দিশ নং-৭ : বিষয়-২: চ) যিবোৰ কাৰণত ৰোজা ভঙ্গ নহয় (৭ টি মূল কাৰণ ):

Share :

চ) যিবোৰ কাৰণত ৰোজা ভঙ্গ নহয় (৭ টি মূল কাৰণ )

১। পাহৰি পানাহাৰ বা খাদ্য গ্ৰহণ-

নাজানি, পাহৰি পানাহাৰ কৰিলে বা খাদ্য গ্ৰহণ কৰিলে ৰোজা ভঙ্গ নহয় (মনত নপৰা লৈকে। মনত পৰাৰ পিছত মুখৰ ভিতৰত থকা অলপো পেটত সোমাই গলে ৰোজা ভঙ্গ হৈ যাব।) । (ছহীহ মুছলিম- ২: ৮০৯, হাদীছ নং: ১১৫৫)
২। শৰীৰ পৰিষ্কাৰ কৰা-

ৰোজা অৱস্থাত পুৰুষ-মহিলা উভয়ৰে বাবে গুহ্যদ্বাৰৰ চুলি পৰিষ্কাৰ কৰাটো জায়েজ, ইয়াৰ দ্বাৰা ৰোজাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। (কিতাবুল ছাওম, ৪৫২/২, দাৰুল কুতুব ইলামিয়া প্ৰকাশন )

৩। জানাবাত বা নাপাকি অৱস্থা-

যদি কোনো ব্যক্তিয়ে সময়ৰ অভাৱত সপ্নদোষ/ বিৰ্যপাত হোৱাৰ পিছত (জানাবাত) ৰোজা ৰাখে তেন্তে ৰোজা হৈ যাব। কিন্তু তেনে ক্ষেত্ৰত তেওঁ গোছল কৰোতে মুখত পানী লৈ গৰগৰা কৰিব নালাগে। (দুৰ্ৰুল মুখতাৰ: কিতাবুল ছাওম- ৪০০/২, এম এইচ চাঈদ প্ৰকাশন। | ফাতাৱা হিন্দিয়াহ – ১/২০০ সংস্কৰণ: ইজিপ্ত)

৪। ৰোজা অৱস্থাত যিবোৰ কাম কৰিব পাৰে বা ৰোজা ভঙ্গ নহয় —
ক) চুলি আৰু নখ কাটিব পৰিব। ইয়াৰ দ্বাৰা ৰোজাৰ ওপৰত কোনো প্ৰভাৱ নপৰে; কাৰণ এয়া ৰোজা ভঙ্গকাৰী কোনো কৰ্ম নহয়।
খ) ৰোজা আতৰ/সুগন্ধি/পাৰফিউম আদি ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ দ্বাৰা ৰোজা ভংগ নহয়। চৰ্ত হল আতৰ বা আন কোনো সুগন্ধিৰ কণিকাবোৰ ডিঙিত সোমাব নালাগিব। (কিতাবুল-ছাওম, ২- ৩৯৫/ছাইদ প্ৰকাশন)
গ) চকুত ছূৰমা লগাব পাৰে । (আল-বাহৰুৰ ৰাঈক- ৪৫২/২, প্ৰকাশন: দাৰুল কুতুব ইলমিয়াহ)
ঘ) কামাসক্ত ভাৱ অবিহনে পত্নীক স্পৰ্শ বা চুম্বন কৰিব পাৰে।
চ) ৰমজান মাহত ৰাতি (যেতিয়া ৰোজা নাথাকে) পত্নীৰ লগত সহবাস কৰিব পাৰে।
ছ) মিচৱাক কৰিলে ৰোজা ভঙ্গ নহয়।

৫। মুখৰ থু-খেকাৰ-

সাধাৰণতে বা অনবৰতে যি থু-খেকাৰ মুখৰ পৰা ওলাই থাকে সেয়া (জমা নকৰাকৈ) গিলি পেলালে ৰোজা ভঙ্গ নহয়। এই ক্ষেত্ৰত বহুতে নজৰনাৰ বাবে অনবৰতে থু পেলাই থাকে, ফলত শৰীৰ দুৰ্বল হয়, আৰু ৰোজা কষ্ট হয়।

৬। ৰোগীৰ বাবে —
ক) জ্বৰ গলে, বমি হলে, বা বেজী দিলে (ঔষধ পেট আৰু মগজুত নপৰাকৈ/ এনাৰ্জী-বেজী ৰ বাহিৰে) ৰোজা ভঙ্গ নহয়।
খ) ৰোজা অৱস্থাত ইনচুলিন দিব পাৰে, ৰোজা ভঙ্গ নহয়।
গ) ৰোজা অৱস্থাত চকুত ঔষধ লগাব পাৰে । ইয়াৰ দ্বাৰা ৰোজা ভঙ্গ নহয়। (বাদাইউচ-ছানাঈ: ২/২৪৪, জাকাৰিয়া প্ৰকাশন)

৭। ভুলতে বা সপোনত কিবা কৰা :
ক) অনিচ্ছাকৃতভাৱে কাহঁ গিলি পেলালে বা ইচ্ছাকৃতভাৱে কাহঁ মুখৰ পৰা ওলাই পেলাই দিলে ৰোজা ভঙ্গ নহয় (কিন্তু যদি কাহঁ পেটৰ পৰা মুখত আবদ্ধ হৈ পৰে আৰু পৰিমাণো বেছি হয়, অৰ্থাৎ মুখ ভৰি ইচ্ছাকৃতভাৱে কাহঁ গিলি পেলালে ইমাম আবু ইউছুফ ৰাহঃ ৰ মতে ৰোজা ভঙ্গ হৈ যাব, আৰু আবু হানিফা ৰাহঃ ৰ মতে ৰোজা ভঙ্গ নহয়। অৱশ্যে সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী।) আৰু গিলি পেলোৱা কাহঁৰ পৰিমান যদি কম হয় তেন্তে ৰোজা ভঙ্গ নহয়।
খ) অনিচ্ছাকৃতভাৱে ধূলি গিলি পেলালে ৰোজা নষ্ট নহয়।
গ) গা ধুওঁতে কাণত পানী সোমালে ৰোজা ভঙ্গ নহয়।
ঘ) টুথ-ব্ৰাছ কৰিলে ৰোজা ভংগ নহয়। (সোৱাদযুক্ত মাঞ্জন হলে মাকৰূহ হব)
ঙ) যদি কোনো ব্যক্তিয়ে ৰোজা অৱস্থাত বেয়া সপোন দেখে তেন্তে ৰোজা ভংগ নহয়

Leave a Comment