(DFC: DEENIYAT FOUNDATION COURSE ) দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ ৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহ!
সন্মানীয় উলামা সমাজ / হাফিজ সমাজ!
ইতিমধ্যে আপুনি নিশ্চয় অৱগত হৈছে যে “ইচৰা” ৰ শৈক্ষিক গোট আজানপীৰ এডুকেশ্বন চেন্টাৰৰ উদ্যোগত মাদ্ৰাছা আৰু দ্বীনী শিক্ষাৰ পৰা দূৰত থকা ৯৫% সাধাৰণ লোকৰ বাবে, বদ-দ্বীনী আৰু ইৰ্তিদাদৰ অন্ধকাৰৰ জগতৰ ফালে তীব্ৰ গতিৰে টাপলি মেলা যুৱ সমাজৰ বাবে কুৰআন শিক্ষা আৰু প্ৰাথমিক ইছলামী শিক্ষা আদি বিষয় সামৰি দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ নামৰ এটি বিশেষ কোচিং কোৰ্চ আৰম্ভ কৰা হৈছে। উক্ত কোৰ্চৰ পাঠদান এতিয়ালৈকে গুৱাহাটীত ৩ টা কেন্দ্ৰত চলি আছে, আৰু বিভিন্ন জিলাত দ্বীন দৰদী বান্দাসকলে আৰম্ভ কৰাৰ যোজা চলাইছে আৰু কিছু দিনৰ ভিতৰত অনলাইন মাধ্যমতো আৰম্ভ কৰা হব ইনশ্বাআল্লাহ।
গতিকে এই মহান সেৱাত যোগদান কৰিবলৈ আপোনাৰ বাবে আমি লৈ আহিছো এক সুবৰ্ণ সুযোগ-
এতিয়া অসমৰ যিকোনো প্ৰান্তৰ পৰা নিজৰ সুবিধা অনুযায়ী আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব আৰু উম্মতৰ এক বৃহৎ প্ৰয়োজন পূৰণত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব। আমাৰ কথা হল – ‘আপুনি আৱামৰ প্ৰয়োজন কৰক, আপোনাৰ প্ৰয়োজন আৱামৰ জৰিয়তে পূৰণ হব’।
আপুনি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ যদি আগ্ৰহী তেন্তে নিম্নলিখিত নিৰ্দেশনাৱলী ভালকৈ পঢ়ক আৰু বুজি মেলি সেই মতে আগবাঢ়ক। ধন্যবাদ…. জাযাকাল্লাহ….
দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চৰ শিক্ষক নিৰ্বাচন প্ৰক্ৰিয়া :
১। আবেদনৰ বাবে বিজ্ঞাপন জাৰি কৰা হব/ বিজ্ঞাপনত উল্লেখিত নিৰ্দেশনা অনুসৰি আবেদন কৰিব।
২। তালিকাৰ পৰা যোগ্য শিক্ষকক নিৰ্বাচন কৰা হব।
৩। অফলাইন / অনলাইন সাক্ষাৎকাৰ গ্ৰহণ কৰা হব।
৪। প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব।
৫। শেষতহে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হব।
আবেদন কৰিবলৈ যোগ্যতা আৰু অৰ্হতা :
১। শিক্ষকজন কোনো স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাৰ পৰা ফাৰিগ (চনদপ্ৰাপ্ত হাফিজ বা আলিম) হ’ব লাগিব।
২। শিক্ষকজন অসমীয়া ভাষা কব পৰা আৰু প্ৰাথমিকভাৱে লিখিব পৰা হ’ব লাগিব। কাৰণ পাঠদান মূলতে অসমীয়া ভাষাতে প্ৰদান কৰা হ’ব।
৩। শিক্ষকজনৰ সাজ পোচাক মাৰ্জিত আৰু ভদ্ৰ হ’ব লাগিব।
৪। শিক্ষকজন চাৰিত্ৰিক দিশত নিকা হ’ব লাগিব।
৫। শিক্ষকজন আপত্তিজনক উপাৰ্জন পদ্ধতিৰ পৰা মুক্ত হব লাগিব, যেনে —
• ধনৰ বিনিময়ত খতমে কুৰআন বা কুৰআন তিলাৱত কৰা।
• ধনৰ বিনিময়ত জৰা ফুকা আৰু তাবিজ আদি কৰা।
• কোনো সন্দেহজনক ব্যৱসায়।
আবেদন কেনেকৈ কৰিব :
১। নিৰ্ধাৰিত ফৰ্ম (PDF ডাউনলোড কৰি/ Website লিংক ক্লিক কৰি ) ফিলাপ কৰি ইমেইল বা Whatsapp যোগেদি আবেদন কৰিব। আৰু আপলোড কৰিব/জমা কৰিব-
ক) অধ্যয়ন কৰি অহা মাদ্ৰাছা (মৌলানা/ হাফিজ/অন্যান্য) ৰ প্ৰমাণপত্ৰ।
খ) নিজৰ স্থায়ী ঠিকনাৰ প্ৰমাণ পত্ৰ (আধাৰ/ভোটাৰ)।
২। নাম নিৰ্বাচিত হোৱাৰ পিছত অনলাইন / অফলাইন যোগে এটি সাক্ষাৎকাৰ হব।
৩। সাক্ষাৎকাৰৰ পিছত পৰৱৰ্তী পদক্ষেপ জনাই দিয়া হব।
মনত ৰাখিবলগীয়া কিছু কথা :
১। এয়া প্ৰকাশ্যে যদিও শিক্ষক নিয়োজন প্ৰক্ৰিয়া, কিন্তু প্ৰকৃততে এয়া দ্বীনী খিদমত তথা সেৱাৰ এক বিশেষ মাধ্যম। গতিকে এই দ্বীনী খিদমতৰ উচ্চ মানসিকতা লৈহে এই ময়দানত খোজ দিব।
২। এই শিক্ষক নিয়োজন প্ৰক্ৰিয়া পূৰ্ণকালীন আৰু অংশকালীন দুয়ো ধৰণৰ ব্যৱস্থা থাকিব। আৰু সেই মতেই মাননিৰ ব্যৱস্থা কৰা হব।।
৩। শিক্ষক বা খাদিম হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নিৰ্ধাৰিত সময়তহে শিক্ষক হিচাপে কৰ্মকাল আৰম্ভ হব। অৰ্থাৎ নিৰ্বাচন প্ৰক্ৰিয়াৰ লগে লগে সেৱাকাল বা কৰ্মকাল আৰম্ভ হৈ নাযায় বা নিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বাধ্যতামূলক নহয়। কাৰণ এয়া কেৱল নিৰ্বাচন প্ৰক্ৰিয়াহে নিযুক্তি প্ৰক্ৰিয়া নহয়।
৪। শিক্ষক বা খাদিমে দ্বীন হিচাপে নিৰ্বাচন হোৱাৰ পিছত ৩ দিনীয়া প্ৰশিক্ষনত অংশগ্ৰহণ কৰিব লাগিব। (যত প্ৰজেক্টৰত বিতংভাৱে শিক্ষতা, পাঠদান আৰু অনলাইন টেকনলজিৰ বিভিন্ন দিশ ভালকৈ জানিব পাৰিব আৰু নিজকে আধুনিক যুগৰ লগত খাপ খোৱাকৈ উন্নত কৰিব পাৰিব। ) তাৰ পিছতহে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হব আৰু পৰৱৰ্তী নিৰ্দেশনাৱলী জনাই দিয়া হব।
৫। দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ ৰ পাঠদান অফলাইন আৰু অনলাইন দুয়ো ধৰণে হব। গতিকে তাৰ বাবে নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব।
৬। পাঠদান কৰিবলগীয়া বিষয়সমূহ :
• শুদ্ধকৈ পৱিত্ৰ কুৰআন ।
• প্ৰাথমিক ইছলামী শিক্ষা।
• আদৰ্শ জীৱন গঠন (চৰিত্ৰ গঠন / নৈতিক শিক্ষা… )
• সমসাময়িক অধ্যয়ন।
• ব্যক্তিত্ব বিকাশ ।
মাননী :
যোগ্যতা আৰু অৰ্হতা অনুসৰি উপযুক্ত মাননী দিয়া হ’ব, আৰু প্ৰদৰ্শনী অনুযায়ী মাননী বৃদ্ধি কৰা হব।
গুৰুত্বপূৰ্ণ তাৰিখ কেইটা
১। আবেদন আৰম্ভ হব ১৫ অক্টোবৰ তাৰিখৰ পৰা আৰু শেষ হব ৩০ অক্টোবৰত।
২। ৫ নৱেম্বৰ তাৰিখে নিৰ্বাচিত তালিকা প্ৰকাশ পাব (মেছেজ যোগে জনাই দিয়া হব)।
৩। নৱেম্বৰ মাহৰ ১০ তাৰিখ লৈকে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হব।
৪। নৱেম্বৰ মাহৰ ভিতৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব।
৫। ১৫ অক্টোবৰ তাৰিখে পুৱা ১০ বজাৰ পৰা ফৰ্ম (PDF/ ৱেবচাইটত) পোৱা যাব।