আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ-
অসম কণ্ঠ-২০২১
(হামদ-নাত-গজল-জিকিৰ প্ৰতিযোগিতা )
পৰিকল্পনা- ইচৰা
ব্যৱস্থাপনা আৰু পৰিবেশন- NE PEACE
প্ৰযোজক- তিজাৰত গোট।
পৰিচালক- এম. ইউছুফ। সহকাৰী পৰিচালক – এম. হক।
প্ৰিয় পাঠকবৃন্দ আৰু শুভাকাঙ্খীসকল!
এইবাৰ আমি আহিছোঁ এক ব্যতিক্ৰমী কাৰ্যসূচী লৈ। আপুনি সংগীত আদি শুনি ভাল পায় নতুবা আপুনি গাই ভাল পায়, বা প্ৰায় গুণগুণাই থাকিব মন যায়। কিন্তু এই গুণগুণ, এই সংগীত যদি পৱিত্ৰ উদ্দেশ্যপূৰ্ণ হয়, আমাৰ সৃষ্টিকর্তা, আমাৰ প্ৰিয় নবী ছাঃ ৰ প্ৰশংসা হয় বা নিজৰ ঈমান, উদ্দিপনা জাগৰণ কৰিব পৰা হয়, তেন্তে তেনে সংগীত, তেনে গুণগুণৰ সোৱাদেই সুকীয়া, তাৰ নিচাই বেলেগ।
এই সোৱাদ দিবলৈ, ইয়াৰ উপলব্ধি কৰাবলৈ, মিউজিকবিহীন জগতটো ভালকৈ অৱগত কৰিবলৈ, নিজৰ কলা আৰু সংস্কৃতিৰ এক নিদৰ্শন প্ৰদৰ্শন কৰিবলৈ আমি লৈ আহিছোঁ ‘অসম কন্ঠ প্ৰতিযোগিতা’ । অৰ্থাৎ হামদ–নাত-গজল-জিকিৰ প্ৰতিযোগিতা।
আশা কৰোঁ আপোনালোকে মনে প্ৰাণে, পূৰ্ণ উৎসাহেৰে আকোৱালি লব। লগতে নিজেও অংশগ্ৰহণ কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰি প্ৰচাৰ কৰি সকলোক অৱগত কৰি আনকো সুবিধা কৰি দিব।
তলত নিয়মাৱলী আৰু নিৰ্দেশাৱলী উল্লেখ কৰা হল। পৰ্যায়ক্ৰমে জানি গৈ থাকিব :
প্ৰাথমিক জৰুৰী নিয়মাৱলী –
১। প্ৰথমে অডিচন আৰু পিছত এটি অনলাইন প্ৰতিযোগিতা আৰু কেইবাটাও ৰাউণ্ডৰ অন্তিমত ছেমি ফাইনেল আৰু ফাইনেল প্ৰতিযোগিতা হব।
২। ৩০ বছৰ বয়সলৈকে লৰা ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব।
৩। অডিশ্বনৰ পিছত ১০০ বা ১৫০ জনক নিৰ্বাচন কৰা হব। (অংশগ্ৰহণকাৰীৰ ওপৰত নিৰ্ভৰ কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা হব।)
৪। ওপৰোক্ত অংশগ্ৰহণকাৰীৰ মাজতেই অনলাইন প্ৰতিযোগিতাৰ হব।
৫। অডিশ্বন তিনিটা পৰ্যায়ত হব। লগে লগে ফলাফল প্ৰকাশ পাব। ১ অক্টোবৰ তাৰিখে তিনিওটা পৰ্যায়ৰ ফলাফল ঘোষণা কৰা হব।
৬। অডিশ্বন বিনামূলীয়া হব। কিন্তু প্ৰতিযোগিতাৰ পোষ্টসহ আমাৰ পেজ আৰু গ্ৰুপসমূহ ফেচবুক বা হোৱাট্চাপত বেছিকৈ শ্বেয়াৰ কৰিব লাগিব। কাৰণ এই শ্বেয়াৰ আৰু প্ৰচাৰে পৰৱৰ্তী সময়ত আপোনাক ভোটিং প্ৰক্ৰিয়াত সহায় কৰিব।
৭। অৱশ্যে প্ৰথম পৰ্যায়ত নিৰ্বাচন হলে প্ৰতিযোগিতাৰ বাবে মাচুল এটা আদায় কৰি অনলাইনত থকা নিৰ্দিষ্ট ফৰ্মখন পূৰণ কৰিব লাগিব।
পুৰস্কাৰ-
বিজয়ী– | ১০,০০০ টকা , লগতে মানপত্ৰ আৰু সম্বৰ্ধনা। |
ৰাৰ্ণাছআপ- | ৫০০০ টকা , লগতে মানপত্ৰ আৰু সম্বৰ্ধনা। |
প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিযোগী- | মানপত্ৰ আৰু সম্বৰ্ধনা। |
টপ-৫ ৰ বিশেষ সুবিধা- | ভিডিঅ কণ্ঠ, টপ১০ ক অডিঅ ৰেকৰ্ডৰ সুবিধা। |
অডিশ্বন
অডিশ্বন আৰু সকলো নিয়মাৱলী জানক PDF ডাউনলোড কৰি- https://drive.google.com/file/d/1nPxn1UrnzAnbnRAO8iw6NTzLdRdcnu5K/view?usp=sharing
অডিশ্বনৰ তাৰিখ-
১৭, ১৮, ১৯ , ২০, ২১, ২২, ২৩ , ২৪, ২৫, ২৬ ছেপ্টেম্বৰ ।
ফলাফল- ১ আৰু ২ অক্টোবৰ ।
অডিশ্বনৰ বাবে কি কৰিব ?
• WhatsApp ত চালাম কৰি প্ৰথমে নিজৰ নাম, জিলা লিখি মেচেজ কৰিব।
• তাৰ পিছত নিজৰ ভিডিঅ কন্ঠ ৰেকৰ্ড কৰি প্ৰেৰণ কৰিব।
• ষ্পষ্টকৈ ২ বা ৩ মিনিটৰ ভিডিঅ পঠাব।
• আপুনি নিৰ্বাচন হলে ‘আপুনি নিৰ্বাচিত হল’ বুলি জনাই দিয়া হব।
• ভিডিঅটো এডিট কৰা হলে নহব।
- • VDO পঠাবলগীয়া WhatsApp নম্বৰ পোষ্টাৰত দিয়া হৈছে।
- • সকলোধৰণৰ প্ৰাথমিক জাননীৰ বাবে ফেচবুক পেজ আৰু ৱেবচাইট চাই থাকিব।
- • অডিশ্বনৰ পিছত পৰৱৰ্তি জাননীসমূহ WhatsApp গ্ৰুপত পাব।
NE PEACE ইউটিউব চেনেল-
https://www.youtube.com/channel/UCym1R6tVy827etIakl5FNoQ
