স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ

Share :

খণ্ড-১

যোৱা সংখ্যাত –

দিশ-১ :   মানসিক – শাৰীৰিক প্ৰতিজ্ঞা আৰু ৭ ধৰণৰ প্ৰস্তুতি।
দিশ-২ :   ৰমজানৰ পূৰ্বে ৭টি কৰণীয় আমল।

অধ্যায়/ দিশ-৩ :   বিগত ৰমজান মাহৰ অসমাপ্ত বা কৰিব নোৱৰা ৭টি কামৰ পৰিকল্পনা।

এই সংখ্যাত পঢ়িব –

অধ্যায়/ দিশ-৪ :   ৰমজান মাহত ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী (জৰুৰী আৰু নফল আমল)
অধ্যায়/ দিশ-৫ :   ৰমজান মাহৰ বিশেষ ৭ টি প্ৰশিক্ষণ (অহা ৰমজান লৈকে) ।

দিশ-৪ :  ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী

ৰমজান মাহৰ বিশেষ ৰুটিন আৰু ৭ ধৰণৰ বিশেষ কাৰ্যসূচী (জৰুৰী আৰু নফল আমল)


ৰহমত, বৰকত, মাগফিৰত আৰু নাজাতেৰে পৰিপূৰ্ণ এই মহামাহৰ প্ৰতিটো মূহুৰ্ত কামত কটাবলৈ গোটেই ৰমজান মাহৰ বাবে ২৪ ঘণ্টীয়া ৰুটিন প্ৰস্তুত কৰিব লাগিব ।
       ৰমজান মাহত আপুনি যি কাম বা যিমান কামত ব্যস্ত নাথাকক কিয়, সেই কামবোৰৰ বাবে গোটেই সময়খিনি কেনেকৈ ব্যৱহাৰ কৰিব, তাৰ এটা সম্ভাৱ্য ৰুটিন প্ৰস্তুত কৰক (যদি পূৰ্বৰ কোনো নিৰ্ধাৰিত ৰুটিন নাই), আৰু তাৰ লগতে ৰমজান মাহৰ বিশেষ কিছু কাৰ্যসূচী সংযোগ কৰি লওক। আগতীয়াকৈ যদি কোনো ৰুটিন থাকে, তেন্তে ব্যস্ত ৰুটিৰ লগত ৰমজানৰ ৰুটিন বিশেষ ইবাদতৰ সময়সূচীটে ভালকৈ সজাই মেলি লওক। মনত ৰাখিব নিৰ্ধাৰিত ৰুটিন নাথাকিলে কামবোৰ কেৱল পৰিকল্পনা আৰু ভবাতেই সীমাবদ্ধ হৈ থাকিব।


ক) ২৪ ঘন্টাৰ ৰুটিন-

 প্ৰথমে দৈনিক টোপনি, খানা-পিনা, ঘৰৰ বজা/ কাম-কাজ আৰু পেছাগত ব্যস্ততাৰ বাবে সময় নিৰ্ধাৰণ কৰক। তাৰ পিছত ৰমজানৰ বাবে সময় নিৰ্ধাৰণ কৰি লওক। যত দৈনন্দিন আৰু বাধ্যতামূলক কিছু কাৰ্যসূচী থাকিব আৰু বিশেষ কিছু সামাজিক আৰু নফল কাৰ্যসূচী০০০৭০০ (ইবাদত/আমল) থাকিব। যেনে —

২৪ ঘন্টা সময়ত ৪ ভাগত বিভক্ত কৰিব পাৰে—
   • ১ম ৬ ঘন্টা – টোপনি/ বিশ্ৰাম।
   • ২য় ৬ ঘন্টা – নিজৰ পেছাগত কামৰ বাবে।
   • ৩য় ৬ ঘন্টা – ঘৰুৱা কাম, খানা-পিনা, অলপ কামত, আৰু অলপ মবাইলত।
   • ৪ৰ্থ ৬ ঘন্টা- ইবাদত।
৪ৰ্থ ৬ ঘন্টা- ইবাদতৰ এই ৬ ঘন্টাত ৰোজাৰ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাই, কেৱল চেহৰী আৰু ইফতাৰৰ বাবে অলপ সময়ৰ প্ৰয়োজন হব পাৰে। কাৰণ চেহৰী আৰু ইফতাৰৰ বাবে ওপৰত খানা-পিনা বাবদত সময় নিৰ্ধাৰিত আছেই। তাৰ পিছত বাকী সময়খিনি তলৰ বিশেষ কিছু আমলৰ বাবে সজাই লওক।


খ) ৰমজান মাহৰ ২৪ ঘন্টাৰ ৭ টা গুৰুত্বপূৰ্ণ মূল আমল/ সাধাৰণ কাৰ্যসূচী :
       জীৱনত পৰৱৰ্তী সময়ত এই গুৰুত্বপূৰ্ণ মাহলৈকে জীৱন থাকে নে নাই আমি নাজানোঁ, সেয়ে গোটেই ৰমজান মাহৰ ২৪ ঘন্টাৰ বাবে ৭ টা গুৰুত্বপূৰ্ণ মূল আমল/ বিশেষ কৰ্মৰ পৰিকল্পনা কৰিব লাগিব আৰু সেইবোৰ সম্পূৰ্ণ কৰিব লাগিব। সেই বিশেষ কৰণীয় ৭ টা মূল আমল হল —


       (I) ৰমজানৰ সম্পূৰ্ণ ৰোজা।
       (II) পাচ ৱাক্ত নামাজ আৰু সম্পূৰ্ণ তাৰাৱীহ।
       (III) সৰু-ডাঙৰ সকলো গুনাহ বৰ্জন কৰা। যেনে (সচৰাচৰ হৈ থকা ৭টা গুনাহ) —
       • মিউজিক শুনা আৰু দেখা।
       • চিনেমা আৰু চিৰিয়েল চোৱা।
       • মিছা কথা, গীবত কৰা, পৰচৰ্চা।
       • হিংসা কৰা, গালি গালাজ কৰা।
       • পৰ মহিলা/পুৰুষৰ (গায়েৰ মাহৰিম) লগত কথাবাৰ্তা।
       • মদ, জুৱা (অনলাইন, অফলাইন), ড্ৰাগছ আদি বিভিন্ন নিচা।
       • হাতেৰে, মুখেৰে, ভৰিৰে লোকক কষ্ট দিয়া।
এই সকলো গুনাহ পৰিত্যাগ কৰি চলা কেৱল ৰমজানৰ বাবে নহয়, কিন্তু বিশেষকৈ ৰমজান মাহত অভ্যাস কৰিব পাৰিলে অন্তত পৰৱৰ্তী ৰমজান লৈকে বছৰটো গুনাহৰ পৰা দূৰত থাকি প্ৰকৃত আনন্দ লাভ কৰিব পাৰিব।
       (IV) পৱিত্ৰ কুৰআন লৈ ব্যস্ত হোৱা। অৰ্থাৎ—
       • দৈনিক সৰু ৩ আয়াত মুখস্থ কৰা।
       • বা সৰু এক ছূৰা মুখস্থ কৰা।
       • বা ডাঙৰ এক আয়াত মুখস্থ কৰা।
       • চাই চাই পঢ়ি খতম কৰা।
(বহুত ব্যস্ত থাকিলেও ৫ ৱাক্ত নামাজৰ সময়ত দৈনিক পৃষ্ঠা-কুৰআন ৰ ২ পাতকৈ পঢ়িলেই দৈনিক ১ পাৰা সম্পূৰ্ণ হৈ যাব।)
       (V) বেছিকৈ দান-খাইৰাত কৰা/ জাকাত দিয়া।
       (VI) ৰমজান মাহৰ বাকী ইবাদতসমূহ মনযোগেৰে পালন কৰা যেনে-

• ইতিকাফ,

• শ্ববে ক্বদৰ,

   • ইফতাৰ কৰোৱা , ইত্যাদি।
       (VII) বেছিকৈ দুআ, তৌবাহ আৰু ইস্তেগফাৰ কৰা।
পৱিত্ৰ ৰমজান মাহত এই সাতটা কাৰ্যসূচী যদি গুৰুত্বসহকাৰে সম্পূৰ্ণ কৰিব পাৰে তেনেহলে অন্তত পৰৱৰ্তী ৰমজান মাহলৈকে জীৱনৰ দিনবোৰ শান্ত শিষ্ট আৰু সুখেৰে অতিবাহিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইনশ্বাআল্লাহ।
       এই আমলসমূহে আপোনাক কেনেকৈ প্ৰশিক্ষণপ্ৰাপ্ত কৰিব সেই বিষয়ে বিতংকৈ শেষৰ পৰ্বত আলোচনা কৰা হব ইনশ্বাআল্লাহ।

গ)) ৰমজান মাহত কৰিবলগীয়া কিছু নফল আৰু বিশেষ কাৰ্যসূচী / আমল :
       (I) চেহৰীৰ সময়ত তাহাজ্জুদৰ নামাজ।
       (II) পৱিত্ৰ কুৰআনৰ তৰ্জমা / অনুবাদ অধ্যয়ন কৰা।
       (III) কুৰআন পঢ়িব নাজানিলে পঢ়িবলৈ শিকা আৰম্ভ কৰক। (আগ্ৰহী হলে যোগাযোগ কৰিব বিশেষ চমু কোৰ্চৰ সুবিধা আছে)
       (IV) দৈনিক দ্বীনী কিতাপৰ কিছু পৃষ্ঠা অধ্যয়ন কৰক। নহলে দ্বীনী আলোচনা শুনক বা অন্তত ১/২ টাকৈ ৰমজান বা অইন মাছাঈল শিকক।
       (V) দ্বীনী খাদিম/ উলামা / হাফিজ / সমাজৰ নিস্বাৰ্থ সেৱকসলক লগত লৈ এদিন ইফতাৰ কৰক। তাত এটা বিষয়ত আলোচনাৰ ব্যৱস্থা কৰক।
       (VI) ইতিকাফত বহিব নোৱাৰিলে ৰমজানৰ বেযোৰ ৰাতিবোৰ মছজিদত বা নিজৰ ঘৰতে উজাগৰে ইবাদতত অতিবাহিত কৰক।
       (VII) মাহটোত ৩/৪ টা শুকুৰবাৰ আৰু ৰবিবাৰ নিশ্চয় পাব। গতিকে এই দুটা দিনত বিশেষ কোনো কামৰ তালিকা প্ৰস্তুত কৰি লওক।

অধ্যায়/ দিশ-৫ : ৰমজান মাহৰ বিশেষ ৭ টি প্ৰশিক্ষণ (অহা ৰমজান লৈকে)


যি ব্যক্তিয়ে পৱিত্ৰ ৰমজান মাহৰ ২৯ বা ৩০ টা দিন ৰমজানৰ মূল ইবাদত ৰোজা, ইফতাৰ, তাৰাৱীহ, শ্ববে কদৰ আৰু কুৰআন তিলাৱত ভালকৈ পালন কৰিব। আৰু তাৰ লগতে উপৰোক্ত সকলো দিশত পূৰ্ণ প্ৰস্তুতিৰে পৰিপূৰ্ণভাৱে ৰমজানৰ দিনবোৰ অতিবাহিত কৰিব — সেইজন মানুহে নিজৰ জীৱনত এক বিৰাট পৰিৱৰ্তন আনিবলৈ সক্ষম হব ইনশ্বাআল্লাহ। অন্তত পৰৱৰ্তী ৰমজান লৈকে লক্ষ্য কৰি লৈ , ৰমজান মাহ শেষ হোৱাৰ পিছত ঈদুল ফিতৰৰ দিনাৰ পৰাই ইচ্ছাকৃতভাৱে নিজৰ জীৱনটো (প্ৰথমে অন্তত এটা বছৰৰ টাৰ্গেট লৈ) ৰমজান মাহৰ দৰে, চয়তানৰ চক্ৰান্ত তথা গুনাহৰ দলদলৰ পৰা দূৰত আৰু আল্লাহৰ ৰহমতৰ ছাঁয়াত কটাবলৈ আৰম্ভ কৰিব পাৰিব। আৰু এনেকৈয়ে যদি নিজৰ জীৱনটো ৰমজানৰ দৰে পৰিৱৰ্তন কৰিব পাৰে তেন্তে আখিৰত ঈদৰ দৰে হব ইনশ্বাআল্লাহ।

ৰমজানৰ মূল ইবাদত ৰোজা, ইফতাৰ, তাৰাৱীহ, শ্ববে কদৰ আৰু কুৰআন তিলাৱত আদিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ, অন্তত পৰৱৰ্তী বছৰৰ বাবে প্ৰতিজন ৰোজাদাৰ মূলতে ৭ ধৰণৰ গুণাৱলীৰ অধিকাৰী হব পাৰিব :

১। ধৈৰ্য আৰু সংযম্য (সফলতাৰ চাবিকাঠি) — ৰোজাৰ পৰা।
২। আল্লাহৰ নিৰ্দেশ সদায় পালন কৰাৰ মানসিকতা — ৰোজাৰ পৰা।
৩। আল্লাহৰ লগত সম্পৰ্ক স্থাপন আৰু দৃঢ় কৰা — শ্ববে কদৰ, ইতিকাফ আৰু তাহাজ্জুদৰ পৰা।
৪। অধিক নফল পঢ়াৰ অভ্যাস — তাৰাৱীহৰ নামাজৰ পৰা।
৫। ফৰজ নামাজ সময়মতে সদায় জামাতৰ সৈতে আদায় কৰাৰ অভ্যাস — গোটেই মাহৰ পৰা।
৬। মানুহক সহায় কৰাৰ গুণ — ফিতৰাহ, চদকাহ আৰু জাকাতৰ পৰা।
৭। সৃষ্টিকৰ্তা বাণী কুৰআনৰ লগত সম্পৰ্ক স্থাপন — কুৰআন তিলাৱত / খতম তাৰাৱীহৰ পৰা।
(কুৰআন পঢ়িব নাজানিলে শিকাৰ ইচ্ছা সৃষ্টি হব আৰু অহা ৰমজান লৈকে শিকি লব ইনশ্বাআল্লাহ। অতি সহজ আৰু ব্যৱস্থা আছে অৱশ্যে— আগ্ৰহী হলে যোগাযোগ কৰিব/ কমেন্ট কৰি জনাব)

কলম- মুৰতাজা ইউছুফ কাছিমী।

1 thought on “স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ”

Leave a Comment