◾ হিজৰী আৰু ইছলামী বর্ষপঞ্জি কি ?
ইছলামী নতুন বৰ্ষ যিহেতু হিজৰীৰ পৰা আৰম্ভ হয়। গতিকে এই সুযোগতে “হিজৰী” সন্দৰ্ভত কিছু কথা জানি থোৱা উচিত। ইছলামী বর্ষপঞ্জি বা হিজৰী বর্ষপঞ্জি এটি চন্দ্রনির্ভৰ বর্ষপঞ্জি। বিভিন্ন মুছলিম দেশসমূহে এই বর্ষপঞ্জি অনুসৰণ কৰে, আৰু সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে হিজৰীৰ অনুসৰণ কৰি ইছলামৰ বিভিন্ন পবিত্র দিন আৰু উৎসৱসমূহ উদযাপন কৰে।
◾ কেতিয়াৰ পৰা আৰম্ভ হয় ?
ইছলাম ধর্মৰ শেষ বাণীবাহক মুহাম্মদ(ছাঃ) মক্কাৰ ক্বুৰাইশ্বৰ দ্বাৰা নির্যাতিত হৈ ৬২২ খৃষ্টাব্দত মক্কাৰ পৰা মদীনা গমন কৰে । তেওঁৰ এই জন্মভূমি ত্যাগ কৰাৰ ঘটনাক ইছলামী পৰিভাষাত ‘হিজৰত’ আখ্যা দিয়া হৈছে । যিহেতু এই হিজৰত, নবী ছঃৰ মদিনা লৈ ভ্ৰমণৰ পিছৰ পৰা ইছলামৰ বৈপ্লৱিক ইতিহাস ৰচনা আৰম্ভ হৈছিল। গতিকে ৰাছুল মুহাম্মদ (ছাঃ)ৰ হিজৰতৰ এই ঘটনাক চিৰস্মৰণীয় কৰাৰ উদ্দেশ্যে হিজৰী বৰ্ষ গণনাৰ সূচনা হয়। ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) ৰ শাসন কালত (৬৩৪-৬৪৪ খ্ৰীষ্টাব্দ) । তেওঁ ইছলামিক সম্প্ৰদায়ৰ বাবে এটা একীভূত তাৰিখ ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ১৭ হিজৰী, অর্থাৎ নবী মুহাম্মদ (ছাঃ)ৰ মৃত্যুৰ সাত বছৰ পিছত, চন্দ্র মাহ হিচাবে এই পঞ্জিকা প্রৱর্তন কৰা হয়। হিজৰতৰ এই ঐতিহাসিক তাৎপৰ্যৰ ফলতেই হজৰত ওমৰ ৰাঃ ৰ শাসনকালত যেতিয়া মুছলমানসকলৰ বাবে পৃথক আৰু স্বতন্ত্র পঞ্জিকা প্রণয়নৰ প্ৰশ্ন উঠে, তেতিয়া সকলোৱে সর্বসম্মতভাৱে হিজৰতৰ পৰাই এই পঞ্জিকাৰ গণনা আৰম্ভ কৰে। যাৰ ফলতেই চন্দ্রমাহৰ এই পঞ্জিকাক ‘হিজৰী চন’ বোলা হয় ।
◾ বিৱৰণ :
প্রতিদিন সূৰ্যাস্তৰ মাধ্যমত দিন গণনা আৰম্ভ হয়।কিন্তু মাহ গণনাৰ ক্ষেত্রত নির্দিষ্ট তথা ফৰকাল আকাশলৈ খালি দৃষ্টি, অথবা যন্ত্রপাতি যেনে : দূৰবীণ , সাধাৰণ দূৰবীক্ষণ যন্ত্র আদিৰ সহযোগত জোন দেখাৰ উপৰত নিৰ্ভৰ কৰে ।
মাহবোৰ জোনৰ ওপৰত নির্ভৰ কৰি ২৯ দিনীয়া বা ৩০ দিনীয়া হয়। যিমাহত ২৯ দিনৰ শেষত নতুন জোন দেখা নাযায, সেই মাহ ৩০ দিন পূৰণ কৰি মাহটো সম্পূৰ্ণ কৰা হয়। এই কেলেণ্ডাৰ মতে প্ৰতিটো নতুন তাৰিখ সন্ধীয়া অৰ্থাৎ মাৰিবৰ পিছৰ পৰা আৰম্ভ হয়।
◾মাহৰ নামসমূহ :
বৰ আক্ষেপৰ বিষয়ে যে মুছলমানৰ ঘৰত জন্ম হৈ, আমি বহু কথাই নাজানো। দৈনিক নামাজ নপঢ়িলেও জুমআৰ নামাজ পঢ়ো। কিন্তু কিয় পঢ়ো? কৰ পৰা আৰম্ভ হল? একো নাজানো।
ঠিক সেইদৰে ৰোজা, হজ, জাকাত আদি আদায় কৰো, কিন্তু এইবোৰ ইবাদত কেনেকৈ আৰম্ভ হল? তাৰ ইতিবৃত্তি, পটভূমি, একো নাজানো।আৰু জনাৰ প্ৰয়োজনবোধো নকৰোঁ । ফলত একো একোজন হৈ থাকিল পৰম্পৰাগত মুছলমান, পোছাক আৰু খানা পিনাৰ মুছলমান।
সেইদৰে কিছুমান প্ৰাথমিক কথাও আমাৰ অৱগত নহয় । ইংৰাজী মাহবোৰ ৪ বছৰৰ পৰাই আমাৰ লৰা ছোৱালীক শিকাও, কিন্তু ইছলামী মাহবোৰৰ বিষয়ে আনক শিকোৱা দূৰৰ কথা, নিজেই নাজানো।
আহক অন্তত এই চেগতে মাহবোৰ এতিয়াই মুখস্থ কৰি লওঁ :
- ১। মুহৰ্ৰম (محرّم)
- ২। ছফৰ (صفر)
- ৩। ৰবিউল আওৱাল (ربيع الأولى)
- ৪। ৰবিউচ ছানী (ربيع الثاني)
- ৫। জমাদিউল ঊলা (جمادى الأول)
- ৬। জমাদিউচ ছানী (جمادالثاني)
- ৭। ৰজব (رجب المرجب)
- ৮। শ্বা’বান (شعبان)
- ৯। ৰমজান (رمضان)
- ১০। শ্বাওৱাল (شوّال)
- ১১। জ্বিলক্বাদাহ (ذو القعدة)
- ১২। জ্বিলহাজ্জাহ (ذو الحجة)
◼️ এই মাহবোৰৰ নামাকৰণৰ কাৰণ :
হিজৰী কেলেণ্ডাৰৰ ১২টা মাহৰ নামৰ উৎস আৰু কাৰণ তলত দিয়া হৈছে:
- ১. মুহাৰৰম (Muharram): ইয়াৰ অৰ্থ: “নিষিদ্ধ” বা “পবিত্ৰ”। আৰৱী শব্দ “হৰাম”ৰ পৰা, যাৰ অৰ্থ নিষিদ্ধ। প্ৰাচীন আৰৱীসকলে এই মাহত যুদ্ধ-বিগ্ৰহ নিষিদ্ধ কৰিছিল, কাৰণ ই পবিত্ৰ মাহ। ইছলামত আশুৰাৰ দিন (১০ মুহাৰৰম) বিশেষ গুৰুত্বপূৰ্ণ।
- ২. ছফৰ (Safar): ইয়াৰ অৰ্থ: “খালী” বা “শূন্য”। প্ৰাচীন আৰৱীসকলে এই মাহত ঘৰ খালী কৰি ব্যৱসায় বা যুদ্ধৰ বাবে যাত্ৰা কৰিছিল। কিছুমানৰ মতে, ৰোগ-ব্যাধিৰ প্ৰাদুৰ্ভাৱৰ বাবেও এই নামৰ উৎপত্তি হৈছিল।
- ৩. ৰবীউল আউৱাল (Rabi’ al-Awwal): ইয়াৰ অৰ্থ: “প্ৰথম বসন্ত”। “ৰবী” মানে বসন্ত, আৰু “আউৱাল” মানে প্ৰথম। প্ৰাচীনকালত এই মাহ বসন্ত ঋতুত পৰিছিল। নবী মুহাম্মদৰ জন্ম আৰু মৃত্যু এই মাহৰ সৈতে জড়িত।
- ৪. ৰবীউছ ছানী (Rabi’ al-Thani): ইয়াৰ অৰ্থ: “দ্বিতীয় বসন্ত”। “ছানী” মানে দ্বিতীয়। এই মাহো বসন্তৰ সৈতে জড়িত আছিল, যদিও চন্দ্ৰ কেলেণ্ডাৰৰ স্থানান্তৰৰ বাবে এতিয়া ঋতুৰ সৈতে সংযোগ স্থায়ী নহয়।
- ৫. জমাদিউল আউৱাল (Jamada al-Awwal): ইয়াৰ অৰ্থ: “প্ৰথম জমা” বা “শুকানৰ প্ৰথম মাহ”।কাৰণ: “জমাদা” মানে জমা হোৱা বা শুকান। প্ৰাচীনকালত এই মাহ শীতল আৰু শুকান সময়ত পৰিছিল, যেতিয়া পানী জমা হৈ যোৱাৰ সম্ভাৱনা থাকিছিল।
- ৬. জমাদিউছ ছানী (Jamada al-Thani): ইয়াৰ অৰ্থ: “দ্বিতীয় জমা” বা “শুকানৰ দ্বিতীয় মাহ”। এয়া জমাদিউল আউৱালৰ ধাৰাবাহিকতা। এই মাহো শুকান ঋতুৰ সৈতে জড়িত আছিল।
- ৭. ৰজব (Rajab): ইয়াৰ অৰ্থ: “সন্মান” বা “মৰ্যাদা”। “ৰজব” ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ সন্মান কৰা। প্ৰাক-ইছলামিক যুগত এই মাহত যুদ্ধ নিষিদ্ধ আছিল। ইছলামত এই মাহত মিৰাজৰ ঘটনা ঘটিছিল বুলি বিশ্বাস কৰা হয়।
- ৮. শ্বা’বান (Sha’ban): ইয়াৰ অৰ্থ “বিভাজন” বা “শাখা-প্ৰশাখা”। “শা’বা”ৰ পৰা, যাৰ অৰ্থ বিভক্ত হোৱা। আৰৱীসকলে পানীৰ সন্ধানত বিভক্ত হৈ যাত্ৰা কৰিছিল। ইছলামত শ্ববে বৰাত (১৫ শ্বা’বান) গুৰুত্বপূৰ্ণ।
- ৯. ৰমজান (Ramadan): ইয়াৰ অৰ্থ: “তীব্ৰ গৰম” বা “জ্বলন্ত”। শব্দটো “ৰমাদা”ৰ পৰা উদ্ভৱ হৈছে , যাৰ অৰ্থ হল গৰম। প্ৰাচীনকালত এই মাহ গৰমৰ ঋতুত পৰিছিল। ইছলামত ৰোজা আৰু কুৰআনৰ অৱতীৰ্ণৰ বাবে এই মাহ পবিত্ৰ আৰু আটাইতকৈ বিখ্যাত ।
- ১০. শ্বাৱাল (Shawwal): ইয়াৰ অৰ্থ: “উত্তোলন” বা “উন্নতি”। উটৰ লেজ ওপৰলৈ উঠাৰ সৈতে জড়িত, যিটো উৎপাদনশীলতাৰ চিহ্ন আছিল। ইছলামত ঈদুল ফিতৰ এই মাহৰ প্ৰথম দিনত উদযাপিত হয়।
- ১১. জুল কা’দা (Dhu al-Qa’dah): ইয়াৰ অৰ্থ “বিশ্ৰামৰ মাহ”। “কা’দা” মানে বহি থকা বা বিশ্ৰাম। আৰৱীসকলে এই মাহত যুদ্ধৰ পৰা বিৰত থাকি হজ্জৰ প্ৰস্তুতি লৈছিল। এয়াও পবিত্ৰ মাহ।
- ১২. জুল হিজ্জা (Dhu al-Hijjah): ইয়াৰ অৰ্থ: “হজ্জৰ মাহ”। “হিজ্জা” মানে তীৰ্থযাত্ৰা। এই মাহত হজ্জ পালন কৰা হয়, আৰু ১০ তাৰিখত ঈদুল আজহা উদযাপিত হয়।
এতিয়া আমি নিশ্চয় জানিব পাৰিলো যে হিজৰত কাক কয় আৰু হিজৰী কি হয়? কিন্তু হিজৰতৰ বিষয়ে এইখিনি মুঠেই যথেষ্ট নহয়।
(আগলৈ……)
হিজৰত ৰ বিষয়ে জানিবলৈ আগ্ৰহী হলে লাইক কমেন্টত জনাব । নিশ্চয় জনোৱা হব।
◾পৰৱৰ্তী ছিৰিজ আৰু এপিচড :
ছিৰিজ- ১: হিজৰী আৰু হিজৰত — • এপিচড-১ : ইছলামী বৰ্ষপঞ্জি। • এপিচড-২ : হিজৰত সংজ্ঞা আৰু বিভিন্ন হিজৰত। • এপিচড-৩ : মদনী জীৱনৰ আৰম্ভণি।
ছিৰিজ- ২: মহৰম আৰু দশম মহৰম।
ছিৰিজ- ৩: হজৰত ওমৰ ৰাঃ ৰ মহাজীৱনী।
কলম: মুৰতাজা ইউছুফ তেজপুৰীয়া ।
সুন্দৰ, জাঝাকাল্লাহ