
আৰবী বছৰৰ শেষ মাহ জিলহজ্জ মাহ। হাদীছত আহিছে—
انماالاعمال بالخواتیم
“ইন্নামাল আ’মালু বিল খাৱাতীম” ।
অর্থঃ; নিশ্চয় আমলৰ ভাল বেয়া নির্ভৰ কৰে তাৰ শেষ অৱস্থাৰ ওপৰত ৷ (বুখাৰীঃ৬৬০৭)
অর্থাৎ শেষ ভালেই সকলো ভাল! শ্বৰীয়তত শেষ আমলৰ পৰিণামক বিশেষভাৱে গুৰুত্ব আৰু প্রাধান্য দিয়া হয়। যেনে, কোনো লোক গোটেই জীৱন মু‘মিন আছিল কিন্তু মৃত্যুৰ সময়ত ঈমান নোহোৱাকৈ মৃত্যুবৰণ কৰিলে, তেন্তে তাৰ স্থান হ’ব জাহান্নাম। আকৌ কোনোবাই যদি গোটেই জীৱন কাফিৰ আছিল কিন্তু মৃত্যুৰ সময়ত ঈমানৰ সৈতে মৃত্যু হয়, তেন্তে তাৰ স্থান হ’ব জান্নাত। এই কাৰণেই আল্লাহ ৰব্বুল আ’লামীনে প্রতিদিনৰ আমল এনেদৰে সজাইছে যে, আমি যেতিয়া টোপনিৰ পৰা উঠোঁ তেতিয়া ইবাদতৰ দ্বাৰা দিনটো আৰম্ভ কৰো। অর্থাৎ ফজৰৰ নামাজ পঢ়ো। আকৌ যেতিয়া টোপনিলৈ যাওঁ তেতিয়া ইশ্বাৰ নামাজ পঢ়ি টোপনিত যাওঁ ৷ শ্বৰীয়তৰ হুকুম অনুযায়ী ইশ্বাৰ নামাজ পঢ়ি কোনো দুনিয়াবী কাম কৰাটো অপছন্দনীয় ৷ এই কাৰণেই ৰাতিৰ আহাৰ ইশ্বাৰ নামাজৰ আগতে খাবলৈ কোৱা হৈছে যে, ৰাতিৰ আহাৰ খোৱাৰ পিছত মছজিদলৈ নামাজ পঢ়িবলৈ যোৱাৰ সময়ত অলপ খোজ কঢ়াও হয় আৰু নামাজৰ পিছত আহি খোৱা-বোৱা আদিও নাথাকে । আল্লাহ তা’আলাই আমাৰ দুনিয়াৰ ফায়দাৰ কথাও চিন্তা কৰিছে। আৰম্ভণি আৰু শেষত বন্দেগী থাকিলে সম্পূর্ণটোৱে বন্দেগী হিচাপে গণ্য হোৱাৰ আশা আছে ৷ সেয়ে আল্লাহ ৰব্বুল ‘আ’লামীনে আৰবী মাহবোৰকো এনেদৰে সজাইছে যেন মু’মিনৰ বছৰ এটাৰ শেষ মাহটো ভাল হয় ৷
জিলহজ্জ মাহত বহুতো ইবাদত আছে। তলত ক্বুৰআন হাদীছৰ আলোকত ইবাদত সমূহৰ সংক্ষিপ্ত বিৱৰণ দিয়া হ’ল।
জিলহজ্জ মাহৰ প্রথম দহকৰ নেক আমলৰ ফজীলত :
আব্দুল্লাহ ইবনে ওমৰ ৰাজিঃ ৰ পৰা বর্ণিত, ৰছুলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামে কৈছে,
“এই দহ দিনৰ নেক আমল কৰাতকৈ আল্লাহৰ ওচৰত বেছি প্রিয় আৰু মহান কোনো আমল নাই। সেয়ে তোমালোকে এই সময়ত তাহলীল (লা-ইলাহা ইল্লাল্লাহ), তাকবীৰ (আল্লাহু আকবাৰ) আৰু তাহমীদ (আল-হামদুলিল্লাহ) বেছি বেছিকৈ পঢ়া।’ [মুছনাদ আহমদ : ১৩২; বাইহাকী, শুআবুল ঈমান : ৩৪৭৪; মুছনাদ আবী আওয়ানা : ৩০২৪]
এই হাদীছবোৰৰ সাৰমর্ম হ’ল, বছৰৰ যিমানবোৰ মর্যাদাপূর্ণ দিন আছে তাৰ ভিতৰত এই দহ দিনৰ প্রতিটো দিনেই সর্বোত্তম। ৰছুলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামে এই দিনসমূহত নেক আমল কৰাৰ বাবে উম্মতক উৎসাহিত কৰিছে। তেখেতৰ এই উৎসাহ প্রদানে এই সময়টোৰ ফজীলত প্রমাণ কৰে। ৰছুলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামে এই দিনবোৰত বেছি বেছি তাহলীল আৰু তাকবীৰ পাঠ কৰাৰ নির্দেশ দিছে। যেনে ওপৰত ইবনে ওমৰ ৰাজিঃ বর্ণিত হাদীছত উল্লেখ হৈছে।
জিলহজ্জ মাহৰ প্রথম দহকৰ ৰাতিৰ নেক আমল :
জিলহজ্জ মাহৰ প্রথম দহ ৰাতিৰ ইবাদত বন্দেগী লাইলাতুল কদৰৰ ৰাতিৰ ইবাদত বন্দেগীৰ সমতূল্য। ক্বুৰআন আৰু হাদীছৰ আলোকত জিলহজ্জ মাহৰ প্রথম দহ ৰাতিৰ ফজীলত সুপ্রমাণিত।
পৱিত্ৰ ক্বুৰআন শ্বৰীফৰ ছুৰা ফজৰত আল্লাহ তা‘আলাই শপত খাই কৈছে, “শপত ফজৰৰ , শপত দহ ৰাতিৰ, শপত যোৰ আৰু বিযোৰৰ, শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।”
এই চাৰিটা আয়াতত আল্লাহ তা‘আলাই পাঁচটা বস্তুৰ শপত লৈছে :
(১) ফজৰৰ (২) দহ ৰাতিৰ (৩) যোৰ (৪) বেযোৰ (৫) শেষ ৰাতিৰ।
অধিকাংশ মুফাচ্ছিৰীনৰ মতে দহ ৰাতিৰ দ্বাৰা জিলহজ্জ মাহৰ এই দহ ৰাতিক বুজোৱা হৈছে। এটি মাৰফু হাদীছৰ দ্বাৰাও ইয়াৰ সমর্থন পোৱা যায়।
হজৰত জাবিৰ ৰাজিঃ ৰ পৰা বর্ণিত, ৰছুলে আকৰম ছল্লল্লাহু আলাইহি ৱা ছাল্লামে ইৰশ্বাদ কৰিছে وَلَيَالٍ عَشۡرٖ দ্বাৰা , উদ্দেশ্য হ’ল জিলহজ্জ মাহৰ প্রথম দহ ৰাতি। তাত কুৰবানীৰ দিনো অন্তৰ্ভুক্ত।
উল্লেখিত দহ ৰাতি সম্পর্কে হজৰত আবু হুৰাইৰাহ ৰাজিঃ এ ৰছুলে আকৰম ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ পৰা বর্ণনা কৰিছে, তেওঁ ইৰশ্বাদ কৰিছে, পৃথিৱীৰ দিন আৰু ৰাতিৰ মাজত আল্লাহ তা‘আলাৰ ওচৰত তাৰ ইবাদতৰ বাবে সকলোতকৈ প্রিয় হ’ল জিলহজ্জ মাহৰ প্রথম দহ দিন, এইবোৰৰ তুলনাত ইবাদতৰ বাবে প্রিয় আৰু কোনো দিন নাই। এই দিনবোৰৰ এটি এটি ৰোজা এবছৰ ৰোজা ৰখাৰ সমতুল্য, আৰু সেই ৰাতিবোৰৰ এটি এটি ৰাতিৰ ইবাদত শ্ববে কদৰৰ ইবাদতৰ সমতুল্য। (ফাযাইলুল আওকাত লিল বাইহাকী-৩৪৬, শুআবুল ঈমান, ৩/৩৫৫)
হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাজিঃ ৰ পৰা বর্ণিত , তেওঁ কৈছে , ৰছুলে আকৰম ছল্লল্লাহু আলাইহি ৱা ছাল্লামে ইৰশ্বাদ কৰিছে , এই দহ দিনৰ নেক আমল আল্লাহ তা’আলাৰ ওচৰত যিমান পছন্দনীয় অন্য কোনো দিনৰ আমল সিমান নহয় । ( বুখাৰী )
এইবোৰ হাদীছৰ দ্বাৰা আমি জিলহজ্জ মাহৰ প্রথম দহ দিন আৰু ৰাতিৰ ফজীলত সম্পর্কে অৱগত হ’ব পাৰিলো । হজৰত হাফছা ৰাজিঃ ৰ পৰা বর্ণিত , তেওঁ কৈছে , চাৰিটা বিষয় এনে যিবোৰ ৰছুলে আকৰম ছল্লল্লাহু আলাইহি ৱা ছাল্লামে কেতিয়াও এৰা নাছিল । আশুৰাৰ ৰোজা , জিলহজ্জ মাহৰ প্রথম দহকৰ ৰোজা , প্রত্যেক মাহৰ তিনি দিনৰ ৰোজা আৰু ফজৰৰ দুই ৰাকাআত ছুন্নত নামাজ। (নাছাঈ শ্বৰীফ – ২৪১৮)
আলোচ্য হাদীছত জিলহজ্জ মাহৰ প্রথম দহক কওঁতে ইয়াত ন দিন বুজোৱা হৈছে । কিয়নো অন্য এক হাদীছত দহ তাৰিখে ঈদৰ দিনা ৰোজা ৰখা নিষেধ কৰা হৈছে ।
আৰাফাৰ দিনৰ ফজীলত :
জিলহজ্জ মাহৰ ৯ তাৰিখক ইয়াওমি আৰাফা বা আৰাফাৰ দিন কোৱা হয়। এইদিনত হজ্জৰ মূল অনুষ্ঠান পালন কৰা হয়। এই দিনটো যেনে ফজীলতপূর্ণ তদ্রুপ ইয়াৰ পূর্বৱর্তী ৰাতিটোও ফজীলতপূর্ণ । এই দিন সম্পর্কে হাদীছত আহিছে, হজৰত আবু কাতাদাহ ৰাজিঃ ৰ পৰা বর্ণিত , তেওঁ কৈছে , ৰছুলে আকৰম ছল্লল্লাহু আলাইহি ৱা ছাল্লামে ইৰশ্বাদ কৰিছে , মই আল্লাহ তা’আলাৰ ওচৰত আশাবাদী যে , আৰাফা দিনৰ ৰোজাই তাৰ পূর্বৱর্তী এবছৰ আৰু পৰৱর্তী এবছৰৰ গুনাহ মচি দিব। আৰু আল্লাহৰ ওচৰত এইটোও আশাবাদী যে , আশুৰাৰ ৰোজাই তাৰ পূর্বৱর্তী এবছৰৰ গুনাহ মচি দিব। (মুছলিম শ্বৰীফ)
তকবীৰে তশ্বৰীক :
জিলহজ্জ মাহৰ ৯ তাৰিখ ফজৰৰ পৰা ১৩ তাৰিখ আছৰ পর্যন্ত প্রত্যেক ফৰজ নামাজৰ পিছত সকলো সাবালক পুৰুষ, মহিলাৰ বাবে উক্ত তকবীৰ এবাৰ কোৱাটো ৱাজিব। পুৰুষসকলে উচ্চস্বৰে আৰু মহিলাসকলে নিম্নস্বৰে পঢ়িব। তকবীৰে তাশ্বৰীক এইটো _
الله أكبر الله أكبر لآإله إلاالله والله أكبر الله أكبر ولله الحمد
আল্লাহু আকবাৰ আল্লাহু আকবাৰ , লা ইলাহা ইল্লাল্লাহু ৱাল্লাহু আকবাৰ আল্লাহু আকবাৰ ৱালিল্লাহিল হামদ। ( আদ্দুৰুল মুখতাৰ : ২/১৭৭-১৮০ )
ক্বুৰবানী কৰা :
আল্লাহ ৰব্বুল আ’লামীনে ইৰশ্বাদ কৰিছে ,
“ আপুনি আপোনাৰ প্রতিপালকৰ (সন্তুষ্টিৰ) বাবে নামাজ পঢ়ক আৰু ক্বুৰবানী কৰক। ” (ছুৰা কাউছাৰ -২ )
হাদীছ শ্বৰীফত আহিছে “ যিজন ব্যক্তিয়ে সামর্থ থকা সত্বেও ক্বুৰবানী নকৰিলে , সি যেন আমাৰ ঈদগাহৰ ওচৰলৈকে নাহে । ” ( ইবনে মাজাহ ৩১২৩ )
কুৰবানীৰ ফজীলত বর্ণনা প্রসঙ্গত ইৰশ্বাদ হৈছে , ৰছুলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামে কৈছে, কুৰবানীৰ দিনা ৰক্ত প্ৰবাহিত কৰাতকৈ মানুহৰ অইন কোনো আমলেই আল্লাহৰ ওচৰত অধিক প্ৰিয় নহয়। কুৰবানীকৃত পশুক তাৰ শিং, নোম, খুৰা, ইত্যাদিসহ কিয়ামতৰ ময়দানত হাজিৰ কৰা হ’ব আৰু কুৰবানীৰ পশু যবেহ কৰাৰ লগে লগে তাৰ ৰক্ত মাটিত পৰাৰ আগতে আল্লাহ পাকৰ দৰবাৰত সেয়া কবুল হৈ যায়। গতিকে তোমালোকে সন্তুষ্ট চিত্তে কুৰবানী কৰা। ( তিৰমিজী ১৯৯৭ )
বছৰটোৰ অন্তিম মাহ হোৱা বাবে আনটো গুৰুত্বপূৰ্ণ কৰণীয় হল-
নিজৰ আমলৰ হিচাপ কৰা :
ক্বুৰআনত আছে , “ইক্বৰা’ কিতাবাকা” – তোমাৰ কিতাব অর্থাৎ তোমাৰ আমলনামা তুমি পঢ়া— । হাছৰৰ ময়দানত আল্লাহ তা’আলাই ক’ব , তোমাৰ হিচাপ তুমি কৰা , আজি তুমি নিজেই তোমাৰ হিচাপ নিকাচৰ বাবে যথেষ্ট। (তুমি কিহৰ উপযুক্ত , জান্নাত নে জাহান্নাম)। আৰু হাদীছত আহিছে, “ তুমি নিজে নিজৰ হিচাপ লোৱা আল্লাহে হিচাপ লোৱাৰ আগেয়ে। ”
প্রত্যেক ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ হিচাপ ৰাখে। বছৰৰ শেষত সি হিচাপ কৰি দেখে তাৰ ব্যৱসায় ক্ষতিৰ মাজত আছে নে লাভত আছে। যদি লাভত থাকে তেনেহ’লে আৰু বেছি লাভ কেনেকৈ হয় তাৰ চিন্তা কৰে , অইনৰ লগত পৰামর্শ কৰে। আৰু যদি লোকচানত থাকে তেনেহ’লে লোকচানৰ পৰা লাভবান কেনেকৈ হোৱা যায় তাৰ চিন্তা কৰে , বেলেগৰ লগত পৰামর্শ কৰে। আমি যিসকলে জিলহজ্জ মাহ পালো ইয়াৰ মানে আমাৰ জীৱনৰ পৰা এবছৰ শেষ হৈ গ’ল । আমি প্রত্যেকে নিজকে স্বাক্ষী ৰাখি আমাৰ গোটেই বছৰৰ আমলৰ হিচাপ বাহিৰ কৰো। পাঁচটা বস্তুৰ নাম দ্বীন। ঈমান ছহী শুদ্ধ কৰা আৰু তাৰ পিছতো শুদ্ধ কৰি বৰ্তাই ৰাখা , ইবাদত ছুন্নত তৰীকাৰে কৰা , ৰিযিকক হালাল কৰা , পিতৃ-মাতৃৰ লগতে আল্লাহৰ অন্যান্য বান্দাৰ হক আদায় কৰা , আত্মশুদ্ধি তথা নিজৰ অন্তৰক পাক-পৱিত্র কৰাৰ মেহনত কৰা।
এতেকে নিম্নলিখিত বিষয়কেইটা এবাৰ হিচাপ কৰি চাওকচোন-
১. ঈমান :
হিচাপ কৰা বিগত বছৰৰ তুলনাত আমাৰ ঈমান বাঢ়িল নে কমিল , তাৱাক্কুল তথা আল্লাহৰ ওপৰত ভৰসা বাঢ়িল নে কমিল , তকদীৰৰ ওপৰত বিশ্বাস বাঢ়িল নে কমিল ইত্যাদি।
২. ইবাদত :
আমাৰ নামাজ আগতকৈ সুন্দৰ হ’ল নে নাই , ক্বুৰআন তিলাৱাত আগতকৈ ছহী শুদ্ধ হ’ল নে নাই। ফৰজ ইবাদত সমূহ সঠিকভাৱে আদায় কৰিব পাৰিছো নে নাই। অন্যান্য আমলবোৰ কিমানখিনি কৰিলো ইত্যাদি।
৩. ৰিযিক হালাল কৰা :
আমাৰ জীৱিকা ৰোজগাৰৰ ক্ষেত্ৰত আমি আগতকৈ বেছি সচেতন হৈছো নে নাই , আমি কিমানখিনি যাঁচাই-বাছাই কৰি জীৱিকা অৰ্জন কৰিছো তাৰ হিচাব লোৱা।
৪. লোকৰ হক (প্ৰাপ্য) :
আমি বান্দাৰ হকৰ ক্ষেত্ৰত বিগত বছৰৰ তুলনাত কিমানখিনি সচেতন হৈছো। আগতকৈ বেছি নে কম , হিচাপ কৰা। সময় থাকোতেই সেইবোৰ আদায় কৰি দিয়া।
৫. আত্মশুদ্ধিকৰণ : নিম্নলিখিত বিষয়কেইটা গভীৰভাৱে চিন্তা কৰি নিজৰ আত্মাৰ শুদ্ধিকৰণ কৰক!
নেক গুণবোৰ কম হ’ল নে বেছি হ’ল ?
ধৈৰ্য্য আৰু কৃতজ্ঞতা কিমানখিনি বাঢ়িছে?
অন্তৰৰ গুনাহৰ ৰোগবোৰ কমিছে নে বৃদ্ধি হৈছে ?
মনবোৰ অহংকাৰমুক্ত হৈছে নে ?
কু-দৃষ্টি বন্ধ হৈছে নে নাই ?
নাচ-গান, মিউজিক বন্ধ কৰিলে নে নাই?
এক ছহীহ হাদীছত আছে , এই উম্মতৰ কিছুলোকে মদ পান কৰি নাচ গান কৰিব তাৰ পিছত আল্লাহে সিহঁতক গাহৰি আৰু বান্দৰলৈ ৰূপান্তৰ কৰি মাটিত পুতি পেলাব।
আল্লাহৰ ৰছুল ছল্লল্লাহু আলাইহি ৱা ছাল্লামৰ কথা কেতিয়াও মিছা নহয়। যিহেতু হাদীছত আহিছে গতিকে নিশ্চিত ভাৱে সেয়া হ’বই । সেয়ে সকলোৱে সাৱধান হোৱা উচিত আৰু অন্যকো সাৱধান কৰিব লাগিব।
আল্লাহ তা’আলাই আমাক সকলোকে সাধ্য অনুযায়ী জিলহজ্জ মাহৰ সকলো আমল সঠিক ভাৱে কৰাৰ তৌফিক দান কৰক । আমীন ।।
সংকলনঃ ছাজিন আলী-