ফিৎৰা (فطرة)

Share :

ফিৎৰা (فطرة) আৰবী শব্দ, যাক ইছলামত যাকাতুল ফিৎৰ বা ছাদাকাতুল ফিৎৰ বুলি কোৱা হয়! ফিৎৰা বা ফাতুৰ কোৱাত খাদ্য দ্রব্য বোজোৱা হয় যাৰ দ্বাৰাই ৰোজাদাৰ সকলে ৰোজা ভাঙে। ফিৎৰা কোৱা হয় ঈদুল ফিতৰ উপলক্ষে গৰীব দুঃখিয়াৰ মাজত ৰোজাদাৰ সকলৰ বিতৰণ কৰা দানক। ৰোজা পালন কৰাৰ পিছত সন্ধ্যিয়াত ইফতাৰ বা খাদ্য গ্রহন কৰা হয় সেই কাৰণে ৰামজান মাহৰ শেষৰ দানক যাকাতুল ফিৎৰ বা আহাৰৰ যাকাত কোৱা হয়।

► ফিৎৰাৰ বিধানঃ

ফিৎৰা আদায় কৰা ওয়াজিব। ৰাছুলুল্লাহ (ছা:)মে মুছলিম জাতিৰ ওপৰত আবশ্যক কৰিছে! হজৰত আব্দুল্লাহ ইবনে ওমৰ (ৰা:) পৰা বর্ণিত, তেও কৈছে

”গোলাম,স্বাধীন,পুৰুষ,মহিলা ,সৰু ,ডাঙৰ সকলো মুছলিমৰ ওপৰত ৰাছুলুল্লাহ (ছা:) এক ‘ছাআ খিজুৰ, নাইবা এক ‘ছাআ গম যাকাতুল ফিৎৰ ফৰজ কৰিছে আৰু নামাজৰ আগতেই আদায় কৰিবলৈ নির্দেশ দিছে।(ছহীহ বোখাৰী ও মুছলিম)

হজৰত ৰাছুলুল্লাহ (ছা:) যি কামৰ আদেশ কৰিছে সেইটো আল্লাহ তায়ালাৰ আদেশ কৰাৰ সমতুল্য। তাৰ প্ৰমাণ হল আল্লাহৰ ঘোষণা –

যিয়ে ৰাছুলুল্লাহ:( ছা:)ৰ হুকুম মান্য কৰিলে, তেও আল্লাহৰ হুকুম মান্য কৰিলে। আৰু যিয়ে অমান্য কৰিলে মই আপোনাক তেওঁলোকৰ বাবে পর্যবেক্ষণকাৰী কৰি পঠোৱা নাই। (ছুৰা নিছা:80)

► মাছআলা:

১। প্রত্যেক স্বাধীন মোছলমানৰ ওপৰত ফিৎৰা আদায় কৰা ওয়াজিব। যাৰ কাষত ঈদৰ দিন নিত্যু প্রয়োজনীয় দ্রব্য (ঘৰ, কাপোৰ, গাড়ি ইত্যাদি) অতিৰিক্ত সম্পদ থাকিব,তেওৰ ওপৰত ছদকায়ে ফিৎৰা ওয়াজিব। (আল জাওহাৰাতুন নিয়াৰাহ: 1/170)


২। ছদকায়ে ফিৎৰা ওয়াজিব হওৱাৰ বাবে পুৰ্ণ বছৰ থকা আবশ্যক নহয়। ফিৎৰা অপ্রাপ্ত বয়সৰ ল’ৰা ছোৱালী সকলৰ পক্ষৰ পৰা পিতাই আদায় কৰিব। যি ব্যক্তি ওজৰবশত বা গাফলতি কৰি ৰোজা ৰখা নাই তেওঁলোকেও ছদকায়ে ফিৎৰা আদায় কৰিব লাগিব।


৩। যি ব্যক্তি মালিকে নেছাব তেওঁ যদি ঈদৰ দিন ছুবহে সাদিকৰ সময় খিনি পাই তেনেহলে তেওঁৰ ওপৰত ফিৎৰা আদায় কৰা ওয়াজিব। ইয়াৰ দ্বাৰা বুজা যায় যদি কোনো ব্যক্তি ঈদৰ দিনা ছুবহে সাদিকৰ আগতেই ইন্তেকাল কৰে তেনেহলে তেওঁৰ ফালৰ পৰা ফিৎৰা আদায় কৰা ওয়াজিব নহয়। সেই দৰেই যদি ছুবহে সাদিকৰ পিছত যদি কোনো শিশু জন্ম গ্রহণ কৰে তাৰ ফালৰ পৰাও ফিৎৰা আদায় কৰা ওয়াজিব নহয়। কিন্তু যদি কোনো ব্যক্তি ছুবহে সাদেছিকৰ আগতেই ইছলাম গ্রহণ কৰে বা কোনো শিশু জন্ম গ্রহণ কৰে তেনেহলে তেওঁলোকৰ ওপৰতো ফিৎৰা ওয়াজিব। (ফাতাৱায়ায়ে আল মগিৰী: 1/192)


৪। দৰিদ্ৰ সকলেই বেছি ছদকাতুল ফিৎৰাৰ হকদাৰ।দৰিদ্ৰ জন সেই গাওঁৰেই স্থায়ী হক বা অস্থায়ী। কিন্তু যদি তাৰে গাওঁৰ কোনো হকদাৰ নাথাকে বা হকদাৰ চিনি পোৱা অসম্ভব হয়,তেনেহলে তেওঁৰ ফালৰ উকিল নিযুক্তী কৰিব আৰু সেই উকিল জনে উপযুক্ত ব্যক্তি খুঁজি তেওঁৰ ছদকাতুল ফিৎৰা আদায় কৰি দিব। গৰীব ফান্ড থকা মাদ্ৰাছাতো দিব পাৰি ! এজনৰ ছদকাতুল ফিৎৰা কেইবাজনো ফকিৰক দিব পাৰি আৰু কেইবাজনৰ ছদকাতুল ফিৎৰা এজন মিছকিনকও দিব পাৰি। (দুৰ্ৰ মুখতাৰ 2/367)


ছদকাতুল ফিৎৰাৰ পৰিমাণ : ইছলামি শ্বৰিয়া হিচাপে ,,আটা, খিজুৰ, কিছমিছ, পনিৰ ও যব ইত্যাদি যি কোনো এটাৰ মাধ্যমত ফিৎৰা প্রদান কৰা যায়। আটাৰ মাধ্যমত ফিৎৰা আদায় কৰিলে জনপ্রতি 1633 গ্রাম বা ইয়াৰ বজাৰ মূল্য আদায় কৰিব লাগিব ! গুৱাহাটীৰ হিলাল কমিটিয়ে তাৰ মূল্য 50টকা নিৰ্দিষ্ট কৰিছে ! খিজুৰৰ মাধ্যমত আদায় কৰিলে 3300 গ্রাম বা তাৰ মূল্যে, কিছমিছৰ মাধ্যমত আদায় কৰিলে 3300গ্রাম বা তাৰ বজাৰ মূল্য,আৰু পনিৰ বা যব দি আদায় কৰিলে 3300গ্রাম বা তাৰ মূল্য দিব লাগিব !

আল্লাহ আমাক ফিৎৰা আদায় কৰাৰ তৌফিক দিয়ক ! আমিন