মহাত্মাগান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সহযাত্রী স্বাধীনতা সংগ্ৰামী মৌলানা মুহাম্মদ আলী জওহৰ
আজি কথা পাতিম সেইজনা মহান ব্যক্তিৰ বিষয়ে যিজন আছিল জাতিৰ পিতা মহাত্মাগান্ধীৰ প্ৰিয় সতীৰ্থ সকলৰ মাজৰ এজন। সকলো ভাৰতীয়ই গান্ধীক নাপালে হয়তো আজিও ইংৰাজৰ গোলামী কৰিব লাগিলে হয়! তেৱেঁই দেখাইছিল পৰাধীনতাৰ ব্যাধি ছিঙি স্বাধীন মাতৃ বিচৰাৰ সপোন। যিয়ে ভাৰত-গভৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিঙলৈ ভাৰতীয়ৰ হৈ পত্র লিখোঁতে সেই পত্ৰত তেওঁ জেনেৰেলক Dear sir বুলি সম্বোধন কৰি Your Excellency ৰ ঠাইত কেৱল সাহসী ভাবেৰে your বুলি লিখিছিল। তেওঁৰ বন্ধু কেনেকুৱা হ’ব পাৰে সঁচাকৈয়ে আমাৰ কল্পনাশক্তিৰ বাহিৰত।
মৌলানা মুহাম্মদ আলী জওহৰ ১৮৭৮ খ্ৰীষ্টাব্দৰ ১০ ডিচেম্বৰত ৰামপুৰত জন্মগ্রহণ কৰিছিল। পিতৃৰ নাম আলী খান আৰু মাতৃৰ নাম আবাদী বানু বেগম। দুবছৰ বয়সত পিতৃহাৰা হৈ মাতৃৰ পৰা সাধাৰণ ধৰ্মীয় শিক্ষা গ্রহণ কৰি পৰৱৰ্তী সময়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে, উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰ জিলাৰ দেওবন্দ মাদ্রাছাৰ পৰা মৌলানা ডিগ্রী আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বি. এ ডিগ্রী অৰ্জন কৰি ১৮৯৮ চনত অক্সফোর্ডৰ লিঙ্কন কলেজৰ পৰা আধুনিক ইতিহাস বিষয়ত অধ্যয়ন কৰি স্বদেশত আহি ৰামপুৰ ৰাজ্যৰ প্ৰধান শিক্ষানির্দেশক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। স্বাধীনতা সংগ্রামী নেতাসকলৰ মাজত তেওঁ আছিল অন্যতম।
মাতৃভূমিৰ স্বাধীনতা লাভৰ অদম্য বাসনা প্ৰতিপল তেওঁৰ মস্তিষ্কত ক্ৰিয়া কৰিছিল। তেওঁৰ ধৰ্মীয় শিক্ষাৰ লগতে ইংৰাজী ভাষাত আছিল অতুলনীয় ব্যক্তিত্ব। তেওঁ একাধাৰে লেখক, কবি,সাংবাদিক, ৰাজনীতিবিদ আছিল। দিল্লীৰ জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা।
ইংৰজ ইতিহাসবিদ H.G. Wells তেওঁৰ উদ্দেশ্য কৰি কৈছিল-
”Md Ali The heart of Napoleon, the pen of Macaulay and the tongue of Burke”
মৌলানা আলীয়ে ১৯১১ খ্ৰীষ্টাব্দৰ ১৪ জানুৱাৰীত কলিকাতাৰ পৰা ইংৰাজী ভাষাত ‘কমৰেড’ নামৰ সাপ্তাহিক আলোচনী প্ৰকাশ কৰে। কমৰেডৰ মূল মন্ত্ৰ আছিল compared of and partisan of non।
১৯১৪ খ্ৰীষ্টাব্দৰ ২৬ অক্টোবৰত choice of the Turks নামৰ এটি লেখা প্ৰকাশ কৰাৰ বাবে ইংৰাজ চৰকাৰে সেই আলোচনী বাজেয়াপ্ত কৰে আৰু ১৯১৫ খ্ৰীষ্টাব্দত তেওঁক আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ চৌকত আলীক গ্ৰেপ্তাৰ কৰি সুদীৰ্ঘ ৪ বছৰ কাৰাবাস খটাৰ পিছত ১৯১৯ খ্ৰীষ্টাব্দত ২৫ ডিচেম্বৰ তাৰিখে মুক্তি দিয়ে। মুহাম্মদ আলীয়ে কাৰাগাৰৰ পৰা ওলাই আহিয়েই কংগ্ৰেছ অধিৱেশনত যোগ দিয়ে আৰু খিলাফৎ আন্দোলন চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
১৯২০ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হোৱা মহাত্মাগান্ধীৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ইংৰাজ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ ১৯২১ চনত মহাত্মাগান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰোঁতে মহাত্মা গান্ধীৰ সহযাত্রী আছিল।
মৌলানা মুহাম্মদ আলীয়ে ইংলেণ্ডৰ ঘূৰণীয়া মেজমেলত (বৈঠকত) ভাৰতৰ স্বাধীনতাৰ দাবী তুলি স্পষ্ট ভাষাত উচ্চস্বৰে কৈছিল –
“I want to go to my country, if I can go back with the substance of freedom in my hand; and if you do not give us freedom, you will have to give me a grave here”
তেখেতে আৰু কৈছিল- ” মই ভাৰতত উভতি নাযাওঁ। মই মোৰ মাতৃভূমিক স্বাধীনতাৰ অলংকাৰ পিন্ধাম নহ’লে জীৱনৰ শেষ মুহূর্তলৈকে স্বাধীনতাৰ সংগ্ৰাম কৰি যাম আৰু সাত সমুদ্রৰ ইপাৰৰ বৃটেইনৰ বুকুৰ পৰা মোৰ মৃতদেহ কবৰমুখী যাত্ৰা কৰিব।
ইংলেণ্ডৰ ঘূৰণীয়া মেজমেলত (বৈঠকত)
সঁচাকৈয়ে এইজনা স্বাধীনতা পাগলে ইংৰাজৰ শোষিত ভাৰতত উভতি নাহি তাতেই সংগ্ৰাম কৰি ১৯৩১ খ্ৰীষ্টাব্দৰ ৪ জানুৱাৰীত জীৱনৰ শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ জেৰুজালেমত লৈ যোৱা হয় আৰু বহু লক্ষ মানুহৰ সমাগত বায়তুল মুকাদ্দাছৰ মুফতি আজমৰ নিৰ্দেশ মৰ্মে মছজিদুল আকছাত জানাজা সম্পন্ন কৰা হয়।

এইজনা মহানায়কৰ নামেৰে নামাকৰণ কৰা কিছু স্থানৰ নাম তলত তুলি ধৰা হ’ল—
১/ মৌলানা মুহাম্মদ আলী (এম. এম. এ) হোষ্টেল, আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়, ভাৰত।
২/ মহম্মদ আলী পার্ক, কলিকতা, ভাৰত।
৩/ মৌলানা মুহাম্মদ আলী মার্গ, নতুন দিল্লী, ভাৰত ।
৪/ সাদায়ে জওহৰ ম্যাগাজিন, ইছলামিক ষ্টাডিজ বিভাগ, জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী, ভাৰত।
৫/ মুহাম্মদ আলী ৰোড, দক্ষিণ মুম্বাই, ভাৰত।
৬/ মৌলানা মুহাম্মদ আলী জওহৰ একাডেমি অফ ইন্টাৰন্যাশনাল ষ্টাডিজ, জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী, ভাৰত।
৭/ গান্ধী মুহাম্মদ আলী মেমোৰিয়াল ইন্টাৰ কলেজ, উত্তৰ প্রদেশ, ভাৰত।
৮/ মুহাম্মদ আলী জওহৰ উচ্চমাধ্যমিক বিদ্যালয়, কালিকট জিলা, কেৰেলা, ভাৰত।
৯/ মৌলানা মুহাম্মদ আলী মছজিদ, সিঙ্গাপুৰ, ভাৰত।
১০/ জওহৰাবাদ, কৰাচি, পাকিস্তান।
১১/ জওহৰাবাদ, পাঞ্জাব, পাকিস্তান।
১২/ মুহাম্মদ আলী কোঅপাৰটিভ হাউছিং ছোচাইটি, কৰাচি, পাকিস্তান।
১৩/ মুহাম্মদ আলী জওহৰ বিশ্ববিদ্যালয়।
১৪/ গুলিস্তানে জওহৰ, কৰাচি , পাকিস্তান।
১৫/ জওহৰ হোষ্টেল, সিন্ধ কৃষি বিশ্ববিদ্যালয় টানডো জাম, সিন্ধ, পাকিস্তান।
১৬/ জওহৰ টাউন, লাহোৰ, পাকিস্তান।
১৭/ মৌলানা মুহম্মদ আলী পথ, দামপাড়া, চট্টগ্রাম, বাংলাদেশ।
১৮/ মৌলানা মোহাম্মদ আলী কলেজ, টাঙ্গাইল, বাংলাদেশ।
তথ্য ইন্টাৰনেটৰ পৰা সংগ্ৰহ।
আসাদ মদনী, সদস্য- ‘কলম’ গোট, ইচৰা
নগাবন্ধা (নগাঁও)
সম্পাদনা- সম্পাদনা গোট, ইচৰা।
