প্রাচীন কালত অসমক চিহ্নিত কৰা হৈছিল প্ৰাগজ্যোতিষ নামেৰে প্ৰাগ মানে পূর্ব বা আগৰ, জ্যোতিষ মানে জ্যোতি মন্ডল বা গ্রহ-নক্ষত্র আদিৰ গণনা। প্রাচীন প্রাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ (পূবৰ পােহৰৰ নগৰ) বর্তমানৰ গুৱাহাটী (A market of betel nuts) বা তাৰ দাঁতি কাষৰীয়া অঞ্চলেই আছিল পুৰণি কালত প্রাগজ্যোতিষপুৰ। প্রাচীন লিপি আৰু সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ ৰাজ্যৰ ভৌগােলিক অবস্থান বুজাবলৈ লৌহিত্য শব্দৰ (লুইত, লােহিত অথবা ব্রহ্মপুত্র) ব্যৱহাৰ কৰা হৈছিল।
কামৰূপ নাম কেনেকৈ হ’ল : প্রাচীন অসমৰ নাম কামৰূপৰ উৎপত্তি সম্বন্ধে পূৰাণৰ মতে জনা যায় যে কামদেৱ এবাৰ মহাদেৱ (শিৱৰ ৰােষত পৰি ভস্মীভূত হৈছিল। কামদেৱৰ পত্নী ৰতি দেৱীৰ আৰাধনা (প্রার্থনা)ত মহাদেৱ সস্তুষ্ট (তুষ্ট) হৈ কামদেৱক পুনৰ জীৱন দান দিয়ে। কামদেৱে প্ৰাগজ্যোতিষপুৰত পুনৰ ৰূপ পোৱা কাৰণে ৰাজ্য খনৰ নাম কামৰূপ হয়।
অসম নামৰ উৎপত্তিঃ অসম ভূ-খণ্ড নৈ, জান, জুৰি, পাহাৰ-পর্বতেৰে অসমান হােৱা বাবেই ইয়াৰ নাম অসম হ’ল। সকলাে দিশৰ পৰা অতি মৰমৰ, প্রাকৃতিক সৌন্দর্যৰে ভৰপুৰ অতি বিনন্দনীয় এই জন্মভূমি অসমত আহােমসকলে (খ্রীষ্টাব্দ ১২২৮-১৮২৬, প্রায় ৬০০ বছৰ) ৰাজত্ব কৰাৰ পৰাই আহােম শব্দৰ পৰাই অসম’ নামৰ উৎপত্তি হৈছিল।সংস্কৃতত অসম’ শব্দটোৰ অৰ্থ অদ্বিতীয় (Unique) বা প্রতিদ্বন্দ্বীহীন। ড বাণীকান্ত কাকতি ডাঙৰীয়া ৰ মতে ‘আছাম’ শব্দৰ জন্ম হৈছে যাৰ সমান কোন নাইবা অপৰাজিত বুজাবলৈ। বৈচিত্রময় ঐক্যেৰে ভৰপূৰ উত্তৰ-পূব ভাৰতৰ প্ৰধান ৰাজ্য Assam নামটো শেহতীয়াভাৱে Asom হিচাপেও
গ্রহণ কৰা হৈছে।
অসমৰ ইতিহাস কেইবাটাও সূত্ৰৰ পৰা জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন তাম্ৰফলি আৰু শিলালিপিৰ পৰা প্ৰাচীন অসমৰ কথা জানিব পাৰি । আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত “বুৰঞ্জী” নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল। সেই সময়তে “লেখক বৰুৱা” নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল।
পুৰণি কামৰূপ ৰাজ্যৰ পূব অংশত কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বাৰ ভূঞাৰ উত্থান ঘটে। কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজতে চুকাফাৰ নেতৃত্বত এটা শান বংশৰ দলে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে আহোম ৰাজ্য উত্তৰ ফালে চুতীয়া ৰাজ্যলৈ বিস্তৃত হয় আৰু কছাৰী ৰাজ্যক আৰু দক্ষিণলৈ ঠেলি পঠায়। ১৬শ শতিকাৰ শেষ ভাগত নৰ নাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য পশ্চিমে কোচ বিহাৰ আৰু পূবে কোচ হাজোত দুভাগ হয়। দুই ৰাজ্যৰ মাজৰ শত্ৰুতা বাঢ়ি আহে। কোচ বিহাৰে মোগলৰ লগত আৰু কোচ হাজোৱে আহোমৰ লগত হাত মিলায়। ১৭শ শতিকাত বহুকেইখন আহোম-মোগল যুদ্ধ সংঘটিত হয়। ১৬৭১ চনত আহোমে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে আৰু শেষত ১৬৮২ চনত ইটাখুলিত পৰাস্ত কৰি নিজৰ পশ্চিম সীমা স্থিৰ কৰে। আহোমসকলে পশ্চিমৰ কৰতোৱা নদীলৈকে নিজৰ ৰাজ্য বিস্তাৰৰ বাবে মন মেলিছিল যদিও তেনে হৈ নুঠিল। কেৱল ১৬শ শতিকাত স্বৰ্গদেউ চুহুংমুঙৰ সেনাপতি টংখামে এবাৰ আক্ৰমণকাৰীসকলক খেদি কৰতোৱা নদী পাৰ কৰাই আহিছিল।
আহোম ৰাজ্যই উন্নতিৰ শিখৰত উপনীত হোৱাৰ পিছত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ পিছত ইয়াৰ পতন আৰম্ভ হয়। শাসন পুনৰ অধিকাৰ কৰাৰ পিছতো অভ্যন্তৰীণ খেলিমেলি চলি থাকে আৰু ১৯শ শতিকাৰ প্ৰথমভাগত মানৰ অসম আক্ৰমণ সংঘটিত হয়। ইংৰাজৰ হাতত মান পৰাস্ত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে মধ্যযুগৰ অন্ত পৰে।
ঔপনিবেশিক শাসনঃ
১) ব্ৰিটিছৰ অসম অধিগ্ৰহণঃ
মানসকলে অসম অধিকাৰ কৰাৰ পিছত ব্ৰিটিছসকলে মানৰ বিৰুদ্ধে ৰণৰ প্ৰস্তুতি চলায়। ১৮২৪ চনত নামনি অসম (কোচ হাজো) অধিগ্ৰহণ কৰা হয়। তাৰ পিছৰ বছৰ ব্ৰিটিছে উজনি অসমত মানক পৰাস্ত কৰে আৰু তেওঁলোকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই যুদ্ধখনত আহোমে ব্ৰিটিছক সহায় কৰা নাছিল। একে বছৰতে ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত “ডক্ট্ৰিন অৱ লেপ্ছ”মতে কছাৰী ৰাজ্যকো ব্ৰিটিছ শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰা হয়। ১৮৩২ চনত খাচী ৰজাৰ আত্মসমৰ্পণৰ পিছত জয়ন্তীয়া ৰাজ্যৰ ওপৰতো ব্ৰিটিছৰ প্ৰভুত্ব বাঢ়ে। ১৮৩৩ চনত আহোম ৰজা পুৰন্দৰ সিংহৰ অধীনৰ আহোম ৰাজ্যক ব্ৰিটিছ ৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। কিন্তু ১৮৩৮ চনত আনুষ্ঠানিকভাৱে আহোম ৰাজ্যক ব্ৰিটিছ অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়। ১৮৩৯ চনত মৰাণ-মটক অঞ্চল অধিকাৰ কৰাৰ লগে লগে ব্ৰিটিছে গোটেই অসমতে নিজৰ শাসন স্থাপন কৰে।
২) বেঙ্গল প্ৰেচিডেন্সী (১৮২৬-১৮৭৩):
অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উজনি অসম অধিগ্ৰহণৰ এটা কাৰণ আছিল ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন আৰু ১৮৩৯ চনত অসম কোম্পানী স্থাপন। ১৮৩৮ চনৰ ৱেষ্ট্লেণ্ড নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল। ১৮৫৪ চনত এই নিয়ম শিথিল কৰাৰ লগে লগে এই পৰিস্থিতি সলনি হয়। খেতি কৰিবৰ বাবে অনা চীনা লোকসকলে ১৮৪৩ চনত অসম ত্যাগ কৰে আৰু তাৰ ঠাইত স্থানীয় লোক (বিশেষকৈ কছাৰী সম্প্ৰদায়ৰ) মৰকল কৰা হয়। ১৮৫৯ চনত মধ্য ভাৰতৰ পৰাও চাহ খেতিৰ বাবে বনুৱা আমদানি কৰা হয়। এইসকল লোকৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আছিল। ইতিমধ্যে ঔপনিবেশিক চৰকাৰে কানি খেতিৰ ওপৰতো নিজৰ অধিকাৰ বিস্তাৰ কৰিছিল।
ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিদ্ৰোহ নোহোৱাকৈ থকা নাছিল। ইয়াণ্ডাবু সন্ধি হোৱাৰ দুবছৰ পিছত ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰে, কিন্তু সহজেই তাক দমন কৰা হয়। ১৮৩০ চনত ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন আৰু জীউৰাম মেধিয়ে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ মৃত্যুদণ্ড প্ৰদান কৰা হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ মানুহও ব্ৰিটিছক অসহযোগিতাৰে আন্দোলনলৈ সহায় আগবঢ়ায়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। ১৮৬১ চনত নগাঁৱৰ কৃষকসকলে ফুলগুৰিত তামোল-পাণৰ ওপৰত কৰৰ বিৰুদ্ধে ৰাইজ মেলৰ বাবে সন্মিলিত হৈছিল। তাতে ব্ৰিটিছ বিষয়া চিংগাৰ ৰাইজৰ লহত হতাহতিত নিহত হয়। তাৰ পিছত এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰা হয়।
৩) চিফ কমিছনাৰ্ছ প্ৰভিন্স (১৮৭৪-১৯০৫):
১৮৭৪ চনত অসমক বেঙ্গল প্ৰেচিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু চিলেট অঞ্চল যোগ দি ইয়াক চিফ কমিছনাৰ্ছ প্ৰভিন্সলৈ উন্নীত কৰা হয়। ইয়াৰ ৰাজধানী আছিল শ্বিলং। চিলেটৰ লোকসকলে এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল। ১৮৩৭ চনত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছিল, কিন্তু এই সময়ত অসমীয়া ভাষাক পুনৰ স্ব-মৰ্যাদা প্ৰদান কৰা হয়। ১৮৮৯ চনত ডিগবৈত তেলৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তৈল উদ্যোগে গঢ় লৈ উঠে। সেই সময়ছোৱাত নগাঁৱত দুৰ্ভিক্ষৰ ফলত বহু মানুহৰ মৃত্যু হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কৃষিতকৈ চাহ, তেল আৰু কয়লা উদ্যোগ বহুখিনি আগুৱাই গৈছিল।
শোষণৰ বিৰুদ্ধে লাহে-লাহে কৃষকসকল জাগি উঠিবলৈ ধৰিলে। বিভিন্ন ৰাইজ-মেলৰ যোগেদি কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱা হ’ল। ১৮৯৪ চনত পথৰুঘাটত তেনে এখন প্ৰতিবাদী সভাৰ ওপৰত ব্ৰিটিছে কৰা আক্ৰমণত প্ৰায় ১৫ জন লোক নিহত হয়। ইয়াৰ পিছত গাঁৱৰ ৰাইজক অত্যাচাৰ কৰি সম্পত্তি লুট-পাত কৰা হয়।
১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত “অসম এছ’চিয়েচন” গঠন হয়।
৪) পূব বঙ্গ আৰু গভাৰ্নৰ শাসিত অসম (১৯০৬-১৯১২):
১৯০৫ চনৰ বঙ্গ বিভাজনৰ পিছত পূব বঙ্গক চিফ কমিচনাৰৰ প্ৰভিন্সত যোগ কৰা হয়। এজন লেফ্টনেণ্ট গভাৰ্নৰ শাসিত এই অঞ্চলৰ ৰাজধানী আছিল ঢাকা। এই প্ৰভিন্সৰ ১৫ জনীয়া পৰিষদত অসমৰ বাবে আসন আছিল দুখন।
১৯০৫ চনৰ পৰা পূব বঙ্গৰ পৰা প্ৰব্ৰজন কৰা লোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত থিতাপি ল’বলৈ ধৰে। কৃষি উৎপাদন বৃদ্ধি কৰাৰ স্বাৰ্থত ব্ৰিটিছেও এই কাৰ্যত উদ্গনি যোগায়। ১৯০৫ চনৰ পৰা ১৯২১ চনলৈ এই প্ৰব্ৰজনকাৰীৰ সংখ্যা চাৰিগুণ বাঢ়ে। উত্তৰ-ঔপনিবেশিক যুগতো অবৈধ প্ৰব্ৰজন অব্যাহত থাকে আৰু তাৰ ফলত ১৯৭৯ চনত অসম আন্দোলন সংঘটিত হয়।
৫) অসম বিধান পৰিষদ (১৯১২-১৯২০):
প্ৰশাসনিক গোট পুনৰ চিফ কমিচনাৰৰ প্ৰভিন্সলৈ (অসম আৰু চিলেট) পূৰ্ববত কৰা হয় আৰু ইয়াৰ লগত এখন বিধান পৰিষদ যোগ দিয়া হয়। পৰিষদৰ ২৫ জন সদস্য আছিল আৰু মুখ্য আয়ুক্তৰ লগত ১৩ জন নিৰ্বাচিত সদস্যই পৰিষদৰ সিংহভাগ গঠন কৰিছিল। আন সদস্যসকলক স্থানীয় ৰাজহুৱা গোট যেনে পৌৰসভা, চাহ ব্যৱসায়ী আদিয়ে নিৰ্বাচন কৰিছিল।
ভাৰত চৰকাৰ বিধি ১৯১৯ মতে অসম বিধান পৰিষদৰ সদস্য সংখ্যা ৫৩লৈ বৃদ্ধি কৰা হয় যাৰ ভিতৰত ৩৩ জন বিশেষ সমষ্টিৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। পৰিষদৰ শক্তি বৃদ্ধি কৰা হৈছিল যদিও ইউৰোপীয়ান আৰু মনোনীত সদস্যৰে গঠিত আনুষ্ঠানিক গোটৰে প্ৰভাৱ বেছি আছিল।
৭) অসম বিধানসভা (১৯৩৭-১৯৪৭):
১৯৩৫ চনৰ ভাৰত চৰকাৰ নীতিমতে পৰিষদখন ১০৮ জনীয়া সদস্যৰ এখন বিধানসভালৈ পৰিৱৰ্তন কৰা হয় আৰু ইয়াৰ শক্তিও বৃদ্ধি পায়। এই সময়ছোৱাত অসমৰ ৰাজনীতিত গোপীনাথ বৰদলৈ আৰু মহম্মদ চাদুলাৰ প্ৰভাৱেই বেছি দেখা গৈছিল।
অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষৰ লগতে অসমেও স্বাধীনতা লাভ কৰে।