“১৫ ৰমজানৰ শুকুৰবাৰে বৃহৎ বিস্ফোৰণ – সত্যতা কি?

Share :

“ৰমজানৰ অৰ্ধৰ শুকুৰবাৰে নিশা এক বিকট চিঞৰ বা বিস্ফোৰণ ঘটিব, যিয়ে শুই থকাসকলক জগাই তুলিব”

প্ৰশ্ন : কিছু দিন ধৰি এটা পোষ্ট বা ভিডিঅ আদি ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত এটি হাদীছ বর্ণিত হৈছে যে –

“১৫ ৰমজানৰ শুকুৰবাৰে ৰাতিপুৱা এক বৃহৎ বিস্ফোৰণ বা বিকট শব্দ শুনা যাব। তেতিয়া নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি ছুবহানুল-কুদ্দূচ পাঠ কৰাসকলে ৰক্ষা পাব আৰু নকৰিলে বিনাশ হ’ব।”
       এই হাদীছ কিমান সত্য?

উত্তৰ:

  এই হাদীছটি ইবনে নুআইমে কিতাবুল-ফিতান ত বর্ণনা কৰিছে, হাদীছটো তলত উল্লেখ কৰা হ’ল –

حدثنا أبو عمر، عن ابن لهيعة، قال: حدثي عبد الوهاب بن حُسَيْنِ، عَنْ مُحَمَّدِ بْنِ ثَابِتِ المَانِي، عَنْ أَبِيهِ، عَنِ الحارث الهمذاني، عن ابن مسعود رضي الله عنه، عن النبي صلى الله عليه وسلم قال: «إذا كانت صيحة في رمضانَ فَإِنَّهُ يَكُونُ مَعْمَعَةٌ في شَوَّالٍ، وتميز القبائل في ذِي الْقَعْدَةِ، وَتَسْمَاء الدِّمَاء في المحرم ، يقولها ثلاثا هَيْهَاتُ فيهات يُقْتَلُ النَّاسُ فيها هرجا فرجا» قَالَ: قُلْنَا: وَمَا الصَّيْحَةُ يَا رَسُول الله؟ قال: ” هَدة في النصاب من رمضان ليلة جمعة، فتكون هذة توقظ النائم، وتقعدُ الْقَائِمَ، وَتُخْرِجُ العوائق من خدورهن، في ليلة جمعة، في سنة كثيرة الزلازل، فَإِذَا صَلَّيْتُمُ الْفَجْرَ مِن يَوْمَ الْجُمُعَةِ فَادْخُلُوا يُوتِكُمْ، وَاعْلَقُوا أبوائِكُمْ، وَسُدُّوا كَوَاكُمْ، وَدِتْرُوا أَنفُسَكُمْ، وَسُدُّوا أَدانَكُمْ، فَإِذَا حَسَنتُمْ بِالصَّيْحَةِ فَحِرُّوا لِلَّهِ سُجَّدًا، وَقُولُوا: سُبْحَانَ القدوسي، سبحان القدوس، رَبُّنَا القُدُّوسُ، فَإِنَّ مَنْ فَعَلَ ذَلِكَ نَجَا، وَمَنْ لَمْ يَفْعَلْ ذَلِكَ هَلَكَ (كتاب الفص لنعيم بن حماد بن ج 1 ص 228 ط مكتبة التوحيد – القاهرة )

অনুবাদ:
  হজৰত আব্দুল্লাহ বিন মাছুদ (ৰাঃ)-এ বর্ণনা কৰিছে যে আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “ৰমজান মাহত যদি চিঞৰ/ বিস্ফোৰণ শুনা যায়, তেন্তে শ্বাৱাল মাহত হুলস্থুল হ’ব, আৰু জিলক্বাদা মাহত জনগোষ্ঠীসমূহৰ বিদ্ৰোহ হ’ব, আৰু  জিলহজ্জ মাহত ৰক্তাক্ত হব, আৰু মুহৰম মাহৰ কথা কিনো কবা?
 
মুহৰম কেনেকুৱা মাহ হ’ব? আমি সুধিলোঁ, হে আল্লাহৰ ৰাছুল, এই চিঞৰ কেনেকুৱা হ’ব? তেওঁ (ছঃ) ক’লে: ৰমজানৰ অৰ্ধত শুকুৰবাৰে নিশা এটা চিঞৰ বা বিস্ফোৰণ হ’ব, যিয়ে শুই থকাসকলক জগাই তুলিব, থিয় হৈ থকাসকলক বহিবলৈ দিব, আৰু সম্ভ্ৰান্ত মহিলাসকলে নিজৰ নিৰ্জন স্থানৰ পৰা ওলাই আহিব। এতিয়া ভূমিকম্প সঘনাই আহিব। আৰু শুকুৰবাৰে ফজৰ নামাজ পঢ়ি ঘৰত প্ৰৱেশ কৰি দুৱাৰ খিৰিকী বন্ধ কৰি কাপোৰেৰে কাণ ঢাকি ৰাখিবা। আৰু যদি বিকট শব্দ অনুভৱ কৰা তেন্তে আল্লাহৰ ওচৰত, “চুবহানুল-কুদ্দূচী, “চুবহানুল-কুদ্দূচ, ৰাব্বুনাল-কুদ্দূচ” পাঠ কৰা।
   যিজনে এনে কৰিব তেওঁ পৰিত্ৰাণ পাব আৰু যিজনে নকৰিব তেওঁ বিনষ্ট হ’ব।

উপৰোক্ত পৰম্পৰাটো তলৰ গ্ৰন্থসমূহত শব্দৰ সামান্য পাৰ্থক্যৰে তিনিটা ধৰণে উল্লেখ কৰা হৈছে।

1- المستدرك على الصحيحين ، ج 4، ص : 563، ط: دار الكتب العلميه )

2- كنز العمال ج : 14 ص : 570

3- مسند للشاشی : ج 2 ص 262 ، ط : مكتبة العلوم والحكم – المدينة المنورة )

(المعجم الأوسط للطبراني ، ج 1، ص : 163، ط دار الحرمين – القاهرة 5 مجمع الزوائد ومنبع القوائد للهيثمي ج 7، ص 310، ط: مكتبة القدسي 6- السنن الواردة في الفتن للداني، ج 5ص 972، ط دار العاصمة.)

◼️ হাদীছটিৰ তিনিটা ছনদৰ প্ৰথমটো চনদৰ (ধাৰাবাহিক তথ্যউৎস) পৰীক্ষা :

ক- উক্ত চনদত দুজন বৰ্ণনাকাৰী দেখা গৈছে :

মুছলিমা বিন আলী,
নুআইম বিন হামাদ।

১. হাফিজ আবু আব্দুল্লাহ আল হাকিমে মুচতাদৰাক আল হাকিমত কৈছে:
  মুছলামা প্ৰমাণিত হোৱাৰ যোগ্য নহয়। (“مسلمة ممن لا تقوم الحجة به “.)

  ২. ইমাম নাছাই, ইমাম দাৰ কুতনী আৰু ইমাম জাহাবীয়ে কয় : এইটো এটা অচল আৰু অগ্ৰাহ্য হাদীছ ।

  খ- নুআইম বিন হামাদৰ বিষয়ে মুহাদ্দীছসকলে কৈছে:
    “তেওঁ সত্য কিন্তু বহুত ভুল কৰে।”

  ◾ হাদীছৰ ২য় চনদ (ধাৰাবাহিক তথ্যউৎস ) ৰ পৰীক্ষা :

ইয়াত তিনি ধৰণৰ দুৰ্বলতাৰ কাৰণ (ইলাল) পোৱা যায় :

১- বৰ্ণনাকাৰী আব্দুল ৱাহিদ আৰু আবু হুৰাইৰাহ ৰাঃ মাজত ব্যৱধান পোৱা গৈছে ।

২- আব্দুল ৱাহিদ বিন কাইছ স্মৃতি শক্তিৰ ক্ষেত্ৰত বিতৰ্কিত ব্যক্তি।

৩-  আন্বাছা বিন আবি চাগীৰাহ,
ইমাম আউজায়ীৰ পৰা হাদীছ বৰ্ণনা কৰাত অকলশৰীয়া।

(বিতংভাৱে জানিবলৈ আল-তাহজীব ৪৩৯/৬-৪৪০ চাওক)

◾ হাদীছৰ তৃতীয় চনদ (ধাৰাবাহিক তথ্যউৎস ) ৰ পৰীক্ষা :

হাদীছৰ তৃতীয় চনদত, সকলো কথা বৰ্ণনাকাৰী “শ্বহৰ বিন হাউছাব” ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

▪️আল্লামা ইবনে হাজাৰে শ্বহৰ বিন হাউছাবৰ বিষয়ে লিখিছে:

شهر ابن حوشب الأشعري الشامي مولى أسماء بنت يزيد ابن السكن صدوق كثير الإرسال والأوهام)

অৰ্থাৎ – তেওঁ সত্যবাদী যদিও বহু ইৰচাল ইদহামৰ গৰাকী । ” “

(ইবনে হাজাৰ আল-আছকালানীৰ তহজীব আল-তাহজীব, পৃষ্ঠা: ২৬৯, আল-ৰছিদ)

▪️ইবনে আউন (ৰাঃ)-এ কৈছে :

أن شهر بن حوشب قد تركوه:
অৰ্থাৎ – “মুহাদ্দীছসকলে শ্বহৰ বিন হাউছাবক পৰিত্যাগ কৰিছে।”

(الكامل في ضعفاء الرجال لابن عدى، ج 5 ص 59، ط: دار الكتب العلمي بيروت )

▪️ইমাম নাছাইয়ে কৈছে: “শ্বহৰ বিন হাউছাব শক্তিশালী (বৰ্ণনাকাৰী) নহয়।”

(আল-জাহবীৰ দ্বাৰা চেৰ উলাম আল-নাবুলা, খণ্ড ৪, পৃষ্ঠা ৩৭৪, তা আল-ৰছালাহ)

◼️ সাৰাংশ :

মুঠতে কথা হল যে যদিও কিছুমান মুহাদ্দীছে শ্বহৰ বিন হাউছাবক সমৰ্থন কৰিছে, তথাপিও গৰিষ্ঠসংখ্যকে ইয়াক দুৰ্বল বুলি ঘোষণা কৰিছে।

◾ এই হাদীছ সম্পৰ্কে মুহাদ্দীছসকলৰ মন্তব্য :

১- আল্লামা উকাইলিয়ে লিখিছে:

ليس لهذا الْحَدِيثِ أَصل مِنْ حَدِيث لِقة، ولا من وجه
(نشست الضعفاء الكبير للعقيلي، ج 3، ص : 52، ط: دار الكتب العلمي )

অৰ্থাৎ – এই হাদীছৰ কোনো মূল নাই।

২- আল্লামা শ্বুআইবিয়েও ইয়াক মনেসজা (ফেব্ৰিকেচন) বুলি অভিহিত কৰিছে।

(مختصر تلخيص الذهبي، ج 7ص 3418 ، دار العاصمة)

৩- এই হাদীছ উল্লেখ কৰাৰ পিছত ইমাম হাকিমে লিখিছে-
وَهُوَ حَدِيث غريب المتن.

অৰ্থাৎ–  এই হাদীছটি দূৰ্বল মতনৰ।

(المستدرك على الصحيحين ج 4، ص : 563، ط: دار الكتب العلميه)(الموضوعات لابن جوزی ج 3 ص 190ط محمد عبد المحسن صاحب المكتبة السلفية بالمدينة المنورة)

৪- আল্লামা ইবনে জাওযিয়ে এই হাদীছৰ তিনিওটা চনদ উল্লেখ কৰাৰ পিছত লিখিছে :

এইটো ৰাছুলুল্লাহৰ বিষয়ে হাদীছ বুলি মিছাকৈ সজোৱা হৈছে।

  ৫- আল্লামা ইবনুল কায়্যিমে কৈছে:

ভৱিষ্যতৰ তাৰিখৰ লগত জড়িত এনে হাদীছ (য’ত দিন আৰু তাৰিখ নিৰ্দিষ্ট কৰা হয়) বৈধ নহয়। যেনে- ৰমজানত বিকট চিঞৰ সম্পৰ্কে হাদীছ।

(المنار المنيف في الصحيح والضعيف لابن القيم، ص: 110، ط: مكتبة المطبوعات الإسلامية)

  ৬- আল্লামা নুৰুদ্দিন মিশ্মিয়ে কৈছে:
 
এই হাদীছটো তাবৰাণীয়ে মুজামুল আউছাতত বৰ্ণিত কৰিছে আৰু ইয়াৰ চনদৰ শ্বহৰ বিন হাউছাবক এজন দুৰ্বল বৰ্ণিত হিচাপে ঘোষণা কৰিছে।

( مجمع الزوائد ومنبع الفوائد للهيثمي ، ج 7، ص 310، ط: مكتبة القدسي)

৭- আল্লামা ছুয়ুতিয়ে উক্ত হাদীছক নিজৰ কিতাপত মনেসজা (মওজু) হাদীছৰ তালিকাত তিনিটা ধৰণে উদ্ধৃত কৰিছে।

৮- শ্বেখ আব্দুল আজিজ বিন বাজ ৰাঃ এ কৈছে:

এই হাদীছৰ কোনো ভিত্তি নাই, বৰঞ্চ ই গোটা মিছা। আৰু এয়া নিশ্চিত যে এই দিন অইন তাৰিখত পূৰ্বেও বহুবাৰ মিলি গৈছে কিন্তু এই হাদীছত  এটি বিকট চিঞৰ কথা উল্লেখ কৰা মতে একো হোৱা নাই, বা নাছিল। গতিকে এই হাদীছৰ প্ৰচাৰ অনুমোদিত নহয়, বৰঞ্চ ইয়াৰ অবৈধতাৰ বিষয়ে সতৰ্ক কৰাহে প্ৰয়োজনীয়।

আৰু এজন মুছলমানে জনা উচিত যে তেওঁ সকলো সময়তে আল্লাহক ভয় কৰিব লাগে আৰু আল্লাহে আল্লাহে নিষেধ কৰা কামবোৰ মৃত্যুৰ আগলৈকে পৰিহাৰ কৰিব লাগে, আল্লাহে কোৱাৰ দৰে মৃত্যুলৈকে বেছি বেছিকৈ ইবাদত কৰি থাকিব লাগে ।

  আৰু আল্লাহে কৈছে:
হে মুমিনসকল! আল্লাহক ভয় কৰা, যেনেকৈ তেওঁক ভয় কৰা উচিত, আৰু কেৱল মুছলিম হৈহে মৃত্যুবৰণ কৰিবা।

নবী (ছঃ) এ হজৰত মুআজক এবাৰ ক’লে, য’তেই নাথাকা কিয়, আল্লাহক ভয় কৰা আৰু পাপ কৰাৰ লগে লগে ভাল কাম কৰা, ভাল কামে সেই পাপ মচি পেলাব। আৰু লোকৰ লগত ভাল আচাৰ-ব্যৱহাৰ কৰিবা।

গতিকে ৰমজান আৰু ৰমজানৰ বাহিৰতো (সকলো সময়তে) ধৰ্মপৰায়ণতা আৰু সত্যৰ প্ৰতি অটলতা আৰু আল্লাহৰ সকলো ভাবুকিৰ পৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু ধাৰাবাহিকতা বহুতো আয়াত তথা হাদীছৰ দ্বাৰা প্ৰমাণিত হয়।

(ফতাৱী ইবনে বাজৰ সংকলন, খণ্ড: ২৬, পৃষ্ঠা: ৩৩৯)

◾  সামৰণি :

শেষ কথা এয়াই যে হাদীছৰ প্ৰামাণ্যতাৰ বহুত দুৰ্বলতা পোৱা গৈছে। একাংশ লোকে এই হাদীছক মনেসজা বুলিও আখ্যা দিছে। গতিকে এই হাদীছৰ বৰ্ণনা আৰু প্ৰচাৰ কৰাটো শুদ্ধ নহয়।

মূল – দাৰুল ইফতা কৰাছী।
ভাষান্তৰ –  এম ইউছুফ কাছিমী (সম্পাদক, NE PEACE)