পৰ্ব-১
◼️ ইউনিফৰ্ম ছিভিল কোড কি?
আমাৰ দেশ ভাৰত বিভিন্ন ধৰ্মৰ অনুগামীৰ দোলনা, ইয়াৰ বৰ্ণিল সংস্কৃতি ইয়াৰ বিশেষত্ব, আৰু ইয়াৰ সংবিধানে সকলোকে স্বাধীনতা আৰু কৰ্তৃত্বৰে নিজৰ ধৰ্ম আৰু বিশ্বাস পালন কৰিবলৈ অনুমতি দিয়ে। বৰ্তমানৰ পৰিস্থিতি যথেষ্ট জটিল।
এফালে দেশৰ সীমান্তত প্ৰায়েই যুদ্ধকালীন অৱস্থা, যাৰ বাবে প্ৰতিজন নাগৰিক অস্থিৰ, আৰু গৃহভূমিৰ সুৰক্ষা আৰু অখণ্ডতাৰ বাবে চিন্তিত। আনহাতে কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰা এটাৰ পিছত এটাকৈ সমস্যা আৰু পৰিবেশত দেশৰ বহু লোক চিন্তিত হৈ পৰিছে।
চৌদিশে ভাল দিনৰ দাবী আৰু উচ্চ শ্লোগানৰ প্ৰতিধ্বনিত অতি সোনকালেই ইয়াৰ বাস্তৱতা পাহৰি ঘৃণাৰ ৰাজনীতিৰ বজাৰখন গৰম কৰি পেলালে। হিংস্ৰসকলে মুকলি স্বাধীনতা পালে, ঘৃণাৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিল, শান্তিৰ শত্ৰুৱে জুই জ্বলোৱাত লিপ্ত হৈছে, দেশৰ দুৰ্বল জাতিক বিভিন্ন অজুহাতত টাৰ্গেট কৰি লোৱা হৈছে। কেতিয়াবা গো-হত্যাৰ নামত নিৰীহ লোকক প্ৰহাৰ কৰি হত্যা কৰা হৈছে, কেতিয়াবা গো-ৰক্ষকৰ অভিনয় কৰাসকলে নিষ্ঠুৰতা আৰু নিৰ্যাতনৰ নগ্ন খেল খেলিছে আৰু মুকলিকৈ নিজৰ নৃশংসতা প্ৰদৰ্শন কৰিছে।
২
তিনি তালাকক অজুহাত হিচাপে লৈ তেওঁলোকে আচলতে ইছলামিক শ্বৰীয়তক লক্ষ্য কৰি ল’ব বিচাৰে, যাতে “ইউনিফৰ্ম চিভিল কোড” কাৰ্যকৰী কৰিব পৰা যায় , আৰু ইয়াৰ জৰিয়তে ধৰ্মীয় স্বাধীনতা আৰু বলবৎকৰণৰ ক্ষমতা কাঢ়ি লোৱা হয় আৰু সকলোকে এটা ৰঙেৰে ৰং কৰা হয়।
ইউনিফৰ্ম ছিভিল কোড, নিশ্চয় চৰকাৰৰ এক অতি বিপজ্জনক পদক্ষেপ। কাৰণ এয়া যদিও দেশৰ কোনো জাতিৰ উপকাৰ নকৰে, বিভিন্ন জাতি, অনুসূচিত জাতি, জনজাতি, বিভিন্ন ধৰ্মৰ নীতি নিয়মক নিঃশেষ কৰি পেলাব। কিন্তু বিশেষকৈ ইয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া এক ইচ্ছা পূৰণ কৰিব বিচাৰিছে যে মুছলমানসকলে নিজৰ সুকীয়া পৰিচয় আৰু সংস্কৃতিৰ সৈতে জীয়াই থাকিব নোৱাৰে। আৰু তেওঁলোকো ইউনিফৰ্ম ছিভিল কোড (কথিত নাগৰিক সংহিতা) ৰ অধীনত আহিব লাগে।
সেয়ে আমি ইউনিফৰ্ম ছিভিল কোড ৰ বাস্তৱতা বুজি পোৱা উচিত। এয়া মুছলমানসকলৰ বাবে কিয় গ্ৰহণযোগ্য নহয়? ইয়াৰ পৰা ৰক্ষা পাবলৈ আৰু শ্বৰীয়ত আইন ৰক্ষাৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা আৰু সংগ্ৰাম কৰা হৈছে আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়।
◼️ মুছলিম পাৰ্চনেল লা’ :
দেশত বলবৎ থকা প্ৰধান দুবিধ আইনক চিভিল কোড (CIVIL CODE) আৰু ক্রিমিনেল কোড (CRIMINAL CODE) বুলি কোৱা হয়, যাৰ বাবে অসমীয়া ভাষাত দেৱানী আৰু ফৌজদাৰী শব্দ ব্যৱহাৰ কৰা হয়। (শব্দ দুটা মূলতে উৰ্দু ভাষাৰ পৰা লোৱা হৈছে)
ইয়াৰ দ্বিতীয় প্ৰকাৰ(ফৌজদাৰী আইন) ত অপৰাধৰ শাস্তি অন্তৰ্ভুক্ত কৰা হয় , আৰু কিছুমান প্ৰশাসনিক বিষয়ৰ সৈতে জড়িত আইন, যেনে অপৰাধৰ বাবে কি শাস্তি পাব আৰু অপৰাধীৰ বাবে কি নিয়ম-নীতি হ’ব আৰু চৰকাৰে কেনেধৰণৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইত্যাদি।
আৰু ইয়াৰ প্ৰথমটো (দেৱানী আইন) ত সামাজিক আৰু নাগৰিক বিষয়ৰ সৈতে জড়িত সকলো আইন অন্তৰ্ভুক্ত কৰা হয়।
কিন্তু ইয়াৰ (দেৱানী/ চিভিল) এটি প্ৰকাৰ যাক “ব্যক্তিগত আইন (পাৰ্চনেল লা’) ” বুলি কোৱা হয়- দেশৰ কিছুমান সংখ্যালঘুক তেওঁলোকৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিশেষ ক্ষেত্ৰত বিভিন্ন আইন মানি চলাৰ অধিকাৰ দিয়া হয়।
কিন্তু ইয়াৰ “ব্যক্তিগত আইন” নামৰ এটা অংশত দেশৰ কিছু সংখ্যালঘু শ্ৰেণীক নিজৰ ধৰ্ম মতে জীৱন যাপন কৰিবলৈ অনুমতি দিয়া হৈছে।
দেশৰ সংবিধানৰ দেৱানী আইনৰ পাৰ্চনেল বিভাগে (পাৰ্চনেল লা’) মুছলমানক দিয়া বিশেষ অধিকাৰসমূহ হল –
১. বিবাহ (নিকাহ)।
২. বিবাহ বিচ্ছেদ (তিনি তালাক)।
৩. পত্নীৰ সান্নিধ্য বৰ্জনৰ শপত (ঈলা)।
৪. পত্নীক গায়েৰ মুহৰমৰ লগত তুলনা কৰা (জিহাৰ)।
৫.পত্নীৰ ফালৰ পৰা বিবাহ বিচ্ছেদ(খুলা)।
৬. খু’লাৰ এক প্ৰকাৰ (মুবাৰা’ত)।
৭. বিবাহ বাতিল (ফচখে নিকাহ) ।
৮. মহিলাৰ নিৰ্দিষ্ট স্থগিত সময় (ইদ্দত)।
৯. পত্নীৰ ভৰণপোষণ (নাফক্বাহ)
১০. উত্তৰাধিকাৰী (ৱাৰাছত)।
১১. মৃতকৰ শেষ আদেশ (ৱছীয়ত)।
১২. উপহাৰ (হিবা)
১৩. অলী হোৱাৰ দাবী (ৱিলায়ত)
১৪. দুগ্ধ পান (ৰাজাঅত)
১৫. সন্তানৰ সুৰক্ষা (হাজানত)
১৬. ৱকফ সম্পৰ্কীয় <ইচ্ছাকৃত / অনিচ্ছাকৃত> (ৱক্বফ)
এই সমূহ বিষয়ত ভাৰতীয় সংবিধানে মুছলমানক নিজৰ শ্বৰীয়ত আইন অৰ্থাৎ পৱিত্ৰ ক্বুৰআন আৰু হাদীছৰ মতে চলিবলৈ ষ্পষ্ট অধিকাৰ প্ৰদান কৰিছে।
আৰু গোচৰ আকাৰত, যদি ৰাজহুৱা আদালতলৈ লৈ যোৱা হয় আৰু দুয়োপক্ষ মুছলমান হয় তেন্তে ৰাজহুৱা আদালতে ইছলামিক শ্বৰীয়ত অনুসৰিহে ওপৰৰ গোচৰসমূহত সিদ্ধান্ত ল’ব।
এই আইনসমূহ একত্ৰিতভাৱে “মুছলমানৰ ব্যক্তিগত আইন বা মুছলিম পাৰ্চনেল লা’ ” বুলি কোৱা হয়।
(মুছলমান ব্যক্তিগত আইন আৰু মহিলাৰ অধিকাৰৰ ইউনিফৰ্ম ছিভিল কোড: ১৪)
সংবিধানৰ ফৌজদাৰী আৰু দেৱানী আদালতৰ (কেৱল ওপৰোক্ত ব্যক্তিগত খণ্ডৰ ১৬ টা বিষয় বাদ দি ) আটাইকেইটা বিষয়ত, দেশৰ আন আন নাগৰিকৰ দৰে মুছলিম সমাজো এক নিয়ম, এক আইন মানি চলি আহিছে। কিন্তু এতিয়া এই বিষয় কেইটাত চৰকাৰৰ কু দৃষ্টি পৰিছে।
উল্লেখযোগ্য যে কিছু সংখ্যক অতি বুদ্ধিজীৱিয়ে সাধাৰণ মানুহক বিভ্ৰান্ত কৰিব বিচাৰে, যে মুছলিমসকলে ভাৰতৰ সংবিধান মতে নচলি শ্বৰিয়ত আইন মতে কিয় চলাৰ কি প্ৰয়োজন? কিন্তু সিহঁতে এই কথা নাজানে বা জানিও অন্ধভক্ত আৰু হিংসাৰ চশমাযোৰ খুলিব নিবিচাৰে যে, এজন মুছলিম হিচাপে সংবিধানে সুবিধা প্ৰদান কৰা কুৰআন আৰু ছুন্নাহৰ অনুসৰণ কৰি কেইবাটাও বিষয় পালন কৰি চলিব নোৱাৰে। অথচ এজন প্ৰকৃত মুছলিমে কেতিয়াও সেইবোৰ ত্যাগ নকৰে বা তাৰ অবিহনে চলিব নোৱাৰে। যেনে-
• সূত থকা অৰ্থনীতি হাৰাম ব্যৱস্থা।
• চুৰি কৰিলে হাত কাটি দিয়া।
• অবৈধভাৱে যৌৱন সম্পৰ্ক কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মৃত্যুদণ্ড লৈকে শাস্তি প্ৰদান কৰা।
• ইত্যাদি…
উক্ত বিষয়বোৰত ভাৰতীয় মুছলিমসকলে দেশৰ সংবিধানহে মানি চলি আহিছে। কেতিয়াও তাৰ বিৰোধিতা কৰা নাই বা আন্দোলন আদি কৰা নাই। (কাৰণ এইবোৰ ফৌজদাৰী আইনৰ অধীনত)
কিন্তু ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পিছতো ভাৰতীয় মুছলিম সমাজে নিজৰ অতি ব্যক্তিগত বিষয় কেইটামান লৈ আজি বিভিন্ন ভয়, আশংকাত ভূগিছে। অথচ ভাৰতীয় সংবিধানে মৌলিক অধিকাৰ হিচাপে ওপৰোক্ত সকলো বিষয় শ্বৰিয়ত আইন মতে মানি চলাৰ অধিকাৰ প্ৰদান কৰিছে।
আগলৈ……..
আল্লাহ সকলোকে বুজিবলৈ তৌফিক দান কৰক।