স্বাগতম হে মাহে ৰমজান !
৭ আখৰযুক্ত মাহে ‘RAMZAAN’ ৰ —
৭ দিন পূৰ্বে পৱিত্ৰ ৰমজান মাহৰ ৭টি গুৰুত্বপূৰ্ণ দিশ আলোচনা :
১। ৭ ধৰণৰ প্ৰস্তুতি
২। ৭ টি কৰণীয় (পূৰ্বে) ।
৩। ৭ ধৰণৰ ফজীলত।
৪। ৭ ধৰণৰ মাছাইল ।
৫। ৭ টি কাৰ্যসূচী।
৬। ৭ টি পৰিকল্পনা।
৭। ৭ টি প্ৰশিক্ষণ।
মাত্ৰ কেইদিনমানৰ পিছতে আৰম্ভ হ’ব পৱিত্ৰ ৰমজান । পবিত্ৰ ৰমজান মাহ মুছলমান উম্মাহৰ দুৱাৰত কলিং বেল বজাইছে। দৈনিক কেইবাবাৰ বজাইছে সেই বেল। আৰু সেই ‘বেল’ ত, সেই শব্দত বিভিন্ন ধৰণৰ বাৰ্তাৰ গুঞ্জন হৈ আছে।
সেই কলিং বেলত কেতিয়াবা বাজি আছে — “হে বিশ্বাসী মুছলমান! মই ৰমজান মাহ, ভোগ-বিলাস, সামগ্ৰী জমা কৰা বা অতিৰিক্ত লাভৰ বাবে ব্যৱসায়ৰ মাহ নহয়।”
সেই কলিং বেলৰ শব্দত কেতিয়াবা গুঞ্জন হৈ আছে — “মই ৰমজান মাহ হলোঁ, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আকাশী গ্ৰন্থ ‘পৱিত্ৰ কুৰআন’ ৰ অৱতীৰ্ণৰ মাহ।”
সেই বেলত কেতিয়াবা শব্দ হৈছে — “মই হলো ধৈৰ্য, সংযম আৰু ত্যাগৰ মাহ। “
সেই শব্দত কেতিয়াবা উটি আহিছে — “মই হলো ইবাদতৰ বিশেষ মাহ। মই আল্লাহৰ ৰহমত, ৰহম, ক্ষমা, মোক্ষ আৰু সকলো উপকাৰৰ মাহ।”
গতিকে এই মাহৰ আগমনৰ পূৰ্বে আমি, আপুনি আৰু প্ৰতিজন মুছলমানে এই মহামাহ ৰমজানৰ বাবে বিশেষ প্ৰস্তুতি লব লাগিব। গতিকে এতিয়াই ৰমজানৰ প্ৰস্তুতিৰ বাবে কিছুমান বিশেষ পদ্ধতি ৰূপায়ণ কৰাটো অতি প্ৰয়োজনীয়।
সেয়ে ৰমজান আৰম্ভ হোৱাৰ আগতে কি কি প্ৰস্তুতি লব আৰু কি কি কাম কৰিব লাগে, সেই সন্দৰ্ভত ৭ টা দিশত ৭টা ধৰণৰ নিৰ্দেশনা এই লেখাত আলোচনা কৰা হল।
১। মানসিক – শাৰীৰিক প্ৰতিজ্ঞা আৰু ৭ ধৰণৰ প্ৰস্তুতি।
২। ৰমজানৰ পূৰ্বে ৭টি কৰণীয় আমল।
৩। কুৰআন-হাদীছ ৰ দৃষ্টিত ৰমজানৰ ৭ ধৰণৰ ফজীলত আৰু গুৰুত্ব।
৪। ৰমজান মাহৰ ৭ ধৰণৰ বিষয়ভিত্তিক মাছাইল ।
৫। ৰমজান মাহত ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী (জৰুৰী আৰু নফল আমল)
৬। বিগত ৰমজান মাহৰ অসমাপ্ত বা কৰিব নোৱৰা ৭টি কামৰ পৰিকল্পনা।
৭। ৰমজান মাহৰ বিশেষ ৭ টি প্ৰশিক্ষণ (অহা ৰমজান লৈকে) ।
⬛ ১। প্ৰতিজ্ঞা আৰু ৭ ধৰণৰ বিশেষ প্ৰস্তুতি :
ক) মানসিক আৰু শাৰীৰিক প্ৰতিজ্ঞা –
অধিক ইবাদত আৰু ভাল কামৰ কৰিবলৈ মানসিকভাৱে প্ৰতিজ্ঞা কৰা আৰু শাৰীৰিকভাৱে প্ৰস্তুতি লোৱা। অৰ্থাৎ ফৰজ ৰোজা, নামাজ আদি ইবাদতত বেছিকৈ ব্যস্ত থাকি ৰমজান মাহত সম্পূৰ্ণ পুৰস্কাৰ আৰু ক্ষমা লাভ কৰিবলৈ মানসিকভাৱে প্ৰস্তুতি চলোৱা। গোটেই জীৱন আমি যিমান পাপ কৰি আহিছো, এই ৰমজানত সেই পাপ বা নিজৰ লগত কৰা অন্যায়ৰ পৰা সম্পূৰ্ণ ক্ষমাদান পাবলৈ আমি মনে প্ৰাণে চেষ্টা কৰিব লাগিব। আৰু ৰমজান আৰম্ভ হোৱাৰ আগতে ইয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ হব লাগিব। আৰু তাৰ লগতে শাৰীৰিকভাৱে তথা সামাজিকভাৱে প্ৰস্তুতি লব লাগিব।
দুয়োটা বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ । আমি আগতিয়াকৈ প্ৰস্তুতি লবলৈ এই ৭ টা বিশেষ কৰণীয় মনত ৰাখিব পাৰোঁ —
ক) বিশেষ প্ৰস্তুতি –
১। প্ৰতিজ্ঞা-১ : পূৰ্ব প্ৰস্তুতিৰ অভাৱত ৰমজান মাহ পোৱাৰ পিছতো পৰিপূৰ্ণ ছৱাব আৰু ক্ষমাদানৰ পৰা বঞ্চিত নোহোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা।
২। প্ৰতিজ্ঞা-২ : যিমানেই ব্যৱসায় বাণিজ্য নাথাকক কিয়, যিমানেই ব্যস্ততা নাথাকক কিয়, যিমানেই গুৰুত্বপূৰ্ণ চাকৰি বা দায়িত্ব নাথাকক কিয়, মই মোৰ অতীতৰ সকলো গুনাহৰ পৰা নিজকে মুক্ত কৰিম, আৰু আল্লাহৰ ওচৰত সন্তুষ্টি লাভ কৰিমেই ইনশ্বাআল্লাহ ।
৩। ব্যস্ততা কম কৰক:
ৰমজান মাহৰ পূৰ্বে নিজৰ ব্যস্ততা (ব্যৱসায় বা চাকৰিৰ) মনে প্ৰাণে চেষ্টা কৰি কমাই লব লাগিব, যাতে ইবাদত কৰাৰ সময়ত — সময়ৰ অভাৱ, শাৰীৰিক দুৰ্বলতা, ভাগৰ আৰু কষ্ট আদিয়ে বাধাৰ সৃষ্টি কৰিব নোৱাৰে। মুঠতে ৰমজান মাহত উপাৰ্জন অলপ কম কৰাৰ/ দৰমহা আদি কম লোৱাৰ মানসিকতা গঢ়ি তোলক।
৪। ভাল সঙ্গী:
মজানৰ বাবে পূৰ্বেই ভাল সঙ্গী কেইজনমান, অন্তত এজন নেক লগৰীয়া নিৰ্বাচন কৰি লব। যাতে এলাহ, অৱহেলা আৰু চয়তানৰ ৱাচৱাচাৰ (বিভিন্ন বাহানা, অযুক্তিকৰ ওজৰ আপত্তি আদি) সময়ত সে সঙ্গীজনে সহযোগ কৰিব পাৰে।
৫। বিশেষ ছৱাব অৰ্জনৰ সুযোগ গ্ৰহণ :
অধিক ইবাদত আৰু ভাল কামৰ কৰিবলৈ মানসিকভাৱে প্ৰতিজ্ঞা কৰা আৰু শাৰীৰিকভাৱে প্ৰস্তুতি লবলৈ এই কএইটা বিশেষ ব্যৱস্থা কৰিব পাৰে-
ক) কুৰআন অধ্যয়ন :
• তৰ্জমা পঢ়া
• ছূৰা মুখস্থ
• তিলাৱত
পৱিত্ৰ ক্বুৰআনৰ যিবোৰ ছূৰা আপোনাৰ প্ৰিয়, সেইবোৰ লাহে লাহে মুখস্থ কৰক। পঢ়িব নাজানিলে দৈনিক ৩০ মিনিটকৈ সময় দি হলেও শিকিব চেষ্টা কৰক। কোনো নিৰ্ভৰশীল তৰ্জমাসহ পৱিত্ৰ ক্বুৰআন অধ্যয়ন কৰক। আৰু তাৰ ওপৰত আমল কৰাৰ চেষ্টা কৰক।
খ) দান-খাইৰাত-
“ৰমজান চেভিং( Ramzan Saving)/ ৰমজান-দান বক্স ” নামৰ এটি বক্স প্ৰস্তুত কৰি তাত দৈনিক যিমান পাৰে জমা কৰি থাকক। আৰু প্ৰয়োজন সাপেক্ষে ছৱাবৰ কামত খৰচ কৰক।
গ) ইফতাৰত সঙ্গী-
দৈনিক বা প্ৰায় কোনোবা দৰিদ্ৰ ৰোজাদাৰক লগত লৈ ইফতাৰ কৰিবলৈ চেষ্টা কৰক।
ঘ) তৌবাহ আৰু দুআ-
বেছিকৈ তৌবাহ ইস্তেগফাৰ কৰক। নিজৰ প্ৰয়োজন আৰু সমস্যা আল্লাহ পাকৰ ওচৰত মন খুলি প্ৰকাশ কৰক। আৰু হৃদয় উজাৰি কান্দি কান্দি দুআ কৰক। লগতে ভাই ভনী, আত্মীয়স্বজন, চুবুৰীয়া, শিক্ষকবৃন্দ, আৰু দেশ সমাজৰ বাবে বিশেষকৈ দুআ কৰক।
৬। সুকীয়া কোঠাৰ ব্যৱস্থা :
ৰমজান মাহৰ বাবে নিজৰ ঘৰত কোঠালী এটা ভালকৈ পৰিষ্কাৰ কৰি সজাই পৰাই লব। যত বিশেষ কিছু ব্যৱস্থা কৰিব। যেনে —
• মুছল্লাহ (নামাজ-চাদৰ) ।
• পৱিত্ৰ কুৰআন ।
• তাচবীহ আৰু মিচৱাক ।
• ইছলামী কিতাব। (কুৰআনৰ তৰ্জমা / হাদীছৰ কিতাপ)
• তিলাৱত শুনিবলৈ চাউণ্ড চিষ্টেম ৰাখিব পাৰে।
৭। মূল্যবান সময় নষ্ট নকৰিব এই ৰমজান মাহক জীৱনৰ শেষ ৰমজান বুলি ভাবি আমল কৰক।
গতিকে মূল্যবান সময় নষ্ট নকৰি মবাইল আৰু ইন্টাৰনেটৰ সময় সীমাবদ্ধ কৰি লওক। (অন্তত দিনে ৰাতিয়ে সৰ্বাধিক ২ ঘন্টাকৈ)
◾ ৰমজানৰ পূৰ্বে কৰিবলগীয়া ৭টি আমল।
১। বিশেষ ধৰণে মাহে ৰমজানক আদৰণি জনাব লাগিব:
ক) মহানবী ছাঃ ৰ মৌখিক স্বাগতম :
মহানবী ছাঃ এ এই পৱিত্ৰ মাহক আদৰণি জনাইছিল আৰু চাহাবাসকলক তিনিবাৰকৈ প্ৰশ্ন সুধিছিল: ইমাম মুজিৰীৰ (মৃত্যু ৬৫৬ হিজৰী) আল-তাৰগীব ৱাল-তাৰহীব, খণ্ড ২, পৃষ্ঠা ৬৪।
مَاذَا يَسْتَقْبِلُکُمْ وَتَسْتَقْبِلُوْنَ؟
“কোনে তোমালোকক আদৰি আছে আৰু তোমালোকে কাক আদৰি আছা ?”
২। প্ৰথম ৰাতিৰ ক্ষমা :
উপৰত উল্লেখ কৰা ধৰণে মহানবী ছাঃ এ গুৰুত্বসহকাৰে স্বাগতমৰ কথা কোৱাৰ পিছত
হজৰত উমৰ ইবনে খাত্তাব (ৰাঃ) এ ক’লে, হে আল্লাহৰ ৰাছুল! কোনো ৱহী অৱতীৰ্ণ হ’ব নেকি? তেওঁ ক’লে, নাই। তেও ক’লে : শত্ৰুৰ লগত যুদ্ধ হ’ব নেকি? মহানবী (ছাঃ) এ কলে: নহয়। তেতিয়া হজৰত ওমৰ ৰাঃ এ আকৌ সুধিলে – তেনেহলে কি কথা? তেতিয়া মহানবী ছাঃ এ কলে :
اِنَّ اﷲَ يَغْفِرُ فِی أَوَّلِ لَيْلَةٍ مِنْ شَهْرِ رَمَضَانَ لِکُلِّ أَهْلِ ھذہ الْقِبْلَةِ.
“সঁচাকৈয়ে ৰমজানৰ প্ৰথম নিশা আল্লাহ পাকে কিবলাৰ অনুসৰণকাৰী সকলোকে ক্ষমা কৰি দিয়ে।”
৩। প্ৰাপ্তিৰ দুআ / উপকাৰিতাৰ স্মৰণ :
ৰমজান আৰম্ভ হোৱাৰ আগতে, ৰমজান মাহৰ বিষয়ে কুৰআন-হাদীছত উল্লেখ কৰা গুণ আৰু উপকাৰৰ বিষয়ে আকৌ এবাৰ স্মৰণ কৰি তাৰ প্ৰতি থকা বিশ্বাস নতুনকৈ জগাই তোলা।
ৰজব, শ্বা’বান আৰু পৱিত্ৰ ৰমজান মাহৰ বৰকত/ বিশেষ উপকাৰিতা পোৱাৰ দুআ কৰিব লাগিব—
যি দৰে হজৰত আনাছ (ৰাঃ)ৰ পৰা বর্ণিত, মহানবী ছাঃ এ কৈছে – ৰজবৰ জোন উদয় হোৱাৰ লগে লগে নবী (ছাঃ) এ আল্লাহৰ ওচৰত দুআ কৰিছিল—
اللّٰھمَّ باَرِکْ لَنَافِيْ رَجَبَ وَشَعْبَانَ وَبَلِّغْنَارَمَضَان“
” হে আল্লাহ আমাক ৰজব আৰু শ্বাবান মাহত বৰকত দান কৰক আৰু আমাক ৰমজান মাহলৈকে লৈ যাওক” (মুছনদে বাজ্জাৰ, খণ্ড ১৩, পৃষ্ঠা ১১৭, হাদীছ নং- ৬৪৯৬। মুচনদে ইমাম আহমদ ইবনে হাম্বাল- খণ্ড ৪, পৃষ্ঠা- ১৮০, হাদীছ নং- ২৩৪৬।)
— আন এটা হাদীছত অলপ সংযোগ হৈ বর্ণিত হৈছে :
“হে আল্লাহ! আমাৰ বাবে ৰজব, শ্বাবান আৰু (বিশেষকৈ) ৰমজান মাহটো বৰকতপূৰ্ণ তথা বিশেষ উপযোগী কৰি তোলক।”
৪। পূৰ্বৰ প্ৰশিক্ষণ / নফল ৰোজাৰ :
ৰমজান মাহক নফল ৰোজাৰে আদৰণি জনাব লাগে। অৰ্থাৎ ৰমজান মাহত (শ্বাবানা মাহত) বেছিকৈ ৰোজা ৰাখিব পাৰি। কিন্তু শেষৰ দিনকেইটাত ৰোজা ৰাখিব নালাগে, যাতে ৰমজানৰ ৰোজা দুৰ্বল নহৈ সম্পূৰ্ণ সক্ৰিয়তা, শক্তি আৰু উদ্যমেৰে আৰম্ভ কৰিব পাৰে। হাদীছত উল্লেখ আছে —
উম্মু মুমিনিন হজৰত আইশ্বা (ৰাঃ)এ বর্ণনা কৰিছে যে তেওঁ মহানবী (ছঃ)ক একেৰাহে দুমাহ ধৰি ৰোজা থকা দেখা নাছিল, কিন্তু নবী ছাঃ এ শ্বাবান মাহত অবিৰতভাৱে ৰোজা ৰাখিছিল, ৰমজান মাহৰ পোৱালৈকে। (ছহী বুখাৰী- খণ্ড ২, পৃষ্ঠা- ২৯৫।)
৬। ৰমজানৰ ৰোজাৰ নিয়মাৱলী জানি লোৱা :
ৰমজান মাহ আগমনৰ পূৰ্বে ছিয়াম অৰ্থাৎ ৰোজাৰ নিয়ম-নীতি আৰু সকলো মাছাঈল ভালকৈ জানি লোৱাটো জৰুৰী। যত ৰমজানৰ ৰোজা ভংগ হোৱাৰ কাৰণসমূহ, মাকৰুহ হোৱাৰ কাৰণ, বিভিন্ন ফজীলত আদি বিভিন্ন প্ৰয়োজনীয় বিষয় জানি লব পাৰিব।
৭। পূৰ্বৰ ৰমজানৰ আধৰুৱা কামক চিহ্নিত কৰি, এইবাৰ কৰিবলৈ প্ৰতিজ্ঞা কৰা:
ৰমজান মাহৰ আগমনৰ পূৰ্বে বিগত ৰমজানৰ নেক আমল আৰু ইবাদতসমূহ কৰিব নোৱাৰাৰ কাৰণবোৰ জানিবলৈ চেষ্টা কৰা আৰু মূল সমস্যাবোৰ চিনাক্ত কৰক। তাৰ পিছত এইবাৰ ৰমজান মাহৰ আগমনৰ পূৰ্বেই সেই কাৰণবোৰৰ পৰা বিৰত থকাৰ আৰু সকলো নেক আমল তথা ইবাদতসমূহ সম্পূৰ্ণৰূপে কৰিবলৈ নিজকে সাজু কৰি তোলক । এনে ৰৈ যোৱা সমস্যা / কৰণীয় ৭ ধৰণৰ হব পাৰে। যেনে —
১। পৱিত্ৰ ৰমজান মাহৰ আগতীয়াকৈ প্ৰস্তুতি লৈছিল নে?
২। অধ্যয়ন সম্পৰ্কীয় —
• নিয়মিতভাৱে কুৰআন অধ্যয়ন নকৰিলে কিয়?
• কুৰআন আৰু হাদীছৰ অধ্যয়ন / আলোচনাত বহা হৈছিল নে? নাছিল যদি কিয়?
• ৰমজানৰ ৰোজাৰ বিভিন্ন মাছাইল অধ্যয়ন কৰিছিল নে? নাছিল যদি কিয়?
•
৩। ব্যক্তিগত ইবাদত সম্পৰ্কীয় —
• পাঁচ ৱাক্ত নামাজ সময়মতে আদায় হৈছিল নে?
• পাঁচ ৱাক্ত নামাজ জামাতৰ সৈতে আদায় কিয় সম্ভৱ নহ’ল?
• ইতিকাফ কিয় কৰা নাছিল?
• তাৰাৱিহ কিয় পঢ়া নাছিল? পঢ়িলে সম্পূৰ্ণ নে কম?
৪। সমাজৰ লগত জড়িত ইবাদত —
• ৰোজাদাৰ ব্যক্তিক ইফতাৰ কৰাইছিল নে? নাছিল যদি কিয়?
• দান/চদকাহাত কৰিছিল নে? নাছিল যদি কিয়?
• জাকাতৰ গৰাকী হিচাপে, জাকাত দান কৰিছিল নে? নাছিল যদি কিয়?
• বিশেষকৈ এই মাহত চুবুৰীয়া বা আত্মীয়ৰ হক্ব আদায় কৰা হৈছিল নে? নাছিল যদি কিয়?
৫। নিজৰ দৈনিক কৰ্মৰ বাহিৰে অধিক সময় কত কটাইছিল ? অনলাইন কিমান সময় নষ্ট কৰিছিল?
৬। সৰু, ডাঙৰ গুনাহ কিমান কৰিছিল ? কিয় কৰিছিল ?
৭। তৌবাহ কৰিছিল নে? নাছিল যদি কিয়?