মাহৰাম (বিবাহ হাৰাম, দেখা বৈধ) আৰু না মাহৰাম

Share :


মাহৰাম (বিবাহ হাৰাম, দেখা বৈধ) আৰু না মাহৰাম

                                                                          ( পৰ্দাহীনভাৱে সাক্ষাৎ, দেখা দেখি হাৰাম কিন্তু বিবাহ বৈধ) ।

( A mahram is an unmarriageable kin with whom marriage/sexual intercourse would be considered haram (illegal in Islam) or people from whom purdah is not obligatory or legal escorts of a woman during journey longer than a day and night (24 hours).)

এখন ইছলামী সমাজত সৎ, পৱিত্ৰতা, নিকা, আদি বজাই ৰাখি আৰু ধৰ্ষণ, পৰকীয়া প্ৰেম, ছোৱালী পলাই যোৱা ইত্যাদি জঘন্য অপৰাধবোৰৰ পৰা ৰক্ষা পাবলৈ পৰ্দা আৰু হিজাবৰ নিত্যান্তই প্ৰয়োজনী। আৰু আমি আমাৰ মা, ভনী, জীয়েকক পৰ্দাত ৰাখিবলৈ হলে, জান্নাত যাবলৈ হলে “মাহৰাম আৰু গায়েৰ মাহৰাম ” ব্যক্তিসকলক জানি থোৱাটো অত্যন্ত জৰুৰী।

ইছলামে কাৰ লগত সাক্ষাৎ কৰা যায়েয আৰু কত কাৰ লগত সাক্ষাৎ আদি যায়েয নহয়, আৰু কাৰ লগত বিবাহ পাশত আৱদ্ধ হব পাৰিব, কাৰ লগত হাৰাম হয় , অৰ্থাৎ নিকাহ কৰিব নোৱাৰিব — তাক এটা সীমাবদ্ধ কৰিছে।

 বিতংভাৱে পঢ়ক :

এই বিষয়ে পৱিত্ৰ কুৰআনৰ নিৰ্দেশ :

মাহৰাম ব্যক্তিৰ সন্মুখত নাৰীয়ে স্বকীয় সৌন্দর্য প্রকাশ কৰিব পাৰিব।    (ছুৰা নূৰ- ৩১)

ইয়াত সৌন্দর্যৰ অর্থ হ’ল- মুৰ, গল, হাত, ভৰি আৰু যিবোৰ অঙ্গ প্ৰতঙ্গ সাজ-সজ্জাৰ বাবে অলংকাৰ আদি পৰিধান কৰা হয়, সেইবোৰক বুজাইছে 

(ইবনুল কাছীৰ।)

এই অঙ্গবোৰ মাহৰামৰ সন্মুখত প্রকাশ কৰা বৈধ। কিন্তু অবশ্যই লক্ষ্য ৰাখিব লাগিব যে: দেহাৰ গোপন আৰু বাহ্যিক সৌন্দর্য এনেকুৱা প্রকাশ নাপায়। শালীনতা বিৰোধী আৰু আনক আকৃষ্ট নকৰে যেন । ইয়াৰ বাহিৰে মাহৰাম পুৰুষসকলেও সিহঁতৰ ওচৰত যাওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব।

 মাহৰাম কোন কোন হয়?

حُرِّمَتْ عَلَيْكُمْ أُمَّهَاتُكُمْ وَبَنَاتُكُمْ وَأَخَوَاتُكُمْ وَعَمَّاتُكُمْ وَخَالاَتُكُمْ وَبَنَاتُ الأَخِ وَبَنَاتُ الأُخْتِ وَأُمَّهَاتُكُمُ اللاَّتِي أَرْضَعْنَكُمْ وَأَخَوَاتُكُم مِّنَ الرَّضَاعَةِ وَأُمَّهَاتُ نِسَآئِكُمْ وَرَبَائِبُكُمُ اللاَّتِي فِي حُجُورِكُم مِّن نِّسَآئِكُمُ اللاَّتِي دَخَلْتُم بِهِنَّ فَإِن لَّمْ تَكُونُواْ دَخَلْتُم بِهِنَّ فَلاَ جُنَاحَ عَلَيْكُمْ وَحَلاَئِلُ أَبْنَائِكُمُ الَّذِينَ مِنْ أَصْلاَبِكُمْ وَأَن تَجْمَعُواْ بَيْنَ الأُخْتَيْنِ إَلاَّ مَا قَدْ سَلَفَ إِنَّ اللّهَ كَانَ

غَفُورًا رَّحِيمًا. 

(ছুৰা নিচা — ২৩,২৪)

মাহৰাম মুঠ ১৪ জন :

উক্ত আয়াত মতে ১৪ জনৰ বাহিৰে বাকী সকলো “গায়েৰ মাহৰাম ”। অৰ্থাৎ, সিহতৰ নিজৰ মাজত বিবাহ কৰা জায়েয। আৰু নিজৰ মাজত সর্বক্ষেত্রত শ্বৰয়ী পর্দাৰ বিধান মানি চলাটো বাধ্যতামূলক।

 প্ৰথম কাৰণ :- নচবী(نسبی) বংশীয় মহাৰাণী, বা তেজৰ সম্পৰ্কৰ বাবে (permanent or blood mahrams) —

বংশীয় মাহৰামৰ মুঠ ৫ শ্রেণি:

১- উম্মাহাত(أمهات ) অৰ্থাৎ মহিলাৰ মূল, যেনে- পিতা, দাদা, নানা। (ওপৰ লৈকে সকলো )

২- বানাত (بنات) :

অৰ্থাৎ মহিলাৰ শাখা । যেনে : পুত্র, পুত্রৰ পুত্র, কন্যাৰ পুত্ৰ(তল লৈকে )

৩- আখাৱাত(أخوات ) :

অৰ্থাৎ মহিলাৰ ভাই। সহোদৰ ভাই ককাই বা বৈপিত্র ভাই (পিতৃৰ ফালৰ) অথবা বৈমাত্ৰ ভাই (মাতৃৰ ফালৰ) ।

৪- আত্মাত, খালাত(عمات ، خالات):

মহিলাৰ খুৰা, মামা । নিজৰ খুৰা মামা বা বৈপিত্র খুৰা, মামা অথবা বৈমাত্র খুৰা, মামা।

৫- বানাতুল আখি, বানাতুল উখতি( بنات الأخت، بنات الأخ) : 

ভতিজা আৰু ভাগিন। পুত্ৰৰ ফালৰ পৰাই হওক বা কন্যা সন্তানৰ ফালৰ পৰাই হওক, সহোদৰ হওক বা নহওক ।