স্বাগতম হে মাহে ৰমজান-৩: ৰোজা ভঙ্গ- কাজা/ কাফ্ফাৰাহ/ফিদয়াহ কেতিয়া?

Share :

অধ্যায়/ দিশ নং-৭ : বিষয়-২ ৰ সম্পূৰ্ণ সূচী —

 বিষয়-২ :  ছিয়াম (ৰোজা)ৰ ৭টা গুৰুত্বপূৰ্ণ দিশ-

      ক) বিজ্ঞানৰ দৃষ্টিত ছিয়াম (ৰোজা)

      খ) ৰোজা এক সৰ্বধৰ্মীয় উপাসনা

       গ) ৰোজা ভঙ্গ — পিছত কেৱল কাজা কৰিব লাগে। 

      ঘ) ৰোজা ভঙ্গ — পিছত কাজা আৰু কাফ্ফাৰা দুয়োটাই কৰিব লাগে। 

        ঙ) ৰোজাৰ মাকৰুহ সমূহ। 

        চ) যি কৰিলে ৰোজা ভঙ্গ নহয়। 

      ছ) ৰমজান, ৰোজা তাৰাৱীহ আৰু কিছু নতুন বিষয়। 

গ) সাৰাংশ : ৰোজা ভঙ্গ- আৰু পিছত কেৱল কাজা : (বিস্তাৰিত তলত আলোচনা কৰা হৈছে) 

১। অনিচ্ছাকৃতভাৱে মূখৰ ভিতৰত পানী প্ৰৱেশ কৰিলে। 

২। হস্তমৈথুনত বীর্যপাত হলে, মহিলাসকলৰ হাৰাম সমকামিতাত শুক্রক্ষৰণ ঘটিলে। 

৪। ৰোজা অৱস্থাত হায়েজ বা নেফাছ আৰম্ভ হলে। 

৫। শৰীৰৰ ভিতৰলৈ কোনো খাদ্য বা পদাৰ্থ প্ৰৱেশ কৰিলে। যেনে — 

৬। ৰোজা নষ্ট হৈছে বুলি ভাবি ইচ্ছাকৃতভাৱে পানাহাৰ কৰিল। 

৭। সময় আছে বুলি ভাবি পানাহাৰ/ স্ত্রীসঙ্গম আদি কৰিলে ৰোজা ভঙ্গ হব:

যিবোৰ কাৰণত ৰোজা ভঙ্গ হয় আৰু পিছত কেৱল কাজা কৰিব লাগে :

 ➖ মাছআলা- ১:

  অজু বা গা-ধুৱাৰ সময়ত ৰোজাৰ কথা স্মৰণ থকা অৱস্থাত অনিচ্ছাকৃতভাৱে মূখৰ ভিতৰত পানী প্ৰৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যাব।

▪️উৎস : হাদীছ-১ —

লাকিত ইবনে ছাবিৰা (ৰাঃ)ৰ পৰা বর্ণিত, মহানবী ছাঃ এ কৈছে- 

بالغ في الاستنشاق إلا أن تكون صائما – 

অৰ্থ : “তোমোলোকে (অজু- গা-ধুৱতে) ভালকৈ নাকত পানী দিবা, কিন্তু ৰোজা অৱস্থাত নহয় (এনেকুৱা নকৰিবা)।” (আবু দাউদ হাদীছ : ২৩৬৩ | তিৰমিজী হাদীছ : ৭৮৫) 

হাদীছ-২ —

 হজৰত ছুফিয়ান ছাউৰী (ৰাহঃ) ৰ বৰ্ণিত-  “ৰোজা অৱস্থাত কুলি (মুখত পানী লওতে) কৰোঁতে অনিচ্ছাকৃতভাবে মূখৰ ভিতৰত পানী সোমাই গলে ৰোজা ভঙ্গ হৈ যাব আৰু পিছত কাজা কৰিব লাগিব । অজু ফৰজ নামাজৰ বাবে হওঁক বা নফল নামাজৰ বাবে। (মুছান্নাফে আব্দুৰ ৰাজ্জাক, হাদীছ : ৭৩৮০ | ইবনে আবী শ্বাইবা ৯৮৪৪- ৯৮৪৭) 

➖  মাছআলা- ২ :

ক) হস্তমৈথুনত বীর্যপাত হলে ৰোজা ভঙ্গ হৈ যাব। (এয়া যে ডাঙৰ গুনাহৰ কাম সেইটো কোৱাৰ প্ৰয়োজন নাই। 

খ) মহিলাসকলৰ সমকামিতাত (যি নেকি হাৰাম) শুক্রক্ষৰণ ঘটিলে ৰোজা ভঙ্গ হৈ যাব। 

▪️উৎস :

হাদীছ শ্বৰীফত কামভাৱ চৰিত্ৰৰ পৰা বাচি থকা ৰোজাৰ অংশ হিচাপে উল্লেখ কৰা হৈছে। মহানবী ছাঃ এ কৈছে – 

 সেই সত্ত্বাৰ কছম, যাৰ হাতত মোৰ প্ৰাণ, ৰোজাদাৰৰ মুখৰ দুৰ্গন্ধ আল্লাহ তাআলাৰ ওচৰত মুশ্বকতকৈ বেছি প্রিয়। (আল্লাহ তাআলা কৈছে ) ৰোজাদাৰ মোৰ কাৰণে পানাহাৰ কৰাৰ পৰা আৰু কামভাৱ চৰিত্ৰৰ কৰাৰ পৰা বাচি থাকে। (ছহীহ বুখাৰী ১/২৫৪) 

 ➖ মাছআলা- ৩ :

ৰোজা অৱস্থাত হায়েজ বা নেফাছ আৰম্ভ হলে ৰোজা ভঙ্গ হৈ যাব। পিছত সেয়া কাজা কৰিব লাগিব। 

▪️উৎস-১ :

عن الحسن في المرأة أصبحت حائضا فطهرت بعد طلوع الفجر، قال : لا تأكل بقية يومها

(যি হায়েজা মহিলা ছুবহে ছাদিকৰ পিছত পবিত্র হৈছে তাইৰ সম্পর্কত) হাছান বছৰী (ৰাহঃ) এ  কৈছে, তাইৰ অৱশিষ্ট দিন আহাৰ কৰাৰ পৰা বিৰত থাকিব। (অর্থাৎ ৰোজাৰ মর্যাদা ৰাখিবলৈ সাদৃশ্য অৱলম্বন কৰিব)। (মুছান্নাফ ইবনে আবী শ্বাইবা, হাদীছ : ৯৪৩২) 

উৎস-২

عن إبرايهم : في الحائض تطهر فلا تأكل شيئا ـ كراهة أن تشبه المشركين إلى اللي-

ইব্ৰাহীম নাখাৱী (ৰহঃ) কৈছে, তাই আহাৰ কৰাৰ পৰা বাচি থাকিব যাতে (ৰমজানৰ দিৱসৰ পানাহাৰৰ কাৰণে) অমুছলিমসকলৰ লগত সাদৃশ্যৰ সৃষ্টি নহয়। (মুছান্নাফ ইবনে আবী শ্বাইবা, হাদীছ: ৯৪৩৪) 

 ➖ মাছআলা নং- ৪ : বাহিৰৰ বস্তু ভিতৰলৈ সোমালে —

ক) মূৰত সেই আঘাতপ্ৰাপ্ত ঠাইত ঔষধ লগালে ৰোজা ভঙ্গ হৈ যাব, যাৰ মাধ্যমত ঔষধ মস্তিষ্কৰ ভিতৰত সোমাই যায় । বিশেষ প্রয়োজনত এনে স্থানত ঔষধ লগাবলৈ হলে পিছত সেইটো ৰোজা কৰিব লাগিব। 

  খ) পেটৰ সেই আঘাতপ্ৰাপ্ত ঠাইত ঔষধ লগালে ৰোজা ভঙ্গ হৈ যাব, যাৰ মাধ্যমত ঔষধ পেটৰ ভিতৰলৈ সোমাই যায় । বিশেষ প্রয়োজনত এনে স্থানত ঔষধ লগাবলৈ হলে পিছত সেইটো ৰোজা কৰিব লাগিব। 

  গ) নাকত ঔষধ বা পানি দিলে, সেয়া যদি খাদ্যনলিত সোমাই যায়, তেন্তে ৰোজা ভঙ্গ হৈ যাব আৰু কাজা কৰিব লাগিব। 

  ঘ) গুহ্যদ্বাৰেদি ঔষধ বা পানী ইত্যাদি ভিতৰলৈ প্ৰৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যাব।

ঙ) কাণত ঔষধ লগালে আৰু ই পৰ্দাৰ ভিতৰলৈ সোমাই গলে ৰোজা ভঙ্গ হৈ যায়। বিশেষজ্ঞসকলৰ মত অনুসৰি কাণত দিয়া ঔষধ পোনপটীয়াকৈ বা পৰোক্ষভাৱে পেটত বা মগজুলৈ গৈ পায়, যাৰ ফলত ৰোজা নষ্ট হৈ যায়। 

▪️উৎস :

 হজৰত ইবনে আব্বাছ (ৰাঃ) পৰা বর্ণিত-

ذكر عنده الوضوء من الطعام، قال الأعمش مرة والحجامة للصائم فقال إنما الوضوء مما يخرج وليس مما يدخل، وإنما الفطر مما دخل وليس مما خرج.

শৰীৰৰ পৰা (কিবা) বাহিৰ হ”লে অজু কৰিব লাগে, প্রৱেশ কৰিলে নহয়। পক্ষান্তৰে ৰোজাৰ বিপৰীত। ৰোজাৰ ক্ষেত্রত (কিবা শৰীৰত) প্রৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যায়, বাহিৰ হলে নহয় (কিন্তু বীর্যপাতৰ প্ৰসংগটো বেলেগ)।(ছুনানে কুবৰা, বায়হাকী ৪/২৬১) 

➖  মাছআলা- ৫ :

ছুবহে ছাদিকৰ (চেহৰীৰ শেষ সময়) পিছত চেহৰীৰ সময় আছে বুলি ভাবি পানাহাৰ বা স্ত্রীসঙ্গম কৰিলে ৰোজা ভঙ্গ হৈ যাব। ঠিক তেনেদৰে ইফতাৰৰ সময় হৈ গৈছে বুলি ভাবি সূৰ্য্যাস্তৰ আগতে ইফতাৰ কৰিলে ৰোজা নষ্ট হৈ যাব। আৰু পিছত কাজা কৰিব লাগিব। 

➖ মাছআলা – ৬ : 

ৰোজাৰ কথা পাহৰি গৈ পানাহাৰ কৰিল, তাৰ পিছত ৰোজা নষ্ট হৈ গৈছে বুলি ভাবি ইচ্ছাকৃতভাৱে পানাহাৰ কৰিলে,  ৰোজা নষ্ট হৈ যাব আৰু কাজা কৰা জৰুৰী হব।

ঠিক যেনেদৰে বমি হোৱাৰ কাৰণে ৰোজা নষ্ট হৈ গৈছে বুলি ভাবি ৰোজা পানাহাৰ কৰিলে ৰোজা ভঙ্গ হৈ যাব আৰু কাজা কৰিব লাগিব। 

▪️উৎস-১ : 

হাদীছ-১ — আউন (ৰহঃ)ৰ বর্ণিত, মুহাম্মাদ ইবনে ছীৰীণ ৰাতি বাকী আছে বুলি ভাবি চেহৰী খালে। তাৰপিছত জানিব পাৰিলে তেখেত ছুবহে ছাদিকৰ পিছত চেহৰী কৰিছে, তেতিয়া তেখেতে কৈছে “মই আজি ৰোজাদাৰ নহয়।” (অর্থাৎ মোক এই ৰোজাৰ কাজা কৰিব লাগিব)। (ইবনে আবী শ্বাইবা ৬/১৪৯) 

হাদীছ-২ — আলী ইবনে হানজালা তেখেতৰ পিতাৰ পৰা বর্ণনা কৰে- তেখেতে এবাৰ ৰোজাৰ মাহত হজৰত ওমৰ (ৰাঃ)ৰ ওচৰত আছিল। (ইফতাৰৰ সময়ত) তেখেতৰ ওচৰত পানীয় বস্তু পেশ কৰা হল। 

উপস্থিতসকলৰ কিছুমানে সূৰ্য ডুবি গৈছে বুলি ভাবি সেই পনীয়া বস্তু খাই পেলালে। তাৰপিছত মুআজ্জিনে কলে- হে আমীৰুল মুমিনীন! সূর্য এতিয়াও মাৰ যোৱা নাই। তেতিয়া হজৰ ওমৰ (ৰাঃ) এ কলে, “যিসকলে ইফতাৰ কৰিলে তেওলোকে এটা ৰোজা কাজা কৰিব লাগিব। আৰু যিসকলে ইফতাৰ কৰা নাই তেওঁলোকে সূৰ্যাস্ত লৈকে অপেক্ষা কৰিব (মুছান্নাফ ইবনে আবী শ্বাইবা ৬/১৫০)

এই ক্ষেত্ৰত বিখ্যাত ইছলামী পণ্ডিত আল্লামা আব্দুল হাই লক্ষ্নৌৱী (ৰহঃ)ৰ বিশ্লেষণ : ছুবহে ছাদিক হৈ গৈছে জানিও আজান শুনি পোৱা নাই বা এতিয়াও ভালকৈ সূৰ্যৰ পোহৰ ওলোৱা নাই, যিকোনো ধৰণৰ ভিত্তিহীন অজুহাতত খোৱালোৱা কৰা বা স্ত্রী সহবাসত লিপ্ত হোৱা হাৰাম। এনেকৈ ৰোজা শুদ্ধ নহ’ব৷ যদি ৰোযাৰ নিয়ত কৰাৰ পিছত কোনোবাই এনেকুৱা কৰি থাকে, তেন্তে কাজা-কাফফাৰা দুয়োটাই জৰুৰী হ’ব। 

(-ছূৰা বাকাৰা : ১৮৭; মাআৰিফুল কুৰআন ১/৪৫৪-৪৫৫)

৭। যিবোৰ ৰোজা আগৰ পৰাই পালন কৰা হোৱা নাছিল, আৰম্ভই কৰা নাছিল আৰু তাৰ নিয়তো কৰা নাছিল, এই ৰোজাবোৰ কেৱল কাজাহে কৰিব লাগিব। তেনে ৰোজাৰ কাফ্ফাৰা নাই।  অৰ্থাৎ জীৱনত নষ্ট কৰা প্ৰতিটো ৰোজাৰ বাবে এটাকৈ কাজা ৰোজা ৰাখিব লাগিব, নহলে ফৰজ এৰি দিয়াৰ গুনাহে কবিৰাহ হব। 

বিষয়-২ :    ছিয়াম (ৰোজা)

ঘ) ৰোজা ভঙ্গ- পিছত কাজা আৰু কাফ্ফাৰা দুয়োটাই নে ফিদয়াহ? 

যিবোৰ কাৰণত ৰোজা ভঙ্গ হয়, আৰু পিছত কাজা আৰু কাফ্ফাৰা দুয়োটা আদায় কৰিব লাগে, বা যেতিয়া ৰোজা ৰাখিবই নোৱাৰে তেতিয়া কাজা আৰু কাফ্ফাৰা দুয়োটাই নে আন কোনো ব্যৱস্থা আছে — সেই সকলো উত্তৰ সামৰি ৭টা মাছাঈল তলত আলোচনা কৰা হ’ল :

◾মাছআলা-১ : প্ৰথমে জানক কাফ্ফাৰা কাক কয় ?

কাফ্ফাৰাৰ অৰ্থ – (کفارہ /propitiation) 

   • প্রায়শ্চিত্ত, সন্তুষ্টি লাভ। 

   • কাৰোবাৰ খং কম কৰি তাক সন্তুষ্ট কৰাৰ প্ৰক্ৰিয়া।

   • গুনাহ হোৱাৰ পিছত তাৰ বৈধ অপসাৰণ, যাৰ দ্বাৰা গুনাহক ঢাকি ৰখা হয় আৰু দূৰ কৰা হয় — তাকেই কাফ্ফাৰা বোলে।

পৱিত্ৰ ক্বুৰআনত উল্লেখ আছে –

ذلک کفارۃ ایمانکم اذا حلفتم (5:89)

অৰ্থ- এয়া তোমালোকৰ শপত খোৱাৰ কাফ্ফাৰা, যেতিয়া তোমালোকে শপত খোৱা।

এতেকে কাফ্ফাৰা এক বিশেষ ঐশ্বৰিক শাস্তি। যাৰ দ্বাৰা আল্লাহৰ নিৰ্ধাৰিত সীমা, নিৰ্ধাৰিত নীতি উলংঘন কৰাৰ পাছত সেই ভুল শুধৰাব পাৰে আৰু আল্লাহ তা’আলাক সন্তুষ্ট কৰাৰ পথ মুকলি কৰিব পাৰে। ইছলামত কাফ্ফাৰা ৬ ধৰণৰ –

  ১. শপত খোৱাৰ কাফ্ফাৰা।

  ২. জিহাৰৰ কাফ্ফাৰা।

  ৩. ই’লাৰ কাফ্ফাৰা।

  ৪. ভুল হত্যাৰ কাফ্ফাৰা।

  ৫. হজ্ব আৰু উমৰাত হাৰামত লিপ্ত হলে, তাৰ কাফ্ফাৰা।

  ৬. ৰোজা ভঙ্গ কৰাৰ কাফ্ফাৰা।

তলত ৰোজা ভঙ্গ কৰাৰ কাফ্ফাৰা আলোচনা কৰা হ’ল। বাকী বিষয়সমূহ যদিও আলোচনাৰ প্ৰয়োজন আছে, কিন্তু ইয়াত অপ্ৰাসংগিক বাবে এৰি দিয়া হল। 

◾মাছআলা-২:  কাফফাৰা আদায় কৰাৰ নিয়ম :

আপুনি যদি স্বাস্থ্যবান আৰু শাৰিৰীকভাৱে সামৰ্থ্য হৈ থাকে তেন্তে একেৰাহে দুমাহ ৰোজা ৰাখিব লাগিব। মাজত ৰোজা এৰি দিলে নহ’ব। যদি মাজত ৰোজা এৰি দিয়ে বা ভঙ্গ কৰে তেন্তে আকৌ প্রথমৰ পৰা ৬০ দিন ৰোজা ৰাখিব লাগিব। এনেকৈ ষাঠি দিন ৰোজা ৰাখিলে আপোনাৰ ৰোজা ভঙ্গৰ কাফফাৰা আদায় হৈ যাব।

আৰু যদি একেৰাহে ষাঠি দিন ৰোজা ৰাখিবলৈ সক্ষম নহয়, তেন্তে প্রতিটা ৰোজাৰ বাবে ছদকায়ে ফিতিৰৰ পৰিমাণ টকা দুখীয়াক দান কৰিব লাগিব। এতেকে ষাঠি ৰোজাৰ বাবে ষাঠিটা ছদকায়ে ফিতিৰৰ পৰিমাণৰ অর্থ দান কৰা জৰুৰী হব।

যেনে – ছদকায়ে ফিতিৰৰ পৰিমাণ যদি

১০০ টকা হয়। তেন্তে আপোনাৰ ৬ হেজাৰ টকা দান কৰা আৱশ্যক। কিন্তু মনত ৰাখিব ৰোজা ৰখাত সক্ষম হ’লে ফিতৰা আদায় কৰিলে, কাফ্ফাৰা আদায় নহ’ব।

▪️উৎস :

হাদীছ-১  —

عَنْ أَبِي هُرَيْرَةَ، قَالَ: أَتَى النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلٌ فَقَالَ: هَلَكْتُ، قَالَ: «وَمَا أَهْلَكَكَ؟» قَالَ: وَقَعْتُ عَلَى امْرَأَتِي فِي رَمَضَانَ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «أَعْتِقْ رَقَبَةً» قَالَ: لَا أَجِدُ، قَالَ: «صُمْ شَهْرَيْنِ مُتَتَابِعَيْنِ» قَالَ: لَا أُطِيقُ، قَالَ: «أَطْعِمْ سِتِّينَ مِسْكِينًا»

অনুবাদ- হজৰত আবূ হুৰাইৰা ৰাঃ পৰা বর্ণিত, তেখেত কৈছে:

 ৰাছূূল ছাঃ ৰ ওচৰত এজন ব্যক্তি আহি ক’লে, মই ধ্বংস হৈ গৈছোঁ। ৰাছূল ছাঃ এ সুধিলে, তোমাক কোনে ধ্বংস কৰিছে? ব্যক্তিজনে (ছাহাবী) ক’লে, ৰমজানত মই মোৰ স্ত্রীৰ লগত সহবাস কৰিছিলোঁ। ৰাছূল ছাঃ এ তেখেতক ক’লে, তেতিয়া হ’লে ইয়াৰ পৰিণাম হিচাপে এটি গোলাম মুক্ত কৰা। ছাহাবী ক’লে, মই এয়া কৰিবলৈ সক্ষম নহয়। নবী ছাঃ এ ক’লে, তেতিয়া হ’লে একেৰাহে দুমাহ ৰোজা ৰখা। ছাহাবীজনে ক’লে, মই ইয়াতো সক্ষম নহয়। তেতিয়া ৰাছূল ছঃ ক’লে, তেতিয়া হ’লে তুমি ৬০ জন মিছকিনক আহাৰ খোৱাই দিয়া। 

(ইবনে মাজাহ, হাদীছ নং-১৬৭১, মুছনাদে আহমদ, হাদীছ নং-৬৯৪৪, মুছনাদুল বাজ্জাৰ, হাদীছ নং-১১০৭, ছহীহ ইবনে খুজাইমা, হাদীছ নং-১৯৪৯, ছহীহ ইবনে হিব্বান, হাদীছ নং-৩৫২৭)

◾ৰোজা ভঙ্গ কৰিলে কাজা আৰু কাফ্ফাৰা দুয়োটাই জৰুৰী হোৱা কাৰণসমূহ কি কি? 

➖ মাছআলা-৩

ৰমজানত ৰোজা ৰখাৱস্থাত স্ত্ৰীৰ লগত সহবাস কৰিলে বীর্যপাত নহ’লেও স্বামী-স্ত্রী উভয়ৰ বাবে কাজা আৰু কাফফাৰা উভয়টি জৰুৰী হ’ব।

▪️উৎস :

হাদীছ-১ —

এটি দীর্ঘ হাদীছত আছে, এজন ব্যক্তিয়ে যেতিয়া মহানবী ছাঃ ৰ ওচৰত আহি কৈছিল, মই ৰোজা ৰাখি স্ত্ৰীসঙ্গম কৰিছো। তেতিয়া মহানবী ছাঃ এ তাৰ ওপৰত কাফফাৰাৰ হুকুম দিছিল। ( ছহীহ বুখাৰী ৬৭০৯, তিৰমিযী ৭২৪, মুছান্নাফ আব্দুৰ ৰাজ্জাক ৭৪৫৭; মুছনাদে আহমদ ২/২৪১)

হাদীছ-২ —

  মুহাম্মাদ ইবনে কা’ব (ৰাঃ) কৈছে, ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে সেই ব্যক্তিজনক (যিয়ে ৰমজান মাহত দিনৰ ভাগত স্ত্রীসহবাসত লিপ্ত হৈছিল ) কাফফাৰা আদায়ৰ লগত কাজা আদায়ৰ আদেশ কৰিছিল। (মুছান্নাফ আব্দুৰ ৰাজ্জাক ৭৪৬১)

আছৰ-১ —

  বিখ্যাত তাবিঈ হজৰত আতা ৰহঃ এ কৈছে ‘স্বামী-স্ত্রী যেতিয়া মিলিত হয় তেতিয়া তেওঁলোকৰ ৰোজা ভঙ্গ হৈ যায়।’ (প্রাগুক্ত ৭৪৬৭)

 ➖ মাছআলা-৪ : 

ৰোজা ৰাখি কোনো প্রকাৰ শ্বৰীয়তসম্মত ওজৰ নোহোৱাকৈ ইচ্ছাকৃতভাবে পানাহাৰ কৰিলে কাজা আৰু কাফফাৰা উভয়টি জৰুৰী হ’ব।

▪️উৎস :

হাদীছ —

নবী ছাঃ ৰ যুগত এজন ব্যক্তি ৰমজানৰ ৰোজা ৰাখি (ইচ্ছাকৃতভাবে) পানাহাৰ কৰিলে। তেতিয়া  মহানবী ছাঃ এ তাক আদেশ কৰিলে, এজন গোলাম আজাদ কৰিবলৈ বা দুমাহ ৰোজা ৰাখিবলৈ বা ষাঠিজন দুখিয়াক (পেট ভৰাই) আহাৰ খুৱাবলৈ । (ছুনানে দাৰাকুতনী ২/১৯১)

আছৰ —

ইমাম যুহৰী ৰহঃ কৈছে- ‘ৰমজান মাহত ৰোজা ৰাখি যিয়ে ইচ্ছাকৃতভাবে পানাহাৰ কৰিব তাৰ হুকুম ইচ্ছাকৃতভাবে দিনত সহবাসকাৰীৰ অনুৰূপ।’ অর্থাৎ তাৰ বাবে কাজা আৰু কাফফাৰা উভয়টি আদায় কৰিব লাগিব। (মুছান্নাফ আব্দুৰ ৰাজ্জাক, হাদীছ: ৭৪৬৮)

 ➖ মাছআলা-৫ :

বিড়ি-চিগাৰেট, হুক্কা পান কৰিলেও ৰোজা ভঙ্গ হৈ যাব আৰু কাজা, কাফফাৰা উভয়টি জৰুৰী হ’ব।

(এই মাছআলাৰ দলীল সন্দৰ্ভত বিস্তাৰিত আলোচনাৰ বাবে চাওঁক আৰবী কিতাপ : “ঝাজৰু আৰবাবিৰ ৰায়্যান আন শুৰবিদ দুখান” আৰু “তাৰবীহুল জানান বিতাশৰীহিল হুকমি শুৰবিদ দুখান” ।)

 ➖ মাছআলা-৬ : ফিদয়াহ কি? 

যেতিয়া কোনো ব্যক্তিয়ে অতিকৈ বৃদ্ধ আৰু দুৰ্বল হোৱাৰ বাবে একেবাৰেই ৰোজা পালন কৰিব নোৱাৰে বা এনে বেমাৰত ভুগি আছে যে তেওঁৰ একেবাৰেই ৰোজা ৰখাৰ সামৰ্থ্য নাই আৰু চিকিৎসকৰ মতে ভৱিষ্যতে তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ কোনো আশা নাথাকে। এনে ব্যক্তিয়ে এটা ৰোজাৰ সলনি এটা ফিদিয়া দিব পাৰিব।

কিন্তু যদি সেই ব্যক্তিজন ফিদয়াহ দিয়াৰ পিছত ৰোজা ৰাখিবলৈ সক্ষম হৈছে, তেন্তে তেওঁ সেই ৰোজাবোৰৰ কাজা কৰিব লাগিব, আৰু ফিদিয়াত দিয়া ধনখিনি দান-বৰঙণিলৈ পৰিণত হ’ব।

ফাতাৱা শ্বামী- দুৰ্ৰে মুখতাৰ: ৩/৪০৫, প্ৰকাশন – জাকাৰিয়া)

➖ মাছআলা-৭ : ফিদয়াহ কিমান? 

ৰোজাৰ ফিদিয়া হ’ল ৰাতিপুৱা আৰু গধূলি দুসাঁজ দুখীয়া মানুহক আহাৰৰ ব্যৱস্থা কৰি দিয়া, বা ঘেঁহুৰ পৰিমাণ (১৬৩৩/গ্ৰাম) ছাদাকায়ে ফিতৰ হিচাপে দান কৰা, বা জাকাতৰ যোগ্য দুখীয়া মানুহক তাৰ মূল্য দান কৰা।

✔️ ৰোজা ভঙ্গ হলে কাজাৰ লগত কাফ্ফাৰা জৰুৰী হোৱাৰ মূল সূত্ৰ :

যিজন ব্যক্তিৰ বাবে ৰোজা ৰাখিবলৈ সকলো চৰ্ত পোৱা যায়, তেওঁ যদি ৰমজানৰ ৰোজা ৰাখি  ইচ্ছাকৃতভাৱে ৰোজা ভংগ কৰে, অৰ্থাৎ শৰীৰৰ কোনো প্ৰাকৃতিক বা কৃত্ৰিম খোলাৰ জৰিয়তে  খাদ্য সামগ্ৰী বা কোনো ভিটামিন জাতীয় ঔষধ প্ৰৱেশ কৰাই দিয়ে, বা যৌন সম্পৰ্ক স্থাপন কৰে বা কৰায় — এই সকলো ক্ষেত্ৰতে ৰোজা ভংগ হ’ব, আৰু ৰোজাৰ কাধ্যাৰ লগতে কাফফাৰাও বাধ্যতামূলক হ’ব আৰু এই কাৰ্য্যৰ বাবেও ক্ষমাৰ প্ৰয়োজন হ’ব। কৰিব লাগিব।

________ দুআৰ প্ৰাৰ্থী : এম ইউছুফ কাছিমী।

Leave a Comment