আমাৰ মনবোৰ ১৩ প্ৰকাৰ । পৱিত্ৰ কোৰআনৰ দৃষ্টিত জানো আহক ।
আমি আল্লাহৰ ওচৰত তাৰে বিশেষকৈ দুটা অন্তৰ বিচাৰিব লাগে এটি কলবে ছালিম আনটো কলবে মোতমাইন ।
১। যি মনে কুফৰ , শ্বিৰ্ক, নিফাক্ব ইত্যাদি গোনাহৰ পৰা পবিত্ৰ হয়, তেনে মনবোৰক কোৱা হয়…
ﺍﻟﻘﻠب ﺍﻟﺴﻠﻴﻢ: পৱিত্ৰ মন ✔️
ভিত্তি :
يَوْمَ لَا يَنْفَعُ مَالٌ وَلَا بَنُون إِلَّا مَنْ أَتَى اللَّهَ بِقَلْبٍ سَلِيمٍ.
যিদিনা ধন-সম্পদ- আৰু সন্তান-সন্ততি কোনো কামত নাহিব,সেইদিনা উপকৃত হ’ব কেৱল মাত্ৰ সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ ।
( ছুৰা: শ্বোআৰা ৮৯ ।)
২। যি মনে আল্লাহৰ ওচৰত তৌবা কৰে আৰু তেওঁৰ অনুগত্য কৰে, তেনে মনবোৰক কোৱা হয়…
ﺍﻟﻘﻠﺐ ﺍﻟﻤﻨﻴﺐ: আনুগত্য মন ✔️
ভিত্তি :
مَنْ خَشِيَ الرَّحْمَٰنَ بِالْغَيْبِ وَجَاءَ بِقَلْبٍ مُنِيبٍ.
যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।
( ছুৰা: ক্বাফ ৩৩ ।)
৩। যি মন শান্ত আৰু বিনয়াৱনত হয়, তেনে মনবোৰক কোৱা হয়…
ﺍﻟﻘﻠب ﺍﻟﻤﺨﺒﺖ: বিনয়ী মন ✔️
ভিত্তি :
فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ
সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। ( ছুৰা: হজ্জ ৫৪ ।)
৪। যি মনে পূণ্য কৰাৰ পিছতো আল্লাহৰ আজাবৰ পৰা ভয় পায়, তেনে মনবোৰক কোৱা হয়…
ﺍﻟﻘﻠب ﺍﻟﻮﺟﻞ: ভীতি মন ✔️
ভিত্তি :
وَالَّذِينَ يُؤْتُونَ مَا آتَوْا وَقُلُوبُهُمْ وَجِلَةٌ.
যিসকলে দান কৰিবলগীয়া বস্তু ভীত-কম্পিত হৃদয়ত দান কৰে ।
( ছুৰা: মোমিন ৬০।)
৫। যি মনে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে, তেনে মনবোৰক কোৱা হয়…
ﺍﻟﻘﻠب ﺍﻟﺘﻘﯽ: পৰহেজগাৰ মন ✔️
ভিত্তি :
مَنْ يُعَظِّمْ شَعَائِرَ اللَّهِ فَإِنَّهَا مِنْ تَقْوَى الْقُلُوبِ .
যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।
( ছুৰা: হজ্জ ৩২।)
৬। যি মনে আল্লাহৰ সকলো নিৰ্দেশনা, নিষেধাজ্ঞা মানি চলে, তেনে মনবোৰক কোৱা হয়….
ﺍﻟﻘﻠب ﺍﻟﻤﻬﺪﯼ: সৎপথিক মন ✔️
ভিত্তি :
وَمَنْ يُؤْمِنْ بِاللَّهِ يَهْدِ قَلْبَهُ ۚ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ
যিয়ে আল্লাহক বিশ্বাস কৰে তেওঁ তাৰ অন্তৰক সৎপথত পৰিচালিত কৰে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত।
( ছুৰা: তাগাবুন ১১।)
৭। যি মনে কেৱল আল্লাহৰ জিকিৰৰ(স্মৰণ) দ্বাৰা শান্তি পায়, তেনে মনবোৰক কোৱা হয়….
ﺍﻟﻘﻠب ﺍﻟﻤﻄﻤﺌﻦ: সন্তুষ্ট মন ✔️
ভিত্তি :
أَلَا بِذِكْرِ اللَّهِ تَطْمَئِنُّ الْقُلُوبُ
জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি তথা সন্তুষ্টি লাভ হয়।
_____( ছুৰা: ৰআদ ২৮।)
৮। যি মনে আল্লাহৰ নাফৰমান সকলৰ শাস্তি দেখি উপদেশ অৱলম্বন কৰে, তেনে মনবোৰক কোৱা হয়….
ﺍﻟﻘﻠب ﺍﻟﺤﺊ: জীৱিত মন ✔️
ভিত্তি :
إِنَّ فِي ذَٰلِكَ لَذِكْرَىٰ لِمَنْ كَانَ لَهُ قَلْبٌ أَوْ أَلْقَى السَّمْعَ وَهُوَ شَهِيدٌ.
নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।
(ছুৰা: ক্বাফ ৩৭।)
৯। যি মনে নিফাক্ব,বেয়া ব্যৱহাৰ সন্দেহ ইত্যাদি কৰ্মত লিপ্ত হয়, তেনে মনবোৰক কোৱা হয়….
ﺍﻟﻘﻠب ﺍﻟﻤﺮﯾﺾ : ৰোগী মন ✔️
ভিত্তি :
إِنِ اتَّقَيْتُنَّ فَلَا تَخْضَعْنَ بِالْقَوْلِ فَيَطْمَعَ الَّذِي فِي قَلْبِهِ مَرَضٌ وَقُلْنَ قَوْلًا مَعْرُوفًا.
যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে পৰ-পুৰুষৰ লগত কোমল কণ্ঠত কথা নকবা, কাৰণ এনে কৰিলে যাৰ অন্তৰত ব্যাধি আছে, সি প্ৰলুব্ধ হয়; আৰু তোমালোকে ন্যায়সংগত কথা কবা।
( ছুৰা: আহজাব ৩৩ ।)
১০। যি মনে সত্য জনা আৰু দেখা সত্যেও মানি নলয়, তেনে মনবোৰক কোৱা হয়….
ﺍﻟﻘﻠب ﺍﻷﻋﻤﻰ: অন্ধ মন ✔️
ভিত্তি :
فَإِنَّهَا لَا تَعْمَى الْأَبْصَارُ وَلَٰكِنْ تَعْمَى الْقُلُوبُ الَّتِي فِي الصُّدُورِ
প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।
( ছুৰা: হজ্জ ৪৬)
১১। যি মন কোৰআনৰ পোহৰৰ পৰা দূৰ আৰু পৃথিৱী লোভনীয় হয়, তেনে মনবোৰক কোৱা হয়….
✔️ ﺍﻟﻘﻠب ﺍﻟﻼﻫﻰ: অমনোযোগী মন
ভিত্তি :
لَاهِيَةً قُلُوبُهُمْ ۗ وَأَسَرُّوا النَّجْوَى الَّذِينَ ظَلَمُوا هَلْ هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ ۖ أَفَتَأْتُونَ السِّحْرَ وَأَنْتُمْ تُبْصِرُونَ.
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে,এওঁতো তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে ?
(ছুৰা: আম্বিয়া ৩ ।)
১২। যি মনে সত্যক গোপন ৰাখি পাপ অৰ্জন কৰে, তেনে মনবোৰক কোৱা হয়….
✔️ ﺍﻟﻘﻠﺐ ﺍﻵﺛﻢ: পাপী মন
ভিত্তি :
وَلَا تَكْتُمُوا الشَّهَادَةَ ۚ وَمَنْ يَكْتُمْهَا فَإِنَّهُ آثِمٌ قَلْبُهُ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ.
তোমালোকে সাক্ষী গোপন নকৰিবা, আৰু যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
( ছুৰা: বাক্বাৰা ২৮৩ ।)
১৩। যি মনে অহঙ্কাৰ, ঘৃণাৰে নাফৰমানী কৰে, তেনে মনবোৰক কোৱা হয়….
✔️ ﺍﻟﻘﻠب ﺍﻟﻤﺘﻜﺒﺮ: অহংকাৰী মন
ভিত্তি :
كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ
এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে। ( ছুৰা: গাফিৰ ৩৫ ।)
হে আল্লাহ!! আমাক কলবে ছালিম আৰু মোতমাইন দান কৰা । হেদায়ত আৰু ঈমানত অটুট ৰখা । আমিন!!