ইছলাম আৰু বিশ্ব-অৰ্থনীতি

Share :

             প্ৰথম খণ্ড

        মানুহৰ প্ৰয়োজন আৰু প্ৰয়োজন পূৰণ হোৱা দুয়োটা ভিন্ন বিষয়৷ সৰ্বক্ষেত্ৰতে মানৱজাতিৰ প্ৰয়োজনৰ তুলনাত প্ৰয়োজন পূৰণ হোৱাৰ মাধ্যম তথা ব্যৱস্থা কম৷ এতিয়া প্ৰশ্ন হল যে অশেষ প্ৰয়োজনক সীমিত ব্যৱস্থাৰ জৰিয়তে কিদৰে পূৰণ কৰিব পৰা যায়? ইয়াৰে পৰিপেক্ষিতত মানৱচিন্তাই প্ৰত্যেক শতিকাতে ন-ন চিন্তাধাৰা আগবঢ়াই আহিছে৷ পৌৰাণিক প্ৰৱাদ সম্বলিত এইখন চিন্তাস্থলিকে আমি “পৰিমিত ব্যয়বিধান বা বিভূতি বিজ্ঞান (ECONOMY)” বুলি জানোঁ৷ সাম্প্ৰতিক বিশ্ববজাৰত ইয়াৰ মতবাদ সমূহৰ মাজত দুটা প্ৰমুখ্য৷

(1) পূঁজিবাদ৷ (CAPITALISM)

(2) সমাজবাদ৷ (SOCIALISM)

          উল্লেখযোগ্য যে ইকন’মীৰ প্ৰত্যেক প্ৰতি-প্ৰতিক্ৰিয়া সম্পূৰ্ণৰূপে প্ৰাকৃতিক যদিও শেষৰ শতাব্দী দুটাত বিষয়টোক বৈষয়িক শৃঙ্খলা দিয়া হৈছে৷ লিখাৰ উদ্দেশ্যপ্ৰাপ্তিৰ বাবে আনি নজনা সকলে প্ৰথমে সংক্ষেপে পূঁজিবাদ আৰু সমাজবাদ মতাদৰ্শৰে পৰিচিত হোৱা দৰকাৰ৷

তাৰ আগতে জানি থওঁ যে জীৱিকাৰ প্ৰত্যেকবিধ প্ৰক্ৰিয়াতে সাধাৰণতে চাৰিধৰণে বুনিয়াদী সমাধান দিয়া হয়৷

(ক) প্ৰধান্যতাৰ নিৰ্ধাৰণ৷ (DETERMINATION OF PRIORITIES)

(খ) সংগতিৰ অংশ নিৰূপণ৷ (ALLOCATION OF RESOURCES)

(গ) আয়ৰ বিতৰণ৷ (DISTRIBUTION OF INCOME)

(ঘ) উন্নয়ন৷ (DEVELOPMENT)

পূঁজিবাদ

          পূঁজিবাদ এনে এটা মতাদৰ্শ য’ত প্ৰত্যেক ব্যক্তি ব্যৱসায়িক আৰু ঔদ্যোগিক ক্ষেত্ৰত অধিক মুনাফা অৰ্জনৰ হিতে প্ৰয়োজনীয় পদ্ধতিৰ বাছনিত সম্পূৰ্ণ স্বাধীন থাকে৷ মন কৰিবলগীয়া যে পাৰ্থিৱ বিশ্বত অনেক প্ৰাকৃতিক শক্তি নিয়মিত কাৰ্য্যৰত থাকে আৰু ফলাফল সদায় একেই দিয়ে৷ তাৰে ভিতৰত এটা হল বজাৰৰ ৰচদ্-তলব অৰ্থাৎ চাহিদা আৰু যোগান প্ৰক্ৰিয়া (LAW OF DEMAND AND SUPPLY) ৷ সহজ ভাষাতঃ সংগৃহীত সামগ্ৰী আৰু গ্ৰাহকৰ প্ৰয়োজনৰ সামঞ্জস্যতাক নিয়ন্ত্ৰণ দিয়া৷ প্ৰকৃততে এই ৰচদ্-তলবেই বজাৰ নিয়ন্ত্ৰণ কৰে আৰু বস্তু আদিৰ মূল্য নিৰ্দ্ধাৰণ কৰে৷ পূঁজিবাদী মতবাদ মতে যেতিয়া এখন স্বাধীন কৰ্মক্ষেত্ৰ থাকিব, ৰচদ্-তলবৰ সামঞ্জস্যতা প্ৰাকৃতিকৰূপেই নিয়ন্ত্ৰিত হৈ থাকিব৷ কাৰণ লোকৰ স্বাধীন মানসিকতাই বজাৰৰ প্ৰয়োজনানুসৰি উৎপত্তি আৰু যোগান ব্যৱস্থাক সুচাৰুৰূপে পৰিচালিত কৰি থাকিব৷ আনহাতে এই স্বাধীনতাই পাং-বুদ্ধি কৰিব যে অধিক মুনাফাৰ বাবে মূলধন ক’ত আৰু কিদৰে খটুৱাব লাগে৷ ফলত প্ৰধান্যতাৰ নিৰ্দ্ধাৰণ, সংগতিৰ অংশ নিৰূপণ আৰু অধিক উৎপত্তিৰ আশাত উন্নয়নৰ পন্থা অৱলম্বন, তিনিওটা নিয়াৰিকৈ ফলিয়াই থাকিব৷

    আয়ৰ বিতৰণ প্ৰক্ৰিয়াটোক পূঁজিবাদ মতবাদত অলপ বিতংকৈ কোৱা হৈছে৷ তাৰে সংক্ষিপ্ত বিৱৰণ এনে যে, উৎপাদনত অংশ লোৱা চাৰি প্ৰকাৰ অংশীদাৰৰ মাজত লাভাংশ বণ্টিত হব৷

(ক) ভূমিদাতা৷

(খ) শ্ৰমিক৷

(গ) পূঁজিদাতা৷

(ঘ) উদ্যোক্তা৷

         ভূমিৰ বাবত নিৰ্দ্ধাৰিত ভাড়া, শ্ৰমিকে তাৰ নিৰ্দ্ধাৰিত পৰিশ্ৰমিক, পূঁজিৰ বাবত নিৰ্দ্ধাৰিত সূদ আৰু উদ্যোক্তা বা গৰাকীয়ে লাভাংশ পাব৷ ভাড়া, সূদ আৰু পৰিশ্ৰমিক আদিও ৰচদ্-তলব প্ৰক্ৰিয়াৰে অৰ্থাৎ প্ৰাপ্তব্যৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্দ্ধাৰিত হব৷ যেনেঃ মূলধন বা পূঁজি দিওঁতা যদি অনেক থাকে তেন্তে সূদৰ পৰিমান কম হয় আৰু মাত্ৰ এজন থাকিলে সেই পৰিমান বাঢ়ি যায়৷ অনুৰূপ ভাড়া আৰু পৰিশ্ৰমিক৷

         পূঁজিবাদী মতবাদৰ সাৰাংশ হল যে উৎপাদনত অংশগ্ৰহণ কৰা প্ৰত্যেক ব্যক্তি ব্যক্তিগত লাভালাভৰ স্বাৰ্থত অংশীদাৰ থাকে আৰু উৎপাদক সামগ্ৰী হওক বা উৎপাদিত সামগ্ৰী হওক, সেইবোৰৰ ওপৰত মালিকানা অধিকাৰ থাকে৷ আনকি এই অধিকাৰত কোনো ধৰণৰ চৰকাৰী হস্তাক্ষেপ নাথাকে৷ এই ক্ষেত্ৰত ফৰাচী শব্দ “LAISSEZ FAIRE” ব্যৱহৃত৷ যাৰ অৰ্থ হল ‘কৰিব দিয়া’ অৰ্থাৎ যাক কোনো ধৰণৰ প্ৰতিবন্ধ আৰু নিষেধাজ্ঞা অবিহনে কৰিব দিয়া হয় ৷ কিন্তু কালক্ৰমে দেখা গল যে স্বয়ং পূঁজিবাদী দৃষ্টিভংগীৰ উত্তৰাধিকাৰী সকলেই এই মতাদৰ্শৰ পথত বিভিন্ন ধৰণৰ ক’ৰ (TAX) ইত্যাদিৰ দৰে প্ৰতিবন্ধ সজালে ৷

সমাজবাদ

         দৰাচলতে পূঁজিবাদী মতবাদক প্ৰত্যাহ্বান জনাই প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমাজবাদ মতাদৰ্শক শৃঙ্খলাবদ্ধ কৰা হয়৷ কাৰণ পূঁজিবাদী দৰ্শনে যিহেতু প্ৰতিটো সমাধান ৰচদ্-তলবৰ ভিত্তিতে দিয়াৰ প্ৰয়াস কৰে, সেয়ে এই প্ৰক্ৰিয়াত দৰিদ্ৰ আৰু নিঃস্ব সকল অধিক ক্ষতিৰ সন্মুখীন হয়৷ বেচি মুনাফাৰ দৌৰত সদায় পূঁজি থকা সকলেহে আগবাঢ়ি যায় আৰু পূঁজি নথকা সকল পিছ পৰি থাকে৷ সহজ ভাষাতঃ ‘থকা সকলে পাই থাকে আৰু নথকা সকলে একোৱে নাপায়৷’ ফলত মানৱ-সমাজত পূঁজিপতি আৰু নিঃকিন বোলা এটা অন্তৰাল মূৰ দাঙি ক্ৰমাৎ দৃঢ় হৈ গৈ থাকিল৷

       সমাজবাদে এই সকলো ক্ষতিমূলক দিশৰ সমাধান দিয়াৰ দাবিৰে নিজৰ মতবাদ বিশ্বৰ আগত তুলি ধৰিলে৷ প্ৰতিদ্বন্দ্বৰ ময়দানত নামিয়ে পোন-প্ৰথমে পূঁজিবাদী মতবাদক যৌক্তিক আক্ৰমণ কৰিলে আৰু পূঁজিবাদক এই বুলি জগৰীয়া কৰিলে যে স্বাৰ্থসিদ্ধিৰ লালসত সামূহিক দায়বদ্ধতাক আওকাণ কৰি বহুল সফলতা অৰ্জনত ব্যৰ্থ হৈছে আৰু আয়ৰ বন্টনত অন্যায় কৰিছে৷ যেনেঃ কেতিয়াবা মজদূৰ সকলে ৰচদ্-তলবৰ কবলত পৰি অতি কম পৰিশ্ৰমিকত কাম কৰিবলগীয়া হয়, ইত্যাদি ৷ মুঠতে পূঁজিবাদী দৰ্শনক সমূলি এটা অপ্ৰয়োজনীয়, অমঙ্গলীয় আৰু পৰিত্যাজ্য বুলি যুক্তি উত্থাপন কৰি কৈছে যে একেই পদ্ধতিৰে প্ৰত্যেক সমাধান দিবলৈ গৈ প্ৰকৃতিৰ নিয়মাদিক সুকলমে নিয়ন্ত্ৰণ দিয়াৰ ব্যৰ্থ প্ৰয়াস কৰিছে৷ অথচ এটা কথা সকলোৰে জ্ঞানত আছে যে সমপৰিমানে যোগান-ব্যৱস্থাক নিয়ন্ত্ৰণ দিয়াটো মানৱসাধ্যৰ উৰ্দ্ধত৷ গতিকে সমাধানৰ পৰিৱৰ্ত্তে অধিক সমস্যাৰহে সৃষ্টি হয়৷

           সেয়ে সমাজবাদৰ মতে ৰাইজক মালিকানা স্বত্ব নিদিয়াকৈ সকলো উৎপত্তিৰ মাধ্যমক চৰকাৰে নিয়ন্ত্ৰণ কৰিব৷ যথোচিত ব্যৱস্থাৰ মাধ্যমত প্ৰয়োজন আৰু উৎপন্নক নিয়ন্ত্ৰণ দিয়াৰ সুশৃঙ্খল পৰিকল্পনা চৰকাৰে কৰিব৷ ফলত প্ৰধান্যতাৰ নিৰ্দ্ধাৰণ, সংগতিৰ অংশ নিৰূপন আৰু উন্নয়ন, তিনিওটাকে পৰিপাটিকৈ সমাধা কৰা যাব৷ আয়ৰ বিতৰণক সমাজবাদেও অলপ বহলাই কৈছে৷ সমাজবাদ মতাদৰ্শ মতে উৎপত্তিৰ উৎস মাথোঁ দুটা৷

(ক) ভূমি৷

(খ) শ্ৰম৷

         ভূমিৰ মালিক যিহেতু স্বয়ং চৰকাৰেই, সেয়ো ভাড়া ইত্যাদিৰ কোনো প্ৰথা নাথাকে৷ শ্ৰমিক সকলক চৰকাৰেই উচিত বেতন নিৰ্দ্ধাৰণ কৰি দিব৷ সমাজবাদ মতবাদ সম্পূৰ্ণ শাসকীয় পৰিকল্পনাৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে ইয়াক “পৰিকল্পিত অৰ্থনীতি” (PLANNED ECONOMY) ও বোলা হয়৷

সমাজবাদ মতাদৰ্শৰ ভেঁটি চাৰিটা স্তম্ভত ৰখা হৈছেঃ

(1) যৌথ সম্পত্তি৷(COLLECTIVE PROPERTY) অৰ্থাৎ ব্যক্তিগত সম্পদৰ বাহিৰে সমূহ মালিকানা অধিকাৰ চৰকাৰৰ অধীনস্ত থাকিব৷

(2) পৰিকল্পনা৷ (PLANNING)

(3) সমূহীয়া লাভালাভ৷(COLLECTIVE INTEREST)

(4) আয়ৰ সমবিতৰণ৷(EQUITABLE DISTRIBUTION OF INCOME)

পৰ্যালোচনাত পূঁজিবাদ আৰু সমাজবাদঃ

         বিশ্ব অৰ্থনীতিৰ প্ৰমূখ্য এই দুটা মতবাদৰ মাজৰ মতানৈক্য আৰু সংঘাত ইতিহাসে অনেক দেখিছে৷ যৌক্তিকভাবে অনেক বিবাদ আৰু তৰ্কসভা, ৰাজনৈতিকভাবে অনেক যুদ্ধও হৈছে৷ কিন্তু যেতিয়া দুয়োটা মতবাদক চিন্তাৰ মজিয়াত অনা হয়, অনায়াসে বুজা যায় যে যিদৰে পূঁজিবাদে দিয়া সৰ্ব্ব-স্বাধীনতাৰ দ্বাৰা মানৱতাৰ জাতিচ্যূত হোৱাৰ বাট মোকলাই দিয়া হৈছে, আনহাতে সমাজবাদত অহেতুক শাসকীয় হস্তাক্ষেপৰ দ্বাৰা ৰাইজক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে৷ ইয়াৰোপৰি সৰ্বক্ষেত্ৰতে পৰিকল্পনাৰ জৰিয়তে যিহেতু সফলতা পোৱা সম্ভৱ নহয়, গতিকে পৰিকল্পনাৰ আধাৰত প্ৰত্যেক নিয়ন্ত্ৰণ দিব খোজা দৰ্শনো সম্পূৰ্ণ যুক্তিহীন৷

          আনহাতে পূঁজিবাদী মতবাদে এটা মাত্ৰালৈকে সফল হব পাৰিলেও বহু ক্ষেত্ৰত নতুন-নতুন সমস্যা সৃষ্টি কৰিলে৷ যেনেঃ যথেষ্ঠ স্বাধীনতাই একাধিপত্যতা (MONOPOLY) ৰ জন্ম দিলে৷ তাতকৈ মাৰত্মক ক্ষতিটো হল এই ব্যৱসায়িক স্বাধীনতাই বৈধ আৰু অবৈধ উপাৰ্জনৰ মাজত কোনো ধৰণৰ ব্যৱধান বাকী নাৰাখিলে৷ মানৱাত্মাই যিহেতু সৰ্বদা পাপৰ পিনে ধাৱিত থাকে, যাক কোৰ’আনে এনেদৰে কৈছেঃ “ان النفس لامارة بالسوء. (নিশ্চয় মানৱাত্মা পাপৰ পিনেহে বৰকৈ আদেশ কৰে)”  সেয়ে অধিক মুনাফা ঘটাৰ বাবে মানুহে অবৈধ পন্থা অৱলম্বন কৰাটো স্বাভাৱিক৷ ফলত সূদৰ ব্যৱসায়, জুৱাৰ আড্ডা, পব, ক্লাৱ, বাৰ ইত্যাদিৰ সূচনা হল৷ উল্লেখযোগ্য যে পশ্চিমীয়া নগ্নতা আৰু নিৰ্লজ্জতাৰো এইটোৱেই সৰ্ববৃহৎ কাৰণ হিচাপে প্ৰমাণিত হৈছে৷ অত্যাধিক লাভৰ স্বাৰ্থত নাৰীদেহক বজাৰৰ পণ্য হিচাপে মেলি দিলে৷ মানৱজাতিৰ সুপ্ত চুলুঙ্গালি (SHAMELESSNESS) ক পূণঃজাগৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি নগ্নচিত্ৰ আৰু নগ্ন-চলচ্চিত্ৰ আৱিষ্কাৰ কৰিলে৷ স্বয়ং নাৰীজাতিও ইয়াত বিশেষ ভূমিকা নিয়ে আৰু দেহৰ একো-একোটা অঙ্গৰ মূল্য নিৰ্দ্ধাৰণ কৰি বজাৰত মোকলাই দিয়ে৷ এক ৰিপোৰ্টৰ ভিত্তিত এই সত্যতা প্ৰকাশ পায় যে ইউৰোপৰ সৰ্বাধিক লাভদায়ক ব্যৱসায়ৰ মাজত হল মডেলিং আৰু পৰ্ণোগ্ৰাফি৷ বিজ্ঞাপন আৰু পৈচাশিক ফিল্ম ইত্যাদিৰে মডেলবোৰে সকত ধনৰ টোপলা আদায় নিয়ে আৰু সেই ধনৰ অংকটো শেষলৈ সেইবোৰৰ মূল্য স্বৰূপ গ্ৰাহকে আদায় দিয়ে৷ আনকি কোনো বৈধ সামগ্ৰীৰ বিজ্ঞাপনৰ বাবত দেহ প্ৰদৰ্শন কৰি আদায় নিয়া ধনৰ পৰিমানবোৰও সেই সামগ্ৰীবোৰৰ মূল্যতে অন্তৰ্ভুক্ত থাকে৷ সেয়ে এনেদৰে অজানিতে আমি অৰ্থদণ্ড ভোগ কৰি নতুন-নতুন সামাজিক ব্যধিবোৰক আদৰিব লগা হৈছে৷

          পূঁজিবাদী ধাৰণাই জন্ম দিয়া মানসিকতাৰ উদাহৰণ এনে ধৰণৰ যে, যেতিয়া এজন ব্যক্তিয়ে এখন চিনেমা নিৰ্মাণ কৰি তুলনামূলকভাৱে বহুলাংশে লাভাম্বিত হব পাৰে, তেনেক্ষেত্ৰত সেইজন ব্যক্তি সমাজৰ উন্নতিৰ হিতে কোনো আঁচনিত কিয় ধন বিনিয়োগ কৰিব? তদ্ৰুপ জুৱাৰ বজাৰেৰে, নিচাজাতীয় সূৰা-দ্ৰব্য উৎপাদনেৰে আৰু সূদৰ ব্যৱসায়েৰে লোকে সমাজৰ জেপবোৰ একপক্ষীয় ভাৱে খালি কৰি একাধিপত্যৰ শিখৰত বহিল৷ এনেদৰে একপক্ষীয় লাভৰ ব্যৱসায়ে বজাৰৰ ৰচদ্-তলব নিয়ন্ত্ৰণত সাংঘাতিকভাৱে ব্যাঘাত জন্মালে৷ মুঠতে পূঁজিবাদী মতাদৰ্শই দাবি কৰামতে ৰচদ্-তলবৰ নিয়ন্ত্ৰণক স্বয়ং পূঁজিবাদৰ আদৰ্শই পঙ্গু কৰি দিলে আৰু সমান্য সফলতাৰ বিপৰীতে বিপদৰ পাহাৰ কঢ়িয়াই আনিলে৷ 

ইছলামী দৃষ্টিকোনঃ

           প্ৰথমে স্পষ্ট কৰা হওক যে ইছলাম মূলতঃ কোনো অৰ্থব্যৱস্থাৰ নাম নহয়৷ ইছলাম এটা দ্বীন তথা পূৰ্ণাঙ্গ জীৱন-ব্যৱস্থা৷ য’ত পাৰ্থিৱ জগৎৰ প্ৰত্যেক বিষয়ত আলোচনা কৰা হৈছে আৰু সৎ-উদ্দেশ্যৰ সহজলভ্য পথ প্ৰদৰ্শন কৰা হৈছে৷ ইছলামে সৰ্বজ্ঞে নিৰ্দিষ্টকৈ কোনো অৰ্থনীতিৰ মতাদৰ্শ (PHILOSOPHY) দাঙি ধৰা নাই, যাক সাম্প্ৰতিক বিশ্বত কোনো অৰ্থ-ব্যৱস্থাৰ নাম দিয়া যাব৷ কিন্তু ইছলামী সংবিধান অৰ্থাৎ কোৰ’আন-হাদীছে অন্যান্য প্ৰত্যেক বিষয়ৰ দৰে এইক্ষেত্ৰতো অনেক প্ৰকাৰে মাৰ্গদৰ্শন দিছে, যাৰ জৰিয়তে আমি অৰ্থনীতিৰ সমূহ সমাধান পাব পাৰোঁ৷

     ইছলামৰ আদেশ-নিৰ্দেশবোৰ চালি-জাৰি চালে এইটো অনুধাৱন হয় যে পূঁজিবাদত উল্লেখিত ৰচদ্-তলবৰ প্ৰাকৃতিক নিয়মবিধক ইছলামে অস্বীকাৰ কৰা নাই৷ কোৰ’আনে কৈছেঃ 

“ نحن قسمنا بينهم معيشتهم في الحياة الدنيا ورفعنا بعضهم فوق بعض درجات ليتخذوا بعضهم بعضا سخريا. 

অৰ্থঃ  আমি সিহঁতৰ জীৱিকা সিহঁতৰ মাজত ভগাই দিছো, তাৰে কিছুমানক কিছুমানৰ ওপৰত শ্ৰেণীগত প্ৰধান্যতা দিছো যাতে এজনে আনজনৰ পৰা লাভাম্বিত হব পাৰে”

     এজনে আনজনৰ পৰা লাভাম্বিত হোৱা প্ৰক্ৰিয়া এইদৰেই সম্ভৱ যে লাভ নিওঁতা তলব আৰু লাভ দিওঁতা ৰছদ্ হিচাপে বজাৰৰ অংশিদাৰ থাকিব৷ ৰচদ্-তলবৰ এই পাৰস্পৰিক উত্থান-পতন আৰু পাৰস্পৰিক সংমিশ্ৰণেই এখন নিয়ন্ত্ৰিত বজাৰ আৱিস্কাৰ কৰে৷

          আনহাতে বিশ্বনবী মুহাম্মদ ছঃ ৰ জীৱদ্দশাত গাওঁৰ খেতিয়ক সকলে নিজৰ শষ্য ইত্যাদি মদিনা (চহৰ) লৈ বিক্ৰীৰ বাবে আনিছিল৷ তেতিয়া কিছুমান চহৰীয়া ব্যৱসায়ীয়ে আধ-বাটতে তেওঁলোকৰ পৰা সামগ্ৰীবোৰ কিনি ৰাখিছিল, যাতে যথাসময়ত অধিক মূল্যত বিক্ৰী কৰিব পৰা যায়৷ মুহাম্মদ ছঃ য়ে তেনে কৰিবলৈ কঠোৰভাবে নিষেধ কৰি কৈছিলঃ

 “دعوا الناس، يرزق الله بعضهم عن بعض.

 অৰ্থঃ  লোকক স্বধীনতা দিয়া, আল্লাহ তা’আলাই মানুহক পৰস্পৰৰ মাধ্যমত ৰিজিক (খোৰাক) দিয়ে”৷ এনেদৰে ইছলামী আদৰ্শই ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত কোনো তৃতীয় পক্ষৰ হস্তাক্ষেপ নিষিদ্ধ কৰি বস্তু আদিৰ মুল্য ন্যায় ভাবে নিৰ্দ্ধাৰিত হোৱাৰ ব্যৱস্থা কৰি দিছে৷ যাতে বজাৰৰ প্ৰয়োজনীয় ৰচদ্ অযথা জমা কৰি কোনোৱে একাধিপত্যৰ সুৰুঙা লাভ কৰিব নোৱাৰে৷

     অনুৰূপ এদিনাখন হজৰত মুহাম্মদ ছঃ ৰ ওচৰত সকলোৱে আবেদন জনালে যে বজাৰৰ বস্তুবোৰৰ মূল্য নিৰ্দ্ধাৰণ কৰি দিবলৈ৷ তেখেত ছঃ য়ে কলেঃ

 “ان االله هو المسعر القابض الباسط الرزاق.

অৰ্থঃ  নিঃসন্দেহে আল্লাহেই মূল্য ধাৰ্য্য কৰোঁতা, ৰচদ্ ইত্যাদিত কম-বেচি কৰোঁতা আৰু তেঁৱেই অন্নদাতা”৷

      মুঠতে ইছলামে সমাজবাদী মতাদৰ্শৰ দৰে প্ৰত্যেক ক্ষেত্ৰতেই অপ্ৰয়োজনীয় হস্তাক্ষেপ কৰি প্ৰকৃতিৰ বিপৰীতে গৈ কৃত্ৰিম বজাৰ সজোৱাক অস্বীকাৰ কৰিছে৷ অন্যহাতে পূঁজিবাদী মতাদৰ্শৰ দৰে প্ৰয়োজনাধিক স্বাধীনতাৰ ফলত জন্ম লোৱা কুপথকো ৰুদ্ধ কৰিছে৷ যাৰ দ্বাৰা বজাৰৰ লগতে সমাজৰ প্ৰদূষণকো আমি প্ৰত্যক্ষ কৰি আহিছোঁ৷ সেয়ে ইছলামে তিনি ধৰণে প্ৰতিবন্ধৰ কথা সোঁৱৰাই দিছে, যাক যত্ন দিলে আমি এটা সুস্থ অৰ্থ-ব্যৱস্থাৰ লগতে এখন সুস্থ সমাজ তথা সুস্থ ৰাষ্ট্ৰৰ সপোন দেখাৰ সাহস যোগাব পাৰিম৷

(ক) ঐশ্বৰিক প্ৰতিবন্ধ (RESTRICTION OF DIVINITY)

(খ) শাসকীয় প্ৰতিবন্ধ (RESTRICTION OF POLITY)

(গ) চাৰিত্ৰিক প্ৰতিবন্ধ (RESTRICTION OF MORALITY)

ঐশ্বৰিক প্ৰতিবন্ধ (RESTRICTION OF DIVINITY):

          ইছলামী শ্বৰীয়ত (LAW) য়ে মানৱজাতিৰ বাবে কিছু এনে নিয়ম বান্ধি দিছে যিবোৰ এজন ইমলামৰ অনুসাৰিৰ বাবে প্ৰতিক্ষণে আৰু প্ৰতিক্ষেত্ৰতে পালন কৰিবলগীয়া৷ যেনেঃ সূদ, জুৱা, পণ আৰু প্ৰত্যেক ধৰণৰ অবৈধ ক্ৰয়-বিক্ৰয়ৰ পৰা সমূলি আঁতৰত থকা৷ কাৰণ এনেবোৰ উপাৰ্জনৰ বাবেই একাধিপত্যতা আৰু অৰ্থনৈতিক তথা সামাজিক বিশৃঙ্খলাৰ সৃষ্টি হয়৷ তেনেদৰে অমানৱিয়তা আৰু প্ৰদূষিত সমাজৰ ভেটি স্থাপন কৰিব পৰা সকলো উৎপাদক যেনেঃ মদ্, ধঁপাত ইত্যাদিৰ কিনা-বেচাক নিষিদ্ধ কৰাৰ লগতে যৌন আবেদনৰ সমূহ কাৰক আৰু ব্যভিচাৰৰ অনুকুল পৰিবেশ সৃষ্টি কৰাৰ প্ৰত্যেক ব্যৱস্থা যেনেঃ নগ্নতা, চিনেমা, নিৰ্লজ্জতা ইত্যাদিক কঠোৰ ভাষাৰে পৰিত্যাজ্য ঘোষণা কৰিছে৷

           উল্লেখযোগ্য যে ইছলামে এনে প্ৰতিবন্ধবোৰক কোৰ’আন-হাদীছত প্ৰত্যক্ষভাৱে বিৱৰাই কৈছে৷ আনকি মানৱ-বিবেক যিহেতু সীমিত দূৰ্দৰ্শিতাৰ দ্বাৰা অনাগত ভৱিষ্যতৰ ভাল-বেয়া যথোচিত নিৰ্ণয় কৰাত প্ৰায়ে অসফল হয়, সেয়ে এনেবোৰ অপ্ৰত্যাশিত ফলাফল কঢ়িয়াই আনিব পৰা মাধ্যম সমূহক প্ৰতিৰোধ কৰাৰ বাবে কিছু আইন-কানুন ধৰ্মীয়বিধি ৰূপে নিৰ্দ্ধাৰিত কৰি বাধ্যতামূলক কৰি দিছে৷ যাতে জাতীয় কল্যাণৰ হিতে মানৱে নিয়মবোৰ পালন কৰে আৰু ভৱিষ্যতত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া নহয়৷

শাসকীয় প্ৰতিবন্ধ (RESTRICTION OF POLITY):

          ইছলামে শাসন ক্ষমতাত থকা সকলক এই অধিকাৰ দিছে যে সামূহিক ক্ষতিসাধক কোনো ব্যৱসায় প্ৰথা বা অনুচিত নিয়মাদিক প্ৰতিৰোধ কৰি তাৰ উচিত বিকল্প পন্থাৰ বাচনি কৰিব৷ ইছলামে যদি তেনে কোনো সাময়িক কৰ্মক নিষিদ্ধ কৰা নাই, কিন্তু সেই কৰ্মই মানুহৰ ক্ষতিৰ কাৰণৰূপে বা সামাজিক শান্তিবিৰোধী বুলি প্ৰতিপন্ন হয়, তেনেস্থলত শাসকগোষ্টিৰ এই অধিকাৰ আছে যে তেনে কোনো অনিষ্টকৰ তথা একতাৰ প্ৰতিবন্ধকবোৰক সাময়িক ভাৱে বা সৰ্বকালাৰ্থে প্ৰতিহত কৰিব৷

         লক্ষ্য ৰাখিব লাগিব যাতে সেই প্ৰণয়িত আইন ইছলামী মৌলবোধ আৰু মূল্যবোধৰ বিপৰীত নহয়৷ কোৰ’আনত কোৱা হৈছেঃ 

“يايها الذين امنوا اطيعوا الله واطعوا الرسول واولي الامر منكم. 

অৰ্থঃ  হে ইমানদাৰ সকল ! তোমালোকে আল্লাহ আৰু ৰছুলুল্লাহ ছঃ ৰ অনুসৰণ কৰা আৰু তোমালোকৰ মাজৰ দায়িত্বত থকাসকলৰ অনুসৰণ কৰা”

     ইয়াত দায়িত্ব থকা ব্যক্তিসকলক আল্লাহ আৰু ৰছুল ছঃ ৰ পৰা পৃথকে অনুসৰণ কৰাৰ আদেশটোৱে উপৰোল্লেখিত কথাষাৰৰ সত্যতাক দাঙি ধৰিছে৷

চাৰিত্ৰিক প্ৰতিবন্ধ (RESTRICTION OF MORALITY):

          ইছলামী শিক্ষাকূলৰ সাৰংশই এই কথা সদৰি কৰে যে পাৰ্থিৱ জীৱন আৰু তাৰ ফলাফল মানুষ্যৰ একান্ত লক্ষ্য নহয়৷ ইহজগৎৰ ক্ষন্তেকীয়া কালসীমা পাৰ কৰি পৰকালৰ এক অনন্ত দিশৰ পাথিক হোৱাটোৱেই আদম-সন্তানৰ চিৰসত্য গন্তব্য৷ সেয়ে ইহকালৰ প্ৰতিটো ক্ষণক পৰকালৰ পূণ্যাৰ্থে ব্যৱহাৰ কৰিবলৈ ইছলামে প্ৰতিক্ষণে মানৱজাতিক সোঁৱৰাই দিছে৷ মানৱজাতিৰ সফলতা চাৰি পইচা প্ৰাপ্তিত নহয়, বৰং পৰকালৰ অন্তহীন জীৱনৰ বাবে অধিকতৰ প্ৰস্তুতি নিয়াতহে প্ৰকৃত সফলতা নিহিত আছে৷ কোনো এজন ব্যক্তিৰ ধাৰণা যেতিয়া সম্পূৰ্ণকৈ অনুৰূপ হৈ পৰিব, তেতিয়া সেইজনৰ দ্বাৰা লোৱা দৈনন্দিন জীৱনৰ প্ৰত্যেক সিদ্ধান্তই কল্যানসাধক হব৷ নিজৰ স্বাৰ্থত আনৰ বা সমাজৰ ক্ষতি কৰাৰ ধাৰণা তাৰ মন-মগজুৰ পৰা অনেক দূৰত থাকিব৷

         আনহাতে অনেক ক্ষেত্ৰত ইছলামে কোনো বাধ্যতামূলক আদেশ দিয়া নাই যদিও এই পৰকালৰ পূণ্যপ্ৰাপ্তিৰ আশাই তেনে বহুতো কৰ্মৰ বাস্তাৱায়ন কৰে ৷ যেনেঃ কোনো এজন ব্যক্তি তাৰ পূঁজি খটোৱাই বাণিজ্যিক লাভালাভৰ বাবে দুটা পথৰ সন্ধান পায়৷

       প্ৰথমঃ তাৰ মূলধন এনে কোনো ব্যৱসায়ত লগাব যাৰ দ্বাৰা কিছু লোকে আত্ম-বিনোদন বা ধেমেলীয়া আত্মতুষ্টি লাভ কৰিব৷ অৰ্থাৎ চিনেমা, নাটক ইত্যাদি নিৰ্মাণ কৰি ধন ঘটিব৷ য’ত মুনাফাৰ পৰিমান অধিক পোৱা যাব৷

       দ্বিতীয়ঃ কোনোবাই তাৰ মূলধন এনে কিছু প্ৰকল্পত খটাব যাৰ দ্বাৰাই অনেক দূখীয়া শ্ৰেণীৰ লোকে সিহঁতৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সন্ধান পাব৷ অৰ্থাৎ সৎ সামগ্ৰী প্ৰস্তুত কৰাৰ কোনো ইন্ডাষ্ট্ৰী ইত্যাদিত পূঁজি খটাব৷ অথচ প্ৰথম পথটোৰ তুলনাত দ্বিতীয় পথটোত মুনাফা কম হব৷

         এতিয়া মন কৰিবলগীয়া যে এজন নিৰপেক্ষ চিন্তাৰ ব্যক্তিয়ে তাৰ মূলধনৰ যোগেদি নিশ্চয় অধিক ধন ঘটাৰ পন্থাই অৱলম্বন কৰিব৷ অথচ এজন ধৰ্মনিষ্ঠ ব্যক্তিয়ে তাৰ মূলধন তেনে ব্যৱসায়ত লগাবলৈ আগ্ৰহী হব, য’ত পাৰ্থিৱ কেইটামান টকা কম হলেও দুখীয়া সকলক সহায় কৰি কোৰ’আনত উল্লেখিত ছোৱাব তথা পৰকালৰ পূণ্য জমা কৰিব পৰা যায়৷ উদাহৰণৰ সাৰাংশ হল, এটা ধৰ্মীয় আস্থাই এজন ব্যক্তিক এই কথাৰ আমন্ত্ৰণ কৰিলে যে উচিত প্ৰধান্যতাৰ নিৰ্দ্ধাৰণ কৰি উচিত সংগতিৰ অংশ নিৰূপণ কৰিব৷

          আনহাতে অনৈছলামিক চিন্তাধাৰাতো এনে কিছু স্বাভাৱিক প্ৰক্ৰিয়া দৃষ্টিগোচৰ হয় আৰু বহু ক্ষেত্ৰত তাৰ প্ৰভাৱো প্ৰকাশ পায়৷ কিন্তু তেনেবোৰ চিন্তাৰ পেক্ষাপটত কোনো ধৰ্মাত্মিক আহ্বানৰ অংশ নাথাকে৷ গতিকে যথোচিত সফলতাৰ আশা কৰিব পৰা নাযয়৷ যেনেঃ এখন চিনেমাৰ পৰা 5 কৌটি লাভ কৰা এজন ব্যক্তিয়ে হেজাৰ কেমেৰাৰ সন্মুখত কাৰোবাক এশটকীয়া নোট এখন দি নাম কৰা, ইত্যাদি৷ অথচ সেইজনৰ লাভ হোৱা 5 কৌটিত অনেক দিন হাজিৰা কৰা ব্যক্তিৰ এটা সম্পূৰ্ণ দিনৰ হাজিৰাৰ পৰা কাঢ়ি নিয়া টকাও মিশ্ৰিত আছে৷

         সেয়ে ইছলামে দাঙি ধৰা চিন্তাধাৰা আৰু সুস্থ-নিকা পৰিবেশৰ হিতে যিবোৰ গঠনমূলক শিক্ষা-জ্ঞানৰ উল্লেখ আমালৈ আহিছে, সেইবোৰক উচিত যত্ন দিব পাৰিলেহে আমাৰ জীৱনত তথা আমাৰ সমাজত তাৰ প্ৰভাৱ পৰিস্ফুষ্ট হব৷ অতিতৰ পৃষ্ঠাই ইয়াৰ উদাহৰণো অনেক দেখিছে৷

দ্বিতীয় খণ্ড

বিশ্ব অৰ্থনীতিৰ দৃষ্টিভঙ্গীমূলক সংক্ষিপ্ত আলোচনা ইতিমধ্যে প্ৰথম খণ্ডত আমি পঢ়ি আহিছোঁ৷ এইবেলিত আমি সাম্প্ৰতিক বিশ্ব অৰ্থনীতিৰ কাৰ্যপ্ৰণালী আৰু ইছলামৰ মতামত সম্বন্ধে আলোচনা কৰিম৷

    অৰ্থব্যৱস্থা (প্ৰধানতঃ পূঁজিবাদ আৰু সমাজবাদ) ত সাধাৰণতে চাৰিটা প্ৰণালীৰে কাৰ্য সমাধা কৰা হয়৷

     (ক)  সম্পত্তিৰ উৎপাদন (PRODUCTION OF WEALTH)

     (খ)  সম্পত্তিৰ বিতৰণ (DISTRIBUTION OF WEALTH)

     (গ)  সম্পত্তিৰ বিনিময় (EXCHANGE OF WEALTH)

     (ঘ)  সম্পত্তিৰ ব্যয়কৰণ (CONSUMPTION OF WEALTH)

(সম্পত্তিৰ বিনিময় আৰু সম্পত্তিৰ ব্যয় বিষয়ত আলোচনা এই খণ্ডত স্তগিত ৰখি কেতিয়াবা অন্য অৱসৰত আলোচনা কৰা হব৷ আজি লেখাৰ পৰিসীমা সীমিত কৰাৰ হিতে কেৱল সম্পত্তিৰ উৎপাদন আৰু বিতৰণত আলোকপাত কৰা যাওক)

    সমাজবাদত উৎপাদন আৰু বিতৰণঃ

         সমাজবাদ মতাদৰ্শ মতে পূঁজি স্বয়ং উৎপাদনৰ অংগ হোৱা হেতুকে পৃথক কোনো উৎপাদক নহয়৷ আনকি উদ্যোক্তাক শ্ৰমিকৰ শাখাত গণ্য কৰা হৈছে অৰ্থাৎ নিৰ্দ্ধাৰিত পৰিশ্ৰমিকৰ বিনিময়ত উদ্যোক্তাই কৰ্ম সমাধা কৰিব৷ লগতে ভূমি তথা উৎপাদনৰ ক্ষেত্ৰখন কোনো ব্যক্তিগত সম্পত্তি নোহোৱা হেতুকে চৰকাৰে কোনো ধৰণৰ ভাড়া দিয়াৰ প্ৰয়োজন নাথাকে৷ সকলো প্ৰকাৰ ঔদ্যোগিক কাৰ্য-কলাপ চৰকাৰি পৰিকল্পনাত সামাধা কৰা হয়৷ সেয়ে লাভাংশত কেৱল শ্ৰমিকৰ পৰিশ্ৰমিকহে বাকী থাকে আৰু এই পৰিশ্ৰমিকৰ পৰিমানো চৰকাৰি পৰিকল্পনাতেই নিৰ্দিষ্ট কৰা হয়৷ সমাজবাদ মতে সূদ, খাজানা, মুনাফা ইত্যাদিক বেলেগ-বেলেগকৈ ভগোৱা নীতিবোৰ সমূলি অনাৱশ্যকীয়৷ যাক THEORY OF SURPLUS VALUE বুলি কোৱা হৈছে৷

       সমাজবাদ অৰ্থ-ব্যৱস্থাৰ মৌলিক দাবি আছিল যে পৰিকল্পিত অৰ্থনীতিৰে আয়ৰ সামঞ্জস্যতা স্থাপন কৰা সম্ভৱ হব৷ অৰ্থাৎ প্ৰত্যেকৰে ন্যায্য আয় পৰিমান এই অৰ্থ-ব্যৱস্থাৰ মাধ্যমতেই দিয়া সম্ভৱ হব৷ কিন্তু সময়ত ই এটা অবাস্তৱ সপোন ৰূপে পৰিগণিত হল৷ যিহেতু সমাজবাদ মতাদৰ্শত পৰিশ্ৰমিক ইত্যাদি শাসকীয় পৰিকল্পনাত নিৰ্দ্ধাৰিত হয়, সেয়ে কোনো শ্ৰমিকৰ বাবে সেই পৰিশ্ৰমিকত অসন্তুষ্ট থকাৰ সুযোগ নাথাকে৷ সকলো অন্যায় নিমাতে সহ্য কৰি যাব লাগে আৰু ন্যায্য প্ৰাপ্যৰ হকে মাত মতাৰ কোনো অধিকাৰ নাপায়৷ চৰকাৰী ব্যৰ্থতা বা অসাৰতাৰ বিৰুদ্ধে মাত মতাৰ কোনো গণতান্ত্ৰিক অধিকাৰ নাথাকে৷ পূঁজিবাদ অৰ্থনীতিয়ে কমপক্ষে শ্ৰমিকৰ পৰা এই অধিকাৰ কাঢ়ি নিয়া নাছিল৷

     প্ৰকৃতপক্ষে সমাজবাদে পূঁজিবাদৰ তুলনাত সফলতাৰ দাবি কৰিও অধিক ব্যৰ্থ হোৱাহে পৰিলক্ষিত হল৷ সেয়ে নিজৰ দম্ভালবোৰ সামৰি সমাজবাদৰ ভক্তবোৰে আকৌ পূঁজিবাদৰ পিনে ধাৱিত হোৱা দেখা যায়৷ উদাহৰণ বিচাৰি আমি পূৱ-জাৰ্মান আৰু পশ্চিম-জাৰ্মান ইতিহাসৰ অৰ্থনীতি দিশটোত দৃষ্টিনিক্ষেপ কৰিব পাৰোঁ৷ পশ্চিম জাৰ্মানত পূঁজিবাদী অৰ্থনীতি আৰু পূৱ জাৰ্মানত সমাজবাদ অৰ্থনীতি প্ৰচলিত আছিল৷ পশ্চিম জাৰ্মানে তুলনামূলকভাৱে অধিক অৰ্থনৈতিক উন্নয়ন সাধিবলৈ সক্ষম হল, কিন্তু পূৱ জাৰ্মানৰ অৰ্থনীতি ক্ৰমে অৱনতিৰ দিশে ঢাল খালে৷ শ্ৰমজীৱি লোকসকলোৰ দুৰ্দশাও ক্ৰমে বাঢ়ি থাকিল৷ সেয়ে এদিন ধৰ্য্যৰ সীমা পাৰি দি পূৱ-জাৰ্মানবাসীয়ে বাৰ্লিনৰ প্ৰাচীৰ ভাঙি দিয়ে৷

   পূঁজিবাদত উৎপাদন আৰু বিতৰণঃ

         আগতেই উল্লেখ কৰা হৈছিল যে পূঁজিবাদী মতাদৰ্শ মতে উৎপাদনৰ কাৰক চাৰি ধৰণৰ অৰ্থাৎ ভূমি, শ্ৰম, পূঁজি আৰু উদ্যোক্তা৷ এই চাৰিওটা কাৰকৰ ভূমিকাত কেতিয়াবা এজন ব্যক্তিও হয়, কেতিয়াবা দুজন, তিনিজন আৰু সাধাৰণতে ডাঙৰ প্ৰকল্প সমূহ যেনেঃ কম্পানী ইত্যাদিত চাৰিওটা কাৰক ভিন-ভিন ৰূপে অংশীদাৰ থাকে৷ সেয়ে লাভাংশও অংশীদাৰী মতেই ভগোৱা হয়৷ ইয়াৰে ভূমি, শ্ৰম আৰু পূঁজিদাতাৰ পাবলগীয়া পৰিমাণ পুৰ্বে পৰা নিৰ্দ্ধাৰিত থাকে আৰু উদ্যোক্তাৰ অংশ ব্যৱসায়িক ফলাফলৰ ওপৰত নিৰ্ভৰ থাকে৷

          উপৰোল্লেখিত কথাৰ অৰ্থ এইটো নহয় যে পূঁজিবাদ সমূলি এটা সফল অৰ্থ-ব্যৱস্থা৷ সমাজবাদে পূঁজিবাদৰ ওপৰত আৰোপিত কৰা প্ৰত্যেকটো অপবাদেই সত্য৷ পূঁজিবাদ মতাদৰ্শত প্ৰচলিত দেশসমূহে তেনেবোৰ সত্যৰে মোকাবেলা আজি পৰ্যন্ত কৰি আছে৷ সূদ, জুৱা, পণ, ইত্যাদিৰ মাধ্যমত হেজাৰ-হেজাৰ মানুহৰ বৈধ উপাৰ্জনক অবৈধ পন্থাৰে এজনৰ জেপলৈ চুম্বকৰ দৰে টানি থকা হৈছে৷ যৌন আবেদনময়ী কলা-কৃষ্টিৰে নগ্নতা আৰু ব্যভিচাৰ প্ৰচাৰ কৰি ধন ঘটা হৈছে৷ অথচ সেই দেশবোৰতে আজিও অনেক লোকৰ মূৰৰ ওপৰত চাল নাই, পথৰ দাঁতিত নাইবা ৰেল-ইষ্টেচনত ৰাত্ৰী যাপন কৰাও অনেক লোক আছে৷

          এইসমূহ অসমতাৰ বাবে সূদ, জুৱা, মদ, পণ ইত্যাদিয়েই দায়ী৷ যিবোৰক ইছলামে কেইবা শতিকা পূৰ্বেই নিষিদ্ধ কৰিছিল৷ জুৱা আৰু পণ ইত্যাদিৰ ক্ষেত্ৰত একপক্ষীয় মুনাফাৰ যোগেদি লোকৰ উপাৰ্জন নিজৰ জেপলৈ অনা প্ৰক্ৰিয়াৰ কথাটো প্ৰকাশ্য৷ কিন্তু সাধাৰণতে সূদৰ ক্ষেত্ৰত কথাটো মন কৰা নহয় যে সূদে কিদৰে অৰ্থৰ বিতৰণত বিশৃঙ্খলা সৃষ্টি কৰে৷ অথচ সূদৰ বৈধতাকৰণেই  সম্পত্তিৰ সমবিতৰণত সৰ্বাধিক বাধাৰ সৃষ্টি হয় ৷ সূদৰ ওপৰত ধন লৈ ব্যৱসায় কৰা কোনো এজন ব্যক্তিয়ে যেতিয়া অপ্ৰত্যাশিত লোকচানৰ সন্মুখীন হয়, তেতিয়া সেইজন ব্যক্তিৰ ওপৰত ঋণ পৰিশোধৰ অবিৰত দাবি আৰু সূদৰ পৰিমান ক্ৰমশঃ বাঢ়ি থাকে৷ ফলত সূদ দিওঁতা সম্পূৰ্ণকৈ লাভত থাকে আৰু সূদ নিওঁতা সম্পূৰ্ণকৈ লোকচানত থাকে৷

         তদ্ৰুপ বেংক ইত্যাদিৰ পৰা বৃহৎ পৰিমানৰ ঋণ লৈ ডাঙৰ প্ৰকল্পত বিনিয়োগ কৰা হয়, য’ত লাভৰ অংকটোও ডাঙৰ থাকে৷ সূদৰ হিচাপত বেংকলৈ আদায় দিয়া ধনৰ পৰাও বেংকে নিজৰ মুনাফা ৰাখি সল্প পৰিমানহে গ্ৰাহকক আদায় দিয়ে৷ অথচ সমূহ মুনাফা  গ্ৰাহকৰ জমা টকাৰে পোৱা গৈছিল৷ এনেদৰে বেংকৰ গ্ৰাহকসকলৰ সৈতে ধনৰ বিতৰণত অন্যায় কৰা হৈছে৷

          উদাহৰণ স্বৰূপঃ এজন ব্যক্তিয়ে নিজৰ পকেটৰ পৰা 10 লাখ টকা আৰু বেংকৰ পৰা 90 লাখ টকা ঋণ লৈ 1 কৌটি টকাৰে ব্যৱসায় আৰম্ভ কৰিলে৷ ধৰা হওক ব্যৱসায়ত 50 লাখ টকা লাভ অৰ্জন কৰিলে৷ মূলধনৰ সৈতে শতাংশৰ হিচাপত সেইজন ব্যক্তিয়ে অধিক হলেও প্ৰায় 20 লাখ টকা সূদৰ বাবত বেংকলৈ উভতাব লাগিব৷ তাৰে কম্-বেচি অৰ্ধভাগ বেংকে নিজৰ অংশ হিচাপে ৰাখি লক্ষাধিক গ্ৰাহকৰ মাজত মাথোঁ 8/10 লাখ টকাহে বিতৰণ কৰিব৷ কথাটো এনে হল যে গ্ৰাহকৰ 90 লাখ টকাৰ বাবত 10 লাখ দিয়া হল আৰু উদ্যোক্তাই 10 লাখৰ বাবত 30 লাখ টকা পালে৷

          উল্লেখযোগ্য যে যিটো টকা সূদৰ বাবত বেংকলৈ উভতাই দিয়া হৈছিল, সেইটো পৰিমানক সামগ্ৰীৰ প্ৰস্তুতকৰণ (MANUFACTURING) ত ধৰা হয়৷ সেয়ে সেই টকাটো উদ্যোক্তাৰ ওপৰত নপৰে বৰং সমগ্ৰীৰ মূল্যস্বৰূপে বজাৰৰ গ্ৰাহকৰ পৰা আদায় লোৱা হয়৷ কাৰণ সামগ্ৰীৰ মূল্য নিৰ্দ্ধাৰণ কৰোঁতে সেই পৰিমানটোও হিচাপত ধৰি নিয়ে৷ অৰ্থাৎ ব্যৱসায়ৰ মূলধন 1 কৌটিৰ ঠাইত 1 কৌটি 20 লাখ টকা ধৰা হয়৷ আনহাতে যদি কোনো প্ৰাকৃতিক দূৰ্যোগৰ বাবে ব্যৱসায়ত ক্ষতি হয়, তাৰ ক্ষতিপূৰণটোও বীমা কম্পানীৰ দ্বাৰা কৰোৱা হয়৷ আৰু সেই বীমা কম্পানীবোৰতো হাজাৰ-হাজাৰ সাধাৰণ ৰাইজৰ ঘাম-মচা উপাৰ্জনৰে টকা থাকে, যিবোৰ টকা মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি কোনো দুৰ্ঘটনা নাইবা ঘৰে-দোকানে জুই লগাৰ অপেক্ষাত জমা কৰা হয়৷

         আনকি যদি কোনো প্ৰকল্পত উদ্যোক্তা গধুৰ লোকচানৰ সন্মুখীন হৈ বেংকৰ ঋণ পৰিশোধ কৰাত অপৰাগ হয়, যাৰ ফলত বেংক দেউলিয়া (BANKRUPT) হৈ যায়, তেনেৱস্থাত ক্ষতিৰ এই গধুৰ পৰিমান ৰাইজৰ মূৰতে পৰে৷ মূঠতে সূদযুক্ত অৰ্থনীতিত সমূহ জনগণৰ জমাপূঁজি মাথোঁ কেইজনমান পূঁজিপতিয়ে ব্যৱহাৰ কৰি অজস্ৰ সম্পদ অৰ্জন কৰি আছে আৰু পূঁজিৰ আচল গৰাকীয়ে অল্পবিনিময়তে সন্তুষ্ট থাকিবলগীয়া হৈছে৷ সেই পৰিমানটোও সামগ্ৰীৰ মূল্যৰূপে তেওঁলোকৰ পৰাই আকৌ উভতাই নিয়া হয়৷ অন্যহাতে ঔদ্যোগিক কাৰণত হোৱা লোকচান সমূহ ৰাইজৰ লাভাংশৰ পৰাই কৰ্তন কৰি নিয়া হয়৷ এনেদৰেই পূঁজিবাদী অৰ্থ-ব্যৱস্থাত সম্পত্তি বিতৰণৰ দিশটো সদায় উৰ্দ্ধগামী হৈ থাকিল আৰু নিম্নশ্ৰেণীৰ লোকসকল সদায় ন্যায্যৰ পৰা বঞ্চিত তথা শোষিত হৈ থাকিল৷

 ইছলামী দৰ্শনত উৎপাদন আৰু বিতৰণঃ

         পূঁজিবাদ অৰ্থব্যৱস্থাত ব্যক্তিগত মুনাফাৰ ক্ষেত্ৰখন সম্পূৰ্ণ মুক্ত কৰি দিয়াৰ পৰিণামত অৰ্থনীতি আৰু সামাজিক সভ্যতা যিদৰে নেতিবাচক প্ৰভাৱিত হৈছে, তাৰ উদাহৰণৰ এটা আভাস ইতিমধ্যে আমি পাই আহিছোঁ৷ আনহাতে সমাজবাদ অৰ্থব্যৱস্থাত ব্যক্তিগত মুনাফাক সম্পূৰ্ণ নিস্তেজ কৰাৰ ফলত উৎপাদনৰ পৰিমান (QUANTITY) আৰু গুণমান (QUALITY) উভয়তে যিদৰে সংকটৰ মুখ দেখা গৈছে, তাৰো উদাহৰণ বিৰল নহয়৷ ছোভিয়েট ৰাশিয়াৰ মৰহা অৰ্থনীতিয়ে ইয়াৰ আটাইতকৈ শক্তিশালী উদাহৰণ৷

         উল্লেখযোগ্য যে ৰাশিয়াৰ উৎপাদন বিপৰ্যয় শেষ সীমা অৰ্থাৎ দেউলিয়াৰ পৰ্যায় পাইছিলগৈ৷ কাৰণ সমাজতন্ত্ৰত কৰ্ম-কৰ্তা সকলৰ দৰমহা চৰকাৰ পক্ষৰ পৰা নিৰ্দ্ধাৰিত থকে৷ ফলত বনুৱা সকলে নিজৰ কৰ্মত অৱহেলা কৰাটো স্বাভাৱিক৷ যিহেতু কম পৰিশ্ৰম কৰিয়েই কোনো এজনে নিৰ্দ্ধাৰিত বেতন লাভ কৰি থাকে, তেনেৱস্থাত অধিক পৰিশ্ৰম কৰা বা অধিক পৰিশ্ৰমৰ প্ৰতি উৎসাহিত হোৱাৰ কোনো কাৰণ নাথাকে৷ ফলত উৎপাদনৰ গুণাগুনত ইয়াৰ সৰ্বাত্মক প্ৰভাৱ পৰে আৰু উৎপাদনৰ পৰিমান বৰকৈ হ্ৰাস পায়৷ সেয়ে হয়তো তেতিয়াৰ ৰাশিয়ান ৰাষ্ট্ৰপতি ব’ৰিচ য়েলচন (BORIS YELLSON) য়ে আক্ষেপেৰে কৈছিলঃ ” হায়  ! সমাজতন্ত্ৰ (UTOPIAN, কাল্পনিক সৰ্গৰাজ্য) ৰ পৰিক্ষামূলক উপযোগ যদি ৰাশিয়াৰ দৰে এখন ৰাষ্ট্ৰত নকৰি আফ্ৰিকাৰ কোনো এখন কবিলাৰ ওপৰত কৰা হলহেঁতেন, তেন্তে অনুত্তীৰ্ণতাৰ কু-প্ৰভাৱ পৰিলক্ষিত কৰাৰ বাবে সূদীৰ্ঘ 74 বছৰ অপেক্ষা কৰিব নালাগিলেহেঁতেন৷”

         ইছলামে এহাতে ব্যক্তিগত মুনাফাৰ ক্ষেত্ৰখনক স্বীকৃতি দিছে, যিয়ে উৎপাদনৰ গুণাগুণক উন্নতি দিয়ে৷ আনহাতে তাৰ কু-প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কিছু প্ৰতিবন্ধ পালন কৰাৰ আদেশ দিছে, যাতে ব্যৱসায়িক নিয়ন্ত্ৰণ ৰক্ষা কৰিব পৰা যায়৷ অনুৰূপ পূঁজিৰ গৰাকীৰ বাবেও ব্যৱসায়িক লাভতহে তাৰ অংশ নিৰ্দ্ধাৰিত কৰিছে, যাতে ধনৰ বিনিয়োগ যথাস্থানত হয়৷ এইটোৱে সম্পত্তিৰ অধিক উৎপাদনত বিৰাট প্ৰভাৱ পেলায়৷

        মুনাফাত অংশীদাৰীৰ ভিত্তিত পূঁজিৰ গৰাকী আৰু উদ্যোক্তাৰ পৃথক-কৰণক ইছলামে স্বীকাৰ কৰা নাই৷ পূঁজিবাদে ব্যৱসায়িক লাভ-লোকচানৰ সম্পূৰ্ণ দায়িত্ব উদ্যোক্তাৰ ওপৰত দিছে আৰু পূঁজিৰ বিনিয়োগৰ বাবত সূদ নিৰ্দ্ধাৰিত কৰি দিছে৷ পূঁজিবাদী মতাদৰ্শত ধন বিনিয়োগকাৰীক তাৰ ধনৰ বিনিময়ত লাভস্বৰূপ সূদ দিয়া হয় যিদৰে ভূমিদাৰক ভূমিৰ খাজনা তথা ভাড়া দিয়া হয়৷ কিন্তু ইছলামে যিহেতু কেৱল সূদক অস্বীকাৰ কৰাই নহয়, বৰং সূদযুক্ত প্ৰত্যেক ব্যৱসায় তথা একপক্ষীয় উপাৰ্জনৰ সমূহ মাধ্যমক সমূলি অবৈধ ঘোষণা কৰিছে, সেয়ে পূঁজি বা মুলধন বিনিয়োগ কৰোঁতাজনক উদ্যোক্তাৰ সৈতে ব্যৱসায়িক অংশীদাৰ হিচাপে গণ্য কৰিছে৷ অৰ্থাৎ লাভ-লোকচানৰ প্ৰভাৱ উদ্যোক্তাৰ দৰে পূঁজিদাতাৰ ওপৰতো সমানে পৰিব৷

         ইছলামে খাজনাৰ ওপৰত সূদৰ ভিত্তি  কৰা অৰ্থাৎ যিদৰে ব্যৱহাৰৰ বাবত ভূমিৰ খাজনা বা ভাড়া দিয়া হয়, তদ্ৰুপ পূঁজি বা মূলধন ব্যৱহাৰৰ বাবত সূদ দিয়াক অস্বীকাৰ কৰাৰ প্ৰধান কাৰণ হল ভূমি আৰু মূলধনৰ মাজত প্ৰাকাশ্যে অনেক ধৰণে পাৰ্থক্য পোৱা যায়৷ সেয়ে এটাক আনটোৰ ওপৰত ভিত্তি কৰা সম্পূৰ্ণ যুক্তিহীন৷ তাৰে প্ৰধান উল্লেখযোগ্য পাৰ্থক্য তিনিটা হল যথাক্ৰমেঃ

   (1)  ভূমি স্বয়ং উৎপাদক৷ উৎপাদনৰ বাবে ভূমিক খৰচ কৰা নহয়, বৰং ভূমিৰ অস্থিত্ব বজাই ৰাখি কেৱল ভূমিৰ উৎপাদন ক্ষমতাক ব্যৱহাৰ কৰা হয়৷ ভূমিৰ বাবত দিয়া ভাড়া প্ৰকৃততে ভূমিৰ মূল্য নহয় বৰং ভূমিৰ উৎপাদন ক্ষমতা বা গুনা-গুনটোৰ মূল্য৷ আনহাতে পূঁজি তথা টকা তেতিয়ালৈকে উৎপাদক নহয় যেতিয়ালৈকে তাক খৰচ কৰা নহয়৷ অৰ্থাৎ টকা তাৰ আচল অস্থিত্বত বাকী নাথাকে৷ কোনো বস্তুৰ ভাড়া সেই বস্তুটোৰ অস্থিত্বক বজাই ৰাখি উঠোৱা লাভৰ পৰিৱৰ্তে দিয়া হয় যেনেঃ বাহন ইত্যাদিৰ ভাড়া৷ কিন্তু টকাৰ দ্বাৰা  টকাক তাৰ নিজস্ব  অস্থিত্বত ৰাখি কোনো লাভ উঠোৱা সম্ভৱ নহয়৷ সেয়ে মূলধনৰ বাবত দিয়া সূদক ভাড়াৰ ওপৰত ভিত্তি কৰাৰ কোনো অৱকাশ নাই৷

    (2)  প্ৰত্যেক বস্তু ব্যৱহাৰ অনুপাতে ক্ষতিৰ সন্মুখীন হৈ থাকে৷ যেনেঃ এবাৰ ব্যৱহাৰ হোৱা গাড়ী আৰু দহবাৰ ব্যৱহাৰ হোৱা গাড়ীৰ মাজৰ পাৰ্থক্য৷ তদ্ৰুপ ব্যৱহাৰ অনুপাতে বস্তু আদিৰ মোল আৰু মূল্য কমি যায়৷ সহজে বুজিব পৰা যায় যে ভাড়া কোনো বস্তু এটাৰ পৰা পোৱা লাভৰ ভিত্তিত দিয়া হয় আৰু বস্তু এটাৰ অৱস্থাৰ ওপৰত ভাড়াৰ পৰিমান নিৰ্ভৰ কৰে৷ মূলধন বা টকা যিহেতু এই শ্ৰেণীত নপৰে, গতিকে ভূমিৰ ওপৰত ভিত্তি কৰি টকাৰ সূদ দিয়াৰ প্ৰথা কোনোপধ্যেয় গ্ৰহণযোগ্য নহয়৷

    (3)  ভাড়াৰ বাবত গ্ৰাহকে নিয়া ভূমি, সঁজুলি বা গাড়ী ইত্যাদিৰ লাভ-লোকচানৰ সম্পূৰ্ণ দায়িত্ব মালিকৰ ওপৰত থাকে৷ গ্ৰাহকৰ ইচ্ছা ব্যতীত সকলো ধৰণৰ ক্ষতিৰ বাবে দায়ী গ্ৰাহক নহয়, বৰং মালিকেই লোকচান ভৰিবলগীয়া হয়৷ সেয়ে এইক্ষেত্ৰত ভাড়া আদায় নিয়াটো উচিতবোধ হব৷ তাৰ বিপৰীতে টকা ইত্যাদিৰ ক্ষেত্ৰত টকাৰ মালিকে কোনোধৰণৰ দায়-দাবি স্বীকাৰ নকৰে৷  যিকোনো কাৰণবশতঃ টকাৰ ক্ষতি হলে টকা নিওঁতাই সূদে-মূলে উভতাব লাগে৷ যিহেতু টকাৰ মালিকৰ ওপৰত কোনো ধৰণৰ দায়িত্ব নাথাকে, সেয়ে তেনেক্ষেত্ৰত টকাৰ ভাড়াস্বৰূপ সূদ নিয়াটো কোনো প্ৰকাৰে যুক্তিযুক্ত হব নোৱাৰে৷

       সেইবাবেই ইছলামে মূলধনৰ বাবত কোনো ধৰণৰ সূদ তথা একপক্ষীয় লাভক স্বীকাৰ নকৰে আৰু ধন বিনিয়োগকাৰীৰ ওপৰতো উদ্যোক্তাৰ সমানে লাভ-লোকচানৰ দায়িত্ব ন্যস্ত কৰি ব্যৱসায়িক সামঞ্জস্যতা স্থাপন কৰিছে৷

        আনহাতে ইছলামী আৰু অনৈছলামিক অৰ্থ-ব্যৱস্থাৰ মাজত দ্বিতীয়টো পাৰ্থক্য হল যে পূঁজিবাদেই হওক বা সমাজবাদেই হওক, উৎপাদনত প্ৰত্যক্ষভাৱে ভাগ লোৱা সকলোৰ মাজতহে লাভাংশ বন্টন কৰে৷ কিন্তু ইছলামী মতাদৰ্শ মতে প্ৰত্যেক বস্তুৰ প্ৰকৃত মালিক হল আল্লাহ আৰু প্ৰত্যেক উৎপাদনৰ আঁৰত মূখ্য উৎপাদনকাৰী হিচাপে আল্লাহ তা’আলাৰ ভুমিকা থাকে৷ আল্লাহৰ অনুগ্ৰহ ব্যতীত কোনো প্ৰচেষ্টাই কাৰ্যকাৰী নহয়৷ পাৰ্থিৱ জগতত আল্লাহ তা’আলাই কাৰোবাক কোনো সম্পত্তিৰ মালিক বনাই দিলেহে মালিকানা অধিকাৰ থাকে৷ যিহেতু আল্লাহ তা’আলাই উৎপাদনৰ ওপৰত প্ৰাথমিক অধিকাৰী, সেয়ে লাভাংশ বিতৰণত আল্লাহৰ বাবেও এটা অংশ নিৰ্ধাৰণ কৰি, সেই অংশটো আল্লাহৰ বান্দা (মানৱ) ৰ এটা বিশেষ শ্ৰেণীৰ বাবে নিৰ্দ্দিষ্ট কৰিছে ৷ আল্লাহ তা’আলাই পাৰ্থিৱ জগৎৰ লাভাংশৰ অধিকাৰী সকলোক দুটা শ্ৰেণীত ভাগ কৰিছে৷

   (ক)  প্ৰত্যক্ষভাৱে উৎপাদন প্ৰক্ৰিয়াত জড়িত সকল অৰ্থাৎ উদ্যোক্তা, শ্ৰমিক আৰু ভূমিদাৰ ইত্যাদিক ইছলামে প্ৰথম শ্ৰেণীত ৰাখিছে৷

   (খ)  যিসকলে দৰিদ্ৰতা, মূলধনৰ আভাৱ বা আন কোনো বাধ্যবাধকতাৰ বাবে প্ৰত্যক্ষভাৱে উৎপাদনত জড়িত হব পৰা নাই, সিহঁতক ইছলামে দ্বিতীয় শ্ৰেণীত ৰাখিছে৷ মানৱ সামাজৰ এজন সদস্যৰূপে ঔদ্যোগিক, ব্যৱসায়িক তথা প্ৰত্যেক উপাৰ্জনত এইটো শ্ৰেণীৰ বাবেও এটা অংশ ৰখা হৈছে৷

         এই দ্বিতীয় শ্ৰেণীৰ লোক সকললৈ সিহঁতৰ অংশ পঠিয়াবলৈ ইছলামে জাকাত, ফিতৰা, ছদক়া, কাফ্ফাৰা, কুৰবাণী,  উশ্বৰ (খেতিৰ দশাংশ) ইত্যাদিৰ ব্যৱস্থা কৰি দিছে৷ প্ৰথম শ্ৰেণীৰ প্ৰত্যেকজন ব্যক্তিৰ (যাৰ ধনৰ পৰিমাণ জাকাত ফৰজ হোৱা পৰিমানৰ হব ) ইছলামৰ এই আদেশ বাধ্যতামূলক যে নিজৰ ধনৰ পৰা চল্লিছ ভাগৰ এভাগ সেই দৰিদ্ৰ-নিঃকীন সকললৈ পঠিয়াই দিব৷ এইটো ধনৱান সকলে কৰা গৰীবৰ ওপৰত কোনো অনুগ্ৰহ নহয়, বৰং সম্পত্তিশীল ব্যক্তিৰ ওপৰত থকা দুঃখীয়া সকলৰ অধিকাৰ৷ যিটো অধিকাৰ ইছলামে সিহঁতক দিছে৷ কোৰ’আনত কোৱা হৈছেঃ

“والذين في اموالهم حق معلوم. للسائل والمحروم.

 অৰ্থঃ  “তেওঁলোকৰ সম্পত্তিৰ ওপৰত দৰিদ্ৰ আৰু বঞ্চিত সকলোৰ বাবে এটা নিৰ্দ্দিষ্ট অংশ আছে”

সেইদৰে শষ্য ইত্যাদিৰ ক্ষেত্ৰত কোৱা হৈছেঃ

 “واتوا حقه يوم حصاده

অৰ্থঃ  “খেতি চপোৱাৰ দিনা তেওঁলোকৰ প্ৰাপ্য দি দিয়া ৷”

      মন কৰিবলগীয়া যে দুয়োটা স্থানতেই গৰীব-দুখীয়াৰ অধিকাৰ বুলি উল্লেখ কৰা হৈছে৷ আমি ভবাৰ দৰে উপকাৰ বা অনুগ্ৰহ বুলি আল্লাহে ক’তো কোৱা নাই৷

     ইছলামৰ নিৰপেক্ষ অধ্যয়ন কৰিলে বুজা যায় যে একমাত্ৰ ইছলামী আদৰ্শক উচিত যত্ন দিব পাৰিলেহে সম্পদৰ বিতৰণত পূঁজিবাদৰ তুলনাত কেইবাগুণে অধিক সাম্যতা (EQUALISATION) স্থাপন কৰিব পৰা যাব৷ সম্পত্তিৰ বিতৰণ প্ৰক্ৰিয়াত সমাজবাদ মতাদৰ্শ সমুলি ইছলামী আদৰ্শৰ পৰিপন্থী৷ পূঁজিবাদত কিছু সদৃশতা আছে, সেয়ে সামান্য তুলনামূলক দৃষ্টিনিক্ষেপ কৰা হৈছে৷

        উদাহৰণ স্বৰূপ সূদৰ কথাটোকেই আকৌ উল্লেখ কৰা হল৷ সূদৰ অবৈধতাক স্বীকাৰ কৰিলে মূলধনৰ পৰিৱৰ্তে সূদ দিয়াৰ কোনো প্ৰথা নাথাকিব৷ কাৰণ তেনেৱস্থাত মূলধন বা পূঁজিৰ গৰাকীও ব্যৱসায়িক অংশিদাৰ থাকিব আৰু লাভ-লোকচানৰ দায়িত্বত সমান থাকিব৷ তেতিয়া এজন ব্যক্তিয়ে বেংকৰ পৰা 90 লাখ টকা সূদৰ ভিত্তিত নলৈ অংশিদাৰী হিচাপে লেন-দেন কৰিব৷ যদি লেন-দেন 60%আৰু 40% ৰ হয়, তেন্তে 50 লাখ টকাৰ মাজত 30 লাখ টকা বেংকলৈ আদায় দিব লাগিব৷ ফলত বেংকৰ গ্ৰাহকে পাবলগীয়া অংশ পূৰ্বৰ তূলনাত বাঢ়ি যাব৷ আনহাতে বেংকলৈ আগবঢ়োৱা লাভৰ শতাংশ উৎপাদিত সামগ্ৰী ইত্যাদি বিক্ৰী হোৱাৰ পিছতহে দিব লাগিব৷ ফলত বেংকলৈ দিয়া 30 লাখ আকৌ বজাৰৰ গ্ৰাহকৰ পৰা সামগ্ৰীৰ মূল্য আৰু লাভস্বৰূপ উভতাই নিয়া নহব৷ যাৰ ফলত বজাৰত মূল্যবৃদ্ধিৰ সমস্যা নহয় ৷

          অনুৰূপ লাভৰ যিটো পৰিমান উদ্যোক্তাই লাভ কৰিলে আৰু উদ্যোক্তাৰ মাধ্যমত অইন লোকে লাভ কৰিলে, তাৰ পৰাও যাকাৎ, ফিৎৰা, ছদকা ইত্যাদিৰ যোগেদি এটা অংশ সমাজৰ দূঃখীয়া সকললৈ কঢ়িয়াই নিয়া হব ৷ কোৱাবাহুল্য ইছলামে সম্পত্তিৰ বিতৰণ কেৱল পূঁজিপতি সকলৰ মাজতে সীমিত নাৰাখি প্ৰত্যেক শ্ৰেণীৰ মানুহলৈ সম্পদৰ বিলোৱাৰ ব্যৱস্থা কৰিছে৷

     যেতিয়া বিশ্বব্যাপী বাণিজ্যিক বিপৰ্যয় প্ৰকট হল, যিটো শিল্প-বিপ্লৱৰ কাৰণ আছিল আৰু প্ৰত্যেক পৰিক্ষণত প্ৰতিটো অৰ্থ-ব্যৱস্থা ব্যৰ্থ হৈছিল, হতাশ হৈ প্ৰতিটো অৰ্থনীতি অনেক প্ৰকাৰে সংশোধিত কৰা হল, তথাপি নিৰাশ হৈছিল৷ এক নতুন সফল আৰু উজ্জল ভৱিষ্যতমুখী অৰ্থনীতিলৈ বাট চাই থকা হৈছিল৷ তেতিয়া কোনো এখন ইছলামী ৰাষ্ট্ৰই ইছলামৰ এই দুৰ্দৰ্শী অৰ্থনীতি বিশ্ব দৰবাৰত দাঙি ধৰাত অপৰাগ হোৱাটো আমাৰ বাবে দূঃখজনক আৰু লজ্জাজনক৷ কিন্তু সাম্প্ৰতিক বিশ্বই যিদৰে ইছলামৰে জ্ঞাত হৈছে, ইছলামী আদৰ্শৰে পৰিচিত হৈছে, সেই দিনটো আৰু অতীত হৈ নাথাকে যে ইছলামী অৰ্থনীতিৰে বিশ্বই এক নতুন সমাধান আৱিষ্কাৰ কৰিব৷ যাৰ অপেক্ষাতেই কিমান বিত্তীয় অনুষ্ঠান দেউলীয়া হল, কিমান বিনিয়োগ অথলে গল৷ সেয়ে আজি ইছলামিক অৰ্থনীতি আৰু বেংকিং ব্যৱস্থাৰ দাবি বিশ্বৰ চাৰিওপিনে সজোৰে বিস্তাৰণ লভিছে৷ ইতিমধ্যে ইউৰোপকে ধৰি বিশ্বৰ কেইবাখন দেশত ইছলামৰ সূদমুক্ত অংশীদাৰী বেংকিং ব্যৱস্থা সক্ৰিয় হৈছে৷

      সেই মহুৰ্তটো সূদুৰ নহয় যে বিশ্ববাসীয়ে উপলব্ধি কৰিব 1400 বছৰ পূৰণি জীৱন-ব্যৱস্থা, সমাজ-ব্যৱস্থা তথা অৰ্থ-ব্যৱস্থাৰ কি পৰিমান সৎ, নিষ্ঠ, দূৰ্দৰ্শীতাৰ ওপৰত ভেঁটি ৰখা হৈছিল৷ লগতে এইটোও অনুধাৱন হব যে কি কাৰণ আছিল ইছলামৰ প্ৰাৰম্ভিক কালত আৰু এতিয়া আকৌ এবাৰ ইছলামৰ পিনে লোক ধুমুহাৰ গতিত আগবাঢ়িছে৷ ইছলাম তৰোৱালৰ জোৰত বিয়পা কথাটোক ইতিমধ্যে বিশ্ববাসীয়ে নাকচ কৰিছে৷ অনুৰাগীয়েই হওক বা বিৰোধীয়েই হওক, সকলে একমুখে স্বীকাৰ কৰিছে যে ইছলামৰ দৰে সু-সংবিধানিক আৰু সু-শৃঙ্খল জীৱন-ব্যৱস্থাৰ বিস্তাৰণৰ বাবে কেতিয়াও অস্ত্ৰ আৰু বলপ্ৰয়োগৰ  প্ৰয়োজন নপৰে৷ ইতিহাসৰে জ্ঞাত সকলে কথাটো অতি সহজেই বুজিব পাৰিব৷

আগলৈ……