি যা ,
প্ৰিয়া , প্ৰিয়া অ প্ৰিয়া ……!
———-দাৰ্মী