ফিৎৰাৰ পৰিমাণ – তথ্যমূলক বিশ্লেষণ

Share :

ফিৎৰা সম্পৰ্কীয় হাদীছ সমূহ পৰ্যালোচনা কৰিলে এই বিষয়ে মুঠ পাঁচ প্ৰকাৰৰ খাদ্যৰ বৰ্ণনা পোৱা যায় । যব, খেজুৰ , পনীৰ, কিচমিছ আৰু ঘেহু ।

কোনো ব্যক্তিয়ে যদি খেজুৰ , পনীৰ, কিচমিছ আৰু যবৰ দ্বাৰা ফিৎৰা দিব বিচাৰে তেন্তে তেওঁ এক ‘চা’ দিব লাগিব। আৰু ঘেহুৰ দ্বাৰা দিলে অৰ্ধ ‘চা’ দিব লাগিব ।

‘চা’ হৈছে আল্লাহৰ নবী (ছ:)ৰ যুগৰ ওজন বা পৰিমাপৰ ব‍্যৱহাৰিত এক পাত্ৰ । আৰু হাদীছত ‘চা’ শব্দটোয়েই আহিছে কিন্তু তাৰ পৰিমাণ বিস্তাৰিত নাই । নবী ছ: ৰ ‘চা’ দুই ধৰণে ব্যৱহাৰ হৈছে । এই কাৰণে ইয়াৰ পৰিমাণ ভিন্ন হয় ।

নবী ছা: ব্যৱহাৰ কৰা ‘চা’ ইমাম আবু হানিফাৰ মতে , ৮ বাগদাদী পাউণ্ড ( সেৰ ) আৰু ১ বাগদাদী পাউণ্ড ১৩০ দিৰহামৰ সম পৰিমাণ । আৰু ১ দিৰহাম ৩.১৪ গ্ৰামৰ সমতুল্য ।

এতেকে- ১৩০×৮ = ১০৪০
১০৪০×৩.১৪
————–
৩২৬৫.৬

এতেকে ১ ‘চা’= ৩২৬৫.৬ গ্ৰাম । আৰু ইয়াৰ অৰ্ধ- ১৬৩২.৮ । আৰু ঘেহুৰ হিচাব অনুযায়ী অৰ্ধ ‘চা’হল- ৫২০ দিৰহাম।

এতিয়া ১ দিৰহাম হল- ৩.১৪ গ্ৰাম
আৰু ৫২০ দিৰহাম × ৩.১৪ গ্ৰাম = ১৬৩৩ গ্ৰাম ঘেহু বা ইয়াৰ মূল্য ।

(ক) খেজুৰ ৩ কেজি ২৬৬ গ্ৰাম বা তাৰ মূল্য ৮১৭/- টকা এজনৰ ফিৎৰা হয় ।
(খ) কিচমিছ ৩ কেজি ২৬৬ গ্ৰাম বা তাৰ মূল্য ১১৪৪/-টকা এজনৰ ফিৎৰা হয় ।
(গ) পনীৰ ৩ কেজি ২৬৬ গ্ৰাম বা তাৰ মূল্য ১৩১০/- টকা এজনৰ ফিৎৰা হয় ।
(ঘ) যব ৩ কেজি ২৬৬ গ্ৰাম বা তাৰ মূল্য ৩৩০/- টকা হয় ।
(ঙ) আটা বা ঘেহু ১কেজি ৬৩৩ গ্ৰাম বা তাৰ মূল্য ৫০/- টকা এজনৰ ফিৎৰা হয় ।

হাদীছত এই পাঁচটাৰ যিকোনো এটাৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ সুযোগ দিয়া হৈছে। যাতে মুছলমানে নিজৰ সমৰ্থ্য আৰু সুবিধা অনুযায়ী ইয়াৰ যিকোনো এটাৰ দ্বাৰা আদায় কৰিব পাৰে । আমি সকলোৱে যদি কম দামৰ বস্তু দি ফিৎৰা দিও তেন্তে হাদীছত বৰ্ণিত বাকী বস্তুৰ দ্বাৰা ফিৎৰা আদায়ৰ ওপৰত কোনে আমল কৰিব ? সেয়েহে আহক আমি আমাৰ সমৰ্থ্য অনুযায়ী দামী বস্তুৰ দ্বাৰা ফিৎৰা আদায় কৰো । নবী ছা: , ছাহাবা,তাবেঈন আৰু তবে-তাবেঈনৰ পৰা এই পর্যন্ত জয়িফ সূত্রতো এটা প্রমাণ পোৱা নাযায় যে, তেখেত সকলে প্ৰতিটো শ্ৰেণীৰ ব্যক্তিয়ে মিলি সর্বনিম্ন মূল্যৰ বস্তুৰ দ্বাৰা ফিৎৰা আদায় কৰিছে।

হজৰত আবু ছাইদ খুদৰী ৰা: কৈছে:

كنا نخرج زكاة الفطر صاعًا من طعام أو صاعا من شعير أو صاعا من تمر أو صاعا من أقط أو صاعا من زبيب وذلك من صاع النبي صلى الله عليه وسلم.

আমি ফিৎৰা আদায় কৰিছোঁ এক ‘চা’ খাদ্য বস্তুৰ দ্বাৰা বা এক ‘চা’ যবৰ দ্বাৰা অথবা এক ‘চা’ খেজুৰৰ দ্বাৰা নাইবা এক ‘চা’ পনীৰৰ দ্বাৰা নতুবা এক ‘চা’ কিচমিছ দি । আৰু এক ‘চা’ৰ ওজন আছিল নবী ছা: ৰ ‘চা’ অনুযায়ী। (-মুৱাত্তা মালিক পৃ.১২৪; আল ইছতিজকাৰ, হাদীছ ৫৮৯, ৯/৩৪৮)

উক্ত হাদীছত ৰাছুল ছা:ৰ আৰু চাহাবাৰ যুগৰ ফিৎৰা কি কি বস্তুৰ দ্বাৰা দিয়া হৈছিল তাৰ বৰ্ণনা স্পষ্ট আছে । হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰা: আজীৱন খেজুৰ দি ফিৎৰা আদায় কৰিছে । এবাৰ মাত্ৰ যব দি আদায় কৰিছে ।আলইছতিজকাৰ, হাদীছ নং ৫৯০,৯/৩৫৪
ইবনে কুদামা ৰহ: য়ে আবু মিজলাযৰ বর্ণনা উল্লেখ কৰি কৈছে: এই বর্ণনাৰ দ্বাৰা বুজা যায় যে, চাহাবায়ে কেৰামৰ অধিকাংশই যেহেতু খেজুৰ দি ফিৎৰা আদায় কৰিছে সেয়েহে ওমৰ ৰা: চাহাবা সকলৰ তৰিকা মতে আজীৱন খেজুৰৰ দ্বাৰাই আদায় কৰিছে।

হজৰত ওমৰ ৰা: এ কৈছে:

إن أصحابي سلكوا طريقا وأنا أحب أن أسلكه
‘চাহাবী সকল যি পথত গৈছে ময়ো সেই পথত যাবলৈ আগ্রহী।’

মাজহাবৰ ইমাম সকলৰ মতে ফিৎৰা কোনটো বস্তুৰ দ্বাৰা আদায় কৰা উত্তম ?

▪️ ইমাম মালিক ৰহ:ৰ মতে খেজুৰৰ মাজৰ সর্বোচ্চ মূল্যৰ খেজুৰ তথা আজৱা খেজুৰৰ দ্বাৰা আদায় কৰা উত্তম ।
▪️ ইমাম শ্বাফিয়ী ৰহ: ৰ মতে হাদীছত বর্ণিত বস্তুৰ মাজৰ সর্বোচ্চ মূল্যৰ বস্তুৰ দ্বাৰা আদায় কৰা উত্তম।
▪️ ইমাম আহমদ ৰহ: ৰ মতে চাহাবায়ে কেৰামৰ অনুসৰণ মৰ্মে খেজুৰৰ দ্বাৰা আদায় কৰা উত্তম । (আলমুগনী ৪/২১৯; আওজাযুল মাছালিক ৬/১২৮)
▪️ ইমাম শ্বাফিয়ী ৰহ: ৰ মতে হাদীছত বর্ণিত বস্তুৰ মাজৰ সর্বোচ্চ মূল্যৰ বস্তুৰ দ্বাৰা আদায় কৰা উত্তম। ইমাম আবু হানীফা ৰহ: ৰ মতে পাঁচটাৰ পৰা বেছি মূল্যৰ বস্তুৰ দ্বাৰা আদায় কৰা উত্তম । অর্থাৎ যিটোৰ দ্বাৰা আদায় কৰিলে দৰিদ্ৰ সকলৰ বেছি উপকাৰ হয় সেইটোৰ দ্বাৰা আদায় কৰা উত্তম ।

হাদীছত যি পাঁচ প্রকাৰৰ খাদ্য বস্তুৰ কথা উল্লেখ আছে তাৰ মূল্য ঠাই আৰু কাল হিচাপে দাম কম বেছি হব পাৰে । যেনে: চাহাবা সকলৰ কালত খেজুৰতকৈ ঘেহুৰ দাম বাঢ়ি গৈছিল । কিন্তু বৰ্তমান ঘেহুৰ মূল্য সৱতকৈ কম। এই যুগত সর্ব শ্রেণীৰ ব্যক্তি তথা সম্পদশালী সকলৰ বাবে ঘেহুৰ বা তাৰ মূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰা সমীচীন নহয় ।
আচৰিত কথা এই যে , বৰ্তমান গোটেই অসমত এক মাহল হৈ গৈছে সকলোৱে বছৰ বছৰ ধৰি সর্বনিম্ন মূল্যৰ বস্তু বা তাৰ মূল্য ফিৎৰা হিচাপে আদায় দি আহিছে যিটো উত্তম নহয় । আৰু ধনী শ্রেণীৰ মুছলিম ভাইসকলে কিচমিছ বা পনীৰৰ দ্বাৰা ফিৎৰা আদায় কৰা উচিত।

ফিৎৰা টকাৰে আদায় কৰা হাদীছৰ দ্বাৰা প্ৰমাণিত :

টকাৰে ‘ফিৎৰা’ আদায় কৰা হাদীছ আৰু ইমাম সকলৰ উক্তিৰ দ্বাৰা প্রমাণিত! যোৱা কেইটামান বছৰ ধৰি আমাৰ দেশৰ একাংশ লোকে ফতোৱা দি থাকে যে, চহীহ বুখাৰীত আছে ফিৎৰা দিব লাগিব গম, খেজুৰ, কিছমিছ, পনীৰ, যব ইত্যাদি খাদ্য দ্রব্য দ্বাৰা। টকাৰে আদায় কৰিলে আদায় নহব!তেওঁলোকৰ এই দাবি সম্পূর্ণ ভিত্তিহীন। কিয়নো ইমাম বুখাৰী (ৰহ:), ইবনে আবী শ্বাইবা (ৰহ:.) আৰু বাইহাকি (ৰহ.) কৈছে , টকা দি ফিৎৰা দিলে আদায় হৈ যাব।

(১) যদি ঘেহু, কিছমিছ, পনীৰ, ইত্যাদি খাদ্য দ্রব্য দি ফিৎৰা আদায় কৰে, তেন্তে তাৰ দলীল বুখাৰীত পাব :

حَدَّثَنَا يَحْيَى بْنُ مُحَمَّدِ بْنِ السَّكَنِ، حَدَّثَنَا مُحَمَّدُ بْنُ جَهْضَمٍ، حَدَّثَنَا إِسْمَاعِيلُ بْنُ جَعْفَرٍ، عَنْ عُمَرَ بْنِ نَافِعٍ، عَنْ أَبِيهِ، عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا، قَالَ: «فَرَضَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ زَكَاةَ الفِطْرِ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ شَعِيرٍ عَلَى العَبْدِ وَالحُرِّ، وَالذَّكَرِ وَالأُنْثَى، وَالصَّغِيرِ وَالكَبِيرِ مِنَ المُسْلِمِينَ، وَأَمَرَ بِهَا أَنْ تُؤَدَّى قَبْلَ خُرُوجِ النَّاسِ إِلَى الصَّلاَةِ»

অর্থ : হজৰত ইবনে ওমৰ (ৰা:)ৰ পৰা বর্ণিত তেও কৈছে: প্রত্যেক গোলাম, আজাদ, পুৰুষ, মহিলা, প্রাপ্ত বয়স্থ আৰু নাবালিগ মুছলিমৰ ওপৰত ৰাছুল (ছা:.) زَكَاةَ الفِطْرِ ছদকাতুল ফিৎৰ হিচাপে খেজুৰ বা যব এক ”ছা”পৰিমাণ আদায় কৰা ওৱাজিব কৰিছে আৰু মানুহে ঈদৰ নামাজলৈ ওলোৱাৰ আগতেই আদায় কৰাৰ নির্দেশ দিছে। (বুখাৰী-2/131, হাদীছ 1503)

حَدَّثَنَا عَبْدُ اللَّهِ بْنُ يُوسُفَ، أَخْبَرَنَا مَالِكٌ، عَنْ زَيْدِ بْنِ أَسْلَمَ، عَنْ عِيَاضِ بْنِ عَبْدِ اللَّهِ بْنِ سَعْدِ بْنِ أَبِي سَرْحٍ العَامِرِيِّ، أَنَّهُ سَمِعَ أَبَا سَعِيدٍ الخُدْرِيَّ رَضِيَ اللَّهُ عَنْهُ، يَقُولُ: «كُنَّا نُخْرِجُ زَكَاةَ الفِطْرِ صَاعًا مِنْ طَعَامٍ، أَوْ صَاعًا مِنْ شَعِيرٍ، أَوْ صَاعًا مِنْ تَمْرٍ، أَوْ صَاعًا مِنْ أَقِطٍ، أَوْ صَاعًا مِنْ زَبِيبٍ»

অর্থ : হজৰত আবু ছাঈদ খুদৰী(ৰা:) ৰ পৰা বর্ণিত তেও কৈছে : আমি এক ”ছা” পৰিমাণ খাদ্য অথবা এক ”ছা” পৰিমাণ যব বা এক ”ছা” পৰিমাণ খেজুৰ নাইবা এক “ছা” পৰিমাণ পনীৰ অথবা এক “ছা” পৰিমাণ কিছমিছ দি زَكَاةَ الفِطْرِ ছদকাতুল ফিৎৰ আদায় কৰিছিলো। (বুখাৰী2/136, হাদীছ-1506)

উল্লেখিত দুটা হাদীছৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে, কোনো ব্যক্তিয়ে বিচাৰিলে মালৰ দ্বাৰাও ছদকাতুল ফিৎৰ আদায় কৰিব পাৰিব। কিন্তু টকাৰ দ্বাৰা আদায় কৰা ভুল বুলি ধাৰণাটোও ভুল!

زَكَاةَ الفِطْرِ (ফিতৰা ৱাজিব নে ফৰজ) ?

ছদকাতুল ফিৎৰ হ’ল ওৱাজিব, তেন্তে প্রশ্ন হয় ইমাম বুখাৰীৰ অনুচ্ছেদৰ মাজত ফৰজ শব্দ ব্যৱহাৰ কৰিছে আৰু হাদীছৰ মাজত ফৰজ শব্দ আহিছে , তেনেহলে ৱাজিব কৰ পৰা আহিল ?

❖ তাৰ উত্তৰত কোৱা হ’ব যে ইমাম বুখাৰী(ৰহ.)ৰ মতে ৱাজিব আৰু ফৰজ দুটা একেই। তাৰ এটা জ্বলন্ত প্রমাণ হ’ল ইমাম বুখাৰীয়ে বুখাৰীত এক অনুচ্ছেদ এনেদৰে আনিছে باب وجوب الحج অর্থাৎ এই অনুচ্ছেদ হজ্ব ওৱাজিব হোৱাৰ সম্পর্কে! বৰঞ্চ আমি জানো যে হজ্ব ফৰজ তেন্তে ইমাম বুখাৰী ওৱাজিব কিয় কলে ? তাৰ উত্তৰ হ’ল ইমাম বুখাৰীৰ মতে ফৰজ আৰু ওৱাজিব একেই ।আৰু হাদীছত ফৰজ শব্দ ব্যৱহাৰ হলেই সকলো ঠাইতে তাৰ দ্বাৰা ফৰজ উদ্দেশ্য নহয়। কাৰণ হাদীছৰ পৰিভাষাত ফৰজ শব্দটো , أوجب ,قدر عين ,بين অথাৎ ওৱাজিব, নির্ধাৰণ, বর্ণনা, ব্যাখ্যা ইত্যাদি অৰ্থত প্রয়োগ হয়। ( ইয়াৰ পিছতো ফৰজৰ দাবী কৰি উত্তাল হৈ যোৱাৰ সুযোগ ক’ত ?

তলত কিছু দৃষ্টান্ত চাওক :

حَدَّثَنَا إِبْرَاهِيمُ بْنُ مُوسَى، أَخْبَرَنَا هِشَامٌ، عَنِ ابْنِ جُرَيْجٍ، قَالَ: أَخْبَرَنِي عُبَيْدُ اللَّهِ بْنُ عُمَرَ، عَنْ نَافِعٍ، عَنْ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ قَالَ: كَانَ فَرَضَ لِلْمُهَاجِرِينَ الْأَوَّلِينَ أَرْبَعَةَ آلَافٍ فِي أَرْبَعَةٍ، وَفَرَضَ لِابْنِ عُمَرَ ثَلَاثَةَ آلَافٍ وَخَمْسَ مِائَةٍ، فَقِيلَ لَهُ هُوَ مِنَ المُهَاجِرِينَ فَلِمَ نَقَصْتَهُ مِنْ أَرْبَعَةِ آلاَفٍ، فَقَالَ: ” إِنَّمَا هَاجَرَ بِهِ أَبَوَاهُ يَقُولُ: لَيْسَ هُوَ كَمَنْ هَاجَرَ بِنَفْسِهِ ”
تعليق مصطفى البغا ش (فرض) عين من مال بيت المال.

(ছহীহ বুখাৰী-6/156) উক্ত হাদীছত ফৰজ শব্দৰ অৰ্থ “নিৰ্ধাৰণ কৰা” ।


قَدْ فَرَضَ اللَّهُ لَكُمْ تَحِلَّةَ أَيْمَانِكُمْ، وَاللَّهُ مَوْلاَكُمْ وَهُوَ العَلِيمُ الحَكِيمُ.تعليق مصطفى البغا.ش (فرض) بين.

ছুৰা: তাহৰিমৰ ২নং আয়াতত ফৰজ শব্দৰ অৰ্থ “বৰ্ণনা কৰা” ।

(২) ‘ফিৎৰা’’ টকাৰে আদায় কৰিলেও আদায় হৈ যাব-

তাৰ দলীল-

حَدَّثَنَا أَبُو أُسَامَةَ، عَنْ زُهَيْرٍ، قَالَ: سَمِعْتُ أَبَا إِسْحَاقَ، يَقُولُ: «أَدْرَكْتُهُمْ وَهُمْ يُعْطُونَ فِي صَدَقَةِ رَمَضَانَ الدَّرَاهِمَ بِقِيمَةِ الطَّعَامِ»

অর্থ : হজৰত জুহাইৰ(ৰহ.)ৰ পৰা বর্ণিত তেওঁ কৈছে,মই আবু ইছহাক (ৰহ.)ৰ পৰা শুনিছো যে,তেও কৈছে, মই ছাহাবায়ে কেৰাম (ৰা.) ক এই অৱস্থাত পাইছো যে, তেওঁলোকে ৰমজানত ছাদকায়ে ফিৎৰ খাদ্যৰ সলনি টকাৰে আদায় কৰিছিল। ইবনে আবি শ্বাইবা-2/398, হাদীছ10371। )ইয়াৰ ছনদ সম্পূর্ণ ছহীহ তথা প্রমাণযোগ্য।

ঠিক একেই হাদীছ ইবনে আবী শ্বাইবাত টকাৰে ছদকায়ে ফিৎৰ আদায় কৰাৰ বিষয়ে আহিছে ।

(৩) হজৰত হাছান বছৰী(ৰহ.)ৰ আছৰ (বক্তব্য)-

حَدَّثَنَا وَكِيعٌ، عَنْ سُفْيَانَ، عَنْ هِشَامٍ، عَنِ الْحَسَنِ، قَالَ: «لَا بَأْسَ أَنْ تُعْطِيَ الدَّرَاهِمَ فِي صَدَقَةِ الْفِطْرِ»

অর্থ : হজৰত হাছান বছৰী (ৰহ.)য়ে কৈছে , টকাৰে ছদকাতুল ফিৎৰ আদায় কৰিলে কোনো অসুবিধা নাই। (ইবনে আবি শ্বাইবা-2- 398 হাদীছ-10370)

(৪) হজৰত ওমৰ বিন আব্দুল আজিজ ৰ:ৰ চিঠি-

حَدَّثَنَا وَكِيعٌ، عَنْ قُرَّةَ، قَالَ: جَاءَنَا كِتَابُ عُمَرَ بْنِ عَبْدِ الْعَزِيزِ فِي صَدَقَةِ الْفِطْرِ «نِصْفُ صَاعٍ عَنْ كُلِّ إِنْسَانٍ أَوْ قِيمَتُهُ نِصْفُ دِرْهَمٍ»

হজৰত কোৰ্ৰা ৰহ: কৈছে , আমাৰ ওপৰত ওমৰ ইবনে আব্দুল আজিজ ৰ: ৰ ছদকায়ে ফিৎৰৰ বিষয়ে এখন চিঠি আহিছিল, তাত প্ৰতিজন মানুহৰ বাবে আধা ছা বা তাৰ মূল্য আধা দিৰহাম আদায় দিবলৈ কোৱা হৈছে। (ইবনে আবি শ্বাইবা-2/398, হাদীছ 10369)

(৫) ‘টকাৰে আদায় কৰা’ অধ্যায় স্থাপন-
ক) ইমাম ইবনে আবী শ্বাইবা তেওঁ লিখা কিতাপ ইবনে আবি শ্বাইবাৰ 2/398 ত এই দৰে অনুচ্ছেদ স্থাপন কৰিছে,

“فِي إِعْطَاءِ الدَّرَاهِمِ فِي زَكَاةِ الْفِطْرِ ” অর্থাৎ এই অনুচ্ছেদটো ছাদাকায়ে ফিৎৰ টকাৰে আদায় কৰাৰ (বৈধতা) সম্পর্কে।

খ) ইমাম বাইহাকি (ৰহ.) তেওঁৰ কিতাপ ছুনানুল কুবৰাৰ 4/189 ত এই দৰে অনুচ্ছেদ স্থাপন কৰিছে,

” بَابُ مَنْ أَجَازَ أَخْذَ الْقِيَمِ فِي الزَّكَوَاتِ ” অথাৎ এই অনুচ্ছেদ টকাৰে জাকাত আদায় কৰা অনুমোদিত।

(৬) ৰাছুল (ছা:)ৰ যুগৰ আমল –
ইয়াৰ বাহিৰে ৰাছুল (ছা:)ৰ যুগতো زَكَاةَ الفطرِ(ফিতৰা) আৰু زكوة ইত্যাদি টকাৰে আদায় কৰা হৈছিল। তাৰে কিছু প্রমাণ তলত দিয়া হল :

ক) হাদীছ-১
وَقَالَ طَاوُسٌ: قَالَ مُعَاذٌ رَضِيَ اللَّهُ عَنْهُ لِأَهْلِ اليَمَنِ: «ائْتُونِي بِعَرْضٍ ثِيَابٍ خَمِيصٍ – أَوْ لَبِيسٍ – فِي الصَّدَقَةِ مَكَانَ الشَّعِيرِ وَالذُّرَةِ أَهْوَنُ عَلَيْكُمْ وَخَيْرٌ لِأَصْحَابِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِالْمَدِينَةِ» وَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: وَأَمَّا خَالِدٌ فَقَدِ احْتَبَسَ أَدْرَاعَهُ وَأَعْتُدَهُ فِي سَبِيلِ اللَّهِ ” وَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «تَصَدَّقْنَ وَلَوْ مِنْ حُلِيِّكُنَّ» فَلَمْ يَسْتَثْنِ صَدَقَةَ الفَرْضِ مِنْ غَيْرِهَا، فَجَعَلَتِ المَرْأَةُ تُلْقِي خُرْصَهَا وَسِخَابَهَا، وَلَمْ يَخُصَّ الذَّهَبَ وَالفِضَّةَ مِنَ العُرُوضِ “ (ছহীহ বুখাৰী-2/116)

হাদীছটোৰ দ্বাৰা প্ৰমাণিত যে ইমাম বুখাৰীৰ মতেও ছাদাকায়ে ফিৎৰ টকাৰে আদায় কৰিব পাৰি ।

খ) হাদীছ-২
أَيْ جَوَازُ أَخْذِ الْعَرْضِ وَهُوَ بِفَتْحِ الْمُهْمَلَةِ وَسُكُونِ الرَّاءِ بَعْدَهَا مُعْجَمَةٌ وَالْمُرَادُ بِهِ مَا عَدَا النَّقْدَيْنِ قَالَ بن رَشِيدٍ وَافَقَ الْبُخَارِيُّ فِي هَذِهِ الْمَسْأَلَةِ الْحَنَفِيَّةَ مَعَ كَثْرَةِ مُخَالَفَتِهِ لَهُمْ لَكِنْ قَادَهُ إِلَى ذَلِكَ الدَّلِيلُ..الخ) فتح الباري لابن حجر (3/ 312)

(قَوْلُهُ بَابُ الْعَرْضِ فِي الزَّكَاةِ)

আল্লামা ইবনু ৰাশ্বিদ (ৰহ.) কৈছে উক্ত মাছআলাত ইমাম বুখাৰী (ৰহ.)য়ে হানাফী সকলৰ সহমত পোষণ কৰিছে । (ফাতহুল বাৰী, ইবনে হাজৰ-3-312)

একেই বিষয়ে আহমদ আল গুমাৰী (ৰহ.)ৰ আৰবী ভাষাত ”تحقيق الامال فى فى اخراج زكوة الفطر بالمال ” নামৰ এখন গুৰুত্বপূর্ণ পুস্তিকাৰ 150 পৃষ্ঠাত লিখিছে। উক্ত বিষয়টো একে ধৰণে বাদায়েউছ ছানায়াত-2-969, আল মাবছুত নামৰ গ্ৰন্থত (3/11 ) লিখা হৈছ। ।

মহান আল্লাহ তায়ালা আমাক সঠিক দ্বীন বুজি আমল কৰাৰ তৌফিক দান কৰক। আমীন

والله اعلم بالصواب