দিশ-৭/বিষয়-১ : ৰমজান মাহৰ ৭টি প্ৰসিদ্ধ ও স্মৰণীয় ঘটনা

Share :

স্বাগতম হে মাহে ৰমজান: পৰ্ব-৩|অধ্যায়/ দিশ-৭ : ৰমজান আৰু ৰোজা (ছিয়াম)

বিষয়-১ :  ৰমজান মাহৰ প্ৰসিদ্ধ স্মৰণীয় ঘটনাৱলী

ইছলাম আৰু মুছলিমসকলৰ ইতিহাসৰ বহুত গুৰুত্বপূর্ণ তথা তাৎপর্যপূর্ণ ঘটনা বুকুত ধাৰণ কৰি আছে এই ৰমজান মাহত। সেইবোৰ বিশেষভাবে মুছলমানসকলৰ ত্যাগ আৰু ত্যাগৰ বিনিময়ত বিজয় তথা সফলতাৰ ইতিহাসসমৃদ্ধ। তলত চমুকৈ কিছু প্ৰসিদ্ধ ঘটনা উল্লেখ কৰা হল। আশা কৰোঁ নিজেও উপকৃত হব আনকো কৰিব। 

১।  ৩ ৰমজান – হজৰত ফাতিমা ৰাঃ ৰ পৰলোকগমন:

 পৱিত্ৰ ৰমজান মাহৰ ৩ তাৰিখে (৬৩২ হিজৰী) নবী মুহাম্মদ ছাঃ ৰ অতি প্ৰিয় জীয়েক তথা বিশ্বৰ মহান মহিলা হজৰত ফাতিমা ৰাঃ ইহলীলা সম্বৰণ কৰে। (বুখাৰী-৩৫১০)

  পিতৃ মুহাম্মদ ছাঃ ৰ পৰলোকপ্ৰাপ্তিৰ পিছত তেওঁ  অসুস্থ হৈ পৰিছিল। আৰু এই অসুস্থতাৰ ফলতেই ৩ ৰমজানত পৰলোক গমন কৰে। হজৰত আবু বকৰ ৰাঃ জানাজা পঢ়ায় আৰু জান্নাতুল বাকী’ত দফন কৰে। (ৰিয়াজুন নুজৰা – খণ্ড :১/পৃষ্ঠা:১৫২) ।

২। ১০ ৰমজান – হজৰত খাদীজা ৰাঃ ৰ পৰলোকগমন: 

    ১০ ৰমজানত ৬৩–৬৪ বছৰ বয়সত মক্কাত  উম্মুল মুমিনীন হজৰত মুহাম্মদ ছাঃ ৰ প্ৰিয় অর্ধাঙ্গী হজৰত খাদীজা কুবৰা ৰাঃ ৰ পৰলোকপ্ৰাপ্তি ঘটে। তেতিয়া নবী ছাঃৰ বয়স আছিল ৫০ বছৰ। 

৩।  ১৫ ৰমজান – হজৰত হাচান ৰাঃ ৰ আগমন :

১৫ ৰমজান নবী ছাঃ ৰ নাতিনী, হজৰত আলী ৰাঃ ৰ ডাঙৰ পুত্ৰ হজৰত ইমাম হাচান ৰাঃ ৰ জন্মদিন। ৩ হিজৰীৰ ১৫ ৰমজান মাহ আৰু ৬২৫ খৃষ্টাব্দৰ ৩ মাৰ্চ তাৰিখে মদিনাত হজৰত ফাতিমা ৰাঃ ৰ কোলাত জন্ম গ্ৰহণ কৰে। 

৪।  ১৭ ৰমজান -:   হজৰত আইশ্বাৰ পৰলোকগমন- 

প্ৰথম খলিফা আবু বকৰ ৰাঃ জীয়েক, নবী মুহাম্মদ ছাঃৰ  তৃতীয় স্ত্রী, “উম্মুল মু’মিনিন” বা “বিশ্বাসীৰ মাতৃ” হিচাপে আখ্যায়িত, তথা ইছলামৰ ঐতিহ্যগত ইতিহাসত অত্যন্ত গুৰুত্বপূৰ্ণ তথা অনস্বীকার্য অবদানৰ গৰাকী হজৰত আইশ্বা ৰাঃ ১৭ ৰমজানত ইহলীলা সম্বৰণ কৰে। 

   ৫৮ হিজৰীৰ ৰমজান মাহৰ ১৭ তাৰিখে, ১৩ জুন ৬৭৮ খৃষ্টাব্দত (বছৰ বয়সত ৬৪)  মদিনাৰ, হিজাজত শেষ নিশ্বাস ত্যাগ কৰে। তাৰবাবীহৰ নামাজৰ পিছত হজৰত আবু হুৰাইৰা ৰাঃ ৰ কফন দফনৰ কাম সম্পন্ন কৰে।

৫। প্ৰসিদ্ধ কিছু যুদ্ধ/ অভিযান/ পদক্ষেপ :

 ক) ঐতিহাসিক বদৰযুদ্ধ – ১৭ ৰমজান —

        ইছলামৰ চিৰস্মৰণীয় ও গৌৰবময় এটি অধ্যায় হল বদৰযুদ্ধ। মক্কাৰ অদূৰত বদৰ নামক স্থানত এই মাহতেই সংঘটিত হৈছিল ঈমান ও কুফৰৰ মাজত প্রথম যুদ্ধ। ৬২৪ খ্রিস্টাব্দত তথা দ্বিতীয় হিজৰিৰ ১৭ ৰমজানত এই প্রান্তৰেই সংঘটিত হৈছিল মুছলিম ও কাফিৰসকলৰ মধ্যকাৰ এই ঐতিহাসিক যুদ্ধ। এই যুদ্ধত মাত্র ৩১৩ জন প্রায় নিৰস্ত্র মুছলমানৰ মোকাবিলাত শোচনীয় পৰাজয় বৰণ কৰে কাফিৰ বাহিনীৰ সহস্রাধিক সশস্ত্র সৈন্য বাহিনী। 

আল্লাহ তাআলাৰ ফালৰ পৰা ওচৰাচৰি তিনিৰ পৰা পাঁচ হাজাৰ ফিৰিস্তাৰে মুছলমানসকলৰ সাহায্য কৰা হয়। এই যুদ্ধৰ মাজেৰে পৃথিৱীৰ ইতিহাসত মহাবিপ্লৱ সাধিত হৈছে। সেয়েহে পবিত্র কুৰআনত এই যুদ্ধক ‘য়াওমুল ফুৰক্বান’ বুলি আখ্যায়িত কৰা হৈছে। বদৰযুদ্ধত আবু জাহেল, উতবা, শ্বায়বাসহ মুঠ ৭০ জন কাফিৰ নিহত হয়। আৰু ৭০ জন কাফিৰ মুজাহিদসকলৰ হাতত বন্দি হয়। অন্যফালে ১৪ জন মুছলিম মুজাহিদ বীৰবিক্রমে যুদ্ধ কৰি শ্বাহাদাতৰ গৌৰব অর্জন কৰে। বন্দিসকলৰ সৈতে ৰছুল (ছঃ) ৰ ক্ষমাসুলভ আচৰণ দেখি মুগ্ধ হৈ পৰবর্তী সময়ত বহুতে ইছলাম ধর্ম গ্রহণ কৰিছে।

খ) মক্কা বিজয়- ২০/২১ ৰমজান—

অষ্টম হিজৰিৰ ২০ বা ২১ ৰমজান শুকুৰবাৰে  ৰছূল (ছঃ) আৰু চাহাবাসকলে (ঈমানসহ নবী ছাঃক দৰ্শন কৰি মুমিন অৱস্থাত মৃত্যুবৰণ কৰা নবী ছাঃ ৰ যুগৰ ব্যক্তিসকল ) সকলে মক্কা বিজয় কৰে। সেই সময়ত কাবাগৃহ আছিল বিশুদ্ধ একত্ববাদৰ কেন্দ্রস্থল। একমাত্র আল্লাহৰ বন্দেগি আৰু উপাসনাৰ উদ্দেশ্যে আল্লাহৰ নির্দেশত গৃহটো পুনর্নির্মাণ কৰিছিল হজৰত ইব্ৰাহিম (আঃ) এ। পৰৱৰ্তী সময়ত কা’বা ঘৰ মুশ্বৰিকসকলৰ দখলত থকাত শ্বিৰ্কৰ কেন্দ্রস্থলত পৰিণত হৈছিল। পৰৱৰ্তী সময়ত ৰাছুল (ছঃ) এ তাওহীদৰ এই পবিত্র স্থানক শ্বিৰকৰ নাপাকিৰ পৰা মুক্ত কৰে। এয়াই আছিল মানৱৰচিত আইন-কানুনৰ বিৰুদ্ধে আল্লাহৰ সার্বভৌমত্ব ও একত্ববাদৰ মহা বিজয়।

    ৰছূলুল্লাহ (ছঃ) মক্কাত প্রবেশ কৰি কোনো প্রতিশোধ গ্রহণৰ কথা কোৱা নাই। তেওঁ এ মর্মে সাধাৰণ ক্ষমা ঘোষণা কৰে—

    ১) যি সকলে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি ৰাখিব, সিহঁত নিৰাপদ। 

    ২) যি সকল আবু ছুফয়ানৰ ঘৰত থাকিব সিহঁতো নিৰাপদ। 

    ৩) যিসকল কাবাঘৰত আশ্ৰয় লব,সিহঁতো নিৰাপদ। 

মক্কা বিজয়ৰ এই ঘটনাৰ সৈতে আধুনিককালৰ কোনো ৰাজ্যজয়ৰ ঘটনা তুলনা কৰিলেই ইছলাম ও জাহিলিয়াতৰ পার্থক্যটো স্পষ্টভাবে ধৰা পৰিব। জাহিলিয়াত যুগত (প্ৰাকইছলাম কালত) আক্ৰমণকাৰীসকলে বিজয়ক  নিজৰেই কৃতিত্বৰ ফছল ভাবিছিল বাবেই বিজয় উৎসৱৰ নামত সিহঁতে প্রকাশ কৰিছিল দানবীয় উল্লাস। আৰু সেই উল্লাসৰ স্বীকাৰ হৈছিল আৰু আজিও হয় অসহায় ও নিৰস্ত্র মানুহ। 

গ) ঐতিহাসিক তাবুক যুদ্ধ —

  ৯ম হিজৰিৰ ৰজব মাহত তাবুক যুদ্ধ সংঘটিত হয়। কিন্তু তাবুক যুদ্ধৰ কিছু ঘটনা সংঘটিত হয় নৱম হিজৰিৰ ৰমজান মাহত।  (আলফিকহুল ইছলামী ওৱা আদিল্লাতুহু : ৩/১৬২৭)

  তাবুক মদিনা ও চিৰিয়াৰ মধ্যবর্তী এটি স্থানৰ নাম। মদিনাৰ পৰা এইটো ৬৯০ কিলোমিটাৰ দূৰত অবস্থিত। এই যুদ্ধ আছিল ইছলামৰ বিৰুদ্ধে আৰবৰ কাফিৰ ও মুনাফিকসকলৰ শেষ চেষ্টা। মুছলমানসকলৰ বিৰুদ্ধে তৎকালীন বিশ্বৰ অন্যতম সাম্রাজ্যবাদী শক্তি ৰোমান ও আৰবৰ কাফিৰসকলৰ সমন্বয়ত ঘটিত যৌথ বাহিনীৰ ৰণপ্রস্তুতিয়েই এই যুদ্ধৰ মূল কাৰণ। নবী কৰিম (ছঃ) মক্কা বিজয় ও হুনাইনৰ যুদ্ধৰ শেষত যেতিয়া মদিনাত ঘূৰি আহিল, ইয়াৰ কিছুদিন পিছত চিৰিয়াৰ পৰা ঘূৰি অহা কিছু বণিকদলৰ ওচৰৰ পৰা খবৰ পালে যে ৰোম সম্রাট হিৰাক্লিয়াচে মদিনা আক্রমণ কৰাৰ কাৰণে প্রস্তুতি লৈছে। এই লক্ষ্যৰে চিৰিয়া আৰু আৰব সীমান্তত সিহঁতে এক বিশাল বাহিনী মোতায়ন কৰিছে। 

ৰোম আছিল তৎকালীন দুনিয়াৰ বৃহৎ শক্তি। মহানবী (ছঃ)ৰ মতে হিৰাক্লিয়াছৰ আক্রমণৰ অপেক্ষা নকৰি মুছলমানসকলে আগতেই সিহঁতৰ ওপৰত আক্রমণ কৰে। ফলত ৰোমানসকলে মুছলমানসকলৰ ভয়ত যুদ্ধ নকৰি পলায়ন কৰে ।

ঘ) নাখলা ত ‘উজ্জা’ মূর্তি অপসাৰণ- ২৫ ৰমজান —

ৰাছুল ছাঃ এ ৮ম হিজৰীৰ ২৫ ৰমজান তাৰিখে হজৰত খালিব ইবনে ৱালিদ ৰাঃ ৰ নেতৃত্বত নাখলা নামৰ ঠাইত বৃহদাকাৰৰ বিখ্যাত মূৰ্তী (যাৰ নাম আছিল উজ্জা) অপসাৰণৰ বাবে এদল সৈন্যবাহিলী প্ৰেৰণ কৰিছিল। হজৰত খালিদ ইবনে ৱালিদ (ৰাঃ)য়ে নিজ হাতেৰে সেই মূর্তি অপসাৰণ কৰে। ইয়াৰ পিছত তেওঁ কয়, আৰু কেতিয়াও ইয়াত উজ্জাৰ উপাসনা নহব। (আলবিদায়াহ ৱাল  ৪/৩১৬ -নিহায়াহ 

ঙ) তাঈফত ‘লাত’ নামক মূর্তি অপসাৰণ —

নৱম হিজৰিৰ ৰমজান মাহত তাঈফত চাকিফ গোত্র স্বেচ্ছায় ইছলাম ধর্ম গ্রহণ কৰে আৰু সিহঁতে নিজেই স্বতঃস্ফূর্তভাবে নিজৰ উপাস্য ‘লাত’ নামক মূর্তি অপসাৰণ কৰে।  (আলবিদায়াহ ৱাল- নিহায়াহ : ৫/৩১৬)

চ)  ক্বাদচিয়া যুদ্ধ —

এটি বর্ণনা অনুযায়ী কাদচিয়া যুদ্ধ ১৫ হিজৰি চনৰ ৰমজান মাহত সংঘটিত হয়। চাদ বিন আবি ৱাক্কাছ (ৰাঃ)-ৰ নেতৃত্বত মুছলমান আৰু ৰস্তুম ফাৰাজদাক্ব সকলৰ নেতৃত্বত পাৰচিকসকলৰ মাজত এই যুদ্ধ সংঘটিত হয়। কিন্তু ইবনে কাছিৰ (ৰহঃ) এ তাৰিখ উল্লেখ নকৰাকৈ কৈছে, এইটো ১৪ হিজৰি চনত হৈছিল। (আলবিদায়াহ ৱাননিহায়াহ : ৯/৬১) 

ছ) ভাৰত স্বাধীন- ২৬ ৰমজান— 

   ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ ইংৰাজৰ দাসত্ব আৰু ৰাজত্বৰ পৰা মুক্তি লাভ কৰিছিল। সেই দিনটো ২৬ ৰমজানৰ দিনাই আছিল। আৰু ২৭ ৰমজানত দেশ দুই ভাগত বিভক্ত হৈ পাকিস্তান গঠন হয়। 

৬। হজৰত আলী ৰাঃ ৰ শ্বাহাদতবৰণ :

ৰমজান মাহৰ ২১ তাৰিখে আল্লাহৰ সিংহ (আছাদুল্লাহ), ইছলামৰ সৰ্বপ্ৰথম শিশু মুছলিম তথা চতুৰ্থ খলিফা হজৰত আলী ৰাঃ শ্বহীদ হয়। 

১৯ ৰমজানত কূফা মছজিদত ফজৰৰ নামাজৰ ইমামতি কৰা অৱস্থাত হজৰত আলী ৰাঃক, আঃ ৰহমান ইবনে মালজাম নামৰ এজন খাৰেজী মুনাফিকে বিষমিশ্ৰ ছুৰীৰে আঘাত কৰে। আৰু অৱশেষত ৪০ হিজৰীৰ ২১ ৰমজানত, ৬৬১ চনৰ ২৭ জানুৱাৰী তাৰিখে (বয়স ৬২) তেওঁৰ ইৰাকৰ কুফা নগৰত পৰলোকপ্ৰাপ্তি ঘটে। 

৭। আকাশী মহাগ্ৰন্থৰ অৱতীৰ্ণ / মহা ৰাতিৰ উপস্থিতি :

ক) পৱিত্ৰ কুৰআন অৱতীৰ্ণ হয়- ক্বদৰৰ ৰাতি।

   খ) শ্ববে ক্বদৰ- ৰমজানৰ শেষৰ ১০ দিনৰ বেযোৰ ৰাতি। 

   গ) তৌৰীত, জবূৰ আৰু ইঞ্জীল অৱতীৰ্ণ হয়। 

ক,খ) পৱিত্ৰ ক্বুৰআন , শ্ববে ক্বদৰ- ২৭ ৰমজান বা ২১/২৩/২৫/২৯ ৰমজান —

  ৰমজানৰ শেষৰ ১০ দিনৰ বেযোৰ ৰাতিৰ কোনো এক ৰাতি অৰ্থাৎ ২৭ ৰমজান বা ২১/২৩/২৫/২৯ ৰমজান তাৰিখে দিন গৈ ৰাতি, এই শ্ববে ক্বদৰ অৱস্থিত। বিজ্ঞ উলামা সকলৰ মতে প্রসিদ্ধ যে সেয়া ২৭ তাৰিখতেই প্ৰায় পোৱা গৈছে । আৰু এই ৰাতিতেই সৰ্বকালৰ সৰ্ব্বশ্ৰেষ্ঠ গ্ৰন্থ পৱিত্ৰ ক্বুৰআন সপ্তম আকাশৰ পৰা পৃথিৱীৰ আকাশলৈ অৱতীৰ্ণ হয়। (আৰু তাৰ পৰা সম্পূৰ্ণ ২৩ বছৰ সময় কালত প্ৰয়োজন সাপেক্ষে লাহে লাহে নবী মুহাম্মদ ছাঃ ৰ ওচৰত অৱতীৰ্ণ হয়।

 মুঠতে নিশ্চিতভাৱে এই ৰাতিটোক পাবলৈ ধর্মপ্রাণ মুছলমানসকলে ইতিকাফ কৰে, (অর্থাৎ নির্জন স্থলত ১০টা দিন মহান আল্লাহ প্রার্থনাত নিমজ্জিত থাকে।) আৰু ১০০০ হাজাৰ ৰাতিৰ বৰকত আৰু ফজিলত অৰ্জন কৰিবলৈ মনে প্ৰাণে যত্ন কৰে।

গ) তাওৰাত, জবূৰ আৰু ইঞ্জীলৰ অৱতীৰ্ণ —

ৰমজান মাহৰেই ১২ বা ১৩ তাৰিখে আন তিনিখন আকাশী গ্ৰন্থ তাৰ গৰাকী অৰ্থাৎ নবীসকলৰ ওচৰত অৱতীৰ্ণ হয়। সেই তিনিখন ক্ৰমে – 

       i) তাওৰাত (التوراة ) – এই গ্ৰন্থখন নবী মূচা আঃ ৰ ওচৰত অৱতীৰ্ণ হয়। ইয়াৰ তাৰিখ নিৰ্ধাৰণত মতানৈক্য থাকিলেও মাহ, ৰমজান মাহ বুলি কোনো সন্দেহ নাই।

       ii) ইঞ্জীল (الإنجيل ) – এই গ্ৰন্থখন নবী ঈচা আঃ ৰ ওচৰত অৱতীৰ্ণ হয়। ইয়াৰ তাৰিখ নিৰ্ধাৰণত মতানৈক্য থাকিলেও মাহ, ৰমজান মাহ বুলি কোনো সন্দেহ নাই।

       iii) জবূৰ (الزبور ) – এই গ্ৰন্থখন নবী দাঊদ আঃ ৰ ওচৰত অৱতীৰ্ণ হয়। ইয়াৰ তাৰিখ নিৰ্ধাৰণত মতানৈক্য থাকিলেও মাহ, ৰমজান মাহ বুলি কোনো সন্দেহ নাই।

 (ওমদাতুল-ক্বাৰী: খণ্ড-১/পৃষ্ঠা-৪৭, আলবিদায়াহ ৱাল-নিহায়াহ: ২য় খণ্ড, শ্বৰহে আক্বাঈদৰ হাশ্বিয়া: পৃষ্ঠা-১০১) 

ইয়াতে প্রমাণিত হয়, যে ৰমজান মাহ কেৱল ৰোজাত ক্লান্ত তথা অৱসাদগ্রস্ত হৈ পৰি থকাৰ মাহ নহয়, না কেৱল ৰং বিৰঙৰ ইফতাৰ আৰু উৎকৃষ্টমানৰ খোৱা বোৱাৰ আয়োজনৰ মাহ । বৰঞ্চ ৰমজান মাহৰ ইতিহাস হল মুছলিমসকলৰ বিৰাট ত্যাগৰ ইতিহাস। সেয়েহে আমি সেই গৌৰৱোজ্বল ইতিহাস পাহৰি গৈ কেৱল ৰমৰমীয়া ব্যৱসায় আৰু খানা-পিনাত ব্যস্ত হৈ নাথাকি আমি ইবাদত, দান খাইৰাত আৰু কুৰআন তিলাৱত আৰু অধ্যয়নৰ লগতে আনক সহায় সহযোগিতাত মাহটো অতিবাহিত কৰিব পাৰিলেহে নিজকে ভাগ্যশালী আৰু প্ৰকৃত মূমিন বুলি দাবী কৰিব পাৰিম।।। 

থোৰতে প্ৰসিদ্ধ ঘটনাৱলী :

১।  হজৰত ফাতিমা ৰাঃ ৰ পৰলোকগমন: ৩ ৰমজান-  

২।  হজৰত খাদীজা ৰাঃ ৰ পৰলোকগমন:  ১০ ৰমজান-

৩।  হজৰত হাচান ৰাঃ ৰ আগমন : ১৫ ৰমজান-

৪।  হজৰত আইশ্বাৰ পৰলোকগমন : ১৭ ৰমজান।

৫। প্ৰসিদ্ধ কিছু যুদ্ধ/ অভিযান/ পদক্ষেপ :

  ক)  ঐতিহাসিক বদৰযুদ্ধ—  ১৭ ৰমজান। 

    খ)  ঐতিহাসিক তাবুক যুদ্ধ — ৯ম হিজৰি চনৰ ৰমজান মাহ। 

  গ)  নাখলা নামক ঠাইত মূর্তি অপসাৰণ।

  ঘ)  লা’ ত নামক মূর্তি অপসাৰণ — নৱম হিজৰিৰ ৰমজান মাহ। 

    ঙ) ক্বাদচিয়া যুদ্ধ — ১৫ম হিজৰি চনৰ ৰমজান মাহ। 

    চ) মক্কা বিজয় — ২০/২১ ৰমজান-

    ছ) ভাৰত স্বাধীন হয়— ২৬ ৰমজান ( ১৯৪৭ চনৰ ১৫ আগষ্ট। ২৭ ৰমজানত বিভক্ত হয়)

৬। হজৰত আলী ৰাঃ ৰ শ্বাহাদত বৰণ – ২০/২১ ৰমজান-

৭। আকাশী মহাগ্ৰন্থ/ মহা ৰাতিৰ অৱতীৰ্ণ / উপস্থিতি-

ক) পৱিত্ৰ কুৰআন অৱতীৰ্ণ হয়— ক্বদৰৰ ৰাতি।

   খ) শ্ববে ক্বদৰ- ২৭ ৰমজান বা বেযোৰ ৰাতি। 

   গ) তাওৰাত, জবূৰ আৰু ইঞ্জীল অৱতীৰ্ণ হয় — ১২ বা ১৩ ৰমজান। 

……… আগলৈ…

✒️ সম্পাদকীয় কলম

Leave a Comment