ইতিহাসৰ প্ৰথম শান্তিসংঘ : হিলফুল ফুজুল- মুহাম্মদ ছাঃ ৰ সংগঠন

Share :

জানক মুহাম্মদ ছাঃ ৰ যুৱকালৰ সংগঠনৰ বিষয়ে :

হিলফুল ফুজুল (আৰবীত- حلف الفضول ‎, ইংৰাজীত Hilful Fujul : a 5th-century alliance) :

ফুজুল ‘ফাজল’ শব্দৰ বহুবচন। যাৰ অর্থ হল কল্যাণ বা মঙ্গল , আৰু হিলফৰ অর্থ শপত। এতেকে হিলফুল ফুজুলৰ অৰ্থ হল, কল্যাণসমূহ বা মঙ্গলসমূহৰ শপত।

হিলফুল ফুজুল এক মিত্ৰতা বা সংঘ । ইয়াক পৃথিৱীৰ সৰ্বপ্ৰথম সংগঠন বুলিও কব পাৰি ।কাৰণ ইয়াৰ পূৰ্বে সম্পূৰ্ণ সংগঠনৰ ৰূপত গঠিত কোনো মঞ্চ, গোট বা দলৰ কথা উল্লেখ পোৱা নাযায়।

পটভূমি :
আৰব দেশৰ মক্কা নগৰত তাৰ আটাইতকৈ প্ৰভাৱশালী তথা মৰ্যাদাশীল বংশ, কুৰাইশ্ব বংশৰ নিজৰ মাজতে পূৰ্বৰে পৰা নানা ধৰণৰ সমস্যা, ফিতনা আদিৰে জৰ্জৰিত হৈ চলি আছিল। ইফালে ‘ফিজ’ নামৰ যুদ্ধৰ পৰিণতিত কুৰাইশ্বসকলে বুজিব পাৰিলে যে , মক্কা নগৰৰ অৱনতিৰ মূল কাৰণ হল নিজৰ মাজৰ সংঘৰ্ষ, গৃহ বিবাদ, হাই কাজিয়া ইত্যাদি। গতিকে এনে ক্ষতি সাধন আৰু সমস্যা আদিৰ পৰা ৰক্ষা পাবলৈ, আৰু নিজৰ দেশক সুৰক্ষা প্ৰদান কৰিবলৈ এক দলবদ্ধ পদক্ষেপৰ প্ৰয়োজন অনুভৱ কৰি, সকলোৱে মিলি হালফুল ফুজুল নামৰ সংগঠনটোৰ জন্ম দিছিল।

আচলতে ইয়াৰ আঁৰত আছে এক ঘটনা বিশেষ। এজন বাহিৰৰ মানুহ (বিদেশী), বিক্ৰী কৰিবলৈ মক্কাত সামগ্ৰী লৈ আহিছিল, আৰু আছ ইবনে ৱায়েল নামৰ এজন ব্যক্তিয়ে তেওঁৰ পৰা এই সামগ্ৰী ক্ৰয় কৰি তাৰ মূল্য আদায় কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছত এই মানুহজনে মক্কাৰ নেতৃবৰ্গ লোকৰ ওচৰত সহায় বিচাৰি গল। তেতিয়া তেওঁলোকৰ এটা দলে তেওঁক সহায় কৰিলে আৰু কিছু সংখ্যকে তেওঁক নিৰাশ কৰিলে।
গতিকে তেওঁলোকে আল-আছ বিন ৱায়েলৰ ওচৰলৈ গৈ তেওঁৰ পৰা মানুহজনৰ প্ৰাপ্য অধিকাৰ চমজাই দিলে।
এই ঘটনাৰ পিছতেই আব্দুল্লাহ বিন জাদানৰ ঘৰত কুৰাইশ্বৰ সেই জনগোষ্ঠীৰ কেইটা একগোট হৈ মক্কাত যিকোনো নিপীড়িতক সহায় কৰাৰ প্ৰতিজ্ঞাৰে উক্ত শপত গ্ৰহণ(মিত্ৰতা) অনুষ্ঠান আয়োজন কৰা হল।

সংগঠনৰ জন্ম :

এই শপত আছিল আৰবসকলৰ মতে, তেঁওলোকৰ বোধগম্যত আটাইতকৈ সন্মানীয় তথা মৰ্যাদাপূৰ্ণ শপত। যত জুবাইৰ ইবনে আব্দুল-মুত্তালিব সৰ্বপ্ৰথম মাত মাতিছিল আৰু মিত্ৰতাৰ সন্দৰ্ভত আলোচনা কৰিছিল।

 সংগঠনটো পাচ শতিকাৰ ৫৯০ খৃষ্টাব্দত, আৰবসকলৰ চাৰি পৱিত্ৰ মাহৰ, এক মাহত অৰ্থাৎ যিলকদ মাহত প্রতিষ্ঠিত হয়। সংগঠনটো আৰব দেশৰ মক্কা নগৰত ১৫ টা গোত্ৰ তথা জনগোষ্ঠীৰ নেতৃত্ববৃন্দৰ মাজত আলোচনা বিলোচনা মৰ্মে, প্ৰতিশ্ৰুতিবদ্ধ হৈ গঠন হৈছিল হৈছিল। যত অংশগ্ৰহণ কৰা মূল চাৰিটা বংশ আছিল ক্ৰমে : 

১) হাশ্বিম গোত্ৰ। (بنو هاشم بن عبد مناف)
২) মুত্তালিব গোত্ৰ । (بنو المطلب بن عبد مناف)
৩) জুহৰা গোত্ৰ। (بنو زهرة بن كلاب) 
৪) তায়িম গোত্ৰ। (بنو تيم بن مرة)

আৰু কুৰাইশ্ব বংশৰ জনগোষ্ঠীসমূহ হ’ল:

বানু আব্দ মানাফ,
বানু আব্দু ইবনে কুছাই ইবনে কিলাব,
বানু আব্দুল-দাৰ,
বানু আব্দুল উজ্জা,
বানু তৈম ইবনে মুৰাহ,
বানু জাহৰা ইবনে কিলাব,
বানু মাখজুম বিন ইয়াকজা বিন মুৰা,
বানু আদি বিন কাব,
বানু চাহাম,
বানু জামাহ, (আমৰ ইবনে হুছাইছ বিন কাবৰ পুত্ৰ)
আৰু বানু হাছাল বিন আমিৰ।

(উৎস- মহম্মদ বিন হাবিব আল-বাগদাদী, আল-মুবাৰক, বেইৰুট: দাৰ আল-আফাক আল-জাদীদা, পৃষ্ঠা ১৬৭)

সংগঠনটোৰ আলোচনা আৰু প্ৰস্তাৱনাসমূহ চাহাবী আব্দুল্লা ইবনে জাদআন তাইমীৰ ঘৰত সম্পাদনা কৰা হৈছিল। যত নবী হজৰত মুহাম্মদ ছাঃ নিজে উপস্থিত আছিল। আৰু ওতঃপ্ৰোত ভাৱে জড়িত হৈ বিভিন্ন সামাজিক তথা কল্যাণমূলক কামত অংশগ্ৰহণ কৰিছিল। তেতিয়া তেখেতৰ বয়স কেৱল ২০ বছৰ আছিল।

লক্ষ্য আৰু উদ্দেশ্য :

সংগঠনটো মূলতে নিপীড়িত, অত্যাচাৰিত লোকক সাহায্য প্রদান আৰু নিৰাশ্রয় লোকক আশ্ৰয় প্ৰদানৰ লক্ষ্যৰে গঠিত হৈছিল। নিম্নলিখিত ধৰণে কেইটামান প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল :

১. যিকোনো গোত্ৰৰ, বংশৰ অত্যাচাৰিত ব্যক্তিক ন্যায় প্রদান কৰা হব। 
২. দেশত সকলো ধৰণৰ শান্তি, সম্প্ৰীতি আৰু শৃংখলা ৰক্ষা কৰা হব।
৩. মুছাফিৰ (যাত্ৰী) তথা বিদেশৰ পৰা অহা লোকক ৰক্ষণাবেক্ষণ দিয়া হব।
৪. সদায় দৰিদ্ৰ লোকক সহায় কৰা হব। 
৫. কোনো অত্যাচাৰী বা লুটেৰা আৰু আক্ৰমণকাৰীক মক্কা নগৰত বসবাস কৰিবলৈ দিয়া নহব।

নবুৱত প্ৰাপ্তিৰ পিছতো এনে সংগঠনৰ আশাবাদী আছিল। তেওঁ কৈছিল :

لقد شهدت مع عمومتي حلفا في دار عبد الله بن جدعان ما أحب أن لي به حمر النعم ، ولو دعيت به في الإسلام لأجبت»

মই মোৰ ককাকসকলৰ সৈতে আব্দুল্লা বিন জাদানৰ ঘৰত এটি শপতৰ সাক্ষী আছিলো, যি নেকি মোৰ বাবে ৰঙা উটতকৈ (সেই সময়ৰ আৰব দেশৰ আটাইতকৈ দামী উট) বেছি প্ৰিয়। আৰু ইছলামত যদি মোক এনে শপতগ্ৰহণ (সংগঠন) ৰ বাবে নিমন্ত্ৰণ কৰিলেহেঁতেন তেন্তে মই তাৰ উত্তৰ দিলোঁহেঁতেন।
(তাৰিখে ইবনে হিশ্বাম, ইবনুল মুলকিন – ৭/৩২৫)

আমি কি শিকিলো ?
• সৎ উদ্দেশ্য , ভাল লক্ষ্য আৰু কৰ্মী সংগঠন থাকিলে নিজেই আগবাঢ়ি যাব লাগে।
• সভাপতি, সম্পাদক আদিৰ লোভ বৰ্জন কৰি কেৱল বৃহত্তৰ স্বাৰ্থত কাম কৰিব লাগে।
• সংগঠনৰ সৰ্বপ্ৰথম উদ্দেশ্য অত্যাচাৰিত আৰু নিপীড়িত, দৰিদ্ৰ লোকৰ সেৱা হব লাগে।
• সংগঠনৰ জন্ম, দেশৰ হকে দহৰ বাবে কাম কৰাৰ উদ্দেশ্যে, জাতিৰ উন্নয়নৰ স্বাৰ্থে গঠন হব লাগে। নিজৰ স্বাৰ্থ সিদ্ধি বা ক্ষমতা অৰ্জন, নতুবা জনপ্ৰিয়তা অৰ্জনৰ বাবে নহয়।

এম ইউছুফ কাছিমী, সম্পাদক NE PEACE