পৱিত্ৰ কাবা ঘৰৰ চৌদিশে থকা বিশেষ ঠাইসমূহ : 

Share :

◼️ পৱিত্ৰ কাবা ঘৰৰ চৌদিশে থকা বিশেষ (ফজীলতপূৰ্ণ) ঠাইসমূহ : 

১। মছজিদে হাৰাম(مسجد حرام) : ইছলামৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ ত্ৰিমছজিদৰ প্ৰথমটো মছজিদ। চাৰিওফালে দালান থকা এখন ডাঙৰ চোতাল সদৃশ বিশেষ ঠাই, যাৰ একেবাৰে মধ্যাংশত আল্লাহৰ ঘৰ “কাবা শ্বৰীফ” অৱস্থিত। তাত মুঠ ১৩ টা মিনাৰ আছে। যত পাচ ওৱাক্ত নামাজো আদায় কৰা হয়। 

২। মাতাফ ( مطاف) :  কাবা শ্বৰীফৰ চৌদিশে হাজী চাহাব সকলে তাৱাফ (প্ৰদক্ষিণ) কৰিবলৈ তৈয়াৰকৃত ঠাইডোখৰক মাত্যাফ বুলি কোৱা হয়। ই বগা ৰঙৰ মাৰ্বল পাথৰেৰে নিৰ্মিত এটা বহল এলেকা হয়। 

৩। মাক্বামে ইব্রাহীম (مقام ابراهيم ) : কাবা ঘৰৰ দুৱাৰৰ সন্মূখত অৱস্থিত গম্বুজটোৰ ভিতৰংশত এটা পাথৰ ৰখা আছে, ইয়াকে মাক্বামে ইব্রাহীম বুলি কোৱা হয়। এই পাথৰটোৰ ওপৰত থিয় হৈয়ে হজৰত ইব্রাহীম আলাইহিছ ছালামে নিজপুত্র হজৰত ইছমাইল আলাইহিছ ছালামক লগত লৈ পৱিত্ৰ কাবা ঘৰ নিৰ্মাণ কৰিছিল। উক্ত পাথৰটোৰ দেহত হজৰত ইব্রাহীম আলাইহিছ ছালামৰ পদাংক আজিও স্পষ্ট ভাৱে দৃশ্যমান হৈ আছে। 

৪। জম্ জম্ (زمزم) : মাকামে ইব্রাহীমৰ ক্ষন্তেক দূৰতে জম্ জম্ পানীৰ কুৱা আছিল। (আজিৰ দিনত এই কুৱাৰ পানী আছে, কিন্তু কুৱাটো স্থায়ীভাৱে ঢাকি দিয়া হৈছে। ) 

৫। ৰুকুন সমূহ(ارکان) :  

   ক) ৰুকনে য়ামানী— অৰ্থাৎ চাৰিকোণীয়া কাবা ঘৰৰ দক্ষিণ-পশ্চিম কোণটো। 

   খ) ৰুকনে শ্বামী— অৰ্থাৎ চাৰিকোণীয়া কাবা ঘৰৰ উত্তৰ-পশ্চিম কোণটো। 

   গ) ৰুকনে ইৰাকী— অৰ্থাৎ চাৰিকোণীয়া কাবা ঘৰৰ উত্তৰ-পূব কোণটো। 

   ঘ) ৰুকনে আছৱাদ— অৰ্থাৎ চাৰিকোণীয়া কাবা ঘৰৰ দক্ষিণ-পূব কোণটো, য’ত হজৰে আছৱাদ (জান্নাতী পাথৰ) সংলগ্ন হৈ আছে। 

৬। হজৰে আছৱাদ (কলা পাথৰ /حجر اسود) : ই (হাদীছৰ বিৱৰণি মতে) এটা জান্নাতী পাথৰ হয় (হজৰত জিব্রাঈল আঃ ৰ দ্বাৰা জান্নাতৰ পৰা আনা হৈছিল) । যিটো কাবা ঘৰৰ দেৱালৰ এক কোণত জমিনৰ পৰা কেইফুটমান ওপৰত ৰখা আছে আৰু ইয়াক বৰ্তমান সময়ত ৰূপেৰে নিৰ্মিত বৃত্ত এটাৰ দ্বাৰা মেৰিয়াই ৰখা হৈছে।

৭। হাতীম (حاطم) : কাবা ঘৰৰ কাষত ৰুকনে শ্বামী আৰু ৰুকনে ইৰাকীৰ মধ্যৱৰ্তী সেইডোখৰ ঠাই, যাক মাৰ্বল পাথৰেৰে নিৰ্মিত প্ৰায় পাচঁফুট মান উচ্চতাৰ দেৱালেৰে ঘেৰি ৰখা হৈছে। মনত ৰখা দৰকাৰ যে, হাতীমৰ উক্ত ঠাইডোখৰো কাবা ঘৰৰেই অন্তৰ্ভুক্ত হয়। 

৮। মিজাবে ৰহমত (میزاب رحمت) : কাবা ঘৰৰ ছাদৰ পৰা বৰষুণৰ পানী নিৰ্গত হ’বলৈ তৈয়াৰকৃত সৰু নলা সদৃশ, ইয়াক মিজাবে ৰহমত বুলি কোৱা হয়। 

 ৯। মুলাজিম (ملتزم) : হজৰে আছৱাদ আৰু কাবা ঘৰৰ দৰ্জাৰ মধ্যৱৰ্তী কাবা ঘৰৰ দেৱাল খিনিক মুলতাজিম বুলি কোৱা হয়। 

 ১০। মুছতাজাব (مستجاب) : ৰুকনে য়ামানী আৰু ৰুকনে আছৱাদৰ মধ্যৱৰ্তী কাবা ঘৰৰ দক্ষিণৰ দেৱাল খনক মুছতাজাব বুলি কোৱা হয়।

১১। শ্বাজাৰৱান (شاذروان ) কাবা শ্বৰীফৰ চাৰিওফালে কাবাৰ ভেটিৰ কাষেৰে নিৰ্মিত এখন বৃত্তাকাৰ দেৱাল হৈছে শ্বাজাৰৱান। 

১২। গিলাফে কা’বা বা কিচৱাহ (كسوة الكعبة) :  কাবাৰ বেৰ আৰু কাবাৰ দুৱাৰ ঢাকি ৰখা কাপোৰ। ইছলাম ধৰ্মাৱলম্বী পৰম্পৰা অনুসৰি ইয়াক আৰম্ভ কৰিছিল হজৰত ইছমাইল (ছাঃ) এ। এতিয়া ইয়াক সদায় ক’লা ৰঙৰ ৰেচমেৰে তৈয়াৰ কৰা হয়। প্ৰতি বছৰে ইয়াক সলনি কৰা হয়। ছৌদি চৰকাৰে ইয়াৰ উৎপাদনৰ বাবে এটা সুকীয়া কাৰখানা স্থাপন কৰিছে। ইয়াক ৰেচমৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ইয়াত কোৰআনৰ আয়াতবোৰ সোণ আৰু ৰূপৰ সূতাৰে খোদিত কৰা হৈছে। 

 বৰ্তমান গিলাফখন ক’লা ৰেচমৰ কাপোৰেৰে নিৰ্মিত, য’ত সোণেৰে লিখা আছে “লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ”, “আল্লাহ জাল্লে জালালুহু”, “ছুবহানাল্লাহ ৱা বিহামদিহি, চুবহানাল্লাহী আজিম” আৰু “য়া হান্নান, ইয়া মান্নান”। ১৪ মিটাৰ দীঘল আৰু ৯৫ চে.মি. বহল ৪১ টুকুৰা কাপোৰ সংযোগ কৰি গিলাফ তৈয়াৰ কৰা হয়। ছূৰা ইখলাছ চাৰিটা কোণত সোণৰ সূত্ৰত বৃত্তাকাৰভাৱে খোদিত কৰা হৈছে। ৰেচমৰ কাপোৰৰ তলত ডাঠ সাধাৰণ কাপোৰৰ আৱৰণ থাকে।

১৩। কা’বা ঘৰৰ দুৱাৰ (باب الکعبہ)  : কাবা শ্বৰীফত সোমাবলৈ একমমাত্ৰ  দুৱাৰখন। যাৰ নাম বাবে কাবা। হৰমৰ মজিয়াৰ পৰা ২.১৩ মিটাৰ উচ্চতাত কাবা। এই দুৱাৰখন কাবা শ্বৰীফৰ উত্তৰ-পূব দেৱালত অৱস্থিত আৰু ইয়াৰ ওচৰৰ প্ৰান্তত য’ৰ পৰা তৱাফ আৰম্ভ হয়। তাৰ কাষতেই ক’লা পাথৰ ৰখা হৈছে। ১৯৪২ চনৰ আগৰ কাবাৰ প্রথম দুৱাৰখন কোনে প্রস্তুত কৰিছিল আৰু কেনেদৰে প্রস্তুত হৈছিল সেই বিষয়ে ইতিহাসত বিশেষ উল্লেখ নাই৷ কিন্তু ১৯৪২ চনত ইব্ৰাহিম বধৰ নামৰ এজন ব্যক্তিয়ে ৰূপালী দুৱাৰ নিৰ্মাণ কৰে। আৰু তাৰ পিছত ১৯৭৯ চনত ইব্ৰাহিম বদৰৰ পুত্ৰ আহমদ বিন ইব্ৰাহিম বদৰে খাবা ঘৰৰ সোণৰ দুৱাৰ নিৰ্মাণ কৰে। এই সোণৰ দুৱাৰখন প্ৰায় ৩০০ কিলোগ্ৰাম সোণেৰে তৈয়াৰ কৰা হৈছিল। তেতিয়াৰ পৰা এনেকুৱাই আছে। 

 ১৪। ছাফা (صفا) : ই কাবা ঘৰৰ দক্ষিণ-পূব কোণৰ ফালে এটি সৰু পাহাৰ সদৃশ এলেকা হয়। এই ঠাইৰ পৰাই হাজী চাহাব সকলে হজ্জৰ এটি বিশেষ আমল “চয়ী” আৰম্ভ কৰে। 

 ১৫। মাৰৱা (مروہ) : কাবা ঘৰৰ উত্তৰ ফালে থকা আন এটি সৰু পাহাৰ সদৃশ এলেকা। য’ত হাজী চাহাব সকলে ছাফা আৰু মাৰৱাৰ মাজত ৭ বাৰ দৌৰাৰ পিছত “চয়ী” শেষ কৰে। 

 ◼️ দুআ কবুল হোৱাৰ বিশেষ ঠাই সমূহ : কাবা ঘৰৰ ভিতৰত, মিজাবে ৰহমতৰ তলত, হাতীমৰ ভিতৰত, তাৱাফ কৰি থকাৰ সময়ত, মাক্বামে ইব্রাহীমৰ পিছফালে, মুলতাজিম আৰু কাবা ঘৰৰ দৰ্জাৰ সন্মুখত, হজৰে আছৱাদৰ ওচৰত, হজৰে আছৱাদ আৰু ৰুকনে য়ামানীৰ মধ্যৱৰ্তী ঠাইত, জম্ জম্ ৰ ওচৰত, ছাফা ও মাৰৱাৰ চয়ী কৰি থকাৰ সময়ত, আৰফা, মিনা, মুজদালিফা ও জামাৰাহত অৱস্থান কৰাৰ সময়ত।উপৰোল্লখিত ঠাই সমূহ দুআ কবুল হোৱাৰ ঠাই হিচাপে প্ৰসিদ্ধ। গতিকে হাজী চাহাব সকলে উক্ত ঠাই সমূহত বেছি বেছি দুআ কৰা উচিত। 

কলম—  মহঃ আকিব শ্বামিম ক্বাছিমী।

সম্পাদনা — মুৰতাজা ইউছুফ কাছিমী (এডিটৰ, NE PEACE )