ভূমিকম্প আৰু ইছলামী দৃষ্টিকোণ

Share :

১ম পৰ্ব

ভূমিকম্প কি? 
ভূমিকম্পৰ কাৰণ (বৈজ্ঞানিক আৰু আভ্যন্তৰীণ)

ভূমিকম্প কি?

ভূমিকম্প বা ভূঁইকঁপ (Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় (Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়, আচলতে তাকেই ভূমিকম্প বোলে।
ভূমিকম্পৰ লগত জড়িত কেইটামান নাম আৰু দিশ হ’ল :
১) ভূমিকম্পৰ উৎস বা অভিকেন্দ্ৰ (Focus)- ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত। পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ অভিকেন্দ্ৰ (Focus) বোলা হয়।
২) উপকেন্দ্ৰ (Epicentre) – অভিকেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে। কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্ঠৰ বিন্দুটোক উপকেন্দ্ৰ (Epicentre) বোলে।
৩। ভূকম্পমাপক (Seismograph) – ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ বা ভূকম্পমাপক (Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে আৰু তাৰ তীব্ৰতা আদি ব্যাখ্যা কৰে।
৪। ৰিখটাৰ পৰিমাপ (Richter scale) : কোনো ভূমিকম্পৰ প্রাবল্যক সংখ্যাৰে প্রকাশ কৰিবলৈ এই পৰিমাপন ব্যৱহাৰ কৰা হয় । এইটো ১০ ঘাতাংক ভিত্তিৰ পৰিমাপ। অৰ্থাৎ এই পৰিমাপৰ যিকোনো সংখ্যাৰ ভূমিকম্প, পূর্ববর্তী সংখ্যাৰ পৰা ৩২ গুন শক্তিশালী থাকে । যত ১২ লৈকে সংখ্যা থাকে। ইয়াত ৫ম সংখ্যা লৈকে প্ৰাবল্য ভূমিকম্পক সাধাৰণ বুলি গণ্য কৰা হয় আৰু তাৰ ওপৰত হলে ভয়ংকৰ ৰূপ ধাৰণ কৰে।


ভূমিকম্পৰ কাৰণসমূহ :
নিৰপেক্ষ আৰু সুস্থ মস্তিষ্কৰে অলপ ভাবিলে বুজিব পাৰি যে, প্ৰতিটো অঘটন, গঠন বা দুৰ্যোগ আদিৰ দুই ধৰণৰ কাৰণ থাকে। এটা বাহ্যিক বা বৈজ্ঞানিক আৰু আনটো আভ্যন্তৰীণ, যাক কোনো ক্ষেত্ৰত দাৰ্শনিক বুলিও ক’ব পাৰি। কিন্তু সৰহ সংখ্যক লোকে হয়তো বাহ্যিক বা বৈজ্ঞানিক কাৰণটো বুজি পায় বা বুজিবলৈ চেষ্টা কৰে, নতুবা আভ্যন্তৰীণ কাৰণটো বেছি বুজি পায় আৰু গুৰুত্ব দিয়ে।
আনহাতে, এই দুয়ো ধৰণৰ কাৰণ বুজিবলৈ হলে ইহজগতৰ সকলো বস্তু, সামগ্ৰী আৰু টেকনলজি আদিৰ বিষয়ে অন্তত প্ৰাথমিক জ্ঞান আহৰণৰ লগতে বস্তুবোৰৰ আভ্যন্তৰীণ তথা দাৰ্শনিক উদ্দেশ্য আৰু লক্ষ্য অৱগত হ’ব লাগিব। ইয়াৰ লগতে সেই বস্তুবোৰৰ ক্ষেত্ৰত সৃষ্টিকৰ্তাৰ লক্ষ্য আৰু উদ্দেশ্য অনুধাৱন কৰিব পৰা হ’ব লাগিব। সেয়া ইছলাম ধৰ্মাৱলম্বী লোকেই হওক বা আন কোনো ধৰ্মৰ লোকেই হওক।
অৱশ্যে সৃষ্টিকৰ্তাক বিশ্বাস নকৰা লোক এই ক্ষেত্ৰত কেৱল অন্ধ হিচাপেহে স্বীকৃতি লাভ কৰিব।

১। ভূমিকম্পৰ বৈজ্ঞানিক বা বাহ্যিক কাৰণ : সাধাৰণতে তিনিটা কাৰণত ভূমিকম্পৰ সৃষ্টি হয়—
১। ভূপৃষ্ঠজনিত : পৃথিৱীৰ অভ্যন্তৰত হোৱা বিবৰ্তনিক আন্দোলনৰ কাৰণে যেতিয়া ভূগৰ্ভত ঘৰ্ষণ হয় তেতিয়া ভূমিকম্প হয়। সেইকাৰণে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়। পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পবোৰ বিবৰ্তনিক কাৰণত হৈছে বুলি ঠাৱৰ কৰা হৈছে।
২। আগ্নেয়গিৰিজনিত : আগ্নেয়গিৰিৰ উদগীৰণ হ’লে ভূমিকম্প হয়। সেইকাৰণে জ্বালামুখী থকা অঞ্চলত ভূমিকম্প সঘনাই হোৱা দেখা যায়। জাপানৰ বহুত ভূমিকম্প জ্বালামুখীৰ উদগীৰণৰ ফলত হয়। ১৮৮৩ চনত ক্ৰাকাটু জ্বালামুখীৰ উদগীৰণৰ ফলত সুমাত্ৰা দ্বীপত ভূমিকম্প হোৱাৰ প্ৰমাণ আছে।
৩। শিলাচ্যুতিজনিত : হিমালয়,আল্পছ আদি পৃথিৱীৰ তুষাৰমণ্ডিত ওখ পৰ্বতৰ পৰা কিবা কাৰণত বৃহৎ তুষাৰখণ্ড খহি পৰিলে ভূমিকম্প হ’ব পাৰে।
এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়।

২। ভূমিকম্পৰ আভ্যন্তৰীণ(ইছলাম দৃষ্টিকোণত) কাৰণ :
ধুমুহা, ছুনামি, বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ বৈজ্ঞানিক যি কাৰণেই নাথাকক কিয়, যি বিশ্লেষণ নকৰক কিয়, এনে সময়ত সৰ্বত্ৰে কোৱা, লিখা আৰু প্ৰচাৰ কৰা দেখা যায় যে,
১.” প্ৰকৃতি বেজাৰ হৈছে”
২. ” মানুহে নিজৰ কৰ্মৰ ফল ভোগ কৰিছে”
১.” প্ৰকৃতি বেজাৰ হৈছে”
ইছলাম ধৰ্মাৱলম্বী বা আন ধৰ্মাৱলম্বী লোকে বিশ্বাস কৰে যে, ইয়াত অৰ্থাৎ এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰকৃততে প্ৰকৃতিৰ সৃষ্টিকৰ্তাহে বেজাৰ হয়। সেয়া আল্লাহ পাকে হওক বা ভগৱান, ঈশ্বৰ আৰু গ’ডেই হওক।
কাৰণ বেজাৰ হ’বলৈ, খং কৰিবলৈ আৰু সুখ-দুখ প্ৰকাশ কৰিবলৈ অনুভৱৰহে প্ৰয়োজন। আৰু এই আবেগ,অনুভূতি, সুখ-দুখ আদিৰ স্থল হল দুটা:
১। আবেগ অনুভূতি থকা কোনো প্ৰাণী।
২। বা আবেগ, অনুভূতি সৃষ্টি কৰা মুখ্য গৰাকীজন।
আৰু ইয়াত ‘প্ৰকৃতি বেজাৰ হৈছে’ বুলি কলে নিশ্চয় কোনো প্ৰাণী বা মানুহ হব নোৱাৰিব। কাৰণ মানুহ আৰু প্ৰাণীসমূহ প্ৰকৃতিৰ এটা অংশহে, সৃষ্টিকর্তা নহয়। গতিকে, নিশ্চিতভাৱে বুজিব পৰা যায় যে, ইয়াত বেজাৰ হোৱা শক্তিটো হল, সেই মহাশক্তি, সেই সকলোৰে সৃষ্টিকৰ্তা, প্ৰকৃতিৰ সৃষ্টিকৰ্তা, মহান আল্লাহ ।
গতিকে, এনে সময়ত সৃষ্টিকৰ্তাহে বেজাৰ হয়, খং কৰে আৰু নিজৰ সৃষ্টিক শিক্ষা দিব বিচাৰে বা সতৰ্ক কৰিব বিচাৰে।
২.” মানুহে নিজৰ কৰ্মৰ ফল ভোগ কৰিছে”
নিশ্চয়, মনুষ্যই নিজৰ কৰ্মৰ ফল ভোগ কৰে আৰু সদায় কৰে। অলপ পলমকৈ হ’লেও কৰ্মৰ ফল ভোগ কৰিবই লাগিব। আৰু এই সত্য পৃথিৱীৰ কোনেও অস্বীকাৰ নকৰে।
ইছলামী দৃষ্টিতো ইয়াৰ ভিত্তি আছে, ক্বুৰআন হাদীছৰ নীতি অনুসৰিও এয়া সত্য যে, মানুহে নিজৰ কৰ্মৰ ফল ভোগ কৰিব লাগিব। আৰু এয়া হয়তো ইহজগত আৰু পৰজগত দুয়োজগততেই ভোগ কৰিব লগা হ’ব পাৰে বা কেৱল মৃত্যুৰ পিছত, বা কেৱল জীৱিত অৱস্থাতেই। মৃত্যুৰ পিছৰ জীৱন আৰু তাত নিজৰ কৰ্ম অনুযায়ী বিনিময় ভোগ কৰা, পুৰস্কৃত বা তিৰস্কৃত হোৱাৰ আলোচনা অৰ্থাৎ জান্নাত (সৰগ) বা জাহান্নাম(নৰক) ৰ বিষয়টো সুকীয়া বিষয়। যদিও তাকো এচাম অতি আধুনিক, লিবৰেল মানুহে অস্বীকাৰ কৰে।
এতিয়া জানোঁ আহক, ক্বুৰআন হাদীছৰ দৃষ্টিত সৃষ্টিকর্তা বেজাৰ হোৱাৰ ফলত ভূমিকম্পৰ মূল আৰু আভ্যন্তৰীণ কাৰণ।

ক্বুৰআনী বিশ্লেষণ :
ইয়াত আলোচ্য বিষয় হ’ল ‘জীৱিত অৱস্থাত নিজৰ কৰ্মৰ ফল ভোগ কৰা’। তলত পৱিত্ৰ ক্বুৰআনৰ কিছু আয়াত উল্লেখ কৰা হল, যাৰ পৰা স্পষ্টকৈ বুজিব পৰা যায় যে, ভূমিকম্প আদি বিভিন্ন দুৰ্যোগ, মহামাৰী মানুহৰ নিজৰেই কুকৰ্মৰ ফল। য’ত সাধাৰণ ভাষাত মানুহৰ দ্বাৰাই পৰিবেশ বিনষ্ট হয়, প্ৰদূষণযুক্ত হয় (ইয়াৰ ব্যাখ্যাৰ বাবে অৱশ্যে সুকীয়া দীঘলীয়া আলোচনাৰ প্ৰয়োজন, যদিও বহুতৰ বাবে নতুন বিষয় নহয়) ফলত প্ৰকৃতি বেজাৰ হয় বা প্ৰকৃতিৰ সৃষ্টিকৰ্তা বেজাৰ হয়।
মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; যাতে তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়হি, যাতে সিহঁত উভতি আহে। (ছূৰা ৰুম:৪১)
আৰু তোমালোকৰ ওপৰত যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধতো তেওঁ ক্ষমাই কৰি দিয়ে। (ছূৰা শ্বুৰা :৩০)
এতিয়া একে সন্দৰ্ভত এটি গুৰুত্বপূর্ণ হাদীছ অধ্যয়ন কৰক।

হাদীছৰ বিশ্লেষণ :
প্রাকৃতিক নানা দুৰ্যোগ, বিপর্যয়ৰ অন্যতম কাৰণ মনুষ্যৰ অপকর্ম। এনেদৰেই মনুষ্য দৈনিক কিয়ামতৰ ফালে আগবাঢ়ি গৈছে। গতিকে, কিয়ামতৰ পূৰ্বেই এই প্ৰসংগত সতৰ্ক কৰি প্রিয়নবী হজৰত মুহাম্মদ (ছাঃ)এ ঘোষণা কৰিছে যে,


১। যেতিয়া গনিমত (বিজয়ীসকলৰ সম্পদ) ৰ সম্পদক ঘৰৰ (নিজস্ব) সম্পদ বুলি ব্যৱহাৰ হ’ব।
২। যেতিয়া আমানত (বিশ্বাসৰ সৈতে) হিচাপে দায়িত্বত দিয়া ধন আত্মসাত কৰা হ’ব (গৰাকীক ঘূৰাই দিয়া নহ’ব)
৩। যেতিয়া জাকাতক জৰিমনা বুলি গণ্য কৰা হ’ব।
৪। যেতিয়া দ্বীনী (ধৰ্মীয়) শিক্ষা দুনিয়া (অৰ্থ) অৰ্জনৰ উদ্দেশ্যে কৰা হ’ব।
৫। যেতিয়া পুৰুষে নিজৰ স্ত্রীৰ বাধ্য হৈ মাতৃৰ লগত অবাধ্য আচৰণ কৰিব।
৬। যেতিয়া বন্ধু বান্ধৱক ওচৰ কৰিব আৰু পিতৃক দূৰলৈ আঁতৰাব।
৭। যেতিয়া মছজিদবোৰত উচ্চস্বৰে হুলুস্থুল (কথাবাৰ্তা) হ’ব।
৮। যেতিয়া সমাজৰ পাপী ফাচিক ব্যক্তিজন সমাজৰ শাসকৰ ৰূপত আবির্ভূত হব।
৯। যেতিয়া সমাজৰ নিকৃষ্টতম ব্যক্তিজন সমাজক নেতৃত্ব প্ৰদান কৰিব(নেতা হব) ।
১০। যেতিয়া কুকৰ্মত বিখ্যাত ব্যক্তিজনক তাৰ কুকৰ্মৰ ভয়ত সন্মান কৰা হ’ব।
১১। যেতিয়া বিভিন্ন ধৰণৰ বাদ্যযন্ত্র আৰু নাৰী শিল্পীৰ ব্যাপক প্রচলন হ’ব।
১২। যেতিয়া প্ৰচুৰ মদ পান কৰা হ’ব।
১৩। যেতিয়া মানুহে নিজৰ পূর্ববর্তীলোকক অভিশাপ দি থাকিব।

সেই সময়ত তোমালোকে অপেক্ষা কৰিবা—


ৰক্তিম বৰষুণৰ (হয়তো এচিড বৰষুণ),
ভূকম্পৰ,
ভূমিস্খলনৰ,
ৰূপ বিকৃত হোৱাৰ (হয়তো লিঙ্গ পৰিৱৰ্তন),
শিলাবৃষ্টিৰ,
আৰু সূতাবিহীন (তচবীহ) গুটিৰ দৰে এটাৰ পিছত আনটো নিদর্শনবোৰৰ বাবে। ’
(তিৰমিজী- কিতাবুল-ফিতান )

ওপৰোক্ত আয়াত আৰু হাদীছৰসমূহৰ দ্বাৰা স্পষ্টকৈ বুজিব পৰা যায় যে , মানুহৰ কুকৰ্মৰ দোষত, সীমা লংঘনৰ ফলত পৃথিৱীৰ জলভাগ আৰু স্থলভাগত নানা বিপদ-আপদ (ধুমুহা ঘূৰ্ণীবতাহ, ভূমিকম্প আদি দুৰ্যোগ) সংঘটিত হৈ থাকে ।
কিন্তু বিপদ-আপদ সেইজন সৃষ্টিকৰ্তাৰ অনুমতি অবিহনে সংঘটিত নহয়! হাদিছত আছে যে , পিতৃ মাতৃতকৈ বেছি সৃষ্টিকৰ্তাই নিজৰ বান্দাক ভাল পায়, বেছি যত্ন কৰে।
সেয়ে কেতিয়াবা মানুহৰ কৰ্মৰ ফলত বিপদ-আপদ সংঘটিত হোৱাৰ উপক্ৰম হ’লেও
আল্লাহ পাকে নিজৰ কৃপাত মানুহক ক্ষমা কৰি সেই বিপদ-আপদ সংঘটিত কৰাৰ পৰা বিৰত থাকে।
কিন্তু ক্ষমাৰ অযোগ্য হ’লে বিপদ আৰু দুৰ্যোগ সংঘটিত কৰে। এয়া সৰ্বশক্তিমান, সাৰ্বভৌম তথা মহা ক্ষমতাশালী আল্লাহ পাকৰ ইচ্ছা তথা নীতি।

……………… ক্ৰমশঃ

২য় পৰ্ব-
১। ভূমিকম্পৰ উদ্দেশ্য
২। ভূমিকম্পত কৰণীয় :
ক) আপাতকালীন কৰণীয় –
খ) স্থায়ী কৰণীয়
৩। ভূমিকম্পত মৃত্যু হ’লে…
৫। ভূমিকম্প কিহৰ লক্ষণ (কেয়ামত)

কলম- এম ইউছুফ ক্বাচিমী