অসমীয়া সংস্কৃতিলৈ মুছলমানসকলৰ অৱদান

Share :

অসমৰ সাংস্কৃতি বা অসমীয়া সংস্কৃতি বুলি কলে আমি জানো যে এই সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণৰ ফলস্বৰূপেহে বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ জন্ম হৈছে। মূলতঃ আৰ্য সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈছে যদিও অসমীয়া সংস্কৃতি বিভিন্ন জাতি-জনজাতিৰ অৱদানেৰে ভৰপূৰ। অসমলৈ অতীতৰে পৰা দেশ-মহাদেশৰ প্ৰব্ৰজন কাৰি সকলে প্ৰব্ৰজন কৰি আহিছিল। এওঁলোকে অসমলৈ আহি নিজস্ব সংস্কৃতিৰ লগতে অসমৰ থলুৱা লোক সংস্কৃতিৰ লগতো সন্মিলিত হৈছিল। প্ৰতিটো পদক্ষেপতে থলুৱা লোকসকলৰ লগত সন্মিলিত হৈ এক সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিছিল। এই সংস্কৃতিত সমন্বয় ঘটিছিল ভাষা-সাহিত্য,খাদ্য,সাজ-পোছাক, সুকুমাৰ কলা,চাৰু-কাৰু কলা,স্থাপত্য-ভাস্কৰ্য আদিৰ দিশত।প্ৰব্ৰজনকাৰী সকলৰ লগত ইছলামী সংস্কৃতিৰ বাহক মুছলমান মান সকলৰো অসমলৈ আগম ঘটিল। আন আন প্ৰব্ৰজনকাৰী সকলৰ দৰে এওঁলোকেও অসমতে বসবাস কৰিবলৈ ললে আৰু অসমীয়া সংস্কৃতিৰ লগত খাপ খায় যাবলৈ ধৰিলে।কালক্ৰমত ইছলামী সংস্কৃতি অসমীয়া সংস্কৃতিৰ মাজত এনেদৰে সোমাই পৰিল যে এতিয়া তাক নাই কৰি চলিলে অসমীয়া সংস্কৃতি আধৰুৱা হৈ ৰ’ব।

অসমীয়া শব্দভাণ্ডাৰলৈ যদি আমি মন কৰো দেখিবলৈ পাম যে বহুতো ইছলামিক শব্দই অসমীয়া শব্দ হিচাপে স্বীকৃতি পাইছে। তাৰ প্ৰতিশব্দ বা সমাৰ্থক অন্য শব্দ নাই তাকেই অসমীয়া শব্দ মান্য ৰূপ হিচাপে ব্যৱহাৰ হয় ,যেনে-,ওস্তাদ, চেতাৰ,কিতাপ, নেগেৰা,খেয়াল, টপ্পা ,গিলিপ,আতৰ, ইজাৰ, হুকা,পাগ,জামা ইত্যাদি।অসমীয়া লোক-সাহিত্যটো ইছলামী সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান। এতিয়া যেন অসমীয়া সংস্কৃতিৰ পৰা ইছলামী সংস্কৃতি আহ ফালি উলিওৱা অসম্ভৱ। স্বতঃপোনিদিত ভাৱে এই সমন্বয় এক স্বাভাৱিক প্ৰক্ৰিয়া । অসমৰ সাংস্কৃতিৰ ওপৰত মুছলমানৰ প্ৰভাৱ বিভিন্ন স্তৰত পৰিলক্ষিত হয়। তাৰ ভিতৰত হল ভৌতিক কলা, স্থাপত্য-ভাস্কৰ্য, চাৰু আৰু কাৰু কলা,পৰিৱেশ্য কলাৰ লগতে অন্যান্য বিভিন্ন দিশত প্ৰভাৱ পৰিলক্ষিত হয়।

মানুহৰ অত্যাৱশ্যকীয় অন্ন,বস্ত্ৰ আৰু বাসস্থানেই হল ভৌতিক কলাৰ অন্তৰ্গত।অৰ্থাৎ খোৱা আহাৰ প্ৰস্তকৰণ বসবাস কৰিবলৈ ঘৰ দুৱাৰ পিন্ধন উৰণৰ বাবে কানি-কাপোৰ বোৱাকে আদি কৰি সকলো অত্যাৱশ্যকীয় বস্তুত মুছলমান সকলৰ অৱদান দেখিবলৈ পোৱা যায়। অসমীয়াৰ সৌন্দৰ্য চৰ্চাতো মুছলমান সকলৰ বিলাসৰ সামগ্রীয়ে ঠাই পাইছে। যেনে- আইনা, আঁতৰ, গোলাপ, হাচনাহানা আদি ব্যৱহাৰ হোৱাৰ উপৰিও অসমীয়া তিৰোতাই লগোৱা কাজল প্ৰথাটোও মুছলমানী সংস্কৃতিৰে অৱদান।
খাদ্য সম্ভাৰলৈ মন কৰিলেও দেখা যায়-পোলাও, কালিয়া, খিছিৰি, আচাৰ, মিঠাই ইত্যাদি মুছলমানৰ পৰাই অহা। তামোল পাণৰ লগত ‘চালি ‘খোৱাটো আছিল মোগলসকলৰ অভ‍্যাস। চাৰু শিল্পৰ ভিতৰত সোন ৰূপ বিভিন্ন দৰ্জী ব্যৱসায় ,বিভিন্ন মিনাৰ কাম, কাপোৰত দহি-গুঠা আদি কামসমূহো মুছলমান সকলৰেই অৱদানৰ অংশ।

স্থাপত্য-ভাস্কৰ্য দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ঘনশ্যাম খনিকৰে মোগল ঐতিহ্যক অসমীয়া স্থপত্য ভিতৰচ’ৰালৈ আদৰি আনে। ৰং ঘৰ আৰু তলাতল ঘৰৰ ঘৰ-দুৱাৰ খিৰিকসমূহত অৰ্ধচন্দ্ৰকাৰ ৰূপটো মোগল শৈলীৰ পৰাই অনা। ইয়াৰ আগতে অসমত স্থাপত্য ৰৈখিক ৰূপৰহে দুৱাৰ খিৰিকী আছিল। দুৱাৰ খিৰিকী পৰ্দাৰ তৰি লোৱা প্ৰথাটো মোগলসকলৰ জীৱন-ধাৰণৰ অভিজাত্য ৰূপ।

অসমীয়া হিন্দু সকলে মুছলমানৰ মৌলবীৰ দুৱাৰ পঢ়া পানী, তাবিজ, মাদুলী লগতে ভূত প্ৰেত পিশাচ খেদোৱা ইত্যাদি বিনাদ্বিধাই মানি লৈছে। কেৱল এয়াই নহয় অসমীয়া সাহিত্যলৈও মুছলমান সকলৰ আছে উল্লেখনীয় অৱদান। মফিজুদ্দিন আহমদ হাজৰিকা, তৈয়বুল্লা, চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ, তফজ্জুল আলি, মহম্মদ পিয়াৰ, প‌ইনুৰুদ্দীন আহমেদ, ৰফিউল হুছেইন বৰুৱা, আনিচ উজ জামান, প্ৰভৃতি লেখকে অসমীয়া ভাষা-সাহিত্যৰ ভড়াল সমৃদ্ধিশালী কৰি তুলিছে।
……………………………………………………..ক্ৰমশঃ

ধন্যবাদেৰে… নুৰ আলম শ‌ইকীয়া (কলম গোট, ISRAA